ভাৰতীয় ক্ৰিকেটৰ এক গিনিপিগ- ইৰফান (অমিতাভ মহন্ত)

আগকথা-

সেইদিনা হঠাৎ টিভিত দেখিলোঁ জাহিৰ খানে অৱসৰ ল’লে৷ মনটো খেলি মেলি ভাৱে আৱৰি ধৰিলে৷ তাৰ পিছতেই দেখিলোঁ একেই খবৰ৷ এইবাৰ চেহৱাগ৷ চেহৱাগৰ লগে লগে “ফেবুলাচ ফাইভ“ৰ অন্তিমজনেও ক্ৰিকেটক বিদায় জনালে৷

সময় বৰ নিষ্ঠুৰ৷ নিজৰ প্ৰিয় খেলুৱৈসকল এনেকৈ এজন এজনকৈ যাবলৈ ধৰিছে৷ সেইদিনা এনেই বিশেষ একো নভবাকৈ ফেচবুকত নিজৰ ৱালত এটা সাধাৰণ পোষ্ট দিলোঁ৷

** Once upon a time in India..

Sachin

Saurav

Sehwag

Rahul

Laxman

Yuvraj

Dhoni

Harbhajan

Kumble

Irfaan

Zaheer **

বেয়া খেলিলে এইকেইজনক সময়ে সময়ে কিমান গালি পাৰিছোঁ হিচাপ নাই৷ এতিয়াও মনত পৰে খেলুৱৈ জীৱনৰ শেষ বয়সত কুম্বলেক “বুঢ়া পুলিচ“ আৰু লক্ষ্মণক “মেলো“ বুলি গালি পাৰিয়েই খেল চালোঁ৷ কিন্তু আজি ফ্লেচবেকলৈ গ’লে মনত পৰে তেওঁলোকৰ দপদপনি৷

ঘৰৰ মানুহৰ মতে মই পৰীক্ষাবোৰত পোৱা ভয়ঙ্কৰ নম্বৰবোৰৰ বাবে বিশেষভাৱে জগৰীয়া এই খেলুৱৈসকলৰ স্মৃতি ৰোমন্থন কৰিবলৈ এই ৰাজহুৱা মঞ্চখন ব্যৱহাৰ কৰিবলৈ বিচাৰিছোঁ৷ কোনো নিৰ্দিষ্ট সময়সীমা নৰখাকৈ ধাৰাবাহিক ভাবে লিখিম বুলি ভবা এই শিতানৰ প্ৰতিটো লেখাত একোজনকৈ খেলুৱৈৰ স্মৃতি ৰোমন্থন কৰাৰ পৰিকল্পনা কৰিছোঁ৷ আশাকৰোঁ এই যাত্ৰাত কেইজনমান একে পথৰে যাত্ৰী সঙ্গী হিচাপে পাম৷

**************************

ভাৰতীয় ক্ৰিকেটৰ এক গিনিপিগ- ইৰফান

“বিদ্যালয়ত শিক্ষকে কৈছিল, ‘পঢ়া শুনাত মন দে, খেলি একো নহ’ব ভবিষ্যতে৷’

মাকে কৈছিল, ‘ঘৰত নেখেলিবি, ঘৰৰ বস্তু ভাঙি যাব৷’

মই কৈছিলোঁ, ‘মছজিদত নেখেলিবি৷’

ওচৰ চুবুৰীয়াই চাদৰ ওপৰত বিপদজনকভাৱে খেলি থকা দেখি কৈছিল, ‘জীৱনৰ সৈতে নেখেলিবি৷’

কাৰো কথা নুশুনিলে দুয়ো৷ কিন্তু দুয়ো যি শুনিছিল সেয়া মই বা দুয়োকে সকিয়াই থকা কোনোৱে শুনা নাছিলোঁ৷ দুয়ো কেৱল শুনিছিল অন্তৰৰ আহ্বান৷” – মেহবুব খান পাঠান৷

