সময়(বিকাশ শইকীয়া)

(১)

২০১০ চন৷ তেতিয়া মই ইউনিভাৰচিটি এখনত পি.এইচ.ডি কৰি আছো৷ মোৰ নেট-জে.আৰ এফ আছিল৷ ইউ.জি.চি ফেলোশ্বিপ৷ এমাহ, দুমাহ, চাৰিমাহ পাৰ হৈ গল৷ ফেলোশ্বিপৰ পইচা নাহেহে নাহে৷ পেটত গাঁঠি মাৰিতো গৱেষণা কৰিব নোৱাৰি৷ গতিকে টিউচন কেইটামান কৰো৷ লগৰ বাকীকেইটাৰো একে অৱস্থা৷

এদিন ইউনিভাৰচিটিৰ বিভাগীয় মুৰব্বীৰ ওচৰলৈ গ’লো৷
– ছাৰ, চাৰিমাহ হ’লহি, ফেলোশ্বিপ অহাই নাই……. মই কলো৷
– হয় নেকি, তোমাৰটো চাৰিমাহ হৈছেহে, বছৰ বছৰ ধৰি ইউ.জি.চিৰ পইচা পেণ্ডিং হৈ থাকে,  চাৰে ক’লে৷
– মানে ছাৰ আপোনাৰ লেভেলত অলপ লিখালেখি কৰিলে অলপ সোনকাল আহেই কিজানি৷
– তোমালোকৰ ফেলোশ্বিপ, তোমালোকে ইউ.জি.চিত খবৰ কৰা, মই মাজত সোমাই কি কৰিম
– তথাপিও লেটাৰ এখন
– মই নোৱাৰো এইবোৰ কৰিব, তোমালোকে ট্ৰেজাৰাৰক ধৰা, ভি.চিক ধৰা
– ঠিক আছে ছাৰ, ফেলোশ্বিপ নহা কেইদিন ইউনিভাৰচিটিৰ ফালৰপৰা, লাম্প-চাম ৪-৫ হেজাৰ কৈ দিলে অলপ সকাহ পালোহেতেন , এতিয়া চলাত অলপ সমস্যা হৈছে
– চোৱা তোমাৰ সমস্যা মই কেনেকৈ সমাধা কৰিম, ভি.চিক ধৰাগৈ

তেওঁৰ ৰুমৰপৰা সিদিনা মই ওলাই আহিলো

(২)

২০১১ চন৷ টিউচন কৰি চলি থাকিলো৷ এটা সময়ত ভাগ্যই সহায় কৰিলে৷ ভাগ্য আৰু পৰিশ্ৰমৰ সমন্বয়ত অ.এন.জি.চিত চাকৰি পাই গ’লো৷ ফেলোশ্বিপৰ পইচা তেতিয়াও আহি পোৱা নাই৷
কেইমাহমান পাছত লগৰ এটাই খবৰ দিলে, ইউ.জি.চিৰ পইচা আহিছে৷
দুদিনৰ ছুটী লৈ ৰাতিপুৱাই বিশ্ববিদ্যালয়লৈ গ’লো৷ ফেলোশ্বিপৰ বিল জমা কৰিব লাগে৷ বিল ফৰ্ম এখন লৈ পূৰালো৷ গাইডে চহী কৰিলে৷ এতিয়া বিভাগীয় মুৰব্বীৰ চহী হ’লেই বিলখন জমা কৰি আজৰি হব পাৰো৷

চাৰৰ ৰুমলৈ সোমাই গলো
– চাৰ, মোৰ ফেলোশ্বিপৰ বিল এখন আছিল, গাইডে চহী কৰিলে, আপোনাৰ কাউণ্টাৰ চাইন লাগে
– তোমাকতো ইয়াত দেখা মনত পৰা নাই
– যোৱাবছৰ মই পি.এই.চ ডি ৰিজাইন দিছো, এতিয়াহে পইচা আহিছে, বকেয়া পইচা নিব আহিছো

চাৰে বিলখন চালে, তাৰ পাছত কলে
– তুমিযে পইচা পাবা তাৰ প্ৰমাণ কি
– ছাৰ, মোৰ জইনিং লেটাৰ, ৰেজিগনেচন লেটাৰ , এন.অ.চি গাঠি দিছো, গাইডে পৰীক্ষা কৰি চহী কৰিছে, আপোনাৰ চহীটো বাকী আছে……… মই ক’লো৷
– এনেকে নহব, মান্থৱাইজ ষ্টেটমেন্ট লাগিব
-চাৰ, মই অফিচত খবৰ কৰি আহিছো, তেওঁলোকৰ ওচৰত চব ৰেকৰ্ড আছে, এইখিনি চাবমিট কৰিলেই হৈ যাব বুলি কৈছে
– মান্থলি ষ্টেটমেন্ট লাগিব , নহলে মোৰ চহী নহ’ব৷

