সাক্ষাৎকাৰ

অসমীয়া ছবিজগতৰ এক নক্ষত্ৰস্বৰূপ নিপন গোস্বামীৰ সৈতে সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গ: অসমীয়া চিনেমাৰ ইতিহাসত আপোনাৰ স্থিতি এক নক্ষত্ৰস্বৰূপ। শৈশৱত আপুনি এই জগতখনলৈ অহাৰ সপোন দেখিছিলনে?
নিপন গোস্বামী: আচলতে প্ৰথম প্ৰশ্নৰ প্ৰথম শাৰীৰ প্ৰশ্নৰ উত্তৰ দিছোঁ যে মই কোনো নক্ষত্ৰ নহয়। এতিয়াও শিকিহে আছোঁ। শিকাৰ কোনো শেষ নাই। আমি শিকিয়েই আছোঁ। গতিকে নক্ষত্ৰ নহয়। ইয়াত ওতপ্ৰোতভাবে জড়িত হৈ আছোঁ। সাত-আঠ বছৰ বয়সৰপৰা মানে ১৯৫৭ চনত মই ‘পিয়লি ফুকন’ৰ যোগেদি ছবিত ভূমুকি মাৰিছিলোঁ। তাৰ পিছত মই professionally জড়িত হওঁ‌ ‘সংগ্ৰাম’ চিনেমাখনৰ যোগেদি- প্ৰয়াত অমৰ পাঠকৰ ছবি। সেই যে আৰম্ভ হ’ল একাদিক্ৰমে মই তৃতীয়খন ছবি ‘ড° বেজবৰুৱা’ কৰিলোঁ। সেইখনৰ পিছত ইমান চিনেমা কৰিলোঁ যে মোৰ হিচাপেই নোহোৱা হ’ল। মানুহে খুব ভাল পালে, গ্ৰহণ কৰিলে। সেইখিনিকে লৈ মই এতিয়ালৈকে কাম কৰি আছোঁ। এয়া মই পঞ্চমখন ছবি পৰিচালনা কৰি আছোঁ। ডক্তৰ বেজবৰুৱা বুলি ব্ৰজেন বৰুৱাৰ এখন ছবিত মই ৰোমাণ্টিক লীড কৰিছিলোঁ। ছুপাৰ-দুপাৰ হিট ছবি আছিল আৰু সেইখনে অসমীয়া ছবিজগতৰ গোটেই পৰিৱেশটো সলনি কৰিলে। আৰু তেতিয়া এই কাৰণে সলনি কৰিলে কিয়নো ব্ৰজেন বৰুৱা একমাত্ৰ পৰিচালক আছিল, যিয়ে মানুহৰ ঘৰত শ্বুটিং কৰিছিল, কোনো ষ্টুডিঅ’লৈ যাব নালাগিছিল। আৰু আমাৰ থলুৱা কলা-কৃষ্টিৰ যিখিনি স্থানীয় শিল্পী আছিল, কাৰিকৰী দিশত যিখিনি জড়িত আছিল সেইখিনিক শিকাই বুজাই এটা গোট তৈয়াৰ কৰিছিল। আপুনি শুনিলে আচৰিত হ’ব যে আমি যিটো কেমেৰাৰে ফটোগ্ৰাফী কৰোঁ সেই কেমেৰাটোত যিবিলাক লাইট লগাইছিল সেই লাইটবিলাক ডাল্ডা টিং যে আছে, ডাল্ডা বনস্পতিৰ টিং; সেই ডাল্ডা টিং কাটি তাত লেন্স লগাই লাইট কৰিছিল। যিবিলাক ডাইলগ আমি কওঁ— সেইবোৰ সাধাৰণ এটা টেপ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰিছিল। আমি দৌৰোঁতে এটি ষ্টপ ৱাট্‌চ থাকে যে যিটোৰ ব্যৱহাৰেৰে কিমান সময় লাগে জানিব পাৰি; সেইটো ব্যৱহাৰ কৰি সময়টো বান্ধি দিছিল। সেই সময়ৰ ভিতৰত আমি ডাইলগ ক’ব লগা হৈছিল। গতিকে সেইবোৰ ব্ৰজেন বৰুৱাৰ অবদান। আৰু সেই ব্ৰজেন বৰুৱাৰ পিছত অসমীয়া বোলছবি যে অসমীয়া মানুহে চায় সেয়া বুজা গ’ল আৰু আমিও যে ছবি নিৰ্মাণ ভালকৈ কৰিব পাৰোঁ সেই প্ৰচেষ্টা আৰম্ভ হৈ গ’ল। সেই কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। জ্যোতিপ্ৰসাদৰ পিছতে ব্ৰজ দাৰ যি অৱদান সেইখিনিক স্বীকৃতি দি আমি এতিয়ালৈকে লাহে লাহে আগবাঢ়ি গৈ আছোঁ।

