মদনৰ চিঠি — নিখিল ফ্লুট শৰ্মা

(১)

ডেকা কালত মদনৰ এটি অতি বিখ্যাত কিন্তু অখ্যাত কাহিনীয়ে গোটেই জিলা “তপত খোলাত দিয়া কুমলীয়া কেকোঁৰাৰ সুগন্ধ দৰে” বিয়পি আমোলমোলাই আছিল ৷ মদনৰ বহুকেইজনী প্ৰেমিকাৰ ভিতৰত এজনী আছিল চম্পাৱতী ৷ মৎসগন্ধাৰ গাৰ গোন্ধ হেনো মাছৰ দৰে ৷ চম্পাৱতীৰ বা কেনেকুৱা ? নাজানো ৷ মদনে জানিব পাৰে ! মদনে ঘোঁৰাবন্ধাৰ দৌলৰ আগে আগে চম্পাৱতীক চিঠি লিখিলে
মৰমৰ চম্পা ৷ তোকলেগি মোৰ বেজাই মৰম ৷ তোৰ মৰমতে মই বাংলাগৰ বাজাৰোৰ পে গোন্ধ চামন দুই খুতুৰা, বেলাতী তেল দুই চিচা আৰু ৫০ পইচা দি ৰাতি পেচাপ কৰবা চৰিয়া এটা আনছু ৷ তোক ঘোৰাবান্ধাৰ দেউলৰ দিনা পলেই নিম চক্ৰ কাকাই কৈচি দিনতো ভাল ৷ তই খালি মোক লেগিহে জন্ম হৈছা ৷ তোক লেগি মনত পৰ্লি মোৰ বুকত বৰাৰ ঘৰৰ ৰেডিয় বাজেই ৷ কাকো নকবি ৷ দেউলৰ দিনা ৰাতি ভাউৰীয়া চাবা আহওঁতে তোক পলেই নিম। নিতেই কাক চাইকেল খান খুজচ্ছো। সি দিবো ৷ তোন্থৰ বাটত বেল বজম তই ওলেই আইহবি ৷ ননৈৰ মাথাউৰদি যায় আমি দিপীলা হৈ বাইৰ তাক যাম ৷ তই নৰো বুলি নকবি।
শেষত
তোৰ হবা লাগা পৈয়াক৷

(২)

মদনৰ সেই বিখ্যাত চিঠিখনৰ পাঠোদ্ধাৰ কৰা মহাপুৰুষ জনৰ বিষয়ে কোনো তথ্য নাই ৷ মদনৰ হাতৰ আখৰ কোনো দুৰ্বোধ্য ভাষাৰ শিলালিপিতকৈ কম নহয়। এই লিখনিৰ পাঠোদ্ধাৰ কৰা মহান বিদ্বানৰ বিষয়ে আৰু মদনৰ সেই বিখ্যাত চিঠিখন মহাফেজ খানাত সংৰক্ষণ নোহোৱাটো দৰংৰ দুৰ্ভাগ্য ৷
চিঠিখন গৰুৰ শিংত বান্ধি চম্পাক দিয়াৰ ব্যৱস্থা কৰা হ’ল। গধুলি গৰু অহাৰ পাছত সচৰাচৰ চম্পায়ে দানা পানী দি বান্ধি থয় ৷ গতিকে “চিন্তাৰ নাহিকে কাৰণ” ৷
দেউলৰ দিনা সন্ধিয়া মদন পুৰ্বতে জাননী দি থোৱা বাবে চম্পাৰ বাটত চাইকেলৰ বেল বজালে ৷ মদনৰ গাত বজৰুৱা নাইলনৰ ভমকাফুলীয়া চোলা ৷ বল বটম পেন্ট ৷ টায়াৰৰ ফানটি ৷ হাতৰ সৰু গাঠিত ৰঙা ৰুমাল ৷ মুঠতে ৰাজেশ খান্নাৰ দৰঙীয়া সংস্কৰণ ৷ চাইকেলৰ টিলিঙা শুনি চম্পা ওলাই আহিল ৷ এৰীয়া এখন গায়ে মুৰে ৷ লাজুকী কিন্তু খৰধৰ খোজ ৷ ভৰিৰ জুনুকা আৰু মদনৰ হিয়া জুনুক জুনুক বাজে ৷ চম্পা লাহেকৈ চাইকেলৰ কেৰিয়াৰত বহিল ৷ এটা মৃদু কম্পনে চাইকেল খনৰ লগতে মদনৰ হিয়াওঁ জোকাৰি গ’ল ৷ “আহে সামাজিক লোক ঐচন প্ৰকাৰে চম্পা, মদনৰ চাইকেলে উপবিষ্ট ভৈল” ৷ তাওঁ ঘিনা খিতা খিত ৰিগ্ৰেইন ঠাট দাওঁ দাওঁ ৷ ভাওঁনা থলীৰ বায়নৰ বৰধেমালীৰ চেওঁত মদনে তীব্ৰ গতিত চাইকেল দৌৰালে ৷ লক্ষ্য ননৈৰ মথাউৰি ৷ তাৰপৰা দিপীলা হৈ নামখলাইদি টংলাৰ বায়েকৰ ঘৰ ৷

(৩)

