মই দুৰাচাৰ কেৱলে তোমাৰ
লেখক- নয়নমণি হালৈ
চতিমা গাঁৱৰ মহেন্দ্ৰ পাঠক এজন সন্মান থকা মানুহ। কথাটো আচলতে এনে নহয় যে গাঁৱৰ আন মানুহবোৰ মান-সন্মান একো নথকা ধদুৱা মানুহ, কিন্তু মহেন্দ্ৰ কলিতাৰ এইটো বদ্ধমূল ধাৰণা যে তেওঁৰ সমান সন্মান থকা, যশ-খ্যাতি থকা মানুহ এইখন গাঁও কিয়, ওচৰ-পাজৰৰ দহখন গাঁৱতো নাই। খেতি-খোলা, গোহালী ভৰ্তি গৰু-গাই, পুখুৰীৰ মাছ আদিৰে প্ৰভু ভগৱন্তই তেওঁক এটা সচ্ছল সমৃদ্ধিৰ জীৱন উপহাৰ দিয়াৰ বাবে তেওঁ ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ। সেয়ে চোতালৰ আগৰ গোঁসাইঘৰটো তেওঁ বৰ দেখনীয়াৰকৈ পকীবেৰ আৰু টাইলছ্ৰ মজিয়াৰে সজাই তুলিছে, গোসাঁইঘৰৰ চূড়াত সকলোৱে দেখাকৈ পিতলৰ কলসী এটাও দিছে।
পুৱা শোৱাপাটি এৰি গাটো জোবোৰা মাৰিয়ে তেওঁৰ প্ৰথম কাম গোসাঁইঘৰত সোমাই সুৰ লগাই ঘোষা পদ দুফাঁকি গোৱা আৰু তাৰ পাছতহে তেওঁ বাকী কামলৈ আগবাঢ়ে। বোৱাৰীয়েক মালতীৰ আন কামত হীনদেঢ়ি হলেও মহেন্দ্ৰ বুঢ়াই সহ্য কৰিব পাৰে, কিন্তু চকা পাটত বহা সময়ত গোসাঁইঘৰটোৰ পৰা ধূপ-চাকিৰ গোন্ধ নাহিলে বুঢ়াই সহ্য কৰিব নোৱাৰে। সন্ধিয়া বুঢ়াই গোসাঁইঘৰত নোসোমায়, সেইখিনি সময় গৰু-গাইৰ লগত লাগি থকা সময়। বুঢ়াই জাগ দিয়া, ছাগলী জাকটোৰ ওপৰত কাহানিবাই ঘৰৰ মানুহে পেলাই দিয়া বিবৰ্ণ আঁঠুৱাখন আৰি দিয়া, দামুৰিকেইটাক মাকৰ ওহাৰৰ পৰা আঁতৰাই সঠিক স্থানত বন্ধা.. এইবোৰ কামত ব্যস্ত থাকে। মালতীৰ আৰু এটা গধুৰ দায়িত্ব আছে। সেয়া হ’ল সন্ধিয়া ঘৰৰ পিছফালৰ সকলো কাম কৰি অটাই বুঢ়া আহি বাৰাণ্ডাৰ হাত থকা পুৰণি গমাৰি কাঠৰ চকীখনত বহে। এইখিনি সময়তে বুঢ়াৰ ডাঙৰ পুতেক বিনন্দ আহি পায়। কেতিয়াবা বিনন্দৰ লগতে গাঁৱৰে দুই এটা চেঙেলীয়াও থাকে, সিহঁতো আহি বুঢ়াৰ সংগ লয়, ওচৰ-পাজৰৰ দুই এজন লোক আহে, তেওঁলোকৰ উদ্দেশ্য বুঢ়াক কোনোবা শাস্ত্ৰ পাঠলৈ অথবা নাম লগোৱালৈ নিমন্ত্ৰণ। মহেন্দ্ৰ পাঠকৰ সুললিত কণ্ঠৰ সুনাম চতিমা গাঁৱৰ আকাশে বতাহে মুখৰিত হৈ থাকে। মূঠতে সন্ধিয়াৰ চাহকাপ মহেন্দ্ৰ কলিতাই কেতিয়াও অকলে খাই পোৱা নাই, কোনোবা নহয় কোনোবা থাকেই। আৰু মালতীৰ কাম হ’ল ঘৰৰ গৰুৰ গাখীৰেৰে থকথকীয়াকৈ একো কাপ চাহ আনি সকলোৰে আগত দিয়া।
