ফলৰ পৰিচয় : আভাকাডো নাচপতি (ডা০ ভূপেন শইকীয়া)

 

যিদৰে বাৰ্তালোচনীত  গ্ৰন্থ পৰিচয়  ওলালে  তাক  পঢ়িলে  কিতাপখনৰ পৰিচয় পোৱা যায় – একেদৰেই মই আজি আপোনালোকক  এবিধ  শৰীৰৰ বাবে অতি উপকাৰী ফলৰ সৈতে পৰিচয় কৰাই দিব খুজিছো৷ ফলবিধৰ  নাম হ’ল   আভাকাডো (Avacado)৷ বটানিকেল নাম – Persea Americana ৷ ভাৰতবৰ্ষত  কোনো কোনো ঠাইত  ইয়াক মাখন ফল বা Butter friut বোলে৷ হিন্দীত  আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্   আৰু  কোনো কোনো অঞ্চলত  কুলু-নাচপতি নামেৰে ইয়াক জনা যায়৷  নাচিকত স্থাপিত “অল ইণ্ডিয়া আভাকাডো প্ৰডিউচাৰ এচচিয়েচনৰ” তথ্যমতে ভাৰতবৰ্ষত  যোৱা বছৰ  জুলাই মাহত  আভাকাডো গছৰ সংখ্যা আছিল  ১৫০০ জোপা আৰু ইয়াৰ  পৰা বাৰ্ষিক  ৩লাখ ফল প্ৰাপ্তি হয় ৷ আমাৰ দেশত বৰ্তমান  কেৰেলা,তামিলনাডু,মহৰাষ্ট্ৰ আৰু চিক্কিমত  আভাকাডোৰ খেতি হয়৷
এইবিধ লাগতিয়াল ফলৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হ’ল মোৰ লিখনিৰ উদ্দেশ্য৷ এতিয়া নিজৰ দেশতে এইবিধ ফল উৎপাদন হয় যেতিয়া আমাৰ বিভিন্ন চহৰ সমূহটো ইয়াক পোৱা যাব নিশ্চয়৷ এনেয়ো ভাৰতৰ নতুন উদাৰ অৰ্থনীতিৰ ফলত বিশ্বৰ যি কোনো দেশৰে দ্ৰব্য আৰু উৎপাদিত সামগ্ৰী আমাৰচহৰ সমূহত পোৱাটো সম্ভৱপৰ হৈ উঠিছে৷

বুৰঞ্জীমূলক তথ্য মতে  আভাকাডোৰ  প্ৰথম  প্ৰথম  উৎপত্তিৰ  স্থল হ’ল  খৃষ্টপূৰ্ব ১০০০০চনতেই  আমেৰিকাৰ মেস্কিকো দেশত৷ মেস্কিকো হ’ল  উত্তৰ আমেৰিকাৰ  এখন  বৃহৎদেশ ৷ই  হ’ল বিশ্বৰ ১৩নং বৃহৎতম দেশ৷ ইয়াৰ উত্তৰে অৱস্থিত  ইউনাইটেড ষ্টেটচ অৱ আমেৰিকা৷ মেস্কিকোৰ মূল ভাষা হ’ল স্পেনিচ৷ ক্ৰমে আভাকাডোৰ গছ  মধ্য আমেৰিকা,দক্ষিণ আমেৰিকা, জামেইকা দ্বীপ আৰু আমেৰিকা মহাদেশৰ আন আন অঞ্চললৈও  সিঁচৰিত হৈ পৰিল৷ আভাকাডো হ’ল  উষ্ণ আৰু ভূমধ্য-সাগৰীয় (Tropical & Meditarian)  অঞ্চলৰ পৰিবেশত   পালিত হব পৰা এবিধ চিৰ সেউজীয়া গছ৷

১৬৯৬ চনত  হংচ স্ল’য়ানি নামৰ  প্ৰকৃতিবিদ  এজনে আভাকাডোৰ নাম “ইণ্ডেস্ক  অৱ  জামেইকান প্লান্টত” পোন প্ৰথম বাৰৰ বাবে উল্লেখ কৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি ( ১৭৮৭ – ১৭৯৭) জৰ্জ  ৱাচিংটনেও  নিজৰ  অভিজ্ঞতা কথা বৰ্ণনা কৰোতে আভাকাডো গছৰ খেতিৰ কথা উল্লেখ কৰিছে৷

স্পেনিচ ভাষাত  ‘আহুৱাকাটি’ শব্দৰ  অৰ্থ হ’ল অণ্ডকোষ৷ এই বিধ ফলৰ আকৃতি দেখাত  অণ্ডকোষৰ নিচিনা আৰু ই  পুৰুষৰ  উৰ্বৰা শক্তি বঢ়ায় বুলি এটা ধাৰণা প্ৰাচীন কালৰ পৰা চলি আহিছে৷ সেয়ে ‘আহুৱাকাটি’ ৰ পৰা আভাকাডো নামৰ উৎপত্তি হ’ল৷ পৰ্টুজিজসকলে কয়  আবাকাটি ৷ ১৭৫০চনত  ইণ্ডোনেচিয়া,১৮০৯চনত ব্ৰাজিল,১৯৬০চনত  গ্ৰেট ব্ৰিটেইনলৈ আভাকাডোৰ  খেতি প্ৰসাৰিত হ’ল৷

