মোৰ অসম সোণৰ অসম (- চিন্ময়জ্যোতি ডেকা)

মোৰ অসম সোণৰ অসম

চিন্ময়জ্যোতি ডেকা

 

 
 

জ্বলিছে অসম ,

চৌদিশে প্ৰতিবাদ , ধৰ্ণা

নিজৰ মাজতে , নিজ ভাইসকলৰ

ভাগ-বিভাগৰ বাবে এয়া চিঞৰ

ভাইহঁত এইখন ঠাইতে এদিন পোৱা গৈছিল

শান্তি-ঐক্য-বান্ধোনৰ পুলি

সকলোৱে ৰুৱ খুজিছিল , জীয়াই ৰাখিব খুজিছিল

জতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা , বান্ধোন।

কি হ’ল জ্যোতি-বিষ্ণুৰ গান

কত গ’ল লাচিত-চিলাৰায়ৰ তেজ

কেতিয়া শুনিম মোৰ অসম সোণৰ অসম ।

জাতি-জনগোষ্ঠীয় ভাইহঁত , আহ সবে হাতে হাত ধৰি

বান্ধো নতুন এনাজৰী , য’ত কেতিয়াও কোৱা নহয়

ডিভাইড আচাম ফিফটি ফিফটি ।

হয় , এইখন অসম আমাৰ অসম

বড়ো-ৰাভা-কাৰ্বি আৰু সকলো জনগোষ্ঠীৰ অসম

চিঞৰি চিঞৰি কম বাজক ডবা , বাজক শংখ

বাজক মৃদং খোল , অসম আকৌ উন্নতিৰ পথত

জয় আই অসম ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!