স্বাস্থ্যকথা : বেছিকৈ ঘাম ওলোৱা সকলে জানিবলগীয়া কেইটিমান কথা (-ড০ ভূপেন শইকীয়া )

যোৱা মাহটোৰ ভিতৰত তিনিজন একে লক্ষণৰ ৰোগী মোৰ ওচৰলৈ সহায় বিচাৰি আহিল৷ প্ৰথম গৰাকী আফ্ৰিকাৰ এখন দেশৰ এগৰাকী চাকৰিয়াল মহিলা৷ দ্বিতীয়জন নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত ফিলিপিনো পুৰুষ৷ তৃতীয়জন হ’ল এজন চেলছৰ লগত জড়িত ভাৰতীয় লোক৷ তিনিওজনৰে বয়স ৩০ৰ পৰা ৪৫ৰ ভিতৰত৷ সমস্যা এটাই – ঘাম বৰ বেছিকৈ ওলায় বিশেষকৈ হাত দুখনত৷ যাৰ ফলত মানুহৰ লগত হেণ্ডশ্বেক কৰিবলৈ সমস্যা হয়৷ কম্পিউটাৰত বহিলে মাউচটো ঘামেৰে ভিজি যায়৷ কাগজত লিখিবলৈ ললে কলমটোৰ পৰা ঘাম বৈ কাগজখন ভিজাই পেলায়৷ বহুতো চিকিৎসা কৰিও কোনো সুফল পোৱা নাই৷ এনে সমস্যা থকালোকৰ সংখ্যা পৃথিবীত ২১১নিযুত অৰ্থাৎ পৃথিবীৰ মুঠ জনসংখ্যাৰ তিনি শতাংশ৷ এনে অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত Hyperhidrosis বা Diaphoresis বুলি কয়৷ আজিৰ আলোচনাত এনে অসুবিধাজনক অৱস্থা কিয় হয় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কি সেই বিষয়ে কিছু কথা পাঠকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিম৷ বিশ্বৰ তিনি শতাংশৰ ভিতৰত অসমো পৰে৷ বহুতে সংকোচবশত: আনক নিজৰ অৱস্থাৰ কথা বেকত নকৰে আৰু ‘ভগবানৰ অভিশাপ’ বুলি মনতে এক কুন্ঠালৈ জীয়াই থাকে৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞান তেনেলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু বহু পৰিমাণে এই ক্ষেত্ৰত সাফল্য লাভ কৰিছে৷ পাঠকসকলে এই লিখনিৰ দ্বাৰা সামান্যতম উপকৃত হলেও মই ধন্য হ’ম৷