নেদেখাজনৰ কৃপাত সকলো ঠিকেই আগবাঢ়িছিল। কেৰোণ লাগিল বৰজীয়ৰী সুমিত্ৰাৰ ঘৰৰ চোতালৰ পৰাহে। সেই দিনটোক মহেন্দ্ৰ বুঢ়াই এটা অভিশপ্ত দিন বুলি গণ্য কৰে আৰু আজি পোন্ধৰ বছৰে বুঢ়াই নিজক সেই পাপৰ পৰা ক্ষমাদান কৰিব পৰা নাই। আচলতে বুঢ়াৰ সংসাৰত কেৰোণৰ আৰম্ভণি সেই সুমিত্ৰাজনীৰ পৰাই। দুৰণিবতীয়া কোনো এঠাইত জীয়েকক বিয়া দি, মাজে-মধ্যে হাতত ঘৰৰ চাউলৰ পিঠাপনা, বাৰীৰ শাক-পাচলিৰ মোনা এখন লৈ বছৰচেৰেকত জীয়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সপোন এটাই মহেন্দ্ৰ বুঢ়াক বৰ আমনি কৰিছিল। সেয়া যেন দুপৰীয়া ভাতঘুমটিত অহা চিলমিল সপোনৰ দৰেই এটা মিঠা আৱেশময় অনুভূতি আছিল। কিন্তু সেই আৱেশক চাৰখাৰ কৰি সুমিত্ৰা গোটেই গাঁৱতে ৰজনজনাই যোৱাকৈ এটা খবৰ হৈ পৰিছিল এদিন। গাৱঁৰ সিটো মূৰৰ বলেনলৈ পলাই গুচি যোৱা কথাটোৱে বুঢ়াৰ চকুত বহুদিনলৈ বেজাৰৰ চকুপানী বোৱাইছিল। হ’লেও নিজৰেই বুকুৰ আগমঙহৰ দৰে বৰজীয়েক। সকলো ভুল ক্ষমা কৰি বুঢ়াই এদিন জী-জোঁৱাইক আদৰি ল’লে। তাতে বুঢ়াৰ কোলালৈ নাতিনীয়েক অহাৰ পিচত সকলো দুখ-বেদনা যেন ফাগুনৰ বতাহৰ ধূলিৰ দৰেই উৰি গুচি গ’ল। একেটা চুবুৰীতে জী-জোঁৱাইৰ ঘৰ, গৰু এৰাল দিবলৈ গৈ কেতিয়াবা ৰাতিপুৱাৰ চাহকাপ, যদি অলপ বেলি হ’ল একেলগে জলপানৰ বাতিটোৱো জীয়ৰীৰ ঘৰৰ চোতালত বহি খোৱাটো বুঢ়াৰ লাহে লাহে অভ্যাসৰ দৰেই হ’ল।
সেইদিনাও জীয়েকৰ হাতৰ চাহকাপ পৰম আমেজেৰে গলাধকৰন কৰি বুঢ়াই কাঠিৰ মূৰত হাত থকা বেতৰ চকীখনত বহি নাতিয়েকৰ আলেখলেখ চাই আছিল। এনেতে ঘটিল ঘটনাটো।
ঘটনাটো কোৱাৰ আগতে চতিমা গাৱঁৰ মানুহক চঞ্চল কৰি থৈ যোৱা, নিজম পৰি থকা এটা চুবুৰীক মুখৰ কৰি তোলা ৰূপকথাৰ দৰে কিছু কথা পাঠকে জানি লোৱাটো উচিত হ’ব। একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথ মানে নেচনেল হাইৱেটো চতিমা গাঁৱৰ তিৰোতাৰ চুলিত সেওতা ফলাদি ঠিক সোমাজেৰে ফালি গুচি গৈছে। পশ্চিমৰ ফালৰ পৰা আহি চতিমা গাঁৱৰ ডাঙৰ বটগছ এডালৰ তলেৰে পাক এটা ঘূৰি হাইৱেটো পূৱমুৱা হৈ যেন অসীম অনন্তলৈ গুচি গৈছে। ই কিমানদূৰ গৈছে, ক’লৈ গৈছে চতিমা গাঁৱৰ মানুহে নাজানে, জানে কেৱল বটগছডালৰ তলত কিবা অমংগলীয়া বস্তু এভাগ আছে, যাৰ কাৰণে