বৰোদাৰ এটা মছজিদৰ সমীপত ডাঙৰ হৈছিল ইউচুফ আৰু ইৰফান৷ গলিৰ অন্য সৰু ল’ৰা ছোৱালীবোৰৰ লগত একেলগে ডাঙৰ হোৱা দুয়োৰে শৈশৱ আছিল নিচেই সাধাৰণ৷ ক্ৰিকেট পাগল আছিল দুয়ো ভায়েক৷ মছজিদৰ চৌহদতেই সময় পালে ক্ৰিকেট খেলি সময় কটাইছিল দুয়ো ভায়েকে৷ কিন্তু মছজিদ কৰ্তৃপক্ষই এনেদৰে চৌহদত ক্ৰিকেট খেলাটো বৰ ভাল পোৱা নাছিল৷ ফলত মছজিদৰ মুৱাজ্জিন হিচাপে কৰ্মৰত মেহবুব খানৰ কাম এটা বাঢ়িল৷ আবেলি চাইকেলৰ আগফালে ইৰফান আৰু পিছফালে ইউচুফক লৈ মেহবুব খান ৰাওনা হৈছিল মৈদানলৈ৷ তাতেই ক্ৰিকেটৰ আদি পাঠ ল’বলৈ ধৰিলে দুয়ো ভায়েকে৷ কোনোমতে বেট-বল যোগাৰ কৰি দিলেও, দুয়োকে প্ৰয়োজনীয় সুবিধা দিবলৈ অপাৰগ আছিল মেহবুব খান৷ স্থানীয় প্ৰশিক্ষক মেহন্দী শ্বেইখক অনুৰোধ কৰাত তেখেতে মাহে বিশ টকাত দুয়োকে ক্ৰিকেট শিকোৱাৰ দায়িত্ব লয়৷ ভাৰতৰ খেল থাকিলে দুয়ো সদায় বেলেগৰ ঘৰলৈ খেল চাবলৈ গৈছিল৷ দুয়োৰে আগ্ৰহ দেখি মেহবুব খানে মাহে ৫০০ টকাকৈ কিস্তিত এটা টিভি যোগাৰ কৰিছিল৷

সৰুতেই নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল ইৰফান৷ অতি কম সময়তে ইৰফান জুনিয়ৰ পৰ্য্যায়ৰ ক্ৰিকেটত এক চিনাকি নাম হৈ পৰে৷ অনুৰ্ধ ১৫, ১৬ আৰু ১৯ দলত দেখুওৱা সুপ্ৰদৰ্শনৰ সুবাদত ইৰফান হৈ পৰে এক জনপ্ৰিয় নাম৷

২০০১ চনত বৰোদা দলৰ মুখ্য পেচাৰ জাহিৰ খানক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হয়৷ বৰোদা দলৰ পৰৱৰ্তী খেলখন আছিল বেঙ্গলৰ বিৰুদ্ধে ৰঞ্জী প্ৰি-কোৱাৰ্টাৰ ফাইনেল৷ জাহিৰৰ ঠাইত দলত স্থান পোৱা ইৰফানে প্ৰথম ইনিংছতেই চল্লিশ ৰাণ দি তিনিটা উইকেট দখল কৰে৷ সেইবাৰ ৰঞ্জী ট্ৰফী জয় কৰা বৰোদা দলত ইৰফানৰ ভূমিকা আছিল উল্লেখযোগ্য৷

২০০২ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপত সফল আত্মপ্ৰকাশৰ পিছত সেই বছৰেই ইণ্ডিয়া-এ দলত স্থান লাভ কৰে ইৰফানে৷

ইতিমধ্যে অনুৰ্ধ-১৯ দলত ইৰফান এক চৰ্চিত নাম হৈ পৰিছিল৷ পাকিস্থানত হোৱা এখন খেলত পাঠানে বাংলাদেশৰ বিৰুদ্ধে ১৬ ৰাণ খৰচ কৰি ৯টা উইকেট লয়৷ লগে লগে ইৰফান হৈ পৰে হিৰো আৰু জাতীয় দলত স্থানৰ প্ৰৱল দাবীদাৰ৷

আশা কৰা মতেই ২০০৩-০৪ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলত স্থান পায় ইৰফানে৷ ভ্ৰমণৰ দ্বিতীয়খন টেষ্টত সুযোগ পাই প্ৰথমতেই মেথিউ হেইদেনৰ উইকেট লয় ইৰফানে৷ অৱশ্যে তাৰ পিছত ইৰফানে সেই খেলখনত বিশেষ সুবিধা কৰিব নোৱাৰিলে৷ ফলস্বৰূপে পৰৱৰ্তী খেলখনত মূল একাদশত নাথাকিল ইৰফান৷

