গ্ৰন্থৰ বৰ্ষ – অধ্যয়নৰ বৰ্ষ
লেখক- চিত্তৰঞ্জন ওজা
২০২৫ চন হেনো গ্ৰন্থৰ বৰ্ষ। বছৰটো শেষ হ’বলৈ বেছিদিন নাই। লেখক, প্ৰকাশক, বিক্ৰেতা সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে গ্ৰন্থমেলাসমূহলৈ। ইতিমধ্যে বিভিন্ন নগৰ, চহৰত গ্ৰন্থমেলা আৰম্ভ হৈছে। দৰাচলতে শৰততে অসমত আৰম্ভ হয় গ্ৰন্থ মহোৎসৱ৷ আৰম্ভ হয় ন-পুৰণি লেখক-লেখিকাৰ গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান৷ পাঠকসকলেও ৰৈ থাকে ন ন গ্ৰন্থৰ সুবাস ল’বলৈ৷ প্ৰকাশকসকল ব্যস্ত হৈ পৰে সময়মতে গ্ৰন্থসমূহ ছপা কৰি উলিয়াই দিবলৈ৷ অসমৰ প্ৰায়বোৰ চহৰতে গ্ৰন্থ উৎসৱ, সাহিত্য উৎসৱ বা গ্ৰন্থমেলা অনুষ্ঠানো শৰৎ কালৰ পৰা আৰম্ভ হয়৷ গ্ৰন্থ উৎসৱে পূৰ্ণতা পায় বছৰৰ শেষত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত গ্ৰন্থমেলাত৷ সাহিত্যৰ প্ৰতি থকা ধাউতিয়ে লাখ লাখ মানুহক টানি আনে গ্ৰন্থ উৎসৱ, গ্ৰন্থমেলালৈ৷ এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যত গ্ৰন্থৰ এই উৎসৱ আৰম্ভ হওঁতে কিছু পলম হ’ল। সেই সময়খিনি জুবিনৰ শোকত ৰাজ্যখন প্ৰায় স্তব্ধ হৈ পৰিছিল। জুবিনৰ শোক বুকুত লৈ নৱেম্বৰ মাহৰ পৰা নতুন নতুন গ্ৰন্থ প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। গ্ৰন্থমেলাসমূহতো পঢ়ুৱৈৰ উপস্থিতি লক্ষ্য কৰা গৈছে।
অসম প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰত জ’জ খেলপথাৰত আৰম্ভ কৰিবলৈ লোৱা প্ৰথমখন গ্ৰন্থমেলাৰ কথা আজিও মনত পৰে। তেতিয়া কটন মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা দলেবলে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাঙ্গনত ভূমুকি মাৰিছিলোঁ। আবেলিৰ পৰা বিপণিসমূহ বন্ধ হোৱালৈ কিতাপৰ পাত লুটিয়াইছিলোঁ। সামৰ্থ্য অনুযায়ী গ্ৰন্থ কিনিছিলোঁ। তেতিয়া দেখিছিলোঁ দূৰ-দূৰণিৰ পৰা মানুহ আহি গাঁঠিৰ ধন ভাঙি কিতাপ কিনিছিল। গ্ৰন্থমেলাই যেন অসমলৈ এক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ আনি দিছিল। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা পুথিভঁড়ালৰ বাবে গ্ৰন্থ সংগ্ৰহ কৰিবলৈও মানুহৰ আগমন ঘটিছিল। মন কৰিবলগীয়া কথা যে ছয় বছৰীয়া অসম আন্দোলনে সামগ্ৰিকভাৱে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ বিনষ্ট কৰা সময়তে এই গ্ৰন্থমেলা প্ৰতি বছৰে পাতিবলৈ লয় আৰু ইয়ে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ পঢ়ুৱৈৰ মাজত গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত বিশেষ অৰিহনা যোগাইছিল।
