ধঁপাত আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ:(ননী গোপাল শৰ্মা)
প্ৰায় ৪০০ বছৰ আগেয়ে ধঁপাত ইউৰোপত কীটনাশক হিচাপে ব্যৱহাৰ কৰিছিল। সেই সময়ত জাহাজেৰে আমদানী-ৰপ্তানী কৰা খাদ্য বস্তুবোৰ পোকৰ পৰা ৰক্ষা পাবৰ বাবে ধঁপাত ব্যৱহাৰ কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ পাছত যেতিয়া ৰাসয়নিক কীটনাশক দ্ৰব্যৰ আৱিষ্কাৰ হ’ল তেতিয়া কীটনাশক হিচাপে ধঁপাতৰ ব্যৱহাৰ কমি যায়। ধঁপাতক কেতিয়াৰ পৰা নিচা হিচাপে ব্যৱহাৰ কৰা হৈছিল তাক ইতিহাসত পোৱা নাযায়। কিন্তু আজিৰ বিশ্বত ধঁপাত বহুলোকৰ জীৱন সংগী, লাগিলে জীৱনটোকেই এৰি দিব কিন্তু ধঁপাত এৰি নিদিয়ে। তাৰ বাবেই হয়তো সমগ্ৰ বিশ্বতে ধঁপাতক এক মহামাৰী হিচাপে গণ্য কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে সকলো দেশকে সাৱধান বাণী প্ৰদান কৰিছে। এটা সময়ত ধঁপাতৰ ওপৰত সমাজত বিশেষ এক প্ৰতিক্ৰিয়া হোৱা নাছিল যদিও যেতিয়া চিকিৎসা গৱেষণাত ধঁপাত কৰ্কট আৰু হৃদৰোগৰ কাৰক হিচাপে প্ৰমাণিত হ’ল তেতিয়া বহু কেইখনদেশতে ধঁপাতৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। ধঁপাত জ্বলালে দুটা মূল ৰাসয়নিক প্ৰক্ৰিয়া সংঘটিত হয় , ডিষ্টিলেচন আৰু পাইৰোলাইচিচ- ডিষ্টিলেচনত ধঁপাতৰ নিকোটিন কোনো পৰিবৰ্তন নোহোৱাকৈ ধোঁৱালৈ পৰিৱৰ্তন হয়, পাছৰ অংশ পাইৰিডিন, ময়োচ মাইন আৰু আন যৌগলৈ ৰূপান্তৰিত হয়। চিগাৰেট হুপিলে হোপাজনৰ শৰীৰৰ তেজত নিকোটিন মিহলি হয় আৰু তাৰে কিছু অংশ ৰাসয়নিক পৰিৱৰ্তন হৈ নিকোটিনৰ মেটাবলাইট কটিনিন হিচাপে প্ৰস্ৰাৱৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰ হয়। ৩০ পৰা ৬০ মিলিগ্ৰাম নিকোটিন এজন ব্যক্তিয়ে সেৱন কৰিলে প্ৰাণনাশৰ সম্ভাৱনা অতি বেছি আৰু সেৱন কৰাৰ ৫ৰ পৰা ৩০ মিনিটৰ ভিতৰত উশাহ-নিশাহ বন্ধ হৈ মৃত্যু মুখত পৰে। এটা চিগাৰেট হুপিলে প্ৰায় 0.৬ মিলিগ্ৰাম নিকোটিন তেজ প্ৰৱাহক নাড়ীৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে।