বতাহত আকৌ সেই উৰুঙা সুবাস (নন্দিতা খাখলাৰী)
ছেপ্টেম্বৰ মাহৰ মাজ মানৰ পৰাই আমাৰ চকুৰ দৃষ্টি তীক্ষ্ণ হৈ পৰিছিল৷ স্কুলৰ পৰা আহোঁতে-যাওঁতে ৰিক্সাৰ পৰা হাউলি হ’লেও ৰাস্তাৰ দুয়োপাৰৰ আটাইকেইখন দোকান খুটিয়াই চাই আহোঁ৷ মূল লক্ষ্য ’চন্দ্ৰানী’ আৰু ’বিজয় ষ্টোৰ’৷ বৰ’ বজাৰৰ ফালে গ’লে ‘বঙ্গাইগাঁও দোকান’, ‘মুন্মী ষ্টোৰ’ নাইবা ‘পিতল চকুৱা’ৰ দোকান৷ স্কুলতো সেই দিনকেইটাত সেয়াই আলোচনা, দুৰ্গা পূজাত কোনে কি ড্ৰেছ ল’ব এইবাৰ৷ কেইটা ল’ব? মই এই কেইটা ল’বটোত ভাগ নলৈছিলোঁ৷ জানোৱে এটাৰ বেছি কোনোকালে নাপাওঁ৷ সেয়া লৈ পিছে দুখো নাছিল৷ যিটো পাবলগীয়া থাকে সেইটোৰ আশাতে ইমান মতলীয়া হৈ থাকো যে আৰু বাকী একো ভাবিবলৈ আজৰি নাথাকে৷ সিফালে পূজাৰ এমাহমান আগৰে পৰা ঘৰত বাইদেউৰ হাহাকাৰ৷ সদায় গধূলি মাক কুটুৰি কুটুৰি প্ৰায় কন্দা-কটা…মোৰ লগৰ চবেই কাপোৰ ল’লে..পূজাৰ কাপোৰ বজাৰত শেষেই হ’ল আৰু! আমি কেতিয়া যাম? একোৱে নাপামগৈ আৰু এতিয়া! চিন্তাত তাইৰ জীৱনটোয়ে অসাৰ যেন লাগে৷ উপায়বিহীন হৈ দেউতাই দৰমহা পোৱা দিনাই মাই আমাক দুয়োজনীকে লৈ বজাৰলৈ ওলায়৷ দোকানলৈ গৈ পূজাৰ কাপোৰ দেখুৱাব ক’লে দোকানীয়ে হাঁহি মাৰি কয়, ’বাইদেউ, পূজাৰ কাপোৰ অহাই নাই এতিয়াও৷ দহদিনমান পিছত আহক! মায় লাজ পাই চকু ঘোপা কৰি বাইদেউলৈ চায়৷ মোৰ ফিচিককৈ হাঁহি এটা উঠে৷ তাই বেঙীৰ দৰে হাঁহি মাৰি কয়, ’লগৰবোৰে বা ক’ৰ পৰা ল’লে’? ! ঘূৰি আহোঁ, তেনেকৈ মুঠতে তিনিবাৰ মান যোৱাৰ পিছতহে পূজাৰ বজাৰ শেষ হয়৷
তাৰপিছৰ পৰ্বটোও সমানে ৰোমাঞ্চকৰ৷ পূজাৰ বজাৰ হ’ল বুলি শুনিলেই ওচৰৰ খুড়ী, জেঠীহঁতে সন্ধিয়া কাপোৰ চাবলৈ অহাটো নিয়মৰ কথা৷ অন্ততঃ দহ-বাৰ দিন মান আলমাৰি খুলি কাপোৰ দেখুওৱা, কোনোবাই অনুৰোধ কৰিলে পিন্ধি দুৰৈত গৈ খোজকাঢ়ি দেখুওৱা আৰু তাৰ লগে লগে ইতিমধ্যে বজাৰত ওলোৱা জিলাপী, বুন্দিয়া আদিৰে গৰম গৰম চাহৰ পৰ্ব চলি থাকে৷ বাইদেউ অলপ বেছিয়ে উত্সাহী, কোনোবা যদি কিবা কাৰণত অহা নাই কাপোৰ চাবলৈ, তাই পাৰিলে নিজেই মাতি লৈ আনে৷ আমিও যাওঁ আনৰবোৰ চাবলৈ৷ নগ’লে নিমন্ত্ৰণ পৰ্য্যন্ত আহে৷ সেইকেইদিন বাইদেউ আৰু মোৰ মুখ দুখন উজলি থাকে অনবৰতে৷
অৱশেষত আকংক্ষিত দিনটো আহে৷ অষ্টমীৰ দিনা দেউতাই দুখন ৰিক্সা ভাড়া কৰে৷ এখনত মা-বাইদেউ আৰু আনখনত দেউতা-মই৷ মা-বাইদেউলৈ চাই মনটো জ্বলি-পুৰি দুখী হৈ যায়৷ সদায় মাৰ লগত তাইয়ে ভাগ পায়! কিন্তু মনৰ কথা মুখেৰে প্ৰকাশ কৰাত সেই তেতিয়াৰে পৰা ব্যৰ্থতা৷ গধূৰ মন লৈ দেউতাৰ লগত বহোঁ৷ ৰিক্সা চলি যায়…কোমল কোমল বতাহ এজাকে গালে-মুখে চুই যায়, চৌদিশৰ পূজাৰ জাকজমকতাত ক্ষন্তেক আগৰ দুখ কৰবাত উৰি যায়৷ গোটেই গোৱালপাৰা টাউনখন ঘূৰি ঘূৰি পূজা চাঁও৷ অহাৰ সময়ত হাতত থাকে মেলাৰ পৰা কিনা গৰম গৰম জিলাপী, বুন্দিয়া-ভূজীয়া, খুৰ্মা, বেলেগ বেলেগ ৰং আৰু আকাৰৰ বেলুন, ডিঙিত মালা, হাতত খাড়ু৷ পিছদিনা আইতাহঁতৰ ঘৰলৈ গৈ গোটেই আত্মীয়-স্বজনৰ লগত নৱমী আৰু দশমীৰ পূজা-বিসৰ্জন চাওঁ৷ দেৱীক নৈত উটুৱাই দিয়া দেখি মনবোৰ সেমেকি উঠে৷ এটাই সান্ত্বনা, কিছুদিন পিছত আকৌ দেৱালী আহি আছে নহয়!