সাহিত্য ডট অৰ্গ: ডাবিং কেনেকৈ কৰিছিল?
নিপন গোস্বামী: সেইটো আচৰিত কথা। তাৰ বাবে চাৰিওফালে কাপোৰ বান্ধি এন্ধাৰ ৰূমৰ নিচিনা কৰি কৰিছিল। তাতেই ষ্টপ ৱাটচ ব্যৱহাৰ কৰি কেনেকৈ ডাইলগ কোৱা হয় সেয়া ইতিমধ্যে ক’লোঁৱেই। মই সেইটো জীৱনত কেতিয়াও কৰা নাছিলোঁ। মই তিনিবছৰ বোম্বেত আছিলোঁ‌। মই তাতো কাম কৰিছিলোঁ। তাত বি আৰ চোপ্ৰাৰ ডাবিং থিয়েটাৰ আছে। তাত মই ডাবিং কৰিছোঁ। তাত পদ্ধতিটো বেলেগ। প্ৰজেক্টৰেৰে ঘূৰাই থাকে। সেইটো চাই আমি ডাবিং synchronize কৰোঁ। সেইটো সুবিধাজনক। বহুতখিনি চাই চাই কৰিব পাৰোঁ। কিন্তু ব্ৰজেন বৰুৱাই যি কৰিছিল সেইটো আচৰিত! মই যেতিয়া ব্ৰজেন বৰুৱাক সুধিছিলোঁ— ‘এইটো যে আপুনি ডাবিং কৰিছে এইটো কেনেকৈ হ’ল? কেনেকৈ মিলিব?’ তেতিয়া তেখেতে কৈছিল— ‘তুমি এতিয়া এইটো মোক নুসুধিবা। ছবিখন ৰিলিজ হোৱাৰ পিছত নিজে গম পাবা।’ গতিকে তেনেকৈয়ে আমি কৰিছিলোঁ।

সাহিত্য ডট অৰ্গ: পুণে ফিল্ম ইন্সটিটিউটৰ দৰে প্ৰতিষ্ঠানত পঢ়াৰ অভিজ্ঞতা সম্পৰ্কে কওকচোন৷ তাৰপৰা উভতি অসমলৈ অহাৰ সলনি আপুনি হিন্দী চিনেমাত অভিনয় কৰি কিয় নাথাকিল?

নিপন গোস্বামী: এইটো বৰ আচৰিত ধৰণৰ ঘটনা। এবাৰ The Assam Tribune পেপাৰখনত এটা বিজ্ঞাপন ওলাইছিল। তাত দিছিল যে পুনে ফিল্ম ইন্সটিটিউটত ফিল্মৰ লগত জড়িত কিছুমান শিক্ষা দিয়ে যেনে অভিনয়, পৰিচালনা, ফটোগ্ৰাফী, সম্পাদনা এইবিলাকৰ তাত প্ৰশিক্ষণ দিয়ে। মোকো মোৰ বন্ধু-বান্ধৱে ক’লে যে তই আবেদন কৰি দে। দেখাই- শুনাই ঠিকেই আছোঁ। সেই সময়ত কিন্তু মই হিন্দী তেনেকৈ ক’ব নোৱাৰোঁ— খাতা হেই, যাতা হেই জাতীয় কৈছিলোঁ। কিন্তু আবেদন পত্ৰ দিয়াৰ পিছত মোক বাছনি কৰিলে। তাৰ পিছত মোক মাতি পঠিয়ালে। কলিকতাত ইণ্টাৰভিউ দিছিলোঁ— তাত তপন সিনহা আছিল, আমাৰ শিক্ষা গুৰু ৰৌচন তানেজা চাজাব আছিল। মোৰ লগত তাত শত্ৰুঘ্ন সিনহা আছিল, কল্যাণ চেটাৰ্জী বুলি এজন আছিল, আভা হাজৰিকা আছিল। আমি আটাইকেইজন নিৰ্বাচিত হ’লোঁ আৰু তেনেকৈ ফিল্মৰ বিষয়ে পঢ়িবলৈ এক আভাস পালোঁ। ফিল্ম এখন কৰিবলৈ ইমান কথা যে জানিব লাগিছিল গম পোৱা নাছিলোঁ। তাত গৈহে গ’ম পালোঁ যে ফিল্মৰ বিষয়ে ইমান কথা জানিব পাৰি, পঢ়িব পাৰি আৰু তাত নানান ধৰণৰ পৃথিৱীৰ best of the best film আমাক দেখুৱাইছিল আৰু তাৰ বিষয়ে আমি সমালোচনা লিখিব লগা হৈছিল। আমি সেই কাৰণে বহুত বহুত ভাল ভাল চিনেমা চাইছিলোঁ। এইদৰেই আমি নিজে নিজে পূৰঠ হৈছোঁ। সেইখিনিয়েই!

