লোকেল কুং-ফু: অসমীয়া চিনেমা জগতৰ এক নতুন অধ্যায় (ৰাহুল ডেকা)

‘‘লোকেল কুং-ফু” নামটোৱে প্ৰায় এবছৰ মানৰ পৰাই মনত অলপ কৌতুহল সৃষ্টি কৰি থৈছিল, বিশেষকৈ ইউ টিউবত দেখি থকা ট্ৰেইলাৰবোৰৰ পৰা। গতিকে চিনেমাখন সুবিধা পালে চাম বুলি মনতে থিৰ কৰি থৈছিলোঁ। অৱশেষত চিনেমাখনে অসমত মুক্তি পালে যোৱা ২৭ ছেপ্টেম্বৰত আৰু আমিও কালি বিয়লি (২৯ ছেপ্টেম্বৰ) গ’ল্ড চিনেমাৰ চাৰিটা পঞ্চল্লিছৰ দৰ্শনীত গৈ উপস্থিত হ’লোঁ।

নামটোৱে কোৱাৰ নিচিনাকৈ চিনেমাখন ‘‘কুং-ফু” সৰ্বস্ব যদিও তাৰ লগতে আছে অসাধাৰণ হাস্যৰস। ক’বলৈ গ’লে পৰিচালকে ‘‘কুং-ফু”ক দুৰ্ঘোৰ হাস্যৰসৰ টোপোলা এটিত ভৰাই দৰ্শকক উপহাৰ দিছে। এতিয়া যিহেতু আৰম্ভণিতে অসমীয়া চিনেমা জগতৰ এক নতুন অধ্যায়ৰ সূচনা হোৱা বুলি ক’লোঁ, কিয় ক’লোঁ অকণমান জুকিয়াই চাবলৈ চেষ্টা কৰোঁহঁক। এইখিনিতে কৈ থ’ব বিচাৰিছোঁ যে আমাৰ বিশ্লেষণ অতিসাধাৰণ চিনেমাপ্ৰেমীৰ দৃষ্টিৰে কৰা বিশ্লেষণ আৰু ইয়াত কোনো ধৰণৰ বিশ্লেষণ-বিচক্ষণতাৰ চাপ নথকাতো তেনেই স্বাভাৱিক।
১) আগতে কোৱাৰ দৰে চিনেমাখনৰ হাস্যৰস অনবদ্য; হাস্যৰসৰ নামত বহুৱালি কিন্তু নাই। যিখিনি কৰা হৈছে সেয়া পৰিয়ালৰ ল’ৰা-বুঢ়া প্ৰতিজনৰে গ্ৰহণযোগ্য হ’ব বুলি আমাৰ বিশ্বাস। গালি-গালাজ কিছু ব্যৱহাৰ হৈছে যদিও সেয়া ‘বীপ্’ কৰি দিয়া হৈছে আৰু চৰিত্ৰৰ প্ৰয়োজনত সেয়া আমাৰ বোধেৰে গ্ৰহণযোগ্য।

২) যদিও কাহিনীভাগ তেনেই সৰল আৰু নতুনত্বহীন, পৰিচালকৰ ট্ৰীটমেণ্ট কিন্তু অভিনৱ। মাত্ৰ এটা কেমেৰাৰে চিত্ৰগ্ৰহণ কৰা এক্‌ছনৰ দৃশ্যবোৰত পৰিচালকৰ দক্ষতা বাৰুকৈয়ে প্ৰকাশ পাইছে।

৩) অসমীয়া চিনেমাৰ চলিত ধাৰাৰ প্ৰায় কোনো উপাদানেই এই চিনেমাত নাই, তথাপি ই উপভোগ্য আৰু তাতেই  ক’ব পাৰি যে পৰিচালক এক নতুন ধাৰাৰ সৃষ্টি কৰাত সফল হৈছে।

৪) পেটৰ অসুখত ভোগা নায়ক, হিন্দীভাষী নায়িকা, তানসেন নামৰ শাস্ত্ৰীয় সংগীতত ৰাপ থকা খলনায়ককে আদি কৰি চিনেমাখনত চৰিত্ৰসমূহৰ চৰিত্ৰায়ণৰ ক্ষেত্ৰতো কাহিনীকাৰে লৈছে বলিষ্ঠ পদক্ষেপ।

৫) পৰিচালকে জনোৱামতে চিনেমাখন ৯৫০০০ টকাৰ এক নগণ্য বাজেটত নিৰ্মিত। অৰ্থাৎ কেৱল বাজেটেই যে ভাল চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত অন্তৰায় নহয় চিনেমাখনে তাক প্ৰমাণ কৰে।

এক কথা ঠিক যে গুণী-জ্ঞানীজনক বৰ বেছি চিন্তাৰ খোৰাক দিব পৰাকৈ এই ছবিখনত একোৱেই হয়তো নাই; কিন্তু গাঁঠিৰ ধন ভাঙি মনোৰঞ্জনৰ খাতিৰত চিনেমা চাবলৈ আহা সাধাৰণ দৰ্শকজনক একঘেয়ামীমুক্ত মনোৰঞ্জন দিব পৰা সমল ইয়াত নিশ্চয় আছে।
গ’ল্ড চিনেমাত আমি চোৱা দৰ্শনীতে সৌভাগ্যক্ৰমে ছবিৰ প্ৰযোজক-পৰিচালক তথা অভিনেতা কেনী বসুমতাৰীও উপস্থিত আছিল। দৰ্শনীৰ পিচত তেখেতক গ’ল্ড চিনেমাৰ তলতে লগ পাই মাত এষাৰ লগাই শুভেচ্ছা যচাৰ হেঁপাহকণ সামৰিব নোৱাৰি হাতখন আগবঢ়াই দিলোঁ আৰু তেখেতেও অতি সৌহাৰ্দ্যতাৰে কৰমৰ্দন কৰি আমাৰ অভিনন্দন গ্ৰহণ কৰিলে আৰু লগতে বাজেট নথকাৰ বাবে চিনেমাৰ প্ৰচাৰ যে ভালকে কৰিব পৰা হোৱা নাই তাকে ব্যক্ত কৰিলে তথা বন্ধু-বান্ধৱৰ মাজত যাতে চিনেমাখনৰ কথা কওঁ তাৰে অনুৰোধ জনালে। হয়, অসমীয়া চিনেমাৰ এই দুৰ্যোগৰ সময়ত হাতত বৰ বেছি পা-পইছা নোহোৱাকৈ চিনেমা এখন চলোৱাতো কম সাহসৰ কথা নহয়। হিন্দী চিনেমাৰে আগ্ৰাসিত অসমৰ চিনেমাঘৰত ছবিখন হয়তো বৰ বেছিদিন টিকি থাকিব নোৱাৰিব। কিন্তু আমাৰ একান্ত বিশ্বাস যে কেনী বসুমতাৰীৰ দৰে প্ৰতিভাসম্পন্ন আৰু সাহসী তথা ব্যতিক্ৰমী চিন্তাৰ কাহিনীকাৰ-পৰিচালকেহে অসমীয়া ছবিৰ দু্ৰ্যোগ আঁতৰাব পাৰিব। গতিকে আমি চহা ৰাইজে যদি বিশেষ একো কৰিব নোৱাৰিলেও যদি ছবিঘৰলৈ গৈ ডেৰ ঘণ্টাৰ এই ছবিখন উপভোগ কৰি কেইটামান হাততালি বজাই থৈ আহোঁ সেয়াই যথেষ্ট হ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!