কৈশোৰৰ দেওনা পাৰ হোৱাৰ পিছৰে পৰা পৃথিৱীখন লাহে লাহে বেলেগ লগা হ’ল৷ ইতিমধ্যে কিতাপৰ নিচাই বাৰুকৈয়ে ধৰিছিল৷ অসীমত যাৰ হেৰাল সীমা, অনুৰাধাৰ দেশ, অয়নান্ত, অন্তৰীপ, অঘৰী আত্মাৰ কাহিনী, মৃত্যুঞ্জয়, ন হন্যতে, আত্মানুসন্ধান, অভিযাত্ৰী, আধা লেখা দস্তাবেজ, মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আদি উপন্যাসবোৰৰ লগতে বিভিন্ন কবিতা-গল্পৰ কিতাপবোৰ দিনে ৰাতি পঢ়ি পঢ়ি এখন পাৰাপাৰবিহীন ভাৱৰ সাগৰত অনবৰতে ডুব গৈ থাকোঁ৷ ৰাতিবোৰ বেলেগ লগা হ’ল, দিনবোৰ নতুন পোহৰেৰে আলোকিত যেন লগা হ’ল৷ ঋতুবোৰক যেন প্ৰথমবাৰৰ বাবে বুজি পোৱা হ’লোঁ৷ ক’ব নোৱাৰাকৈয়ে কোনোবা এদিন, কোনো এক মুহূৰ্ত্তৰ পৰা হয়তো দুৰ্গা পূজাৰ অনুভৱবোৰ শৰতৰ অনুভৱলৈ ৰূপান্তৰিত হ’ল৷ শৰৎ আহিলেই ফিৰফিৰিয়া বতাহজাকত যেন কিবা এক উৰুঙা আবেগ, উৰুঙা সুবাস! তলসৰা শেৱালী আৰু অস্পষ্ট নিয়ৰে তাত দুগুণে মতলীয়া ৰহণ চৰায়! উত্সৱ পাৰ্বনৰ উথপথপত পৃথিৱীখন যেন এখন আলোকজ্জ্বল তীৰ্থভূমিত পৰিণত হয়!
সেই উন্মনা দিনবোৰৰ পৰাই শৰৎ আহিলেই বতাহত এক উৰুঙা সুবাসৰ উমান পাওঁ৷ যান্ত্ৰিক চহৰত দৈনন্দিন ব্যস্ততাৰ মাজতো ক্লান্ত সন্ধিয়াবোৰত সেই অনামী সুবাসে আজিও মন আছন্ন কৰে, উন্মনা কৰে৷ এক অবুজ আবেগে নিশব্দে বুকুত ঘৰ সজা আৰম্ভ কৰে৷ সকলো আছে, অথচ তাৰ মাজতো যেন কিবা এটা নাই নাই ভাৱ! শূন্যতাবোধ বুলি কি ইয়াকেই কয় নেকি? ! শৈশৱৰ দুৰ্গাপূজাৰ কথাবোৰ মনত পৰিলে আজি সেয়া অন্য এক জীৱনৰ কথা যেন লাগে! কিমানবাৰ হৈছে, পূজাৰ আগদিনাৰলৈকে মনত নাথাকে পূজা কেতিয়া! থাকিলেও সেই তাহানিৰ উত্সাহ বিচাৰি হাবাথুৰি খাওঁ৷ নাই, আধুনিক জীৱনৰ সচ্ছলতাই আৰু বিশ্বায়নৰ মুকলি সূত্ৰবোৰে পূজাৰ চোলাটোৰ মূল্য একে হৈ থাকিব দিয়া নাই! ৰখা নাই একেদৰে তাৰ লগত জড়িত অনুভূতিবোৰ৷ সকলো সলনি হ’ল.. সময়, পৃথিৱীখন, জীৱনবোৰ, জীৱনৰ যাত্ৰাপথবোৰ…! ভাবিবলৈও কাৰো আহৰি নাই৷ কষ্ট হয় যদি কেৱল আমাৰ দৰে দুই দশক আগৰ সেই ‘পূৰ্বজন্ম’ৰ দিনবোৰ নিজৰ অজানিতে নিৰন্তৰ বিচাৰি ফুৰা মানুহবোৰৰ৷ বুকুত সোঁৱৰণিৰ গভীৰ নদী এখন কঢ়িয়াই ফুৰা মানুহবোৰৰ৷ এটাই সান্ত্বনা, এই সকলোবোৰৰ মাজতো সলনি হোৱা নাই এটি সুবাস! শৰৎ আহিলেই বতাহত বিয়পি পৰা মিঠা মিঠা যেন লগা সেই পুৰণি উৰুঙা সুবাস! সকলো সলনি হওক, স্মৃতি আৰু আশাৰ সুবাস কঢ়িয়াই মাথোঁ এই ঋতুবোৰ একেদৰে থাকক! চিৰকাল সেউজীয়া হৈ থাকক!