পাঞ্জাৱ বডীৰ ফুল লোড কৰা ট্ৰাকবোৰ ঘেচেংকৈ তাত বাগৰি পৰে। আচলতে বটগছডালৰ ঠিক তলেৰে ধেনুভিৰীয়া ভাজটোত নিশ্চয় কিবা কাৰিকৰী ভুল আছিল, যাৰ কাৰণে প্ৰায়ে তাত দুৰ্ঘটনা সংঘটিত হৈছিল। সেই সময়ত হাইৱে আছিল ঠেক, অভাৰটেক কৰাৰ কাৰণেই হওক অথবা সন্মুখৰ পৰা হঠাত্ ওলাই দিয়া গাড়ীয়ে ড্ৰাইভাৰৰ চকু জলকতবক কৰাৰ কাৰণেই হওক, মূঠতে ট্ৰাকবোৰ প্ৰায়ে হাইৱেৰ কাষৰ দ পথাৰত চিটভোলোঙা খাই পৰি গৈছিল। আৰু এয়া হৈ পৰিছিল চতিমা গাঁওবাসীৰ কাৰণে সৌভাগ্যৰ এখন চকমকীয়া দুৱাৰ। পৰি যোৱা ট্ৰাকৰ ব’ডীত বজাই হৈ থকা বস্তু তলৰ পথাৰত সিচৰতি হৈ পৰিছিল। কোনে যে খবৰ এটা দিয়ে, মুহূৰ্ততে চতিমা গাঁৱৰ ডেকা-বুঢ়া, চেঙেলীয়া, আদহীয়া, গৰু এৰাল দিব যোৱা, ঘাঁহ কাটিব যোৱা, ৰাস্তাত মাৰ্বল খেলি থকা পিলিঙা সবে মিলি ভঠেলি উত্সৱৰ দৰে পথাৰত নামি কোৰ্হাল লগাই দিয়ে আৰু যিয়ে যিমান পাৰে, যেনেকৈ পাৰে ট্ৰাকৰ বস্তু উঠাই ঘৰলৈ লৰ ধৰে। এখন ফুল লোডিং ট্ৰাক খালী হ’বলৈ মাত্ৰ কেইটামান মিনিট লাগে। তাৰ পাছত বহু পলমকৈ পুলিচ আহে, বহু কিবা কাৰচাজি কৰি পৰি থকা ট্ৰাক উঠায়, চাবলৈ যোৱা চেঙেলীয়াৰ জাকটোক লাঠী লৈ খেদে। অৱশ্যে কেতিয়াবা গাঁৱৰ মানুহৰ ঘৰত সোমাই তালাচীও চলায়। কিন্তু গাঁৱৰ মানুহো জানো কম! পুলিচ যদি ডালে ডালে, চতিমা গাওঁ পাতে পাতে। চাউল, ডাইল, মালদহৰ আম, নাচিকৰ পিঁয়াজৰ পৰা কাপোৰ, পুতলা পিষ্টল কিহৰ যে গাড়ী নপৰে তাত। পথাৰৰ নাৰ কাটি থকা লৰাই হাইৱেৰে গৈ থকা গাড়ীবোৰৰ ফালে চায় চিঞৰে ‘পৰ পৰ পৰ পৰ’। আৰু মাহেকে-পষেকে ল’ৰাবোৰৰ কথামতে এখন হ’লেও ট্ৰাক নপৰাকৈ নাথাকে।
এই হাইৱেটো মহেন্দ্ৰ বুঢ়াৰ জীয়েকৰ বাৰীৰ পিছতে। ট্ৰাক এখন বাগৰি পৰাৰ পিচত শগুনৰ দৰে ঘেৰি ধৰা ভীৰটোত আজিলৈ চামিল হৈ নোপোৱা মানুহ চতিমা গাঁৱত এজনেই আছে, সেয়া মহেন্দ্ৰ পাঠক। মহেন্দ্ৰ বুঢ়াই ট্ৰাক বাগৰা কথাটোত সুখী হোৱা দূৰৰ কথা, কোনোবাই আনি হাতত তুলি দিলেও চুই নুচুৱা মানুহ। এইবোৰ অন্যায়ৰ ধন, পাপৰ বস্তু। জীৱনত মহেন্দ্ৰ বুঢ়াই আনৰ সম্পত্তিলৈ চকু দি পোৱা নাই। ঈশ্বৰৰ কৃপাত একোৰে অভাৱ নাই। কিন্তু সেইদিনা তেওঁৰ প্ৰকৃতি লৰিল। কিবা কুক্ষণত তেওঁৰ মাজত সেইদিনা শনি আহি সোমাল। বৰজীয়ৰী সুমিত্ৰাই তেওঁৰ মনত শনি হৈ পৰিল।
