বিষয়: ভালপোৱা (-বিচিত্ৰ বৰদলৈ)

বিষয়: ভালপোৱা


বিচিত্ৰ বৰদলৈ

 

 

 

ভালপোৱাটো ভালৰ লক্ষণ নহয়
ভালপোৱা কুষ্ঠ ৰোগৰ দৰে
ইজনৰ বুকুৰ পৰা সিজনৰ বুকুলে
বৰ গুপুতে গুপুতে ই বিয়পে

ভয় পিচে নাখাব
স্পৰ্শৰ দ্বাৰা ভালপোৱা নিবিয়পে
একেলগে খেলা-ধুলা বা আহাৰ গ্ৰহণ কৰিলে
ভালপোৱা নিবিয়পে
মাইকী মহৰ কামোৰত নতুবা
অসুৰক্ষিত যৌন সম্ভোগতো এই ভালপোৱা নিবিয়পে
তথাপিও সাৱধান হোৱাটো ভাল
দীঘলীয়া যাত্ৰাত যাতে সহযাত্ৰীৰ পৰা
ভালপোৱা নিবিয়পে তাৰবাবে
কাণত বিশ্বাসহীনতাৰ ডাঠ
কপাহ দুটুকুৰা সুমুৱাই লওঁক।
আপোনাৰ ডিম্পল পৰা হাঁহিটোৰ বাবে
যাতে আপুনিয়েই দায়ী নহয়
তাৰ প্ৰতি সচেতন হওঁক।
অফিছ-কাছাৰীকো বৰ সুবিধাজনক
ঠাই বুলি ভৱাটো এৰক ,
গাম্ভীৰ্যতাৰ ’মাক্স’ এটা যদি
আলমিৰাত আছে সোমাই
জাৰি-জোকাৰি সদায় পিন্ধাৰ অভ্যাস কৰক।
কবি জাতীয় প্ৰজাতিটোৰ পৰা সদায়
নিৰাপদ দূৰত্বত অৱস্থান লওঁক।
ভালপোৱাটো মুঠেই ভাল কথা নহয়
পুৱা-গধুলি সদায় কথাষাৰ
নিজক সোঁৱৰাই থাকক।

বাথৰুমত গুণগুণাই কেতিয়াও গা নুধুব
ফুটপাথেৰে খোজ কাঢ়োতে সদায় ছানগ্লাছ পিন্ধিব
এন্ধাৰ কোঠাত দোভাগ ৰাতি জগজিত সিঙৰ গজল নুশুনিব
আপোনাৰ খৱৰ কেনে ? সেই কথা আনক নুসুধিব
বৰষুণ জাকক বৰষুণ আৰু সন্ধিয়াটোক সন্ধিয়া বুলি ভাৱিব
শেষ কথা, পিয়াজ কাটিলেহে অকাৰণত
চকুপানী ওলাই সেই কথাষাৰত বিশ্বাস ৰাখিব
(অভ্যাস কৰক , ভালপোৱাৰ পৰা বাচি থাকিব )

ভালপোৱানো কি ?
ভালপোৱা বহুৰূপী
ভালপোৱা আত্মজাহৰ ট্ৰয় নগৰী
ভালপোৱা নিলাচল পাহাৰৰ চলনাৰ মুৰ্গী
ভালপোৱা যন্ত্ৰণাৰ কাৰাবাস
বিষণ্ণতাৰ বিবৰ্ণ দিনলিপি

আপুনি জীৱনৰ প্ৰেমিক ইহুদী
ভালপোৱা স্বেচ্ছাচাৰী হিটলাৰ
আপুনি জীৱনৰ বিশ্বস্ত সংগী
ভালপোৱা নিসংগ দ্বীপৰ আলেকজেণ্ডাৰ চেলকাৰ্ক
আপুনি প্ৰাথমিক স্কুলৰ এটা সৰল অংক
ভালপোৱা মেটা ফিজিক্সৰ উদ্ভত্‍ সমীকৰণ
আপুনি সদায় আপোনাক আপোনাৰ দৰে বিচাৰে
ভালপোৱাৰ বাবে আয়নাৰ সমুখত
আপুনি আপোনাক নেদেখে |
ভালপোৱাৰ বাবেই আপোনাৰ কাৰ্শলা সাপৰ দৰে
ঢৌখেলা স্বাধীনতাৰ চুলিকোচা এতিয়া চুটি চুটি
ভালপোৱাৰ বাবেই প্ৰতি সন্ধিয়া খুলি থয়
আপোনাৰ হাতৰ ব্যস্ততাৰ বহুমূলীয়া হাতঘড়ী
ভালপোৱাৰ বাবে দেওবাৰে দেওবাৰে অনুৰাধাৰ আন্ধাৰ
ভালপোৱাৰ বাবেই আপুনি মিকি মাউচ
লোদোৰ পোদোৰ টেডী বিয়েৰৰ আব্দাৰ |

