মধুবালা আৰু নাই… (উজ্জ্বল ফুকন)

কিনকিনিয়া বৰষুণৰ মাজত অলপ ঠাণ্ডা বতাহ মাৰি থকা এটা ৰাতি। জোনটো মেঘৰ কম্বলৰ মাজত লুকাই থকাৰ দৰে মইও মোৰ মৰমৰ নগা চ’লখনৰ মাজত সোমাই আছোঁ৷ সপোনবোৰে মনৰ মাজত ঠেলাঠেলি কৰিবলৈ আৰম্ভ কৰিছে। ঠিক তেতিয়াই তাই মোৰ সোঁভৰিৰ বুঢ়া আঙুলিত এটা চুমা খাই তাইৰ উপস্থিতিৰ কথা জনাই দিলে।

তাইৰ সৈতে মোৰ বহুদিনৰ চিনাকি..ভুল হৈছে ..বহুৰাতিৰ চিনাকি। লাহে লাহে তাই মোৰ ভৰি দুয়োটাত অলপ মৰম কৰি ওপৰলৈ আগুৱাই আহিল। মোৰ দেহৰ কিছুমান নিষিদ্ধ ঠাইত তাইৰ অবাধ বিচৰণ।ঠিক সেই অনুপ্ৰৱেশকাৰীবোৰৰ দৰে যাক আমি চাই থকাৰ বাহিৰে আৰু একো কৰিব নেৱাৰোঁ৷মোৰ বুকুত বহি তাই মোৰ হৃদয়ৰ স্পন্দন শুনিলে আৰু নাকৰ আগেদি পাৰ হৈ মোৰ উশাহ গণিলে। হয়তো মই শুই আছোঁ নে সাৰে আছোঁ তাৰে এটা সৰু পৰীক্ষা। তাইক মই মধুবালা বুলি মাতো৷ ধুনীয়া ছোৱালীয়ে তেজ শুহিলেও বেয়া নালাগে দিয়কচোন। মধুবালা চাগৈ এই জনমত মহ হৈ জনম লৈছে। মধুবালাৰ এটা নিয়ম আছে। তাই গৰাকিক প্রথমে গান গাই সাৰপোৱাই লয়। তাৰপাছতহে তেজ শুহে। কাণৰ কাষেৰে অহা যোৱা কৰি তাই চিনাকি সুৰটো গাব ধৰিলে..”আয়েগা..আয়েগা..আয়েগা আনেৱালা..আয়েগা” মহল চিনেমাখনৰ গানটো যেন লাগিল।

“পিয়েগা..পিয়েগা..পিয়েগা পিনেৱালা..পিয়েগা” হঠাত যেন গানৰ শব্দবোৰ সলনি হ’বলৈ ধৰিলে। তাই হয়তো বুজি পাইছে মই সাৰ পাই গ’লো বুলি। গান বন্ধ কৰি মোৰ গালত বহি তেজ খাব ধৰিলে। মোৰ হাতখন লাহে লাহে গালৰ ফালে আগবাঢ়ি আহিল। মোৰ ৰুমৰ চিনাকি নিগনিটোৱে উশাহ বন্ধ কৰি চাই আছে। তাৰ বাবে এয়া যেন শেষবলত জিকা খেলখন। থাছছছছছ..নিজৰ গালত নিজে চৰ মাৰি কেনেকুৱা লাগে তাক চৰ খোৱাটোৱেহে বুজি পাই। মোৰ গালত মোৰ নিজৰে পাঁচোটা আঙুলিৰ চাপ আকি দি মধুবালা উৰি গুছি গ’ল। কিন্তু মই জানো তাই আকৌ আহিব। তাইৰ কাৰণে এয়া টাইপ্ অফ ষ্টাৰ্টাৰ। ডিনাৰ তাই এৰি নাযায়। মই এইবাৰ মৰা মানুহৰ দৰে পৰি আছোঁ৷ উশাহ ইনষ্টলমেন্টত লৈছোঁ যাতে তাই শুনা নাপায়। চিনাকি সুৰটো গাই আকৌ তাই মোৰ গালত বহিল। এইবাৰ মোৰ হাতখন অৰ্জুনৰ কাঁড়পাটৰ দৰে আগবাঢ়ি আহিল.. অব্যৰ্থ লক্ষ্য.. মধুবালাই মোৰ হাত আৰু গালত তেজৰ চিন থৈ গুছি গ’ল। সেয়া মোৰ তেজ নে তাইৰ বুজি নাপালোঁ৷ মধুবালা আৰু নাই..
মনতে ভাবিলো কাইলৈৰপৰা আৰু ভালকৈ শুব পাৰিম। ঠিক সেই সময়তে কাণৰ কাষেৰে এটা নতুন সুৰত কোনোবাই গান গাই গল..অলপ ইংৰাজী সুৰৰ গান। তাই যেন মোক ক’ব বিচাৰিছে..মোক চিনি পোৱা নাই..মই মেৰিলিন ..মেৰিলিন মনৰ’..নামটো শুনিছাই চাগে। আজি ৰাতিটো আৰু নুশোৱাই ভাল..মনৰ ভিতৰতে ভোৰভোৰাই ৰাতিপুৱাটোলৈ বাট চাই বহি থাকিলোঁ।

…………………………………………………………….

 

Don`t copy text!