ৰ’দচেৰেঙা লৈ জীয়েকৰ চোতালত বহি থাকোঁতেই কোনোবাই চিঞৰা যেন শুনিলে ‘পৰিল’। লগেলগে চুবুৰীটোৰ বাটত, ঘৰত, বাৰীত এটা কোলাহল ভৰি পৰিল। কোলাহল আহি সুমিত্ৰাৰ চোতাল নৌপাওঁতেই সৰুধনে পিঠিত এটা চাৰিচুকীয়া কাঠৰ বাকচ লৈ কোবাকুবিকৈ মহেন্দ্ৰ বুঢ়াৰ সন্মুখেৰে পাৰ হৈ গ’ল। পিছফালৰ কাম কৰি সুমিত্ৰা আজৰি হোৱাই নাছিল। উধাতু খাই চোতাললৈ দৌৰি আহিল, ‘পিতা, চাহপাতৰ গাড়ী পৰিছে আজি’। সৰুধনৰ পিঠিত তাৰমানে সেইটো চাহপাতৰ বাকচ! চাওঁতে সুমিত্ৰাহঁতৰ চোতালেৰে এটা দুটাকৈ কেইবাটাও মুনিহে কেকোজেকোকৈ চাহপাতৰ বাকচ লৈ কুকুৰলৰ দিয়াদি লৰি গুচি গ’ল। মহেন্দ্ৰ বুঢ়াই প্ৰমাদ গনিলে। কি কৰিব তেওঁ? ঘৰৰ পিছফালৰ হাইৱেৰ দাঁতিৰ কোৰ্হালটো ইতিমধ্যে বাঢ়ি আহিছে।
: পিতা চাহপাতৰ গাড়ী, গাঁৱৰ সোপাই চাহপাত নি শেষ কৰিলে আজি।
মহেন্দ্ৰ বুঢ়া এইবাৰ থিয় হ’ল।
: পিতাই এৱোঁ নাই, থাকিলে দুটা বাকচ এওঁ ননাকৈ নাথাকিলে হয়।
মহেন্দ্ৰ বুঢ়াই চোতালতে পায়চাৰি কৰিলে। তেওঁৰ গোসাঁইঘৰৰ থাপনাখনলৈ মনত পৰিল।
: খুড়া কি চিন্তা কৰি আছে, লৈ আহক এটা বাকচ।
সৰুধনে এইবাৰ আকৌ এটা বাকচ কেকোজেকোকৈ দাঙি আনিছে। কি কৰিব বুঢ়াই! মনে নকয় এনে পাপ কাম কৰিবলৈ! কিন্তু সেয়া বাৰীৰ বাঁহকেইজোপা পাৰ হৈয়েই সেইখন গাড়ী বাগৰি পৰি আছে। চাহপাতৰ বাকচবোৰ কিজানি দম হৈ পৰি আছে। গোটেই গাঁৱৰ মানুহ উবুৰি খাই পৰাৰ আগত তেৱোঁ গৈ লৈ আহিব নেকি এবাকচ! চাহপাতৰ যিহে দাম, এবাকচ চাহত কিমান কেজিকৈ আছেবা! পুতেক বিনন্দই টাউনৰ দোকানত দি ভাল পইছা কেইটামান পাব। নাপালেও অন্তত ছমাহদিন বুঢ়াই চাহ খাবলৈ চাহপাতৰ চিন্তা কৰিব নালাগে। যাব জানো!
: পিতাই লৈ আহ এবাকচ, একো নহয় যা, গাঁৱৰ মানুহবোৰ ইমানদিনে পাপত মৰি গৈছে নে কিবা। সৌ সিদিনা কমলা টেঙাৰ চাৰিটা খাং আনিছে ধৰণী মাষ্টৰৰ পুতেকে, টকা দুহাজাৰ গনি গনি লৈছে হেনো বেপাৰীৰ পৰা।