বৰধেমালীৰ চেওঁত মদনৰ চাইকেল আগবাঢ়িল ৷ কুলিৰ মাতত মদনৰ গতি আৰু তীব্ৰ হ’ল ৷ মথাউৰিত চাইকেল উঠাব লওঁতেই অঘটন ঘটিল ৷ তামোল বেপাৰীৰ চাইকেলে অপেস্বৰীৰ মোল কি বুজিব ৷ পচাঁ তামোল টানি টানি ক’লা হোৱা চাইকেলে ইমান সুখ সহ্য কৰিব নোৱাৰিলে ৷ মৎসগন্ধাই মাছৰ গোন্ধ নহ’লে টোপনি মাৰিব নোৱাৰে হেনো ৷ চাইকেলৰো একেই গতি ৷ চুনু(snow) পাউডাৰৰ গোন্ধ হয়তো বেটাৰ সহ্য নহ’ল ৷ মথাউৰিত চম্পাক নমাব নোৱাৰি ৷ একে বেগতে চাইকেল উঠাব লাগিব ৷ চাইকেলৰ পেদেলত ভৰি থৈ মদনে ছীটটোত পৰা সামান্য উঠি সৰ্বশক্তিৰে পেদেল মাৰোত খেৰৎ খেৰ্ক আদি সুৰীয়া শব্দ কৰি চেইন ডাল চিঙি পৰিল ৷ লগে লগে মদন আৰু চাইকেল মথাউৰিৰ ওপৰত আৰু চম্পা তলৰ পথাৰত ৷ দুয়োটাৰে মৰণ কাতৰ চিঞৰত কাষৰ ঘৰৰ কেৰকণ চাকিটো লৈ ওলাই আহিল ৷ ইতিমধ্যে মদন আহি পথাৰত পৰা চম্পাক ৰাস্তাত তুলিছিল আনি ৷ চাকিৰ পোহৰত মদনে চম্পাক আৰু চম্পাই মদনক দেখি বিকট চিঞৰ লগালে ৷ কেৰকণে একো বুজিব নোৱাৰি থিয় দি থাকিল ৷
চম্পাৰ সলনি বায়েক ৰম্ভা কেনেকৈ আহিল আৰু ৰত্নেইৰ সলনি মদন ক’ৰ পৰা আহিল এজনেওঁ নুবুজিলে ৷ তেনেতে ভীমৰ ৰক্তপাণ পালাৰ পৰা দ্ৰৌপদীৰ বিলাপ ভাহি আহিল ৷”কৈত গ’লা স্বামী মোৰ ” ৷ লগতে ৰম্ভাৰো ৷
ঘটনাৰ গুৰুত্ব বুজি কেৰকণে আৰু দুজনক মাতি ঘৰৰ ল’ৰা ছোৱালী ঘৰে ঘৰে বিলাই দিলে ৷
পাছদিনা পুৱাই মেল বহিল ৷ ৰাইজে এই দুৰ্ঘটনাৰ অনুসন্ধানৰ কাৰণে প্ৰাক্তণ নামজ্বলা প্ৰেমিক টুপিধৰ নেতৃত্বত তিনিজনীয়া কমিটি গঠন কৰি দিলে ৷
কাহিনীটোৰ নেজডালঃ কমিটিৰ প্ৰতিবেদন মতে গৰুৰ শিংৰ চিঠি চম্পাৰ ঘৰ পোৱাই নাছিল ৷ বহাগৰ উদঙীয়া ভটৰা গৰুই কৰবাত যুজি থাকোতে মদনৰ সপোনৰ সংসাৰৰ সঁচাৰ কাঠি কৰবাত পৰি ৰ’ল। ৰত্নেইয়ে আগদিনাই ৰম্ভাক পলুৱাই নিয়াৰ বাবে কথা পাতি ঠিক কৰি থৈছিল ৷ গতিকে অঘটনটো ঘটিল। ৰম্ভাক ৰত্নেইৰ লগত বিয়া দিয়াৰ আৰু চম্পাক মদনৰ লগত বিয়াৰ প্ৰস্তাৱেৰে তদন্ত কমিটিৰ প্ৰতিবেদনৰ সামৰনি পৰিল ৷ পিছে সিদিনা ৰাতিয়েই চম্পা চম্পাৰামলৈ পলাই গৈ চমচম্পা হ’লগৈ ৷ মদনো পুনৰ নতুন প্ৰেমিকাৰ সন্ধানত দুগুন উৎসাহেৰে জপিয়াই পৰিল ৷ তাৰ মতে সি এটা অভিজ্ঞতা পালে ৷ গতিকে অহাবাৰ ভুল নহয় ৷
পুনশ্চঃ মদনৰ কাহিনী আৰু বহুত আছে ৷ সময় সুবিধা মিলাই জনাম বাৰু ৷
( বৰ্ষীয়ান গল্পকাৰ এজনৰ অনুমতি সাপেক্ষে অকব ত দিলো ৷ তেখেতৰ লিখাৰ ষ্টাইলটো ছপা মাধ্যমৰ পঢ়ুৱৈ সকলৰ পৰিচিত ৷ মুলতঃ ৰস ৰচনা আৰু Suspens থকা গল্পৰ বাবে তেওঁক ৰাইজে জানে ৷ ছদ্মনামত লিখা মানুহজনৰ গল্পটো পঢ়ক ) ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!