তেওঁৰ ৰুমৰপৰা ওলাই আহিলো

 

(৩)

লগৰ দুটামানক ফোন কৰিলো৷ সিহঁতে সিহঁতৰ বিভাগত মান্থলি ষ্টেটমেন্ট দিব লগা হোৱা নাই৷ এটাই আইডিয়া দিলে……… মান্থকেইটা ব্ৰেক-আপ কৰি চাৰ্ট এখন সাজি দে৷
এ-ফৰ আকাৰৰ কাগজ এখনত হাতেৰেই চাৰ্ট এখন কৰিলো৷ সেইবোৰ কৰোতে ১২ টা বাজিল৷ লান্স টাইম৷ হেড কৰবালৈ ওলাই গল৷ হেডৰ ৰুমৰ বাহিৰৰ চকীখনত বহি অপেক্ষা কৰিলো৷ ১ টা বজাত হেড আহিল৷ মই সোমাই গলো৷
– এতিয়া নহয়, মই অলপ বিজি আছো, বাহিৰত ৱেইট কৰা…… হেডে ক’লে৷

বাহিৰৰ বেঞ্চখনত মই অপেক্ষা কৰিলো৷
সেই অপেক্ষাৰ কাল আছিল ১৮০ মিনিট৷ সেই ১৮০ মিনিটত ক্ষোভ , হতাশা আৰু এটা খঙে মোক আগুৰি ধৰিলে৷
আবেলি ৪ টা বজাত পিয়নজনে কলে……… চাৰে আপোনাক মাতিছে

ইচ্ছাৰ বিপৰীতে পকেটৰপৰা অ.এন.জি.চি ৰ আইডেনটিটি কাৰ্ডখন উলিয়াই ডিঙিত ওলোমাই ললো৷
হেডৰ ৰুমত সোমালো৷ বিল ফৰ্মখন আগবঢ়াই দিলো৷ ডিঙিৰ আই-কাৰ্ডখন জিলিকি উঠিল৷

– তুমি অ.এন.জি.চিত সোমালা নেকি……. হেডে সুধিলে
– হয়৷ ফেলোশ্বিপৰ পইচা পাতি নাই, কেনেকে চলিম৷ সেয়ে পি.এইচ.ডি বাদ দিলো, অ.এন.জি.চিৰ পৰীক্ষা দিলো৷ পাই গলো৷
– আচ্ছা , নৱজিতহঁত সোমাইছিল যে, তেতিয়া নেকি?
– নহয়৷ তেওলোক টেকনিকেল এচিষ্টেণ্ট পোষ্টত সোমাইছিল৷ মই নেচনেল লেভেলত গ্ৰেজুৱেট ট্ৰেইনী এক্সাম দি সোমাইছো৷ বৰ্তমান মই অ.এন.জি.চিৰ প্ৰথম শ্ৰেণীৰ বিষয়া৷
– দৰমহা পাতি ভালেই ছাগে?
– হয়৷ ইউ.জি.চি ফেলোশ্বিপত ছমাহত মই যিমান পইচা পাম, এতিয়া এমাহতে তাতকৈ বেছি দৰমহা পাওঁ, অন্যান্য সা-সুবিধাবোৰতো আছেই৷

হেডে বিল ফৰ্মখনত চহী কৰিলে৷
– বহা অলপ সময়৷ চাহ একাপ খাই যাবা …………. হেডে কলে
– নাই ছাৰ , চাৰিটা বাজিল, বিলখন সোনকালে অফিছত জমা কৰিব লাগে, ৰাতিলৈ নাইট চুপাৰ আছে….. মই ক’লো৷
– আচ্ছা, এতিয়াতো ডাঙৰ অফিছাৰ হলা, ইউনিভাৰচিটিৰ লগত যোগাযোগ ৰাখিবা , তোমালোক আমাৰেই এলুমিনি দিয়াচোন৷
– নিশ্চয়
– তোমাৰ ঠিকনা আৰু ফ’ন নম্বৰ দি যাবাছোন৷

