বহিঃজাগতিক প্ৰাণী – পঞ্চানন প্ৰিয়ম বড়া

২০১০ চন | অক্টোবৰ মাহৰ এটি সুন্দৰ গধুলি | আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া চহৰ | এটি ঘৰৰ চাদত বহি আছে অসমৰ সু-সন্তান “নাছা”ৰ কনিষ্ঠতম বিজ্ঞানী অনিল কাকতি | সময় প্ৰায় ৭ বাজিছে | তেওঁ আকাশলৈ চাই তন্ময় হৈ কিবা ভাৱত মগ্ন | এনেদৰে চাই থাকোতে হঠাত্‍ সাক্ষী হ’ল এক বিৰল মূহূৰ্তৰ | যিটোৰ ওপৰত কেৱল বিজ্ঞানী সকলেই উত্সুকতা প্ৰকাশ নকৰে বৰঞ্চ গোটেই পৃথিৱী বাসীয়ে আচৰ্য্য প্ৰকাশ কৰে | তেওঁ লক্ষ্য কৰিলে তিনিটা তৰাৰ দৰে জিলিকা বস্তুৱে পৃথিৱী অভিমুখে আহিব ধৰিছে | কিছুদুৰ অহাৰ পিছত তেওঁ নিশ্চিত হ’ল যে সেইকেইখন বহিঃজগতৰ প্ৰাণীৰ দ্বাৰা পৰিচালিত আকাশীযান | ইউ এফ অ’ | যান কেইখনে ৪৫ ডিগ্ৰী কোণ কৰি পৄথিৱী অভিমুখে আহিব ধৰিছে | তেওঁ পলম নকৰি নাছা ৰ ৱাশ্বিংটনস্থিত মুখ্য কাৰ্যালয়লৈ বাৰ্তা প্ৰেৰণ কৰিলে | এনে এক বাৰ্তা আমেৰিকা সন্যবাহিনীলৈও প্ৰেৰন কৰিলে | লগে লগে ব্যস্ত হৈ পৰিল নাছা ৰ জেষ্ঠ বিজ্ঞানী সকল | উদ্দেশ্য যিকোনো এখন ইউ এফ অ’ কৰায়ত্ব কৰিব লাগে আৰু পৃথিৱীবাসীৰ মনৰ উত্সুকতা পূৰণ কৰিব লাগে | হয়তো সুচনা হ’ব এক ঐতিহাসিক বিজ্ঞান বিপ্লবৰ | সেই উদ্দেশ্যে আমেৰিকাৰ সন্য বাহিনীৰ তিনিখন জেট বিমান আৰু নাছাৰ এখন বিমানেৰে সৈতে আৰম্ভ হ’ল অভিযান | লগত অত্যাধুনিক মাৰনাস্ত্ৰ | কিন্তু জীৱন মৰণৰ এই অভিযানত তেওঁলোকে যেন এবাৰলৈ ও ভাবিবলৈ আহৰি পোৱা নাছিল যে তেওঁলোকৰ বাবে ৰৈ আছে মৃত্যুদুত | বহিঃজগতৰ প্ৰাণীয়েও হয়তো বুজি উঠিছিল পৄথিৱীবাসীয়ে তেওঁলোকক কৰায়ত্ব কৰাৰ যত্পনৰোনাস্তি প্ৰচেষ্টা চলাইছে| বহিঃজাগতিক প্ৰাণীৰ যান আৰু আমেৰিকা সন্যবাহিনীৰ এখন বিমানৰ মাজৰ দূৰত্ব মাত্ৰ এশ মিটাৰ | বহিঃজগতৰ প্ৰাণীয়ে তেনেতে এৰি দিলে এক অপ্ৰতিৰোধ্য মাৰনাস্ত্ৰ | যিটো আছিল অভিযানকাৰি সকলৰ কল্পনাৰো অগোচৰ | মূহূৰ্ততে চুচুৰ্মৈ হৈ গ’ল আমেৰিকা সৈন্যবাহিনীৰ বিমান খন | বাছি আহিল বাকী তিনিখন বিমান | পৄৰ্ণ ন’হল পুনৰ এবাৰ পৃথিৱীবাসীৰ উত্সুকতা | আমেৰিকাই হেৰুৱালে দুজনকৈ গুৰুত্বপূৰ্ণ সৈনিক | “নাছা” ই সামৰিবলৈ বাধ্য হ’ল এক অসফল অভিযান |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!