মহেন্দ্ৰ বুঢ়াৰ মনটো চঞ্চল হৈ পৰিল। এখোজ-দুখোজকৈ তেও হাইৱেৰ দাঁতি পালে। মেলা মুখ মেলাই আছে ট্ৰাকৰ ব’ডীটো। এঢলীয়া পাহাৰ এখনৰ দৰে থিয় হৈ আছে চাহপাতৰ বাকচবোৰ। গোটেই গাঁও এতিয়াও আহি পোৱা নাই। সৰুধনহঁতৰ দৰে পথাৰত গৰু এৰাল দিব অহা দুই-চাৰিজনৰ উত্পাততহে পাহাৰখনৰ এবখলা এবখলা এৰি আহিব ধৰিছে। ক্ষণিকৰ বাবে মহেন্দ্ৰ বুঢ়াৰ মনৰপৰা গোসাইঘৰৰ থাপনাখন অদৃশ্য হৈ গ’ল। ধৰ্মচিন্তা তেওঁৰ সমুলঞ্চে নাশ হ’ল। ধূতিখন গোৰোহাৰ ওচৰৰ পৰা দাঙি আঁঠুৰ ওপৰত গাঠি এটা মাৰি ললে। তাৰ পাছত তেওঁ পাহাৰখনৰ ওচৰলৈ কাষ চাপি গ’ল। যেন তেওঁক কোনোবাই যাদু কৰি মোহিনী ৰূপেৰে ভেল্কি লগাই দিলে। বাকচকেইটাৰ বেচ ওজন। দাঁতকেইটা কৰচি মহেন্দ্ৰ বুঢ়াই এইবাৰ এটা বাকচ কান্ধত উঠাই ল’লে। তাৰ পাচত তেওঁ সো-সোৱাই সুমিত্ৰাহঁতৰ বাহনিদৰা পাৰ হৈ ঘৰৰ পিছফালৰ কাঠিখনতে সেইটো ধুপ্কৈ পেলাই দিলে। সুমিত্ৰাই থৈলাৰ বস্তা এটা তাৰ ওপৰত ঢাকি দিলে। মহেন্দ্ৰ বুঢ়াই যেন হিতাহিত জ্ঞান হেৰুৱাই পেলালে। এইবাৰ তেওঁ দৌৰি যোৱাদি গৈ আৰু এটা বাকচ কান্ধত তুলি ললে। তাৰ পাছত আৰু এটা। চাৰি নং বাকচটো কান্ধত তুলি লওঁতে মহেন্দ্ৰ বুঢ়াৰ গাত যেন তীৰকপে কঁপনি উঠিল। তেওঁ ধৰিবই পৰা নাছিল কেতিয়া খাকী পোছাক পিন্ধা পুলিচে তেওঁক ঘেৰি ধৰিলে। বুঢ়াৰ চাৰিওফালে তেতিয়া পুলিচ, কান্ধত চাহপাতৰ বাকচটো লৈ মহেন্দ্ৰ বুঢ়া। বুঢ়াই এইবাৰ কাওমাও কৰি উঠিল। কিন্তু বুঢ়াৰ কথা শুনিবলৈ খাকী বাহিনীৰ কাৰো সময় নাই। হুইছেল বজাই ইতিমধ্যে শগুনজাকক ছত্ৰভংগ দিয়াইছে। ফৰিং ছিটিকা দিছে গাঁৱৰ পিলিঙাহত। তাৰমাজত দুই-চাৰিটা খাকী বাহিনীৰ হাতত বন্দী হৈ পৰিছে, সেইটো বুঢ়াই গম পালে তেতিয়া, যেতিয়া বুঢ়াক পুলিচৰ গাড়ী এখনত জোৰজৱৰদস্তি জবৰজং পুলিচকেইটাই উঠাই দিলে। তাৰ পাছত আৰু মহেন্দ্ৰ বুঢ়াৰ একো মনত নাই। কেৱল থানাৰ সন্মুখত গাড়ীখন ৰওঁতে মহেন্দ্ৰ বুঢ়াৰ বুকুৰ অন্তঃস্থলৰ পৰা এটাই প্ৰাৰ্থনা ওলাই আহিল, ‘হে প্ৰভু মোক মাৰি নিয়া’।
কিন্তু সেইদিনা স্বয়ং ঈশ্বৰো মহেন্দ্ৰ বুঢ়াৰ পক্ষত নাছিল। এইটো জীৱনত গাঁৱৰ নামঘৰত নাম লগোৱা পাঠক, শাস্ত্ৰপুথিখন কাষলতিৰ তলত লৈ সকামে-নিকামে সভক্তিৰে আগবঢ়া মহেন্দ্ৰ বুঢ়াই যে এই থানাৰ মজিয়া গচকিব লগা হব, সেইটো কথা সপোনৰো অগোচৰ আছিল। মহেন্দ্ৰ বুঢ়াক লৈ কেইবাজনো খাকী পোছাকীয়ে ফিচিঙা-ফিচিঙি আৰম্ভ কৰিছিল। পিলিঙাকেইটাৰ পিঠিত দুই-এচাপৰ পৰিছিল যদিও বুঢ়াক লৈ কেৱল ইয়াৰ্কিহে মাৰিছিল পুলিচকেইটাই। গোটেই দিনটো মহেন্দ্ৰ বুঢ়া থানাৰ ভিতৰৰ বেঞ্চখনতে বহি থাকিল। আবেলিলৈ বুঢ়াৰ পুতেক, বোৱাৰী মালতীকে ধৰি দুই-চাৰিজন অঙহীবঙহী থানাত গোট খালে, আটায়ে টাউন দাৰোগাক কাওমাও কৰিবলৈ ধৰিলে, অন্ততঃ বুঢ়াক যাবলৈ দিয়ক। কিন্তু থানাৰ অ.