সাহিত্য ডট অৰ্গ: আপুনি কোনটো বিভাগত আছিল?

নিপন গোস্বামী: মই অভিনয়ত। দুবছৰীয়া ক’ৰ্ছ। অভিনয় শাখাত পঢ়িছিলোঁ হয়, কিন্তু আমাক সম্যক জ্ঞানখিনি প্ৰায়েই দিছিল— মেকআপ কেনেকৈ কৰে, নৃত্য কেনেকৈ হয়, ‘মুভমেণ্ট’ কেনেকৈ হয়, ‘ভইচ মডুলেচন’ কেনেকৈ কৰিব পাৰি, ‘ভইচ কালচাৰ’ কেনেকৈ কৰিব পাৰি গোটেইখিনি আমাক শিকাইছিল। তাৰ পিছত তিনিবছৰ বোম্বেত থাকিলোঁ। তাত কেইবাখনো হিন্দী চিনেমাও কৰিলোঁ। কিন্তু মোৰ অসমলৈ টানটো বেছি আছিল। মোৰ মাতৃভাষা, মোৰ জন্মভূমি, মোৰ মানুহখিনিক মই ভাল পাওঁ। অসমখনক মই ভাল পাওঁ। অসমখনৰ কাৰণে যদি সাংস্কৃতিক দিশত কিবা এটা অৱদান দিব পাৰোঁ, সেই ইচ্ছাৰে পুনেত establish হোৱাৰ পথত থকা সত্বেও মই ইয়ালৈ গুচি আহিলোঁ। অসমতে মই ৰাইজৰ আশীৰ্বাদ পালোঁ‌, মৰম পালোঁ‌, এতিয়া সেই মৰম-আশীৰ্বাদ লৈয়ে আছোঁ। অহাৰ কাৰণে বহুতে মোক গালিও পাৰিছিল— ‘তই গুচি গ’লি, আমি তোৰ ওপৰত আশা কৰি আছিলোঁ‌, তই হিৰো হ’বি আমি ডিৰেক্টৰ হ’ম সেইটো আশাও আছিল৷’ তেনেকৈয়ে হ’ল আৰু— অসমক ভাল পোৱা কাৰণে, জাতিটোক ভাল পোৱা কাৰণে গুচি আহিলোঁ।

সাহিত্য ডট অৰ্গ: আপুনি সত্যজিত ৰায়ক পাইছিলনে?