swasthya katha GHAM1
মানুহৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো এক স্বাভাবিক প্ৰক্ৰিয়া৷ মানুহৰ শৰীৰত দুইৰ পৰা চাৰিনিযুত ঘাম ওলোৱা গ্ৰন্থি থাকে৷ পুৰুষৰ তুলনাত মহিলাৰ এনে গ্ৰন্থি বেছি থাকিলেও পুৰুষৰ গ্ৰন্থিসমূহহে বেছি সক্ৰিয় হোৱা দেখা যায়৷ শৰীৰৰ এই গ্ৰন্থিসমূহক অটোনমিক নাৰ্ভাচ চিষ্টেমে নিয়ন্ত্ৰণ কৰে৷ শৰীৰে গৰম অনুভৱ কৰিলে ঘাম ওলায় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিন্তু কিছুমান মানুহৰ অটোনমিক নাৰ্ভাচ চিষ্টেম কিয় বেছি সক্ৰিয় জনা নাযায় – যাৰ ফলত এনে লোকসকলে হাতৰ তলুৱাত, কপালত, কাষলতিৰ তলত আৰু দুই ভৰিত বেছিকৈ ঘামি নানান আহুকালৰ সন্মুখীন হয় আৰু হীনমন্যতাত ভোগে৷ পৰিয়ালৰ একাধিক লোকক এনে অৱস্থাত ভোগা দেখা যায় আৰু সেয়ে এই ৰোগত জেনেটিক কাৰণ জড়িত বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷
এটা জানিবলগীয়া জৰুৰী কথা হ’ল – শৰীৰৰ নানাধৰণৰ ৰোগৰ ফলতো এনে অতিৰিক্ত ঘাম ওলোৱা অৱস্থাৰ সৃষ্টি হব পাৰে৷ তেনে কৰিব পৰা কিছুমান উল্লেখযোগ্য ৰোগ হ’ল – থাইৰ’টস্কিকোচিচ, নানাধৰণৰ টিউমাৰ, কেঞ্চাৰ, কাৰচিনয়ড চিনড্ৰম, এক্ৰমেগালি, যি কোনো কাৰণত হোৱা জ্বৰ, টিবি বা যক্ষ্মা, বক্ষ ৰোগ, ডায়েবেটিজ, গাউট, পাৰকিচনিজম, মেনোপ’জ, মাৰ্কাৰী পইজনিং আদি৷ এনে অৱস্থাক Secondary Generalized Hyperhidrosis বুলিব পাৰি৷ আন হাতে কোনো ৰোগসংক্ৰান্তীয় কাৰণ নোহোৱাকৈ অতিৰিক্ত ঘাম ওলোৱা অৱস্থাক Primary Focal Hyperhidrosis বোলে৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ বিশেষত্ব হ’ল –ইয়াৰ লক্ষণসমূহ সাধাৰণতে দুয়োফালে সমান হয়৷ ঘামে দৈনন্দিন জীৱনত ব্যাঘাত ঘটায়৷ সপ্তাহত কমেও এদিন অতিৰিক্তভাৱে ঘামে৷ সাধাৰণতে ২৫বছৰ বয়সৰ আগতেই লক্ষণসমূহ পৰিস্ফুট হয়৷ সাধাৰণতে পৰিয়ালত একে লক্ষণ আন সদস্যৰো দেখা যায়৷ নিদ্ৰামগ্ন অৱস্থাত সাধাৰণতে ঘাম নোলায়৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ আৰু কিছুমান লক্ষণীয় দিশ হ’ল – চিন্তা -দূৰ্ভাৱনা হলে গৰম-ঠাণ্ডা ব্যতিৰেকে বেছি ঘামে ৷ আনকি কিছুমান দ্ৰব্যৰ ঘ্ৰাণেও ঘাম উলিওৱা অৱস্থা কৰিব পাৰে৷ কফি,নিকোটিন,গৰম মছলা আদিৰ সেৱনে বেছিকৈ ঘাম ওলিয়ায়৷ আকৌ ভেচলিন, গ্লিচাৰিন, লেচিথিন, প্ৰপাইলিন, গ্লাইকল আদিৰ ব্যৱহাৰে শৰীৰৰ পৰা বেছিকৈ ঘাম বাহিৰ কৰা দেখা যায়৷
প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ ডায়গ্নচিচ বা চিনাক্তকৰণ মুঠেই জটিল নহয়৷ প্ৰয়োজন সাপেক্ষে চিকিৎসকে ‘ষ্টাৰ্চ-আয়ডিন’ বা ‘পেপাৰ টেষ্ট’ – এই দুবিধ পৰীক্ষাও কৰিব পাৰে৷ কিন্ত জৰুৰী কথা হ’ল আগতে উল্লেখ কৰা আন ৰোগৰ ফলত যে ব্যক্তিজনে ঘমা নাই সেইটো নিশ্চিত হোৱা৷চিকিৎসা নকৰিলে, এই ৰোগত হ’ব পৰা জটিলতাসমূহ এনেধৰণৰ – শীতল আৰু অৱশ হাতৰ স্পৰ্শ, ডিহাইড্ৰেচন, ছালত সংক্ৰমণ, বেক্টেৰিয়া-ইষ্ট আদিয়ে দূৰ্গন্ধৰ সৃষ্টি কৰা, মূৰত উফি হোৱা, মুখ মণ্ডলত শালমন ওলোৱা আদি৷
এতিয়া আমি এই ৰোগৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰিম৷ এই ক্ষেত্ৰত থকা বিভিন্ন পদ্ধতিসমূহ হ’ল- (১) এলুনিনিয়াম ক্লৰাইড হেস্কাহাইড্ৰেট (২) আইনোট্ৰফৰেচিচ বা বিদ্যু প্ৰৱাহৰ ব্যৱহাৰ (৩) খোৱা এন্টিক’লিনাৰ্জিক ঔষধৰ প্ৰয়োগ (৪) নাৰ্ভ অৱৰোধ (ব্লক) কৰা ব’টস্ক বেজী (৫) চাৰ্জিকেল বা অস্ত্ৰোপচাৰ পদ্ধতি – এণ্ডোস্কপিক থোৰাচিক চিম্পেথেক্টমী, লাম্বাৰ চিম্পেথেক্টমী (৬) ইলেক্ট্ৰমেগনেটিক ডিভাইচ মিৰাড্ৰাই (৭) ফিনল বেজী দি নাৰ্ভ ব্লক কৰা ৷