চি নহাকৈ কোন সতেনো যাবলৈ দিয়ে দাৰোগাই, সেইটো এক্টিয়াৰ তেওঁলোকৰ হাতত নাই। অৱশেষত বুঢ়া গোটেই ৰাতি লকআপতে থাকিব লগা হ’ল। পিছদিনা ৰাতিপুৱাই অ.চি থানা সোমোৱাৰ লগে-লগে বুঢ়াৰ পুতেক আৰু বোৱাৰীয়ে অ.চি চাহাবৰ সন্মুখত তলমূৰকৈ থিয় হ’ল। কথা কওঁতে বোৱাৰীয়েকৰ মাত থোকাথুকি হ’ল, চাদৰৰ আচলটো চকুপানীৰে ভিজি গ’ল। অ.চিয়ে আৰু দেৰি নকৰিলে, দেখাত ক্ৰুঢ় যেন লাগিলেও তেও আচলতে ভিতৰি কোমল মনৰ মানুহ। তেও লগে-লগে কি লিখা-লিখি কৰিব লাগে সেইখিনি কৰি বুঢ়াক উলিয়াই আনিলে। দুঠাইত দুটা চহী কৰাই ল’লে আৰু ক’লে—আপুনি মোৰ দেউতাৰ বয়সৰ মানুহ, এনে কাম নকৰিব আৰু। দুৱাৰমুখলৈ অ.চি নিজে আগবাঢ়ি আহিল, হঠাত্ কোনেও একো তলকিবই নোৱাৰিলে, মহেন্দ্ৰ বুঢ়াই হাওহাওকৈ কান্দি ডেকা অ.চিজনৰ ভৰিত খামোচ মাৰি ধৰিলে—মই আৰু গাঁৱত নাযাওঁ অ.চিবোপা, মোক তই ইয়াতে সোমাই থৈ দে, মই আৰু নাযাওঁ।
‘কি কৰে, কি কৰে, নাপায় নাপায়’ বুলি অ.চিয়ে বুঢ়াক থাপ মাৰি ধৰিলে, পুতেক-বোৱাৰীয়েকেও বুঢ়াক সাৱত মাৰি ধৰিলে।
অৱশেষত বুঢ়া ঘৰলৈ আহিল। বাহৰ শলখাডাল খুলি চোতালত থকা গোসাঁইঘৰটোলৈ চাই বুঢ়াই ভালেখিনি পৰ বিৰবিৰকৈ কিবা ঘোষাপদ দুফাকিমান গালে। তাৰ পাছত গা-মূৰ তিয়াই বাৰাণ্ডাৰ চকীখনতে বহিল। মালতীয়ে থকথকীয়াকৈ গাখীৰতে চাহপাত এসোপা দি চাহ এগিলাচ আনি বুঢ়াক যাচিলে। বুঢ়া হুৰহুৰাই উঠিল—খবৰদাৰ বোৱাৰী, মোক আৰু আজিৰ পৰা চাহ নাযাচিবি।
মালতী কঁপি উঠিল, তাই ভালকৈ জানে বুঢ়াৰ কথা শিলৰ ৰেখা। ঘৰৰ ভেটি এহাত তললৈ বহি যাব পাৰে, বুঢ়াৰ কথা লৰচৰ হ’ব নোৱাৰে। তাৰে দুদিন পাছত গাঁৱৰে ৰতনে তাৰ বাপেকৰ বছৰেকীয়া সকামৰ বাবে নাম লগোৱা পাতিলে। মহেন্দ্ৰ বুঢ়াক নিমন্ত্ৰণ দিবলৈ আহিল। বুঢ়াই সকলো শুনি ধীৰে-সুস্থিৰে কলে—বোপাই তহঁতে গাঁৱত নতুন পাঠক এজন উলিয়া, মই আৰু নোৱাৰোঁ।
এইবাৰ মালতী হুৰহুৰাই উঠিল—এইটো কেনেকৈ হ’ব পিতাই, গাঁৱত আপুনি থাকোঁতে আৰু কোনে নাম লগাব যাব!
