সৰস্বতীৰ আন নাম..(- ময়ূৰী দত্ত)

 

আলফুলৰ নিজৰ ওপৰতে খং উঠিল । মহাভাৰতৰ পিছত দিয়া ছিৰিয়েল দুখন চোৱাৰ লোভ সামৰিব নোৱাৰাৰ বাবেই গাধোৱা ভাত খোৱা পলম হ’ল আৰু মইনা মেলো পোৱাগৈ নাই৷ তিনি বাজেই এতিয়া। তাই দৌৰি যোৱাৰ দৰেই গৈছে । ৰাষ্টাত জিতা, মানসী, দেৱাহুতিক পদূলি মুখৰ পৰা ৰিঙিয়ালে । নাই মাকহঁতে ক’লে সিহঁত ওলাই গ’ল । ছেহ, আজি তাইৰ নম্বৰ কটা যাব । ৰাতুলদাই কৈয়েই থৈছে, শ্ৰেষ্ঠ মইনা নিৰ্বাচন কৰোঁতে উপস্থিতি, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, প্ৰতিভা সকলো চাব । জিতা,মানসী, মিণ্টু আৰু পংকজৰ লগত তাইৰ প্ৰতিযোগিতা চলি আছে । তাই কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, ৰচনাত কাকো পৰোৱাই নকৰে । কিন্তু জিতা, মানসীয়ে ভাল নাচে, নাটকো কৰে । আলফুলে নাচিলে অশোক বৰদলৈ ছাৰে তাইক পিছফালে দিয়ে । ওখ বাবে আৰু তাই নাচ শিকা নাই সিহঁত দুজনীৰ দৰে । আৰু এই ল’ৰা দুটা কুইজ, তৰ্কত সদায় আগত , দন্দুৰা দুটা ক’ৰবাৰ । সিহঁত পাঁচোটা একে শ্ৰেণীৰ, সপ্তম মানৰ বাবে মইনা মেলত শেষৰ বছৰ । অহাবছৰ অধিৱেশনত সিহঁতৰ মাজৰ পৰাই শ্ৰেষ্ঠ মইনাৰ বঁটা দিয়া হ’ব বুলি পিণ্টুদাই কৈ থৈছে । তাই ভাবে মাজে মাজে , প্ৰথমবাৰ শ্ৰেষ্ঠ মইনাহোৱা সৰস্বতীবাৰেই ভাল আছিল । কোনো প্ৰতিদ্বন্দ্বী নাছিল । অৱশ্যে বা সকলোফালেই ওস্তাদ । মেট্ৰিকত বহুত ভাল ৰিজাল্ট কৰি এইবাৰ কটনলৈ গৈছে পঢ়িবলৈ । সৰস্বতীবাক আলফুলে তুণবা বুলি ঘৰুৱা নামেৰেই মাতে । তুণবাৰ ভণীয়েক বীণাপাণি আলফুলতকৈ দুশ্ৰেণী ওপৰৰ । তাই অকল পঢ়াতহে ভাল । সিহঁততকৈ আগৰ দুবছৰৰ মইনামেলৰ ল’ৰা-ছোৱালীবোৰে বাহিৰৰ প্ৰতিযোগিতাবোৰত বৰ ভাল কৰিব পৰা নাছিল । সেইবাবে দুবছৰ শ্ৰেষ্ঠ মইনা কাকো দিয়া হোৱা নাই । তাৰ আগতে বাবলীবা আৰু মনজিতদাই পাইছিল ।আজিকালি আলোক সন্ধানী মইনা পাৰিজাতৰ মইনা বুলিলে আন মইনা পাৰিজাতৰ মইনাবোৰে ভয়েই খায় । আলফুলহঁতে অকল ঐক্যতান বিনোদন কেন্দ্ৰৰ মইনাকেইজনলৈ অলপ ভয় কৰে, শান্তনুদাই ইমান কথা শিকায় । যাহ, কথাবোৰ ভাবি থাকোতেই তাই পাই গ’লহি । ৰক্ষা, প্ৰাৰ্থনা কৰিবলৈ সকলো থিয় হৈছে । তাই অনুমতি লওঁতে ধনদাই কেৰাহিকৈ চোৱাতো দেখিও নেদেখাৰ ভাও জুৰিলে । আজি ভালকৈ মন দি থাকিব লাগিব , কথা নপতাকৈ । সভাপতিৰ বাবে বিৰাজে বুলৰ নাম প্ৰস্তাৱ কৰিলে আৰু মাজনীয়ে সমৰ্থন কৰিলে । বুলে বৰ ভয় কৰে । পিণ্টুদাই যোৱা সপ্তাহতে ঠিক কৰি দিছিল যে বুল সভাপতি হ’বই লাগিব । কাৰ্যসূচী আগবাঢ়িল এটা এটাকৈ। আলফুলৰ মনটো উচপিচাই আছে জিতাহঁতক সুধিবলৈ বুধবাৰে সৰস্বতী পূজাত কি মেখেলা চাদৰ পিন্ধিব । পিছে এতিয়া দাদাহঁতে দেখিলে তাইৰ নম্বৰ কটা যাব। এনেয়েও তাই খুব জোৰকৈ হাঁহি ৰখাই থৈছে , মানসীয়ে তাইৰ কাণতে ৰিতুৰ জোকোৱা নামটো কৈ দিছে । জিতাই হাঁহি এবাৰ ৰাতুলদাৰ গালি খালে । ধনদাই প্ৰশ্নোত্তৰ শিতান চলাইছে । আজি তাই দৈনিক জনমভূমিৰ মইনাৰ শিতানটো খৰচি মাৰি পঢ়ি বৰ ভাল কৰিলে । ধনদাই তাত দিয়া গোটেইকেইটা প্ৰশ্নই সুধিলে । বাকী দুটামান তাই নেজানে । বহীখনত উত্তৰকেইটা টুকি ল’লে । ‘সৰস্বতী’ৰ আন এটা নাম কি? ধনদাই সুধিলে । ‘বীণাপাণি’, একমুহূৰ্ত নোৰোৱাকৈ মিণ্টুৱে ক’লে , উত্তৰটো কৈহে সি থিয় হ’ল । ওস্তাদিটো ক’ৰবাৰ , আলফুলৰ টিঙিচকৈ উঠিল খংটো । লগেলগে তাই থিয় হৈ একে উশাহতে ক’লে ‘ সৰস্বতীবাৰ আন নাম তুণ, ভণীয়েকৰ নামহে বীণাপাণি, আমাৰ ঘৰৰ ওচৰতে থাকে , মই জানো । মিণ্টু বকুলপথতহে থাকে ,ই নেজানে ।’ ধনদাই তাইলৈ চাই আছে , ৰাতুলদাই মিচিকিয়াইছে , পিণ্টুদাই কটমটকৈ চোৱাৰ দৰে লাগিল ।