উনৈশ শতিকাৰ শেষলৈ ভাৰত,শ্ৰীলংকা, অস্ট্ৰেলিয়া,নিউজিলেণ্ড, ফিলিপাইন,দক্ষিণআফ্ৰিকা, স্পেইন,মৰেক্কো, পৰ্টুগাল,পেৰু,কলম্বিয়া,ভিয়েটনাম,ইজৰাইল, কেনিয়া, ৱেষ্টইণ্ডিজ, ইথিয়োপিয়া  আদি নানান দেশতো আভকাডোৰ গছ  উপলব্দ্ধ হৈ পৰিল৷ গুটিৰ পৰাও গছ হয় যদিও ডালৰ কলমৰ পৰা ভাল ফল পোৱা যায়৷ ৬বছৰত গছে পূৰ্ণতা পায়৷ গছজোপা ৬০৷৭০ফুট ওখ হয় আৰু ফল লাগিব আৰম্ভ হয়৷ বছৰত এবাৰেই এজোপা গছে ৬কুৰিটালৈকে ফল দিয়ে৷ পাতবোৰৰ আৰু ইয়াৰ ফুলৰ আম গছৰ লগত সাদৃ্শ্য আছে যদিও ই কৰ্পূৰ (Camphor)জাতীয় গছহে৷ আমোদৰ কথা আভাকাডো যদিও ফল ইয়াক পাচলিৰ দৰেহে ব্যৱহাৰ কৰা হয়৷ কলগছৰ দৰে ইয়াৰ ডাল-পাতৰ পৰা আঠা বা লেটেস্ক ওলায় ৷ জন্তুৰ বাবে এই গছৰ ছাল পাত অপকাৰী- বিষক্ৰিয়া কৰিব পাৰে৷ এই লেটেস্ক  কিছুমান  মানুহৰ বাবেও এলাৰ্জিৰ কাৰণ হব পাৰে৷ কলৰ দৰেই আভাকাডোৰ ফল গছত নপকে৷ পূৰঠ ফল চিঙি সাধাৰণ তাপমাত্ৰাত থলে ৪৷৫দিনত পকে৷ কল বা আপেলৰ লগত কাগজেৰে মেৰাই থলে সোণকালে পকে৷ পকা ফল বেয়া নোহোৱাকৈ ফ্ৰিজত  ৪৷৫দিন ৰাখিব পাৰি৷ আভাকাডোৰ ৰঙ সাধাৰণতে ডাঠ সেউজীয়া নাইবা কিছু কজলা৷ ছালখন  কঠালৰ বাকলিতকৈ সৰু-সৰুকৈ কিছু  খহটা ৷আৰম্ভণিতে  তিনিটা আভাকাডোৰ  জাতিৰ (ভেৰাইটি) এতিয়া প্ৰায়  ৪০টা জাতি হৈছে৷ জাতি ভেদে ফলৰ ৰঙ আৰু বাহিৰৰ ছালৰ কিছু তাৰতম্য দেখা যায়৷ বাহিৰত নাচপতিৰ  বা কণীৰ  নিচিনা আকৃতিৰ এই ফলৰ ভিতৰত এটা ডাঙৰ টান গুটি থাকে৷ একোটা ফল ৭ৰ পৰা ২০ চেন্টিমিটাৰ  চাইজৰ আৰু ওজনত  প্ৰায় দেড়শ গ্ৰামৰ হয়৷ গুটিৰ  ভিতৰৰ পৰা ওলোৱা ৰসৰে আগতে ৰঙা চিঞাহি তৈয়াৰ কৰিছিল৷ আভাকাডোৰ চিঞাহিৰে লিখা কিতাপ আজিকালি সংগ্ৰহালয়ৰ সম্পদ৷ ফলৰ ভিতৰৰ ৰঙ পাতল ক্ৰিম বৰণৰ৷   ফলটো কাটি থলে বতাহত ৰঙ মূগা বৰণলৈ সলনি হয়৷ কিন্তু অলপ নেমুৰ ৰস সানি দিলে ৰঙ সলনি নহয়৷

আভাকাডো কেনেকৈ খাব ?  পকাই লোৱা আভাকাডোৰ বাকলি গুচোৱাৰ প্ৰয়োজন নাই৷দক্ষিণ ভাৰতত

মিল্ক  শ্বেকত নহল ডোচা বা ৰুটিৰ লগৰ চাটনিত আভাকাডো ব্যৱহাৰ হয়৷ এইবিধ ফল মিঠা নহয়-খাবলৈ মাখনৰ নিচিনা স্বাদ এটা আছে৷ বিশ্বৰ বিভিন্ন ঠাইত মানুহে আভাকাডো বেলেগ বেলেগ ধৰণেৰে খায়৷ সাধাৰণতে ফ্ৰুট চালাডত নহলে ভিজিটেবল চালাডত  মিহলাই  খোৱা যায়৷ আইচক্ৰিমত  নহলে চেণ্ডৱিচত দিও বহুতে খায়৷ ফিলিপাইন আৰু ইথিয়োপিয়াত আভাকাডো চৰবত বনাই খায়৷ আজিকালি আভাকাডো বনোৱাৰ  ম্যেনুৰ  বিজ্ঞাপন  ইন্টাৰনেটত  ওলোৱাটোৱেই বুজায় ইয়াৰ প্ৰতি মানুহৰ বৰ্দ্ধিত  আকৰ্ষণ৷