কাগজ এখনত নাম, ফোন নম্বৰ আৰু ঠিকনা লিখি হেডৰ ৰুমৰপৰা ওলাই আহিলো৷ অফিছত গৈ বিল ফৰ্মখন জমা কৰিলো৷ অফিছৰ কেৰাণীজনে মান্থলি ষ্টেটমেন্টৰ প্ৰয়োজন নাই বুলি কৈ সেইখন মোক ওভোটাই দিলে৷

(৪)

৪ জুন ২০১৪৷ শ্বিফট গাড়ীৰে চাইটলৈ গৈ আছো৷ অচিনাকী নম্বৰ এটাৰপৰা ফোন আহিল৷
– হেলো, বিকাশ নেকি
– হয়
– মই ইউনিভাৰচিটিৰ কে.কে.এছ ছাৰে কৈছো
– কওকচোন
– আচ্ছা ২২ তাৰিখে অ.এন.জি.চিৰ এক্সাম এটা হ’ব যে
– হয়, গ্ৰেজুৱেট ট্ৰেইনী এক্সাম
– তাত মেকানিকেল ইঞ্জিনিয়াৰ লয় ন?
– হয়
– পৰীক্ষাটো নাজিৰাৰপৰা চলায় নেকি
-নহয়৷ এইটো নেচনেল লেভেলৰ এক্সাম৷ ডেৰাডুনৰ মেইন অফিচৰপৰা কন্ট্ৰল হয়৷
– আচ্ছা তোমাৰ বাৰু কোনোবা ডাঙৰ অফিচাৰ, জি.এম, ডিজি.এম বা তেনেকুৱা লিংক আছে নেকি৷ মানে অলপ কৈ দিলে চাকৰি হৈ যোৱা বিধৰ৷
– তেনেকুৱাতো চিনাকি নাই
– অলপ খবৰ চবৰ কৰি মোক জনাবাচোন, মোৰ ঘৰৰেই কেণ্ডিডেট এজন আছে, যি খৰচ পাতি হয় কৰি দিম৷

তেওঁৰ সৈতে কথা পাতি থকা সময়খিনিত মোৰ তেওঁৰ অফিচৰ বাহিৰত অবাবত অপেক্ষা কৰা ১৮০ মিনিটলৈ মনত পৰিছিল৷
মানুহৰ সময় সঁচাকৈয়ে সলনি হয়৷ টাইম ইজ দা গ্ৰেটেষ্ট লেভেলাৰ৷

– ঠিক আছে ছাৰ৷ আপুনি চিন্তা নকৰিব৷ মই বাৰু তেনেকুৱা লিংক-চিংক থকা মানুহৰ খবৰ লৈ আপোনাক জনাই দিম, মই ক’লো৷

মই ফোনটো কাটি দিলো৷ এটা সময়ত মই তেওঁৰ অফিছৰ বাহিৰত ঘণ্টাৰ পাছত ঘণ্টাজুৰি অপেক্ষা কৰাৰদৰে এতিয়াৰপৰা তেওঁ মোৰ ফোনৰবাবে অধীৰভাবে অপেক্ষা কৰিব৷

বিঃদ্ৰঃ-
অহা ২২ জুন তাৰিখে অ.এন.জি.চিৰ বিষয়া পদৰ বাবে লিখিত পৰীক্ষা হব৷ লিখিত পৰীক্ষাত উত্তীৰ্ণৰ বাবে বিষয়ভেদে ৬০-৭৩ শতাংশ কাট অফ হয়গৈ৷ বৰ্তমানৰ ফৰ্মেটত ৪০ শতাংশ লিখিত পৰীক্ষা , ৪০ শতাংশ একাডেমিক কোৱালিফিকেচন , ১০ শতাংশ চাইকমেট্ৰি আৰু ১০ শতাংশ পাৰ্চনেল ইণ্টাৰভিউৰ নম্বৰ যোগকৰি চূড়ান্ত বাচনিৰ ফলাফল দিয়া হয়৷
লিখিত পৰীক্ষা ভাল নহলে কোনেও চাকৰি পাব নোৱাৰে৷

(গতিকে লিংক বিচাৰি নিজৰ লগতে মোৰ দৰে মানুহৰ সময় নষ্ট কৰাতকৈ ভালকৈ পঢ়া-শুনা কৰি বিষয়বস্তুৰ সম্যক জ্ঞান লৈ সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰহে প্ৰয়োজন )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!