বিষণ্ণ মালিতা     [মুল:এজৰা পাউণ্ড (ইংৰাজী) অসমীয়াঃ মধুছন্দা চলিহা ভূঞা ]

ঈশ্বৰেও খেলে শত্ৰুৰ চাল
ঢালৰ আঁৰত লুকাই লুকাই ৷

এটি শিশুৰ কামনাৰে বিচাৰিলো
আলিঙ্গনৰ কোলা ক্ষন্তেক নিদ্ৰাৰ হেতু,
দাসীৰ প্ৰেমেৰে আহ্বান জনালো তেওঁক
কিন্তু আচল সত্য কি জানো :

ঢালৰ আৰঁত লুকাই যুদ্ধ কৰা প্ৰতাপী শত্ৰুহে তেওঁ,
জানিবা তোমাৰ শত্ৰু;
তেওঁক পাব পাৰা মাথো দোভাগ নিশাৰ
পচোৱা হৈ স্বাতী নক্ষত্ৰৰ প্ৰান্তত৷

নাৰীৰ পণ লৈ খেলিলো তেওঁৰে সতে,
ধৰ্মৰ বাজিৰে জিনিব খুজিলো তেওঁক,
স্বচ্ছ চকুৰে দেখিলো পৰাজয়-
তেওঁৰ পণত মোৰ পৰাজয়
বিনা দ্বিধাই কৰিলো স্বীকাৰ৷

বাকি আৰু একো নাই,.নিৰস্ত্ৰ, উন্মুক্ত ধাৰ
শুনা এয়াহে মাথো সত্য:

সন্মুখ ৰণত বৈৰীৰ সৈতে যুদ্ধত হয়তো হাৰিবা এবাৰ
শত্ৰুতা সমান-সমান, হৰা-জিকাৰ নাই লাজ৷
তৰোৱালৰ চিকমিকনি দেখুৱাব পাৰো মই
কিন্তু সলাব নোৱাৰো যুদ্ধৰ সত্যক :
ভঙা তৰোৱালেৰে পৰাজয় মনা জনেই হয়তো
যুদ্ধৰ অন্তত দেখুৱায় বিজয়ৰ জয়গান৷

বৈৰী, তেওঁহে বৈৰী, যি ঢালৰ আৰঁৰ পৰা খেলে কুটিল চাল ৷
সমৰত ভুপতিত হবৰ বাবে প্ৰেৰিত নহয় যি,
তেওঁৰ বাবেহে লাগে কঠিনৰো কঠিন ঢাল৷

 

————————————————-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!