চতুৰ্থ টেষ্টত আকৌ দললৈ ঘূৰি আহিল ইৰফান৷ সেইদিনা আছিল এক ৰৌদ্ৰোজ্বল ৰাতিপুৱা৷ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত বিস্ফোৰক গিলখ্ৰীষ্টৰ সন্মুখত বল হাতত লৈ ইৰফান, এক ১৯ বছৰীয়া তৰুণ৷ গিলখ্ৰীষ্টে ইতিমধ্যে এই তৰুণৰ বিষয়ে অলপ শুনিছে, পিছে ভাৰতৰ পেচ বলিঙৰ ভৱিষ্যত বুলি এতিয়াই আশা কৰাতো অলপ বেছি হোৱা নাইনে? বলিং কৰিবলৈ দৌৰি আহিছে ইৰফান, নিখুঁত য়ৰ্কাৰ! উঘালি পৰা ষ্টাম্পকেইডাল চাই থিয় হৈ ৰ’ল গিল্লী৷ আনন্দত মতলীয়া হৈ পৰিল সহ খেলুৱৈ, দৰ্শক৷ আকৌ একেটা ভুলেই কৰিলে ভাৰতীয় জনতা, মেডিয়া, বোৰ্ডে৷ ইৰফান হৈ পৰিল“the next big thing in Indian Cricket”৷

ৰূপকথাৰ নায়কৰ দৰে উত্থান ঘটিল ইৰফানৰ৷ সমগ্ৰ বৰোদা ফাটি পৰিল উচ্ছাসত৷ মেহবুব খানৰ সেই সৰু ঘৰটোত জনসমুদ্ৰৰ সোঁত দেখা গ’ল৷ ইৰফানৰ আদৰ্শ “চুলতান অফ চুইং” ৱাছিম আক্ৰামৰ সৈতে তুলনা কৰা হ’ল ইৰফানক৷ চকুত লগা প্ৰদৰ্শনেৰে সেই ভ্ৰমণত ইৰফানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ গাঙ্গুলীয়ে বল হাতত তুলি দিলে ইৰফানে কমেই নিৰাশ কৰিছিল৷ পৰৱৰ্তী পাকিস্থান ভ্ৰমণতো ইৰফানে সুন্দৰ প্ৰদৰ্শন কৰিলে৷

ইৰফান সোনকালেই হৈ পৰিল এক চৰ্চিত নাম৷ ভাৰতীয় ক্ৰিকেটৰ নতুন পোষ্টাৰ বয়, লাখ লাখ ছোৱালীৰ হাৰ্টথ্ৰ’ব৷ মাজতে এজনী যুৱতীয়ে ইৰফানক প্ৰেম নিবেদন কৰিবলৈ গৈ ঘৰৰ সন্মুখত খোপনি পুতি লোৱা কাহিনী হৈ পৰিল নিউজ চেনেলৰ গৰম খবৰ৷ টিভিৰ বিজ্ঞাপন, নিউজ চেনেল সকলোতে ইৰফানক দেখা গ’ল৷ কোনো বিশ্বাসযোগ্য তথ্য নাথাকিলেও বহুতেই কয় যে‘ইকবাল’ নামৰ হিন্দী চিনেমাখন কোনোবাখিনিত ইৰফানৰেই জীৱনৰ কাহিনী৷ এই সকলোৰে মাজতে ইৰফানৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিছিল৷ অষ্ট্ৰেলিয়া নিবাসী ভাৰতীয় মূলৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট শিবাঙ্গী দেৱ আছিল ইৰফানৰ প্ৰেম৷ প্ৰায় দহ বছৰ চলা এই প্ৰেমৰ অন্ত পৰে ২০১৩ চনত৷ প্ৰেমতকৈ ঘৰখনক বেছি গুৰুত্ব দিয়া ইৰফানৰ সেয়া আছিল অন্য এক কাহিনী৷

আকৌ খেলৰ কথালৈ ঘূৰি আহিছোঁ৷

ষ্টিভ ৱ’, চাইমণ্ডছ, পণ্টিং, ইনজামাম আদিৰ দৰে মহান খেলুৱৈক ইৰফানে বাৰুকৈয়ে বিপাঙত পেলাইছিল৷ ইৰফানৰ ৰিভাৰ্ছ চুইং, আউটচুইং, ইনচুইংগিং য়ৰ্কাৰে সকলোকে ভাবিবলৈ বাধ্য কৰাইছিল৷ দলত এক নিগাজী স্থান দখল কৰি লোৱা ইৰফানে সফলতাৰ চিৰি দপদপাই বগাই গৈছিল৷ ২০০৬ চনত পাকিস্থানৰ বিৰুদ্ধে এখন টেষ্টত হেট্ৰিক লৈ ইৰফান হৈ পৰে চুপাৰ হিৰো৷ ইতিমধ্যে বেটিঙতো দুটামান উপযোগী ইনিংছ খেলাৰ পিছত কপিলদেৱৰ উত্তৰসুৰী হিচাপে ইৰফানৰ নাম চৰ্চালৈ আহে৷ কিন্তু…..