নিপন গোস্বামী: সেইটো ইণ্টাৰেষ্টিং। এবাৰ মই অসমীয়া চিনেমা এখনৰ শ্বুটিং কলিকতাত কৰিছিলোঁ। সেই সময়ত শ্বুটিং কলিকতাত হয়। ইন্দ্ৰপুৰী ষ্টুডিঅ’ত। মোৰ প্ৰথম চিনেমা ‘পিয়লি ফুকন’খনৰো তাতেই শ্বুটিং হৈছিল। তাতে কেইবাটাও ফ্ল’ৰত শ্বুটিং হয়। তাৰে এটা ফ্ল’ৰত সত্যজিত ৰায়ৰ চিনেমা এখনৰ শ্বুটিং চলি আছিল। চিনেমাখনত জয়া ভাডুৰীয়ে অভিনয় কৰিছিল। সেই সময়লৈকে তেওঁ ভাডুৰী আছিল, জয়া বচ্চন হোৱা নাছিল। তেওঁ সেই সময়ত মোৰ ডাঙৰ ফেন। জয়াই মোৰ ছবি চাই সাংঘাতিক ভাল পাইছিল। তেওঁ ক’লে— ‘আমি তোমাৰ ফেন।’ মই সুধিলোঁ— ‘কি ৰকম ফেন হলো’। তেওঁ ক’লে— ‘আমি তোমাৰে ফিল্ম দেখেছি।’ জয়াই মোক সত্যজিত ৰায়ৰ লগত চিনাকি কৰি দিবলৈ লৈ গ’ল। তাতে তেওঁৰ লগত চিনাকি হ’লোঁ। তাৰ পিছত তেওঁৰ ঘৰলৈ মাতিলে। এইদৰে মই তেওঁৰ ঘৰলৈ গ’লোঁ‌। ফিল্মৰ কথাও বহুত পাতিলোঁ। তেনেকৈয়ে চিনাকি হ’লোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ অভিনয়ৰ দীঘলীয়া যাত্ৰাপথত কাম কৰা কোন তিনিগৰাকী পৰিচালকে আপোনাক আজিও প্ৰভাৱিত কৰে?
নিপন গোস্বামী: সেইটো মই ক’ব নোৱাৰোঁ। মই বহুত পৰিচালকৰ লগত কাম কৰিলোঁ। গোটেই ভাৰতবৰ্ষৰ— অকল অসমৰে নহয়— বহুত ডাঙৰ ডাঙৰ শিল্পীৰ লগত আৰু অসমৰো বহুত ডাঙৰ-ডাঙৰ শিল্পীৰ লগত কাম কৰিছিলোঁ। অসমতো নিপ বৰুৱা, ব্ৰজেন বৰুৱা, নলীন দুৱৰাৰ লগত কাম কৰিছোঁ। সকলোকে ভাল পাওঁ‌। সকলোৰে ছবি কৰাৰ পদ্ধতি বেলেগ বেলেগ। চিন্তাধাৰা বেলেগ বেলেগ। তেনেকৈয়ে ছবি কৰিলোঁ আৰু যিসকলৰ লগত কাম কৰিলোঁ সকলোৰে লগত কাম কৰি ভাল পাইছোঁ।

সাহিত্য ডট অৰ্গ: জীৱনৰ ভিন্ন বয়সত আপুনি সেই বয়সৰ সৈতে মিলি পৰা চৰিত্ৰসমূহ ৰূপায়ণ কৰা আমি দেখিছোঁ। যৌৱনত নায়ক হোৱাৰ পৰা মধ্য বয়সত দেউতাক, বৰদেউতাকৰ পাছত এতিয়া ককাদেউতাকৰ দৰে চৰিত্ৰত অভিনয় কৰি ভিন্নস্বাদ লভিছে। এই বহুৰঙী চৰিত্ৰবোৰৰ মাজৰপৰা কোনকেইটি চিৰদিন আপোনাৰ বুকুৰ কাষত ৰ’ব আৰু কিয়? নিপন গোস্বামী: মই বহুত সোনকালে চৰিত্ৰ অভিনয় কৰিলোঁ। ইমান সোনকালে যাব নালাগিছিল। নিপ দাই এখন ছবি কৰিছিল ‘আজলী নবৌ’। মেক-আপ মেন আছিল দেবী হালদাৰ বুলি এজন। নিপ দাই দেবী দাক সুধিলে যে— ‘মই যদি নিপনক এই চৰিত্ৰটোৰ কাৰণে লৈ আহোঁ আপুনি তাক সাজু কৰি দিব পাৰিব নে নাই?’ তেতিয়া মোৰ বয়স বেছি হোৱা নাই। তেতিয়া দেবী দাই ক’লে যে— ‘মই তেখেতৰ দেউতাকৰ মেক-আপ কৰিছোঁ, প্ৰয়াত চন্দ্ৰধৰ গোস্বামীৰ।’ সেইমতে আহিলোঁ। মেক-আপ দিলে, চছমা পিন্ধি সেই চৰিত্ৰটো কৰিলোঁ। ‘আজলী নবৌ’ মোৰ চৰিত্ৰাভিনয় ৰোলত টাৰ্ণিং পইণ্ট। মোৰ বাবে প্ৰায়বিলাক চৰিত্ৰই এক এক প্ৰত্যাহ্বান। শিল্পীৰ সেই প্ৰত্যাহ্বানৰ মানসিকতাটো থাকিব লাগিব। গতিকে সেই চৰিত্ৰবোৰ মই ভাল পাইছিলোঁ‌। নানান ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিছিলোঁ। ডাঙৰ কথা, মোৰ অভিনয় পৰিষ্কাৰ আৰু উজ্জ্বল কৰিবৰ কাৰণে মই ভ্ৰ্যাম্যমানত যোগ দিছিলোঁ৷ ৫ বছৰ মই ভ্ৰ্যাম্যমানত আছিলোঁ‌। তাত নিজৰ অভিনয় বেলেগ বেলেগ ধৰণে কৰি চাওঁ। পৰীক্ষা। কেনেকৈ কৰিলে ভাল লাগিব। তাত ৰাইজৰ সঁহাৰি লগে লগে পাই যাওঁ‌। নিজকে উন্নত কৰিবলৈ চেষ্টা কৰি আছোঁ, এতিয়াও হোৱা নাই— বহুত আছে, কিন্তু বহুতখিনি মোৰ উন্নতি হ’ল।

