ভগৱানে যি কৰে ভালেই কৰে – পৰী শ্যামলী ভূঞা

দুজন বাটৰুৱা এখন জংঘলে ভৰা বাটৰ কাষেৰে গৈ আছিল। বিভিন্ন গছ গছনিৰ মাজেৰে পাৰ হৈ যাওতে তেওঁলোকৰ এজোপা ৰঙালাউ গছত চকু পৰিল। মাটিত বগাই মেল খাই যোৱা ডাল পাতবোৰৰ মাজত ডাঙৰ ডাঙৰ ৰঙালাউবোৰ জিলিকি আছিল। জীৱনত প্ৰথমবাৰ ৰঙালাউকেইটা দেখি দুয়োজনৰে খুউব ফুৰ্তি লাগিব ধৰিল, আৰু কিছু আচৰিতো হল । তেওঁলোকে কথা পাতিবলৈ ধৰিলে ইমান ডাঙৰ ডাঙৰ ৰঙালাউকেইটাৰ গছজোপা ইমান দুৰ্বল আৰু মাটিতে বগাই যোৱা ইমান সৰু !! ভগৱানৰ যে কি সৃষ্টি  বুলি ভগৱানৰ ওপৰত হাঁহিবলৈ ধৰিলে। এইদৰেই অলপ দৰ যোৱাৰ পাছত তেওঁলোকে এজোপা কাজু বাদামৰ গছ দেখিলে। ডাঙৰ গছজোপাত অকনি অকনি কাজুবোৰ ওলমি থকা দেখি তেওঁলোকৰ আকৌ হাঁহি উঠিব ধৰিলে । ইমান ডাঙৰ গছজোপাত এই অকনি অকনি কাজুবোৰ !!  ভগৱানৰ যে কি সৃষ্টি বুলি আকৌ ভগৱানৰ ওপৰত হাঁহিবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পাছতে দুয়োজন ভাগৰুৱা হৈ পৰিল।দিনটোও বহুত গৰম আছিল। গৰমত ভাগৰত ওচৰতে কাজু গছ এজোপা দেখি তাৰ ছাঁতে দূয়ো জিৰাবলৈ আগবাঢ়ি গল। গছজোপাৰ ছাঁত দুয়ো বহি জিৰাই থাকোতে টোপনি গল। হঠাৎ মূৰৰ ওপৰত গছৰ পৰা কিবা এটা সৰি পৰাত দুয়োজন চক খাই সাৰ পাই উঠিল। উঠি দেখে এটা কাজু এজন বাটৰুৱাৰ মূৰতে সৰি পৰিল। তেওঁলোক দূয়োজন চক খাই উঠিল যদি এই গছজোপা কাজুৰ নহয় ৰঙালাউৰ হলহেতেন !!  দুয়োজনে লগে লগে ভগৱানক স্মৰণ কৰিবলৈ ধৰিলে। ভগৱানে যি কৰে ভালেই কৰে । যদি এই ডাঙৰ গছজোপাত ডাঙৰ ডাঙৰ ৰঙালাউবোৰ লাগি থাকিলহেঁতেন। আজি তেওঁৰ মূৰত লাউটো সৰি পৰিলহেঁতেন আৰু  তেওঁৰ চাগে মৃত‍্যুও হলহেঁতেন। ভগৱানে যি কৰিছে ভালেই কৰিছে সেয়েহে এই ডাঙৰ গছজোপা সৰু সৰু ফলৰে ভৰি পৰিছে আৰু ডাঙৰ ৰঙালাউবোৰ মাটিতে ভৰি পৰিছে।দুয়োজনে ভগৱানৰ ওপৰত বিশ্বাস জন্মিবলৈ ধৰিলে। ‘ভগৱানে যি কৰে ভালেই কৰে মাথোঁ আমি তেওঁৰ ওপৰত বিশ্বাস ৰাখিব লাগে’ কথাখিনি পাতি পাতি দুয়ো বাটৰুৱা আগৰছোৱা বাটৰ বাবে আগুৱাই যাবলৈ ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!