আঘাত! ভাৰতীয় ফাষ্ট বলাৰৰ এক প্ৰধান সমস্যা৷ ইৰফানো ব্যতিক্ৰম নহ’ল৷ বিৰতি নোহোৱাকৈ ক্ৰিকেট খেলাৰ ফলস্বৰূপে ইৰফানো লাহেকৈ একে পথৰ যাত্ৰী হ’ল৷ প্ৰাৰম্ভিক সফলতাৰ পিছত ইৰফানে এক ধূসৰ ভৱিষ্যতৰ ফালে গতি কৰিলে৷

সেই সময়তে ভাৰতীয় ক্ৰিকেটলৈ আহিল এক নতুন যুগ- “গ্ৰে’গ চেপেল যুগ”৷ নিত্য নতুন পৰীক্ষা নিৰীক্ষা আছিল এই যুগৰ বিশেষত্ব৷ সৌৰভ আৰু চেপেলৰ কাজিয়া সংবাদ মাধ্যমৰ গৰম খবৰ হৈ পৰিল৷ ক্ৰিকেটবলিয়া ভাৰতীয়সকলৰ অধিকাংশ চেপেল বিৰোধী হৈ পৰিল৷ চেপেলে সঘনাই শচীনৰ বেটিংক্ৰম পৰিৱৰ্তন কৰি থাকিবলৈ ধৰিলে৷ চেহৱাগ, হৰভজনে প্ৰকাশ্যে চেপেলৰ বিৰোধিতা কৰিলে৷ গাঙ্গুলীকে ধৰি বহু কেইজন চেপেলৰ এই নিত্য নতুন পৰীক্ষাৰ চিকাৰ হ’ল৷ চেপেলৰ অন্যতম প্ৰিয় আছিল ইৰফান৷ ইৰফানক লৈ চেপেল আছিল আশাবাদী৷ কালিছৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে ইৰফানক সাজু কৰিবলৈ উঠি পৰি লাগিল চেপেল৷ বেটিংক্ৰমৰ উত্তৰণ ঘটিল ইৰফানৰ৷ কেতিয়াবা অপেনাৰ, কেতিয়াবা তিনি নম্বৰত.. ইৰফানে বেটিঙতো লাভ কৰিলে সফলতা৷ কিছু সময়লৈ ইৰফানে বেটিং- বলিং দুয়ো দিশতে পাৰদৰ্শিতা দেখুৱালে৷ নেট প্ৰেকটিচত প্ৰায়েই ইৰফানক বেটিং লৈ ব্যস্ত থকা দেখা গ’ল৷ কিন্তু লাহে লাহে দেখা গ’ল যে ইৰফানে বলিঙৰ চন্দ ক্ৰমাৎ হেৰুৱাব ধৰিছে৷ ক্ৰমাৎ এক খৰচী বলাৰত পৰিণত হ’ল ইৰফান৷ বলিঙত আগৰ চোক নাই৷ দৰ্শক হিচাপে আমাৰ বাবে এক প্ৰতিভাৱান বলাৰৰ পৰা এক সাধাৰণ বলাৰ হোৱাৰ এই যাত্ৰা আছিল বেদনাদায়ক৷

প্ৰাক্তন পেচাৰ জাভাগল শ্ৰীনাথে ইৰফানৰ এই নতুন ৰূপ একেবাৰে পচন্দ কৰা নাছিল৷ তেওঁ ইৰফানক নিজৰ ফিটনেচত গুৰুত্ব দি বলিঙত মনোযোগ দিবলৈ পৰামৰ্শ দিছিল৷ কিন্তু হয়তো পাঠানে তেতিয়া কপিলদেৱ হোৱাৰ সপোনত বিভোৰ আছিল৷

পাঠানে বেটিং- বলিঙত সমানে গুৰুত্ব দি একেৰাহে ক্ৰিকেট খেলি গৈছিল আৰু ইয়েই এদিন ইৰফানৰ পতন মাতি আনিলে৷ লাহে লাহে সেই পুৰণি ইৰফানক ক্ৰিকেটপ্ৰেমীয়ে নেদেখা হ’ল,উইকেটৰ দুয়োফালে ব’ল চুইং কৰিব পৰা ইৰফান ক’ত জানো হেৰাই গ’ল!