সাহিত্য ডট অৰ্গ: ড° বেজবৰুৱা ছবিখনৰ জৰিয়তে আপোনাক অসমৰ ৰাইজে এগৰাকী তাৰকাৰ আসনত বহুৱাইছিল। সেইখন ছবিৰ স্মৃতি কেনেদৰে সুঁৱৰিবলৈ বিচাৰে?
নিপন গোস্বামী: সাংঘাতিক ধৰণে। এতিয়াও প্ৰত্যেকটো কথা মোৰ মনতেই আছে। আৰু সেইখন চিনেমাৰপৰাই ষ্টাৰ ইমেজটো তৈয়াৰ হয়। সেই ষ্টাৰ ইমেজটো মই সৃষ্টি কৰিছিলোঁ। মানুহে মোক চুই চাব বিচাৰে, কোলাত তুলি ল’ব বিচাৰে, বয়োজ্যেষ্ঠ মহিলাখিনিয়ে মোক চুমাও খায়। তেনেকুৱা পৰ্য্যায় পাইছিল। আৰু কিছুমান গাভৰু ছোৱালীয়ে মোৰ ছবি দৰ্জাৰ ওপৰত লগাই থৈছিল। ওলাই যোৱাৰ সময়ত মোৰ ফটোখন চাই যায় আৰু ঘৰত সোমালে মোৰ ছবিখন চাই সোমায়। গতিকে সেই craze টো আছিল।

সাহিত্য ডট অৰ্গ: আমি শুনামতে, নিয়মানুৱৰ্তিতা আৰু সময়জ্ঞান শিকিবলৈ মানুহে নিপন গোস্বামীৰ দিনপঞ্জী অনুসৰণ কৰা উচিত। নিজৰ কোনকেইটি গুণক আপুনি আপোনাৰ সফলতাৰ আঁৰৰ কাৰক বুলি বিবেচনা কৰে?
নিপন গোস্বামী: সেইটো সাংঘাতিক। অকল এইখন ক্ষেত্ৰতেই নহয়। মানুহৰ জীৱনত উন্নতি কৰিবলৈ নিয়মানুৱৰ্তিতাৰ সাংঘাতিক প্ৰয়োজন। সময়ক গুৰুত্ব দিয়া প্ৰত্যেকজন মানুহৰ বাবে সাংঘাতিক দৰকাৰী। মোৰ ক্ষেত্ৰত এক বদনাম নে সদনাম কি নাজানো— ছবিজগতত মোৰ নাম এটা আছে ‘নিপন টাইম’। মোক যিটো টাইম দিয়ে তাৰে ৫ মিনিট আগতেই গৈ পাওঁ‌। সেই মানুহখিনিয়েই তেনেকৈ মোৰ নামকৰণ কৰি দিলে। সেইখিনি আমাক মা-দেউতাই শিকাইছিল— সময়ৰ অপব্যৱহাৰ নকৰিবি। গান এটা আছে নহয়- সময়ৰ টিকনি আগফালে দৌৰে। গতিকে সময়ে আমাৰ বাবে ৰৈ নাথাকে। সময়ৰ লগত যদি আমি খোজ মিলাই যাব নোৱাৰোঁ তেতিয়া দিগদাৰ হয়। সময়ৰ কাম সময়ত সমাধা কৰিব লাগে। সময়-জ্ঞান যাতে সকলোৰে থাকে তাৰ বাবে মই অনুৰোধ কৰোঁ।