কিন্তু বুঢ়া অলৰ অচৰ। বুঢ়াই আৰু নাম লগাব নাযায়।
: এইখন গাঁৱত কিমানে কি কৰি জেইল খাটি আহিছে। দুই নম্বৰী কৰি কিমান মানুহ ধনী হৈছে। আৰু আপুনি এই সামান্য কথাটোতে মন ভাঙি দিলে নহব নহয়।—মালতীয়ে অলপ কাঢ়াকৈয়ে কয়, কিন্তু হাজাৰ বুজনিয়েও মহেন্দ্ৰ বুঢ়াক টলাব নোৱাৰিলে। নাম লগাবলৈ কোনোবা মাতিবলৈ আহিলেই বুঢ়া মনে মনে বহি থাকে। হাতৰ সিয়াৰেৰে কেৱল বুজাই দিয়ে যে ‘মই আৰু নাযাওঁ’। বুঢ়াৰ আটাইতকৈ প্ৰিয় বস্তু দুটা, গাখীৰ দিয়া চাহকাপ আৰু নামৰ দলটো ক্ৰমে বুঢ়াৰ পৰা দূৰলৈ গুচি গ’ল। আৰু এদিন চতিমা গাঁওবাসীয়ে বৰ দুখ লগাকৈ আৱিষ্কাৰ কৰিলে যে বুঢ়াৰ মুখৰ হাঁহিটোৱেও বুঢ়াক এৰি চিৰদিনলৈ গুচি গৈছে।
বহু বছৰ পাৰ হৈ গ’ল। চতিমা গাঁৱৰ মাজেৰে যোৱা হাইৱেৰ ভাজটোত এতিয়া আৰু গাড়ী নপৰে। হাইৱেটো ফৰলেন হ’ল। পথাৰত নাৰ কাটিব যোৱা ল’ৰাহঁতো ডাঙৰ হল। গৰু-গাই কমি আহিল, গাৱখনলৈ বহুত নতুন নতুন মানুহ আহিল, খাল ডোং পুতি ওখ ওখ ঘৰ হল। মহেন্দ্ৰ বুঢ়াৰো কঁকাল পৰিল। লাহে লাহে মহেন্দ্ৰ বুঢ়াক গাঁৱৰ সকাম-নিকামত নিবিচৰা হ’ল। ‘মহেন্দ্ৰ বুঢ়াৰ পিছত গাঁৱত নাম লগোৱা পাঠক এজন নোলাল’ বুলি বুঢ়া-মেথা দুই-এজনে কেতিয়াবা হুমুনিয়াহ কাঢ়ে, তাৰ বাহিৰে পাঠক মহেন্দ্ৰ বুঢ়া পাহৰণিৰ অটল তলিলৈ যেন সোমাই গৈ থাকিল।
কিন্তু এদিন বুঢ়াই নাম লগালে। সেই দিনটো চতিমা গাঁৱে আজিও পাহৰা নাই।
বুঢ়াৰ ঘৰৰ চোতালৰ দাঁতিৰে বলোহঁতৰ ঘৰলোৱা নাম। মাজত এখন বাহৰ বেৰ, সিপাৰে চোতালত চন্দ্ৰাতপ তৰিছে, তলত নাম বহিছে। চোতালত গাঁৱৰ ডেকা-বুঢ়া, জিয়াৰী-বোৱাৰী ভৰি পৰিছে। দুৰণিবতীয়া কলিতাকুছি গাঁৱৰ বিখ্যাত নামদল এটা আহিছে। ডাকা-ঘোষা শেষ কৰি কম বয়সৰ পাঠকজনাই শ্ৰীকৃষ্ণৰ কালযবন বধ নামভাগ জুৰিছে। মহেন্দ্ৰ বুঢ়াই সেইদিনা এবাৰ চোতাল, এবাৰ ঘৰ কৰি আছে। মালতীয়ে শুবলৈ বিছনাপাতি কেতিয়াবাই ঠিক কৰি থৈছে। কিন্তু বুঢ়াৰ চকুত টোপনি নাই। মালতীয়ে মাত দিলে— পিতাই ইমান মন গৈছে যদি যাওক, নামতে এবাৰ বহি আহকগৈ।
তাৰ পাছতো বুঢ়াই পায়চাৰি কৰি থকা দেখি বুঢ়াক এৰি মালতীয়ে নাম চাবলৈ গুচি গল। বুঢ়াই বাৰাণ্ডাৰ কাঠৰ চকীখনতে বহিল এইবাৰ। সেইফালে নামৰ ৰস তুংগত উঠিছে। বৰ সুন্দৰকৈ ডেকা পাঠকজনাই কালযৱন বধৰ নামটো শেষ কৰিলে। তাৰপিচত চাহ পৰ্ব চলিল। লুচি আৰু লালমোহন দিছে বোধহয়। ডালদাত ভজা লুচিৰ গোন্ধ বুঢ়াৰ নাকত লাগিল।