বাকীবোৰেও ইমানকৈ হাঁহিবলৈ ধৰিলে যে আলফুল অঁকৰা লাগিল । পংকজে ডাঙৰকৈ ক’লে ‘ অ’ই আঁকৰী, ধনদাই সৰস্বতীবাৰ আন নাম সোধা নাই , দেৱী সৰস্বতীৰ আন নামহে সুধিছে । ‘ আলফুল থৰ লাগিল, তাৰমানে তাই কথাবোৰ বুজি নেপাই বুলিয়েই ধনদাহঁতে ভাবিব এতিয়া , তাইৰ প্ৰত্যুতপন্নমতিতা শূণ্য বুলি তাই নিজেই বুজাই দিলে , শ্ৰেষ্ঠ মইনাহোৱাতো বাদেই বাকীবোৰে তাইক আঁকৰী বুলি হাঁহিব । তাই প্ৰাণপণে চকুপানী খিনি নোলোৱাকৈ ৰাখিবলৈ চেষ্টা কৰিলে । কন্দা দেখিলে আকৌ বাকীবোৰে নতুন জোকোৱা নাম দিব ‘পেনেৰী ‘।

বি:দ্ৰ: সেইবছৰৰ শ্ৰেষ্ঠ মইনা জিতা, মানসী, মিণ্টু, পংকজ আৰু আলফুল একেলগে হ’ল । ইয়াত উল্লেখিত
ধন দা = গল্পকাৰ, ঔপন্যাসিক অভিজিত শৰ্মাবৰুৱা,
শান্তনু দা= শান্তনু কৌশিক বৰুৱা ,
ৰাতুল দা= মৌচাকৰ জনপ্ৰিয় লেখক, শিশু সাহিত্যিক ৰাতুল শৰ্মা ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!