সাহিত্য ডট অৰ্গ: নিজে অভিনয় নকৰা কোনখন অসমীয়া চিনেমা আপোনাৰ প্ৰিয় আৰু কিয়?
নিপন গোস্বামী: ‘অপৰূপা’ বুলি মই নিজে অভিনয় কৰা এখন বোলছবি মোৰ ভাল লাগে। জাহ্নু বৰুৱাৰ দুখন ছবি মোৰ ভাল লাগে— বিষ্ণু খাৰঘৰীয়া অভিনীত ‘সাগৰলৈ বহু দূৰ’ আৰু ইন্দ্ৰ বনিয়া অভিনীত ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবি দুখন। সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’ নামৰ ছবিখনো চাই খুব ভাল পাইছিলোঁ।

সাহিত্য ডট অৰ্গ: কোনগৰাকী পৰিচালক আৰু কোনগৰাকী অভিনয় শিল্পীৰ সৈতে কাম কৰিবলৈ আপোনাৰ আজিও হেঁপাহ আছে?
নিপন গোস্বামী: সকলোৰে সৈতে কাম কৰিবলৈ হেঁপাহ আছে, প্ৰত্যেকৰ লগতেই আছে। বেছিখিনিৰ লগতেই কাম কৰিছোঁ, নতুনখিনিৰপৰাও বহুত জানিবলগীয়া আছে, যিহেতু তেওঁলোকৰ দৃষ্টিভংগীবোৰ আধুনিক।

সাহিত্য ডট অৰ্গ: ছাৰ, আৰম্ভণিৰপৰা ভাৰতীয় চিনেমাৰ প্ৰেক্ষাপটত মূলসুঁতিৰ হিন্দী বা বলিউদী চিনেমাৰ বাদেও মাৰাঠী, বাংলা বা দক্ষিণ ভাৰতীয় আঞ্চলিক চিনেমাই নিজৰ শক্তিশালী অৱস্থান কিদৰে ধৰি ৰাখিছে বুলি আপুনি ভাবে?
নিপন গোস্বামী: উৰিষ্যাৰ ছবিও সাংঘাতিক ভাল; মালায়ালম, তামিল, তেলেগু আদিৰ ছবিবোৰো ভাল। তেওঁলোকৰ চিন্তা-ধাৰাবোৰ ইমান ভাল—! তেওঁলোকে নতুন নতুন আইডিয়া লৈ ছবি কৰে, যিবোৰ আমি কোনোদিন ভাবিবই নোৱাৰোঁ। হিন্দী চিনেমাবোৰেও এইবোৰক অনুসৰণ কৰে।

সাহিত্য ডট অৰ্গ: আমি জানিব বিচাৰিছোঁ, পশ্চিমবঙ্গৰ বা দাক্ষিণাত্যৰ চিনেমাবোৰ বাণিজ্যিক ক্ষেত্ৰত সাংঘাতিক সফল হৈছে, কিন্তু আমাৰ অসমীয়া চিনেমাৰ ইতিহাস বৰ এটা সুখপ্ৰদ নহয়। এই ক্ষেত্ৰত আপুনি কি ক’ব?
নিপন গোস্বামী: বাণিজ্যিক ক্ষেত্ৰত ‘ড° বেজবৰুৱা’ইচোন প্রমাণেই কৰিলে যে ভালকৈ চিনেমা এখন কৰিলে মানুহে চাব, বাণিজ্যিক দিশত সফলতা লাভ কৰিব। তাৰ উদাহৰণ— শেহতীয়াভাবে যতীন বৰাৰ অভিনীত ‘ৰত্নাকৰ’ বা মুনীন বৰুৱাৰ ছবিবোৰলৈ আমি চাব পাৰোঁ। মই ভাবোঁ যে— ভালকৈ চিনেমা কৰিলে আৰু সেই ধাৰাটো অব্যাহত ৰাখিব পাৰিলে আমাৰ চিনেমাও বাণিজ্যিকভাবে সফল হ’ব। আনকি বহুক্ষেত্ৰত হৈছেও। চিনেমা সম্পৰ্কে পঢ়া-শুনা কৰি বা তাৰ লগত জড়িত হৈ যদি চিনেমা কৰে তেন্তে সফল হ’বই।