আভাকাডোত  আছে কেলচিয়াম, লৌহতত্ব, ফচফৰাচ, পটাচিয়াম, ভিটামিন-এ, ভিটামিন-বি কম্পেস্ক, ভিটামিন-চি, ভিটামিন-ডি, ভিটামিন-ই, ভিটামিন-কে  আৰু অমেগা-৩ ৷ ইয়াত থকা চৰ্বিবিধ হ’ল  শৰীৰৰ উপকাৰী মনোআনচেচুৰেটেড  ফেট৷ চডিয়াম আৰু কলেষ্টৰল নাম মাত্ৰও নাই৷

আভাকাডোয়ে যৌন শক্তি বঢ়ায় আৰু বাৰ্দ্ধক্য  ৰোধ কৰে বুলি প্ৰাচীনকালত মানুহৰ মনত থকা বিশ্বাসক  ভিত্তিহীন বুলি উলাই কৰি দিব নোৱাৰি৷ কাৰণ  বিজ্ঞানসন্মত ভাবে দেখা গৈছে –

আভাকাডোয়ে মুখৰ,বক্ষৰ,প্ৰষ্টেটৰ কেন্সাৰ  প্ৰতিৰোধ কৰে -‘গ্লুটাথিয়ন’  নামৰ  এটা লাগতিয়াল এন্টিঅস্কিডেন্ট  আভাকাডোত আছে৷৷ তেজত থকা বৰ্দ্ধিত কলেষ্টৰল  হ্ৰাস কৰে৷হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে -ইয়াত থকা ‘ফলেট’ নামৰ তত্বই ষ্ট্ৰ’ক  ৰোধ কৰে৷ বেক্টিয়াৰোধক তত্ব  আভাকাডোত থকা হেতুকে যি কোনো ঘা শুকোৱাত সহায় কৰে৷ চকুৰ  বাবে উপকাৰী-ইয়াত থকা ‘লুটিন’ নামৰ তত্বই  কেটেৰেক্ট ৰোধ কৰে আৰু চকুৰ ৰেটিনাক সুৰক্ষা দিয়ে৷

শৰীৰৰ ছাল আৰু সাধাৰণ  স্বাস্থ্যৰ উন্নতিত  আভাকাডোত থকা ভিটামিন-ইয়ে সহায় কৰে৷ মেদবহুলতা  কমাবলৈও  আভাকাডো ব্যৱহৃত হয়৷ডায়েবেটিচ আৰু  উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবেও  ৰোগীৰ বাবেও আভাকাডো হ’ল উপযোগী পথ্য৷

মানসিক  ডিপ্ৰেচনৰ বাবে MAO Inhibitor দৰব খাই থকা ৰোগীয়ে একে সময়তে আভাকাডো খাব নালাগে৷ অন্যসকলে এলাৰ্জিৰ ভয়ত নোখোৱাকৈ থাকিব নালাগে৷ আনাৰচ খায়ো এলাৰ্জি হোৱা দেখিছো ৷ লাখৰ  ভিতৰত  কোনোবা এজনৰ  যিকোনো খাদ্যৰ  পৰাই এলাৰ্জি হব পাৰে৷আভাকাডোৰ  তেল  কচমেটিকচত  আৰু মালিশৰ  বাবে ব্যৱহৃত হয় ৷

লিখনিৰ সামৰণীত এটা কথা  উল্লেখ কৰিব খুজিছো – ফেচবুকৰ “চিত্ৰশালা” গোটত  মই  তিনিদিনমানৰ আগতে আভাকাডোৰ ফটো পষ্ট  কৰি সুধিছিলো – “এইবিধ কি ফল” ? অসমৰ  বহুতেই আভাকাডো নিচিনিলেও  অন্তত: দুজনৰ পৰা শুদ্ধ উত্তৰ আহিছিল৷ তেতিয়াই মই ভাবিছিলো যে আমাৰ মানুহক আভাকাডোৰ উপকাৰিতাৰ বিষয়ে মই অৱগত কৰাম৷

2 thoughts on “ফলৰ পৰিচয় : আভাকাডো নাচপতি (ডা০ ভূপেন শইকীয়া)

  • March 24, 2017 at 1:00 am
    Permalink

    avocado but not geting any clue from where i can get seeds. If you have any thing that will help please call . +919436483518. Thank you
    Banibrata Deb
    Tripura
    Agartala.

    Reply
  • November 2, 2020 at 11:28 am
    Permalink

    আভাকাডোক অসমীয়াত কি কোৱ। হয়?
    Please answer

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!