মানচ্চোছেন ছিনড্ৰম (উদ্দীপ তালুকদাৰ)

নামটো দাঁত ভঙা৷ কিন্তু নামবাচক বিশেষ্য বাবে অসমীয়া কৰাৰো উপায় নাই৷ শব্দটো উলিয়াবলগীয়া হ’ল অলপ আগতে প্ৰাগ নিউজত দেখা ’অসমত ভয়াবহ ৰোগৰ আৱিৰ্ভাৱ’ৰ বাতৰিটোৰ বাবেহে৷

Munchausen Syndrome_Uddip Talukdarবাতৰিটো লক্ষিমপুৰ নে শিৱসাগৰৰ (নামটো এবাৰেই কৈছিল বাবে খেলিমেলি লাগি গ’ল) সমীপৰ গাঁৱ এখনৰ কিশোৰী এগৰাকীৰ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে এটা আচৰিত ৰোগত ভূগিছে৷ তেখেতৰ হাতৰ তলুৱা, চকু, নাক, আৰু কাণেৰে তেজ সদৃশ পদাৰ্থ ওলায়৷ টিভিত ৰঙচুৱা হৈ থকা হাতৰ তলুৱা দেখুৱাইছেও৷

চিকিত্সাৰ বিষয়ে বিতঙকৈ নক’লে যদিও পৰিয়ালৰ লোকে ছোৱালীজনীক বিভিন্ন ডাক্তৰৰ ওচৰলৈ নিছিল যদিও কোনেও ৰোগ ধৰা পেলাব নোৱাৰিলে৷ গোটেই দেহৰ এক্স ৰে কৰিও ৰোগ নাপালে বুলি পৰিয়ালৰ লোকে কৈছে৷

প্ৰায় একে ধৰণৰ ঘটনা এটাৰ বিষয়ে নেচনেল জিঅ’গ্ৰাফীত দুহেজাৰ ন চনত এটা অনুষ্ঠান কৰিছিল৷ সেইজনী ভাৰতবৰ্ষৰে ছোৱালী আছিল একে বয়সৰ৷ তেখেতৰো সময়ে সময়ে চকু, নাক, মূৰৰ তালু আদিৰপৰা ৰোনো কাৰণ নোহোৱাকৈ তেজ দেখা গৈছিল৷ লক্ষণীয় আছিল যে ছোৱালীজনীৰ তেজ ওলোৱাৰ আৰম্ভণি কোনেও এবাৰো দেখা নাছিল একমাত্ৰ মাকৰ বাহিৰে৷ ছোৱালী ৰক্ত বিশেষজ্ঞ এগৰাকীয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিও একো বিসঙগতি ধৰা পেলাব পৰা নাছিল৷ শেষত এইটো মানচ্চোছেন ছিনড্ৰম হ’ব পাৰে বুলি কৈ অনুষ্ঠানটোৰৰ সামৰণি মাৰিছিল৷

মাচ্চোছেন ছিনড্ৰম (Munchausen Syndrome) এবিধ মানসিক ৰোগ৷ এই ৰোগত ৰোগীয়ে নিজেই দেহত কটা ছিঙা আকোহা আদি চিন বহুৱায় আৰু ডাক্তৰৰ ওচৰলৈ গৈ সেয়া ৰোগৰ চিন বুলি দাবী কৰে৷ কেতিয়াবা ৰোগীয়ে নিজৰ কেঁচুৱা সন্তানৰ গাতো এনেকুৱা চিন বহুৱায়৷ এনে ক্ষেত্ৰত ৰোগবিধক মানচ্চোছেন ছিনড্ৰম বাই প্ৰক্সি বুলি কোৱা হয়৷ সাধাৰণতে মানসিক কোনো অন্তৰ্দণ্ডত ভোগা ৰোগীয়ে এনে কৰি আন মানুহৰপৰা গুৰুত্ব বিচাৰে৷ অৱশ্যে যদিও ৰোগীয়ে নিজেই জানি বুজি লক্ষণ সৃষ্টি কৰে, তথাপি ইয়াক অকল বদমাচী বুলি অভিহিত কৰা নহয়৷ কাৰণ ইয়াৰ আাঁৰত সোমাই থকা গুৰুত্ব লাভৰ কথাটো ৰোগীৰ জ্ঞাত নহয়৷

নিজেই খজুৱাই দাগ সৃষ্টি কৰি চৰ্ম ৰোগ চিকিত্সকৰ ওচৰলৈ যোৱা ৰোগীৰ সংখ্যা তাকৰ নহয়৷ চৰ্ম ৰোগৰ চিকিত্সকৰ অভিজ্ঞ চকুৱে সহজেই এনে লক্ষণৰ প্ৰকৃত কাৰণ ধৰিব পাৰে, আৰু ৰোগীক মানসিক চিকিত্সকৰ পৰামৰ্শৰ বাবে পঠিয়ায়৷

বাতৰিটোত উল্লেখিত ৰোগী গৰাকীৰ ক্ষেত্ৰতো মন কৰিবলগীয়া দুটামান দিশ হৈছে, যদিও তেজ সদৃশ পদাৰ্থ ওলায় কিন্তু কোনো ক্ষতৰ চিন নাই৷ সেয়ে বাতৰিটোত ঘামৰৰ দৰে ওলোৱা বুলিয়েই কোৱা হৈছে৷ আকৌ যিবোৰ স্থানৰপৰা ওলায়, হাতৰ তলুৱা, চকু, কাণ আদি কাপোৰৰ বাহিৰত ওলায় থকা অংশ৷ কাপোৰৰ তলত থকা অঙশত ওলালে কোনেও দেখা নাপায় বাবে মাচ্চছেনৰ ৰোগীয়ে ক্ষতি খুন আদি সহজে চকুত পৰা জেগাতে কৰে৷ যদি ধৰিও লওঁ যে কিবা কাৰণত ৰোগীৰ ঘাম ৰঙা হৈ পৰিছে তথাপি অকল কিছুমান অঙশতহে কিয় ৰঙা হ’ব সেইটো সমস্যা ৰৈয়েই যায়৷

এনেবোৰ দিশৰপৰা চালে ছোৱালীজনী কোনো মানসিক সমস্যাতহে ভূগি থকা যেন লাগে৷ পৰিয়ালটোৰ চিনাকি কোনোবা গোটত আছে যদি তেওঁলোকক এবাৰ ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিব পাৰে৷

টিভি আদিয়ে যিমানেই ছোৱালীজনীক গুৰুত্ব দি বাতৰি পৰিবেশন কৰি থাকিব সিমানেই ছোৱালীজনীৰ সমস্যা বাঢ়িহেে গৈ থাকিব৷ আৰু সঠিক পৰামৰ্শৰে তেওঁৰ ভৱিষ্যত সুন্দৰকৈ আগবাঢ়িব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!