একেৰাহে কৰা দুৰ্বল প্ৰদৰ্শনৰ হেতু ইৰফান দলৰ পৰা বাদ পৰিল৷ মাজে মাজে দলত সুযোগ পায়, মাজে মাজে নাপায়, এয়াই হৈ পৰিল ইৰফানৰ অৱস্থা৷ তাৰ মাজতে আকৌ আঘাতে ইৰফানৰ অৱস্থা আৰু বেয়া কৰি পেলালে৷ ফৰ্মহীনতা, ধাৰাবাহিকতাৰ অভাৱ, আঘাত এই সকলোবোৰে হেঁচা মাৰি ধৰি ইৰফানক দুৰ্বল কৰি পেলালে৷

২০০৭ চনৰ টি-২০ বিশ্বকাপত ইৰফানে আকৌ বলিঙত নিজৰ পুৰণি লয়লৈ ঘূৰি অহা পৰিলক্ষিত হ’ল৷ ইৰফানে আকৌ উইকেট ল’বলৈ ধৰিলে, ফাইনেলত পাকিস্থানৰ বিপক্ষে মেন অফ দা মেচ বঁটা পালে৷ কিন্তু এই প্ৰদৰ্শন দীঘলীয়া নহ’ল৷ বেটিঙত কৰা ভাল প্ৰদৰ্শনে ইৰফানক দলত স্থান দিছিল৷ ল’ৱাৰ অৰ্ডাৰত ইৰফানৰ দৃঢ়তাই বহুবাৰ ভাৰতক বিপদৰ পৰা ৰক্ষা কৰিলে, কিন্তু গিলখ্ৰীষ্টৰ ষ্টাম্প ওফৰাই দিয়া ইৰফান ক’ৰবাত হেৰাই গ’ল৷

‘Man management’ খেলৰ এক অতি গুৰুত্বপূৰ্ণ অংশ৷ সঠিক সময়ত সঠিক উপদেশ পোৱা বাবে শচীন এম আৰ এফ পেচ ফাউণ্ডেচনৰ পৰা উভতি আহিছিল৷ তাৰ পিছত কি হ’ল সেয়া আজি ইতিহাস৷ হয়তো ভাৰতে গৌৰৱ কৰিব পৰা এজন খেলুৱৈ কেৱল এই কাৰণেই হেৰাই গ’ল৷ অত্যুৎসাহী চেপেলৰ আশাৰ ভাৰখন ইৰফানে কান্ধ পাতি ল’ব নোৱাৰিলে৷ ফলত হেৰাই গ’ল এক প্ৰতিভা৷ ইৰফানৰ ৰূপত কপিলদেৱক চাবলৈ আশা কৰা আমাৰ প্ৰজন্মই হেৰুৱালে এজন প্ৰতিভাৱান বলাৰক৷ চেপেলে বিচাৰিছিল বিশ্ববাসীক এক বিশ্বস্তৰৰ অলৰাউণ্ডাৰ উপহাৰ দিবলৈ৷ পিছে চেপেলৰ পৰীক্ষাগাৰৰ এক গিনিপিগ হৈ ৰৈ গ’ল ইৰফান!

২৭ অক্টোবৰত বত্ৰিশ বছৰত ভৰি দিব ইৰফানে৷ ইৰফানে এতিয়াও খেলি গৈছে নিৰন্তৰ৷ পিছে এই বয়সত আমি আকৌ সেই পুৰণি ইৰফানক ঘূৰাই পাম বুলি আশা কৰাটো সমীচিত নহ’ব চাগৈ৷

একেবাৰে সাধাৰণ ঘৰৰ পৰা অহা ইৰফানে জীৱনত বহুত কিবাকিবি পালে৷ দাদাক ইউচুফৰ সৈতে একেলগে ভাৰতীয় দলত খেলা দিনকেইটা নিশ্চয়কৈ ইৰফানৰ জীৱনৰ এক মধুৰ স্মৃতি৷ কিন্তু ইৰফানক লৈ সকলোৱে বহুত আশা কৰিছিল যি আশা পূৰণ নহ’ল৷ এক প্ৰতিভাৰ অপমৃত্যু ঘটিল৷

শেহতীয়াকৈ দুয়ো ভায়েকে মিলি বৰোদাত “পাঠান ক্ৰিকেট একাডেমী” খুলিছে৷ সঙ্গী হিচাপে আছে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ জাতীয় শত্ৰু “গুৰু গ্ৰে’গ”৷ আশাকৰোঁ অদূৰ ভবিষ্যতে এই একাডেমীৰ পৰা এনে এজন খেলুৱৈ ওলাব যি আমাক ইৰফানে কৰিব নোৱাৰাখিনি কৰি দেখুৱাব পাৰিব৷ তাৰেই আশাৰে……..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!