সংগ্ৰামী জীৱনৰ জীয়া ছবি
লেখক- ৱাহিদ আহমেদ
চহৰখনত নামি অহা এন্ধাৰত
ক্ৰমাত নিস্তব্ধ হৈ আহিছে জীৱন
জীয়াই থকাৰ বাবে
সংগ্ৰামৰ ঘামেৰে তিতি থকা
চোলাটোৰ পৰা গোন্ধ ওলায়,
চকুকেইটা মুদি
চিলমিল টোপনিৰ পৰা উঠিয়েই
আকৌ আৰম্ভ হয়
নতুন পুৱ,
প্ৰখৰ ৰ’দ কেৰেপ কৰিলে
ভোকত শেষ হ’ব
মাতৃভূমিত থকা ঘৰখন।
ঘৰখনৰ দায়িত্ববোৰে
মোক সোনকালে জগাই দিয়ে,
টোপনি আহে
চকুকেইটা বন্ধ কৰিলে
দুখৰ ধুমুহাই ভাঙি দিয়ে
সুখৰ ঘৰ,
ভাঙি দিয়ে হেঁপাহবোৰ
জীৱনৰ আকাশত উৰে
আধৰুৱা সপোনৰ ৰঙবোৰ
দেহত সাৰ পায়
সংগ্ৰামী সত্ত্বাৰ ঝংকাৰ।
খহি যোৱা চেণ্ডেল যোৰত
চহৰখন লাগি আহে
ভৰিৰ তলুৱা ফাটি যায়,
চহৰখন যেতিয়া শুই থাকে
সিহঁতে নাজানে আমাৰ চকুলোবোৰ
কিয় ওলায়!
বুটাম চিঙা চোলাটোত
এতিয়াও দেউতাৰ মৰমবোৰ লাগি আছে।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
