মিশ্যন চাকচেচফুল (শশাংক মেধি)
নতুন চহৰ এখনত ভাড়াঘৰ বিছাৰি পোৱাটো সাধাৰণ কথা নহয়। যদিও এই বিষয়ত পাৰ্গত হৈ উঠিছোঁ। নিজৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কৌশল প্ৰয়োগ কৰি নতুন চহৰখনত এটা ভাড়াঘৰৰ যোগাৰ কৰিলোঁ। নিজৰ বয়-বস্ত সকলোবোৰ নিজেই থান-থিত লগাব লগা হ’ল। সেয়েহে ৰাতি শোৱাত পলম হ’ল আৰু ৰাতিপুৱা উঠাত। সাধাৰণতে সদায় খোৱাৰ দৰেই কৰ্ণফ্লেক্স খায়েই ব্যস্ত চহৰখনৰ মাজলৈ ওলালোঁ। ক’ৰবাত যদি চাকৰি বিছাৰোঁ আন ঠাইত ভাল শিক্ষানুষ্ঠান, আন ক’ৰবাত ভাল ভাড়াঘৰ। মুঠৰ ওপৰত ব্যস্ত চহৰখনৰ অন্তৰ্ভাগত সকলোৰে দৃষ্টিৰ অগোচৰে ভৱিষ্যতে ডাঙৰ হ’ব পৰা এডাল কাইঁটীয়া গছৰ শিপা পোখাঁলো।
* * * * *
: অনুজ! তুমি ইয়াত?- ব্যস্ত চহৰখনত প্ৰথমবাৰৰ বাবে মোক কোনোৱে মাতিলে।
: ক্ষমা কৰিবΙ আপোনাক থিক ধৰিব পৰা নাই?- অপ্ৰস্ততভাৱে মই উত্তৰ দিলোঁ।
: তুমি অনুজ নহয়জানো? মই ৰিণিকি, পাহৰিলা নেকি? সৰুতে নামঘৰৰ বাকৰিত একেলগে খেলিছিলোঁ। তোমা ক নেদেখা এটা যুগ হ’ল!
: নাই মোৰ থিক মনত পৰা নাই। আপুনি বিচৰাজন চাগে মোৰ দৰে দেখাত একে। সেয়েহে আপোনাৰ ভুল হ’ল।
: কিন্ত মাত, কথা কোৱাৰ স্টাইল, দেখাই-শুনাই সকলোবোৰ একেই…
: প্ৰায় ৭ বিলিয়ন জনসংখ্যা থকা পৃথিৱীখনত দুজন সাইলাখ একে মানুহ থকাতো একো ডাঙৰ কথা নহয়। গুডবায়!
ৰিণিকিয়ে কিবা ক’ব বিছাৰিছিল যদিও ইয়াৰ সুযোগ মই নিদিলোঁ। ব্যস্ত চহৰখনত চিনাকী মানুহ ওলাব পাৰে বুলি কেতিয়াও ভবা নাছিলোঁ। এতিয়া মই আৱেগ-অনুভূতি বুজিব পৰা অনুজ নহয়, ওপৰৱালাৰ নিৰ্দেশ অনুসাৰে কাম কৰি যোৱা এটা যন্ত্ৰমানৱ। অৱশ্যে নিদ্ৰাহীন নিশাবোৰত ৰিণিকিৰ সৈতে পাৰ কৰা দিনবোৰ মনত নেপেলোৱা নহয়।
ল’ৰালিৰ দিনবোৰ কেতিয়াবা সজীৱ কৰিম বুলি উঠা ফটোখনত চাগে মাহতে এডাল ফুলৰ মালা ওলোমাই থৈছে। আকাশত উল্কা দেখি ভন্টিয়ে ছাগে প্ৰশ্ন কৰে “মা মা সেইজন দাদা আছিল নেকি?” মই তেণ্ডুলকাৰ হ’ম বুলি কোৱাত দেউতাই আনি দিয়া ক্ৰিকেট বেটখনবা আছেনে নাই? একালৰ সপ্ৰতিভ চোকা ল’ৰা অনুজৰ চাৰিবছৰ আগেয়েই মৃত্যু হ’ল বুলিয়েই সকলোৱে জানে।
* * * * *
ওপৰৱালাৰ আদেশ কেতিয়াও অমান্য কৰা নাই, যি কামেই সঁপিছে সকলোবোৰ নিয়াৰিকৈ কৰিছোঁ। সেয়েহে ছাগে তেওঁ বিশেষ মিশ্যন বুলিলেই অনুজৰ নামটো মুখলৈ আনে। চহৰখনত চলোৱা সমীক্ষা অনুসৰি মিশ্যনটোৰ বাবে প্ৰয়োনীয় সকলোবোৰ সামগ্ৰী যোগাৰ কৰা হ’ল।
কিছুসময় পিছতেই অসুৰক্ষিত চহৰখন এৰি আন এঠাইলৈ ৰাওনা হ’ম। ওপৰৱালাৰ আদেশমৰ্মে শেষ আই. ই. ডি. টো স্থাপন কৰা ট্ৰেইনখন ধীৰ গতিৰে স্টেশ্যনতোৰ পৰা আতঁৰি যাবলৈ ধৰিছ। কিছুসময় পিছতেই ওপৰৱালাই পাব অনুজ দ্য গ্ৰেটৰ “মিছন চাকচেচফুল” মেছেজ।
কিন্ত ই কি? ট্ৰেইনখনৰ শেষৰ দবাটোতচোন ৰিণিকি। মুহূৰ্ততে মোৰ চকুৰ আগত পৃথিৱীখন তীব্ৰ গতিৰে ঘূৰিবলৈ ধৰিলে। ট্ৰেইনখনে কুণ্ডলিৰদৰে যেন মোক মেৰিয়াই ধৰিছে। মই দৌৰি ৰিণিকৰ ওচৰলৈ যাবলৈ চেস্টা কৰিলোঁ যদিও কোনোৱে বাধা দিলে।
“ঐ ল’ৰা! মৰিবলৈ যাৱ নেকি? ট্ৰেইনখনত বোমা উদ্ধাৰ হৈছে দেখা নাই।”- আৰ. পি. এফ. এজনৰ ধমকিত সম্বিত ঘূৰাই পাই দেখিলো ব্যস্ত চহৰৰ ব্যস্ত ৰেইলৱে প্লেটফৰ্মখন পুলিচ আৰু বোমা নিষ্ক্ৰিয়কাৰী গোট এটাৰে পৰিবেষ্টিত হৈ আছ।ৰিণিকি তাৰ মানে বাচি যাব। সঁচাকৈ মিশ্যন ফেইল হৈও চাকচেচফুল হ’ল।