swasthya katha Gham2
১০ শতাংশৰ পৰা ২৫ শতাংশ এলুনিনিয়াম ক্লৰাইড হেস্কাহাইড্ৰেট বাহ্যিকভাৱে প্ৰয়োগ কৰিলে এসপ্তাহমানত ঘাম ওলোৱা আশিংকভাবে কমিবলৈ ধৰে৷ এনে ৰাসায়নিক দ্ৰব্যক Antiperspirant বোলে৷ ইয়াৰ অসুবিধা হ’ল – ছালত জ্বলা-পোৰাৰ অনুভৱ হয় আৰু কাপোৰত দাগ লাগে৷
আইনোট্ৰ’ফৰেচিচ বা বিদ্যু প্ৰৱাহৰ দ্বাৰা চিকিৎসা কৰাৰ পদ্ধতি ১৯৫০চনৰ পৰা চলি আহিছে৷ ৰোগীয়ে এই সাধাৰণ যন্ত্ৰটো নিজৰ ব্যৱহাৰৰ বাবে কিনি লবলগীয়া হয় আৰু ই ইঞ্চিঅ’ৰেঞ্চৰ মান্যতাপ্ৰাপ্ত৷ এনে চিকিৎসাত হাতৰ বা ভৰিৰ তলুৱাত ১০ৰ পৰা ২০মিনিট সময় বিদ্যু প্ৰবাহিত কৰা হয় প্ৰতি সপ্তাহত ৩-৪দিনকৈ কেই সপ্তাহমানলৈ ; যাৰ ফলত ঘাম ওলোৱা গ্ৰন্থিবোৰ অৱৰোধ হয়৷ গৰ্ভৱতী মহিলা আৰু পেচমেকাৰ ব্যৱহাৰ কৰা ৰোগীৰ ক্ষেত্ৰত ই ব্যৱহৃত নহয়৷
খোৱা এন্টিক’লিনাৰ্জিক ঔষধৰ প্ৰয়োগে ভালেখিনি উপশম ঘটোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া হ’ল মুখখন শুকাই যোৱা, দৃষ্টিশক্তিত বিজুতি ঘটা, মূৰঘুৰণি, প্ৰস্বাৱ বন্ধ হোৱা আদি৷এটা সময়ত আমাৰ দেশত গেষ্ট্ৰাইটিচ, পেপ্টিক আলচাৰৰ চিকিৎসাত এনে জাতীয় ঔষধৰ ব্যাপক প্ৰয়োগ হৈছিল৷ তাৰ কেইটামান সেই সময়ৰ বহুল প্ৰচলিত নাম হ’ল বেলাডোনা ৰিটাৰ্ড (চেণ্ডজৰ দ্বাৰা নিৰ্মিত) ,এন্ট্ৰেনিল ডুপ্লেস্ক (চিবা কোম্পানীৰ দ্বাৰা নিৰ্মিত), প্ৰবেনথিন ( চাৰ্লেৰ দ্বাৰা নিৰ্মিত)৷ এতিয়া বজাৰত উপলব্ধ এন্টিক’লিনাৰ্জিক দৰৱ কিছুমান হ’ল গ্লাইকোপাইৰ’লেট (‘ৰবিনেল’), অস্কিবুটাইনিন(‘ডাইট্ৰপান’), প্ৰপানথলিনব্ৰমাইড(‘প্ৰবেনথিন’), বেঞ্জট্ৰপিন (কগেনটিন), মিথানথেলিন৷ এই ক্ষেত্ৰত আমাৰ কবলগীয়া কথা হ’ল যে ৰোগীয়ে নিজাববীয়াকৈ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰৱ ব্যৱহাৰ কৰিব নালাগে৷ চিকিৎসকে প্ৰতিজন ব্যক্তিয়ে খাবলগীয়া দৰৱৰ পৰিমাণ, সময় আদি নিৰ্ধাৰণ কৰি দিব৷ এনে ঔষধৰ প্ৰয়োগ বিশেষ দিনৰ বাবে (যেনে বিবাহ, উৎসৱ, পাৰ্টি) বাবে সীমাবদ্ধ ৰাখিব পাৰিলে ভাল৷

