বদান্যতা (মূল উত্স-Akranmulla Syed অনুবাদ- অঞ্জল বৰা )

…………
মহাত্মা গান্ধীয়ে Charkha Sangha-ৰ কাৰণে বিভিন্ন গাঁৱে গাঁৱে, চহৰে চহৰে বৰঙণি সংগ্ৰহৰ কাৰণে ঘূৰি ফুৰিছিল৷ তেনেকৈ ঘূৰি ফুৰোঁতে তেওঁ উৰিষ্যাৰ এখন সভাত ভাষণ দিব লগা হৈছিল৷

গান্ধীৰ ভাষণ শেষ হোৱাৰ পিছত এজনী দুখীয়া বুঢ়ী তিৰোতা থিয় হ’ল৷ তাই বয়সৰ ভৰত কুঁজা হৈ পৰিছে৷ তাইৰ চুলি পকি বগা হৈছে আৰু কাপোৰ ফটাকানি সদৃশ হৈ পৰিছে৷ স্বেচ্ছাসেৱকবিলাকে তাইক আগলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিছে৷ কিন্তু তাই সিঁহতৰ লগত যুদ্ধ কৰি কৰি মহাত্মা গান্ধী থকা ঠাইলৈ আগুৱাই গৈছে৷ “মই তেওঁক দেখা কৰিমেই”, এই বুলি তাই জোৰেৰে আগবাঢ়ি গ’ল আৰু মহাত্মা গান্ধীৰ দুভৰি স্পৰ্শ কৰিলে৷

তাৰপিছত তাই তাইৰ শাৰীৰ ভাজৰ পৰা এটা তামৰ মুদ্ৰা উলিয়ালে আৰু মহাত্মা গান্ধীৰ ভৰিৰ ওচৰত ৰাখিলে৷ গান্ধীয়ে আদৰেৰে তামৰ মুদ্ৰাটো তুলি ল’লে আৰু তাক সযতনে নিজৰ হাতত ৰাখিলে৷ Charkha Sangha -ৰ বৰঙণিসমূহ জামনালাল বাজাজ নামৰ এজন ধনী ব্যক্তিৰ তত্বাৱধানত আছিল৷ তেওঁ গান্ধীক তামৰ মুদ্ৰাটোৰ বিষয়ে সুধিলে৷ কিন্তু গান্ধীয়ে তাক আওকান কৰিলে৷

মানুহজনে ক’লে “মই Charkha Sangha -ৰ হাজাৰ হাজাৰ টকাৰ চেক নিজৰ হাতত ৰাখিছোঁ, তথাপি আপুনি মোক মাত্ৰ এটা তামৰ মুদ্ৰাৰ বাবে বিশ্বাস কৰা নাই নে?”

-“এই তামৰ মুদ্ৰাটো সেই হাজাৰ হাজাৰ টকাতকৈ অধিক মূল্যবান৷” গান্ধীয়ে উত্তৰ দিলে৷ -“যদি এজন মানুহৰ হাতত বহু লাখ টকা থাকে আৰু তেওঁ তাৰ পৰা কেই হাজাৰমান টকা দান দিয়ে, এইটো কোনো ডাঙৰ কথা নহয়৷”

কিন্তু এই তামৰ মুদ্ৰাটো সেই দুখীয়া মহিলাগৰাকীৰ একমাত্ৰ সম্পত্তি৷ তেওঁ মোক তাইৰ হাতত থকা সকলো দান কৰিছে৷ সেয়ে এইটো তাইৰ আটাইতকৈ ডাঙৰ বদান্যতা৷ তাই এই সংঘৰ কাৰণে নিজকে উছৰ্গা কৰিছে৷ সেয়ে মই অন্য কোটি কোটি টকাতকৈ এই তামৰ মুদ্ৰাটোক অধিক মূল্যবান বুলি ভাবিছোঁ৷
………………………………………………………..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!