ভালপোৱাৰ বাবে আপুনি সলনি হৈ
হ’ল তেখেতৰ দৰে
ভালপোৱাৰ বাবে তেখেতৰ দুখ
আপুনি সলনি হ’ল, নহয় আগৰ দৰে
ভালপোৱাৰ বাবে আপোনাৰ চহৰ ঘেৰি
অসংখ্য অভিমানৰ বিজ্ঞাপন
ভালপোৱাৰ বাবে অলেখ অভিযোগ অনশন
শব্দৰ লাঠিচাৰ্জ,মৌনতাৰ লানি নিছিগা সমদল

ভালপোৱাৰ বাবে আপুনি নমৰে
অথচ জীয়াই আছে বুলিও দাবী কৰিব নোৱাৰে
কাৰণ মৃত্যুৰ বাট কোন দিশে
তেখেতে নেদেখুৱালে আপুনি নিচিনে
জীৱন নো কি ? তেওঁৰ আঙুলিৰে স্পৰ্শ নকৰালৈকে
তেওঁৰ চাৱনিৰে নোচোৱালৈকে
তেওঁৰ উশাহেৰে আপোনাৰ তামৰঙী হৃদপিণ্ড
ফুলাই নোলোৱালে আপুনি নুবুজে |

ভালপোৱাটো ভালৰ লক্ষণ নহয়
লাগিলে মই আপোনাক এশবাৰ বুজাওঁ
তথাপিও আপুনি এই সাধাৰণ কথাটোকে নুবুজে

এতিয়া নিশ্চয়কৈ প্ৰশ্ন উঠিব
’এই ভালপোৱা বিয়পে কিদৰে ?’
কৈছো শুনক-
ধৰাহওঁক,
আপোনাৰ গা বেয়া
ধৰক জ্বৰ-কাহ-চৰ্দি
ভাতৰ সলনি খাইছে ৰুটি , অথচ শুব পৰা নাই ৰাতি !
আন ক’ৰবাত কোনোবা আছে উজাগৰে
আপোনাৰ জ্বৰ সেয়ে তেওঁৰ গাত পোৰণি
আপুনি শুব পৰা নাই সেয়ে
তেওঁৰ বিচনাত ইকাতি সিকাতি
ভালপোৱা তেতিয়া বিয়পে

ধৰাহওঁক
বাথৰূমত পৰি আপোনাৰ হাত মোছোকা খাইছে
আউল-বাউল চুলিৰে তেজ দিবলে কোনোবা হস্পিটেল ওলাইছে
ভয়ত বেচেৰাৰ ওঁঠ-কলিজা শুকাই গৈছে
ভালপোৱা তেতিয়া বিয়পে

ধৰক
অচিনাকী ষ্টেচন এটাত শেষৰ ট্ৰেইনখন আপুনি ’মিছ’ কৰিছে
শ মাইল দুৰত, ফোনৰ সিপাৰে কোনোৱা উচুপি উঠিছে
শংকাৰ বৰভূঁইকঁপে বেছেৰীৰ বুকু কঁপাই তুলিছে
ভালপোৱা তেতিয়া বিয়পে

কেইটামান টকাৰ অভাৱত পুৰণি সপোনটোক
কবৰ দিয়াৰ আপুনি যো-জা কৰিছে
আৰু তেওঁ হাতৰ প্ৰিয় আঙুঠিটো খোলাৰ
চেষ্টাত নিজক ব্যস্ত ৰাখিছে
ভালপোৱা তেতিয়া বিয়পে

ভগৰুৱা দেহাৰে বিষণ্ণ হৈ
কামৰ পৰা গধুলি ঘৰলে উভতি আহিছে
সেউজীয়া হাঁহিৰ সতেজ ফুলৰ কুকি এটা লৈ
পদুলি মুখত তেওঁ আপোনাৰ বাবে পৰ দিছে
ভালপোৱা তেতিয়া বিয়পে

নিসংগতাৰ বৰষুণ জাকে আপোনাক তিয়াব ওলাইছে
ফুলাম ছাতি এটা পিছফালৰ পৰা তেওঁ আহি মেলি ধৰিছে
ভালপোৱা তেতিয়া বিয়পে

ভালপোৱা বিয়পাৰ অলেখ কাৰণ
ভালপোৱা বিয়পাৰ অলেখ ধৰণ
সাৱধানী মানুহবোৰ বৰ সুখেৰে বাছি থাকে
এই বিশাল মৰুভূমিত
আৰু
ভালপোৱাত আক্ৰান্ত মানুহবোৰ
তিল তিল কৈ নিতৌ মৰে
এই সেউজীয়া পৃথিৱীত……………………………….

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!