সাহিত্য ডট অৰ্গ: অসমীয়া চিনেমাৰ ইতিহাসত আপুনি প্ৰথমবাৰৰ বাবে এখন চিকুৱেল চিনেমা নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু সেয়া হৈছে- ‘ড° বেজবৰুৱা-২’। এই পৰিকল্পনাৰ আঁৰৰ কথাখিনি আমাক জনাব নেকি?
নিপন গোস্বামী: মোৰ যেতিয়া অসুখ হৈছিল, মৃত্যুৰ সৈতে মই যুঁজি আছিলোঁ, চাৰিমাহমান হস্পিতালত আছিলোঁ, তেতিয়া মোৰ মনত হঠাতে এটা খেয়াল আহিল যে মই মৃত্যুৰ আগতে যদি এখন ছবি কৰিবলৈ পালোঁহেঁতেন—! সেই ভাবটো মনলৈ অহাৰ লগে লগে মই ‘লাচিত বৰফুকন’ ছবিখন কৰিবলৈ পৰিকল্পনা কৰিছিলোঁ; কিন্তু সেইখন বহুত ব্যয়বহুল হোৱাৰ বাবে কৰা নহ’ল। তাৰপিছত সেই প্ৰকল্পটো লৈ মই সঞ্জীৱ নাৰায়ণৰ ওচৰলৈ গ’লোঁ, তেওঁ ‘ড° বেজবৰুৱাৰ’ পুনৰ নিৰ্মাণৰ কথা ক’লে। মই ভালেই পালোঁ আৰু লগেলগেই কৰিম বুলি কথা দিলোঁ। সেই মুহূৰ্ততে মই পৰামৰ্শ দিলোঁ যে— ড° বেজবৰুৱা ৰোলটো কৰিবলৈ মোক আদিল হুছেইনক লাগে। লগেলগে মই আদিল হুছেইনলৈ ফোন লগালোঁ আৰু ছবিখনৰ কামত মই থাকিম বুলি গম পাই তেওঁ লগেলগে মান্তি হ’ল।

সাহিত্য ডট অৰ্গ: অসমত এচাম নতুন পৰিচালকে নব্য ধাৰণাৰে কিছুমান চিন্তা-চৰ্চা আৰম্ভ কৰিছে। এইক্ষেত্ৰত আপোনাৰ মত?
নিপন গোস্বামী: সাংঘাতিক ভাল কথা। মই তেওঁলোকক স্বাগত কৰিছোঁ। তেওঁলোকে বৰ ভাল কাম কৰি আছে। তেওঁলোকৰ চিন্তা-ধাৰা আজিৰ সময়ৰ লগত মিলা, তেওঁলোকৰ বহুত আগলৈকে চিন্তা কৰিব পৰা ক্ষমতা আছে আৰু তেওঁলোকে বহুত ভাল ভাল চিনেমাও কৰিছে। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যেন এনে ধৰণৰ কাম কৰি আগুৱাই যায় তাৰ বাবে শুভকামনা যাচিলোঁ। অথেল’, কথানদী, আমিষ আদি সাংঘাতিক ব্যতিক্ৰমধৰ্মী ছবি তেওঁলোকে কৰিছে আৰু হয়তো নতুন নতুন চিন্তা-চৰ্চা চলি আছে। মুঠতে নতুন পৰিচালকসকলক লৈ মই সাংঘাতিক আশাবাদী।

সাহিত্য ডট অৰ্গ: ছাৰ যদি আপুনি অভিনেতা ন’হলহেঁতেন, তেন্তে কি হ’লহেঁতেন?

