বিহুনামৰ যোজনা সংগ্রহ : প্লাৱন বিজয় শইকীয়া

বিহুনামৰ যোজনা

সংগ্রহ : প্লাৱন বিজয় শইকীয়া

১/ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজ ঐ
ঢেকীত গোমে গোমাই ঠোৰা
বুকু চমেচমাই দেহা তনেতনাই
তোমাক সোণ দেখাৰে পৰা

২/ ৰেলৰ আলিৰ দুবৰি বন
হাড়ক মাটি কৰি
তেজক পানী কৰি
তোলৈকে ঘটিছো ধন

৩/ চৰকাৰী চাকৰি নকৰোঁ লাহৰি
ঘৰতো নকৰো বন
তোমাৰ সন্তাপতে ফুৰিম অনাই বনাই
ইয়াকে কৰিছো পণ

৪/ ৰেল গাড়ী চলিলে উকিয়াই উকিয়াই
ষ্টেচনৰ মুখলৈ চাই
পদুলিৰ বাটলৈ তোমাক দিব উলিয়াই
মই কান্দিম বুকু ঢুকিয়াই

৫/ টিন পাতৰ ভাৰাঘৰ নহয় তোৰ জীৱনৰ
চিৰদিন নাথাকে ৰৈ
এদিন নহয় এবেলা কান্দিব লাগিব
ভগা পিৰালিত ৰৈ

৬/ চিঠি দি পঠিয়াম ডাকত ঐ লাহৰি
চিঠি দি পঠিয়াম ডাকত
চিঠিৰে ভিতৰত মৰম সানি পঠিয়াম
সযতনে সাঁচিবা মনত

৭/ ছাতি নাই বজাৰত যামে কেনে কৰি
জোতা নাই নচলে ভৰি
তোমালোকৰ ঘৰলৈ যামে কেনে কৰি
হাতত নাইকীয়া ঘড়ী

৮/ কি খাই পাহৰিম তোকে ঐ লাহৰি
কি খাই পাহৰিম তোক
মিচিমি আহিব বৰে বিহ আনিব
তাকে খাই পাহৰিম তোক

৯/ উজাই আহিল ভাটিৰে নেপালী
মইনামতী গাঁৱলৈ চাই
মইনামতী গাঁৱৰে সুন্দৰী পখিলী
নদীত গা ধুবলৈ যায়

১০/ আগতে সেন্দুৰী পাচতে পমিলী
মাজতে নেপালী ল’ৰা
ইফালে তৰাণী সিফালে দলনি
সেইপিনে নদীৰে গড়া

One thought on “বিহুনামৰ যোজনা সংগ্রহ : প্লাৱন বিজয় শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!