নাম শেষ হ’বৰ হ’ল, এইবাৰ অপৰাধ দিয়াৰ পাল। নামঘোষাৰ অপৰাধ পদকেইফাকি আৰু তাৰপিচত খৰগতিৰে গৈ নাম শেষ। শেষবাৰৰ বাবে ডেকা পাঠকজনে ভোৰতালযোৰ হাতত তুলি লৈছে। গোলাকাৰ হৈ পালিসকলো সাজু, নাগোৰা দুজনেও বহি লৈছে। ঘপকৈ মহেন্দ্ৰ বুঢ়া থিয় হ’ল। বলোহঁতৰ পদূলিৰে ঘূৰি আহিবলৈও বুঢ়াৰ যেন ধৈৰ্য্য নাইকিয়া হৈ গ’ল। বুঢ়া প্ৰায় জাঁপ মাৰি যোৱাদি চোতালৰ আগৰ বাহঁৰ জেওৰাখন হাতেৰে কাষৰ কৰি দি ‘অপৰাধটো আজি ময়ে দিওঁ ৰ’ বুলি বলোহঁতৰ চোতালত গৈ থিয় হ’ল।
চতিমা গাঁৱৰ আকাশ-বতাহ যেন ক্ষণিকৰ বাবে স্তব্ধ হৈ গ’ল। মুহূৰ্তৰ কাৰণে নামৰ দলটো আৰু চোতাল ভৰ্তি নাম চাবলৈ অহা মানুহ যেন থৰ লাগি গল। কেৱল বলোৰ দেউতাকৰ মাতটো সকলোৱে শুনিব পালে, “আহ আহা পাঠক, আমাৰ আজি কি সৌভাগ্য যে তুমি নামত বহিব খুজিছা।”
শুধ বগা গেঞ্জীটোৰে সোমাই অহা মহেন্দ্ৰ বুঢ়াক বলোৰ দেউতাকে গলৰ গামোছাখন আথেবেথে পিন্ধাই দি বুঢ়াক নামৰ মাজত বহুৱাই দিলে। সোলা মুখখনেৰে হাঁহি এটা মাৰি (নে সেয়া কান্দোন! ) মহেন্দ্ৰ বুঢ়া নামৰ মাজত বহিল। কোনোবাই হাতত ভোৰতালযোৰ তুলি দিলে আৰু বুঢ়াই সাতামপুৰুষীয়া ভোৰতালযোৰৰ দৰে ৰজনজনোৱা মাতটোৰে জুৰি দিলে—মই দুৰাচাৰ কেৱলে তোমাৰ, অ অপৰাধী নাৰায়ণ হে।
গোটেই চতিমা গাঁৱে যেন বুঢ়াক সংগ দিবলৈ আগবাঢ়ি আহিল। যিয়ে য’তে আছে আগুৱাই আহি সমস্বৰে জুৰিলে—
‘মই দুৰাচাৰ কেৱলে তোমাৰ।’
‘ক্ষমিয়োক হৰি লৈয়ো দাস কৰি..’
‘অপৰাধী জীৱ অপৰাধ কৰিছো অপৰাধৰ সীমা নাইহে..’
গোটেই গাঁৱে বুঢ়াৰ লগেলগে ধৰি গ’ল। পাচঁযোৰ ভোৰতাল, দুটা নাগাৰা আৰু একচোতাল মানুহৰ চাপৰিৰ শব্দই চতিমা গাঁৱৰ আকাশ বতাহ কঁপাই তুলিলে। খৰঘাটা আৰম্ভ হ’ল, মহেন্দ্ৰ বুঢ়াৰ অপৰাধ ঘোষা যেন আজি শেষেই নহব। ইয়াৰ মাজতে কোনোবাই চিঞৰিলে—ঐ পাঠকক ধৰ ধৰ, পাঠকৰ কিবা এটা হৈছে।
এৰা, খৰ চাপৰিৰ মাজতে হাতত ভোৰতাল লৈয়ে পাঠক ঢলি পৰিছে। কোনোবাই চিঞৰিছে—পানী আন পানী আন, পাঠকৰ কিবা এটা হৈছে।
নাম শেষ হ’ল। কিন্তু পানী এচলু খাবলৈ পাঠক আৰু জীয়াই থকা নাছিল। শেষবাৰৰ বাবে নিজৰ সন্মান ৰাখি পাঠকে কোনোবা অদৃশ্য নাৰায়ণৰ ওচৰলৈ ক্ষমা বিচাৰি গুচি গৈছিল।