নিপন গোস্বামী: সেইটো মই কেনেকৈ ক’ম? সৰুৰেপৰা মোৰ ঘৰখনৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে মোক প্ৰভাৱিত কৰিছিল। ঘৰৰ পৰিৱেশৰ বাবেই মই বিশেষভাৱে অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। ঘৰতে পোৱা সাংস্কৃতিক পৰিবেশে মোক সেই সুবিধা প্ৰদান কৰিছিল। মায়ে গান গাইছিল, ভায়লীন-ছেটাৰ আদি বজাইছিল, দেউতা প্ৰয়াত চন্দ্ৰধৰ গোস্বামীও বহুত উচ্চ শ্ৰেণীৰ অভিনেতা আছিল। আনকি সৰুতে মই মিমিক্ৰিও কৰিছিলোঁ। সেই আটাইবোৰ কাৰণতেই কিজানি মোৰ অৱচেতন মনত চিনেমাৰ প্ৰতি আকৰ্ষণৰ সৃষ্টি হৈছিল।

সাহিত্য ডট অৰ্গ: ছাৰ, নিপন গোস্বামী, বিজু ফুকন আৰু যতীন বৰা― তাৰ পিছত অসমীয়া চিনেমাত তাৰকা অভিনেতা আমাৰ চকুত পৰা নাই, এই সম্পৰ্কে আপুনি কি কয়? আৰু কেনেকৈ পূৰ হ’ব সেইটো স্থান?
নিপন গোস্বামী: সেইটো অৱশ্যে মোৰো চকুত পৰা নাই। সেইটো মোৰ দুখ থাকি যাব। বিজু আৰু মোৰ পাছত যতীন আহিছিল, কিন্তু তাৰপাছত তাৰকা বুলিবলৈ এতিয়ালৈকে তেনে কোনো দেখা নাই। উচ্চমানৰ শিল্পী বহুত আছে কিন্তু তাৰকা নাই। শিল্পীসকলৰ একাগ্ৰতা, পঢ়া-শুনা আৰু কাম কৰাৰ অভিজ্ঞতা নিপুণ হ’লে লাহে লাহে সেই অভাৱ পূৰ হ’ব। মই আশা কৰোঁ যে তেনেকুৱা ভাল অভিনেতা-অভিনেত্ৰী ওলাব।

সাহিত্য ডট অৰ্গ: ছাৰ, এতিয়াৰ নতুন চামৰ যিসকল চিনেমাৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক, অভিনয় হওক বা সম্পাদনা-পৰিচালনাই হওঁক, তেওঁলোকৰ বাবে কেনে ধৰণৰ পৰামৰ্শ আপুনি আগবঢ়াব? তেওঁলোক কিদৰে আগবাঢ়িব?
নিপন গোস্বামী: তেওঁলোকে ভালদৰে চর্চা কৰিব লাগিব, মঞ্চৰ মাধ্যমলৈ আহিব লাগিব আৰু পঢ়া-শুনা কৰিব লাগিব। সেইটো মোৰ তেওঁলোকলৈ অনুৰোধ থাকিল। আনুষ্ঠানিক শিক্ষাৰ ওপৰত গুৰুত্ব দিব খোজোঁ যদিও নিজৰ একাগ্ৰ চেষ্টাৰেও মানুহ সফল হয়।

সাহিত্য ডট অৰ্গ: ছাৰ আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। আপোনাৰ সাৰুৱা কথাবোৰে সকলোকে উপকৃত কৰিব বুলি আশা কৰিলোঁ।
নিপন গোস্বামী: ধন্যবাদ। কথাবোৰ ক’বলৈ পাই মোৰো বহুত ভাল লাগিল। কি ক’লোঁ নাজানো আৰু! কিন্তু উঠি অহা চামৰ ভাল হওক, সেইলৈ মই আশাবাদী। পুনৰ ধন্যবাদ জনালোঁ।

সাহিত্য ডট অৰ্গ: ধন্যবাদ ছাৰ।

(সাহিত্য ডট অৰ্গৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে ৰূপাংকৰ চৌধুৰী আৰু মেঘনা চৌধুৰীয়ে। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!