শীতৰ কবিতা এটা ময়ো লিখিছোঁ
লেখক- - নমিতা তালুকদাৰ
সমালোচকৰ শীৰ্ণ লেখনিৰ
তীক্ষ্ণ চোকত এটা অৱয়বে
গা কৰি উঠিবৰ দিনা
কচৰৎ কৰি কৰি
টঙাই উঠা শৰীৰটো
ৰেম্পত নামিবৰ দিনা
কেটৱাক কৰি সহস্ৰ হাততালি
মোনাত ভৰাই
ঘৰমুখে ঘূৰিবৰ দিনা
ময়ো ক’ম –
শীতৰ কবিতা এটা ময়ো লিখিছোঁ
পৰম্পৰাগত আৰু আধুনিকতাৰ
মাজৰ লুংলুঙীয়া বাটটো
যিদিনা বিচাৰি পাম
শীতৰ ফটা চোলাৰ সীয়নিত
বতাহক ভেটা দিয়া
পুহৰ পোহৰখিনি সূৰুযৰ পৰা
যিদিনা ঘূৰাই ল’ম
সাধন আৰু যতন জীৱনৰ
ৰসঘন ৰাগী বুলি শব্দবোৰক
বুজাবৰ দিনা
ময়ো ক’ম –
শীতৰ কবিতা এটা ময়ো লিখিছোঁ
ভালপোৱাৰে পেট নভৰে
মনভৰা ভালপোৱাৰ বাবে
পেটভৰা পেছা এটা বিচাৰি লৈ
কবিতা লিখিম বুলি
এখিলা কাগজ আৰু এটা লেখনি
উপহাৰ হৈ
যিদিনা মোৰ আঙুলিৰ ফাঁকত বহিব
আকাংক্ষাৰ ভোগজৰা মথি মথি
উমাল আলোৱান এখনেৰে
যিদিনা ঢাকিম মোৰ
অতীত নামৰ ফটা-ছিটা চোলাটো
মুখেৰে তপত নিশ্বাস এটা বতাহত এৰি দি
ময়ো ক’ম –
শীতৰ কবিতা এটা ময়ো লিখিছোঁ
জীৱনৰ হুতা মাতত বিধ্বস্ত
ৰাতিৰ নিয়ৰত দৰক লাগি বহি থকা
কবিৰ বাবে
যেতিয়া সময়ে সময় অকণ
নিজৰ কৰিবলৈ দিব
কান্দিবলৈ পৃথিৱীয়ে এচপৰা মাটিৰ উম দিব
মাঘত নিৰোৱা আলুৰ ঢাপত
কবিয়ে দুখবোৰ গুঁজি থৈ আহিব
ৰাতিৰ ভাতত জিলিমিলি শাকৰ জিলিকনি চাই
কাঁথিত বহি ল’ৰালিৰ বাট বুলি
কবিয়ে ক’ব –
শীতৰ কবিতা এটা ময়ো লিখিছোঁ !