ইণ্টাৰনেট, স্মাৰ্ট ফোন, সামাজিক মাধ্যমৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে মানুহৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা আগ্ৰহ দিনক দিনে কমিবলৈ লৈছে। ক’ভিড অতিমাৰীৰ সময়ৰ পৰা গ্ৰন্থৰ বিক্ৰী কমি আহিছে। উন্নত দেশবোৰৰ তুলনাত আনকি পশ্চিম বংগৰ তুলনাত অসমত কিতাপ পঢ়াৰ আগ্ৰহ বহুত কম। আগেয়ে এখন কিতাপ ২০০০, ৪০০০ কপি প্ৰিণ্ট হৈছিল। আজি প্ৰতিষ্ঠিত লেখকৰে প্ৰথম সংকলনত ৫০০ কপিতকৈ অধিক প্ৰিণ্ট কৰিবলৈ প্ৰকাশকে সাহস নকৰা হ’ল। গ্ৰন্থৰ বৰ্ষত পঢ়ুৱৈৰ সংখ্যা কেনেদৰে বঢ়াব পাৰি তাক নতুন কৈ চিন্তা কৰিব লাগিব। গ্ৰন্থৰ বৰ্ষত ন ন লেখকৰ সৃষ্টিৰ বাবে কাম কৰিব লাগিব। গ্ৰন্থ প্ৰকাশ হ’লেই নহ’ব, মানুহে পঢ়িব লাগিব। দুখৰ বিষয় যে নতুন প্ৰজন্মৰ অধিক সংখ্যকে অসমীয়া ভাষা পঢ়িব, লিখিব নোৱাৰে। লেখক সকলে অসমীয়া ভাষাত লিখা গ্ৰন্থ কিনি পঢ়িবলৈ আগ্ৰহী মানুহৰ সংখ্যা আচৰিত ধৰণে কমি গৈছে। আমি আশা ৰাখিম গ্ৰন্থৰ বৰ্ষত নতুনকৈ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টি হওক। জেন জিৰ ল’ৰা-ছোৱালীৰ মাজত কিতাপ পঢ়াৰ প্ৰতি বিশেষ অনীহা থকা দেখা গৈছে। তেওঁলোকে জন্মৰ পৰা কম্পিউটাৰ, ইণ্টাৰনেট, স্মাৰ্ট মোবাইল, স্মাৰ্ট টিভি ব্যৱহাৰ কৰি আহিছে। কিতাপ পঢ়াৰ অভ্যাস গড় লৈ নুঠিল। নতুন প্ৰজন্মক আকৰ্ষণ কৰিবপৰা গ্ৰন্থ প্ৰকাশ কৰিব লাগিব।
বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকল নিশ্চয়কৈ একো একোজন সফলতম ব্যক্তি হিচাপে আমি সকলোৱে ভাবোঁ৷ তেনে সফলতম ব্যক্তিসকল যদিও কম্পিউটাৰ, ইণ্টাৰনেট বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰযুক্তিৰ সৈতে দৈনন্দিন জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰে তথাপি তেওঁলোকে নতুন নতুন গ্ৰন্থ অধ্যয়ন কৰে৷ বিল গেইটচে সপ্তাহত এখনকৈ কিতাপ পঢ়ি শেষ কৰে৷ বছৰত তেখেতে কমেও ৫০ খন কিতাপ পঢ়ে৷ বিল গেইটচে নিজৰ ব্যৱসায় আৰু গেইটচ ফাউণ্ডেচনৰ সামাজিক কামত ইমানে ব্যস্ত থাকে যে তেখেতক লগ পাবলৈ কেইবা মাহ আগৰে পৰা চেষ্টা কৰিব লাগে, লগ পাব নে নাপায় তাৰো কোনো নিশ্চয়তা নাথাকে৷ ইমান ব্যস্ততাৰ মাজতো তেওঁ কিতাপ পঢ়াৰ বাবে সময় বেলেগকৈ ৰাখে৷ গেইটচৰ পূৰ্ব পত্নী মেলিণ্ডাৰ মতে গেইটচে এঘণ্টাত ১৫০ টাকৈ পৃষ্ঠা পঢ়িব পাৰে৷ ইমান খৰকৈ কেনেকৈ পঢ়িব পাৰে তাক ভাবিলে আচৰিত যেন লাগে। গেইটচে নিজৰ ব্লগত বহু কেইখন গ্ৰন্থৰ ৰিভিউ লিখিছে৷ গ্ৰন্থখন পঢ়াৰ পাছত সেইখন কিয় ভাল পালে, বিষয়বস্তু কি এই সকলোবোৰেই তেওঁ ৰিভিউত লিখে৷ গেইটচৰ নতুন নতুন চিন্তাধাৰা গ্ৰন্থ অধ্যয়নৰ পৰা আয়ত্ত কৰে বুলি উল্লেখ কৰিছে৷ নতুন প্ৰজন্মলৈ তেখেতৰ উপদেশ হ’ল – “My advice is simple: Read a lot and discover a skill you enjoy.“৷