বটস্ক বেজী হ’ল বটুলনিয়াম টাইপ-এ নামৰ নাৰ্ভৰ টস্কিন যাৰ প্ৰয়োগে ঘাম ওলোৱা গন্থিৰ স্নায়ুৰ সংযোগ বিছিন্ন কৰি ঘাম ওলোৱা কমায়৷ইয়াৰ ওপৰিও বটস্ক বেজীৰ আজিকালি কচমেটিকত বহুল প্ৰয়োগ হয় বিশেষকৈ মূখমণ্ডলত পৰা বয়সৰ ছাপ (Wrinkles) আঁতৰ কৰিবলৈ৷কিছুমান মূৰৰ বিষৰ চিকিৎসাতো বটস্ক বেজী ব্যৱহৃত হয়৷ঘাইকৈ কাষলতিৰ ঘাম ওলোৱা কমাবলৈ কাষলতিৰ তলত ২০-২৫ ঠাইত এই বেজী দিলে ৬ৰ পৰা ৯মাহলৈ ফলপ্ৰসু লাভ পোৱা যায়৷
অস্ত্ৰোপচাৰ পদ্ধতিত নিৰ্দিষ্ট ঘাম ওলোৱা গ্ৰন্থিক বিভিন্ন পদ্ধতিৰে (যেনে কাটি আতৰাই পেলোৱা – লাইপ’চাকচন, কটৰাইজ কৰা, লেজাৰৰ প্ৰয়োগ কৰি) বিকল কৰা হয়৷ এণ্ডোস্কপিক থোৰাচিক চিম্পেথেক্টমী (ETS) শৰীৰৰ ওপৰৰ অংশৰ আৰু লাম্বাৰ চিম্পেথেক্টমী (LS) শৰীৰৰ নিম্ন অংশৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ফলপ্ৰসু ব্যৱস্থা৷ অপাৰেচন কৰা প্ৰায় ৯৫শতাংশ ৰোগীৰ ক্ষেত্ৰতেই ৯৭শতাংশ উপশম হোৱা দেখা গৈছে৷ কেতিয়াবা নাৰ্ভডাল নাকাটি বান্ধিও ৰখা হয় যাতে পিছত কিবা আৱশ্যক হলে নাৰ্ভডাল পুনৰ সক্ৰিয় কৰিব পাৰি৷ ২০শতাংশৰ পৰা ৮০শতাংশ অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া পাৰ্শ্বক্ৰিয়া হ’ল- শৰীৰৰ আন অংশত বেছিকৈ ঘাম ওলাব ধৰা (Compensatory Sweating )৷
২০১১চনৰ পৰা আমেৰিকাত ইলেক্ট্ৰমেগনেটিক ডিভাইচ (মিৰাড্ৰাই )ৰ প্ৰয়োগ কাষলতিৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে৷ এই পদ্ধতিত ঘাম ওলোৱা গ্ৰন্থিক উত্তাপ দি ( Thermolysis) অৱৰোধ কৰা হয়৷
মোখনিত এটা কথা সকলোকে জনাব খোজোঁ যে ইন্টাৰনেশ্বনেল হাইপাৰ হাইড্ৰচিচ চ’চাইটি (www.sweathelp.org) নামৰ স্বেচ্ছাসেৱী সংগঠনে বিশ্বৰ যি কোনো দেশৰ লোককে এই ক্ষেত্ৰত নানাধৰণৰ বিনামূলীয়া চিকিৎসা পৰামৰ্শ আগবঢ়াই আহিছে৷ ইচ্ছুক লোকসকলে যোগাযোগ কৰি উপকৃত হব পাৰে৷
এই বিষয়ে আজিলৈ ইমানেই৷ আৰু অধিক তথ্য পালে পৰৱৰ্তী সময়ত পাঠকসকলক অৱগত কৰিম৷

ডা০ ভূপেন শইকীয়া
৮ ডিচেম্বৰ, ২০১৪
ডোহা, কাটাৰৰ পৰা

One thought on “স্বাস্থ্যকথা : বেছিকৈ ঘাম ওলোৱা সকলে জানিবলগীয়া কেইটিমান কথা (-ড০ ভূপেন শইকীয়া )

  • December 3, 2020 at 11:49 am
    Permalink

    মোৰ ও হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাৰে ঘাম ওলাই ঘৰ নলবাৰীত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!