স্পেছ এক্স, টেছলা আদি কোম্পানীৰ মুৰব্বী, প্ৰযুক্তিবিদ এলন মাস্কে হেনো ল’ৰালি কালত দিনে দহ ঘণ্টাকৈ কিতাপ পঢ়িছিল৷ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত থাকিও তেওঁৰ পঢ়া অভ্যাস অব্যাহত ৰাখিছে৷ তেওঁৰ এখন প্ৰিয় গ্ৰন্থ হ’ল ’The Hitchhiker’s Guide To The Galaxy’৷ এই গ্ৰন্থখনৰ পৰা প্ৰেৰণালৈ তেখেতৰ xAI নামৰ আন এটি প্ৰতিষ্ঠানৰ কৃত্ৰিম বুদ্ধিমত্তা চালিত ছাটব’ট GrokAIৰ নামকৰণ কৰা হয়৷ শ্বেয়াৰ বজাৰৰ এজন সৰ্বকালৰ শ্ৰেষ্ঠ, সফলতম বিনিয়োগকাৰী হ’ল ৱাৰেন বাফেট৷ ১৯৩০ চনত জন্ম লাভ কৰা বাফেটে ৯৪ বছৰ বয়সতো শ্বেয়াৰ বজাৰত সক্ৰিয়ভাৱে বিনিয়োগ কৰি আছে, নিজৰ প্ৰতিষ্ঠানটো চলাই আছে৷ সফলতাৰ উচ্চ শিখৰত উপনীত হোৱা বাফেটক যেতিয়া সোধা হৈছিল যে সফলতাৰ গোপন মন্ত্ৰ কি, তেওঁ কৈছিল যে প্ৰতিদিনে ৫০০ পৃষ্ঠাকৈ কিতাপ পঢ়িবলৈ আৰম্ভ কৰা আৰু জ্ঞান আহৰণ কৰা৷ বছৰ বছৰ ধৰি পুঞ্জীভূত জ্ঞানে চক্ৰবৃদ্ধি সুতৰ দৰে কাম কৰে, পিছলৈ লাভৰ উপৰি লাভ দিয়ে৷ বিনিয়োগৰ প্ৰথম অৱস্থাত বাফেটে দিনৰ আশী শতাংশ সময় অতিবাহিত কৰিছিল কেৱল পঢ়া কামত৷ সেই সময়ত প্ৰতিদিনে ৬০০ৰ পৰা ১০০০ পৃষ্ঠা পঢ়ি শেষ কৰিছিল৷ তেনেদৰে চীনৰ আলিবাবা নামৰ প্ৰতিষ্ঠানৰ মালিক জেক মা গ্ৰন্থ অধ্যয়নৰ বাবে বিখ্যাত৷ তেখেতৰ মতে নতুন চিন্তা বা নতুন ব্যৱসায়িক বুদ্ধি কেৱল কিতাপ পঢ়াৰ পৰা আহৰণ কৰিব পাৰি৷ আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি বৰাক ওবামাই প্ৰতিদিনে কিতাপ পঢ়ে৷ তেওঁৰ এই কিতাপ পঢ়াৰ অভ্যাস ল’ৰালি কালৰ পৰা চলাই আছে৷
থমাচ কোৰ্লি নামৰ ব্যক্তি এজনে বিশ্বৰ ২০০ জন কোটিপতিৰ ওপৰত পাঁচ বছৰ ধৰি চলোৱা গৱেষণাৰ পৰা পাইছে যে তেখেতৰ তালিকাত থকা ২০০ জন কোটিপতিৰ এজনেও টেলিভিচনৰ কোনো অনুষ্ঠান উপভোগ নকৰে৷ ইয়াৰে ৮৬ শতাংশই গ্ৰন্থ অধ্যয়ন কৰি অৱসৰ সময় অতিবাহিত কৰে৷ ইয়াৰে ৬৩ শতাংশই ৰাতিপুৱা গাড়ী চলাই অফিচলৈ যোৱা সময়খিনিত অডিঅ’ বুক শুনি গৈ থাকে৷ কোনোবাই ভাবিব পাৰে যে ব্যস্ততাপূৰ্ণ জীৱনত কিতাপ পঢ়াৰনো সময় ক’ত৷ বৰাক ওবামাই আমেৰিকাৰ দৰে দেশ এখনৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত যদি কিতাপ পঢ়িবলৈ প্ৰতিদিনে সময় উলিয়াব পাৰে, আমাৰ দৰে সাধাৰণ মানুহে কিতাপ পঢ়িবলৈ সময় কিয় উলিয়াব নোৱাৰে? মাইকেল চিমনচ নামৰ লেখক, গৱেষকজনৰ ’পাঁচ ঘণ্টাৰ নিয়ম’ বেচ জনপ্ৰিয় হৈছে৷ তেখেতৰ মতে আপুনি যিমানে কৰ্ম ব্যস্ততাৰে দিনটো পাৰ নকৰে কিয় সপ্তাহত অন্তত: পাঁচ ঘণ্টা সময় উলিয়াব কেৱল অধ্যয়নৰ বাবে৷ এই অভ্যাস জীৱনৰ শেষ বয়সলৈ চলাই ৰাখক৷ ইয়াৰ পৰা আপুনি জীৱনত যথেষ্ট লাভবান হ’ব৷
সঁচাকৈ গ্ৰন্থ অধ্যয়ন কিমান যে প্ৰয়োজনীয় তাক লিখি শেষ কৰিব নোৱাৰি৷ “Knowledge is Power” এই কথাষাৰ জীৱনৰ প্ৰতিটো খোজত দেখিবলৈ পাওঁ৷ নতুন চিন্তাৰ উদ্ৰেক হ’ব পাৰে কেৱল অধ্যয়নৰ জৰিয়তে৷
গ্ৰন্থৰ বৰ্ষই নতুন আশাৰ সৃষ্টি কৰক। সকলোৱে কিতাপ পঢ়ক। জ্ঞান অৰ্জন কৰক। মোবাইলৰ স্ক্ৰীণত অলাগতিয়াল ৰিলসমূহ নাচাই অলপ সময় উলিয়াওক কেৱল পঢ়াৰ বাবে
