হাংঝু এছিয়াডত ভাৰতঃ এক অৱলোকন

লেখক- প্ৰশান্ত কুমাৰ বৰা

চীনৰ হাংঝুত অনুষ্ঠিত এইবাৰৰ এছিয়ান গেমছত ভাৰতে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। এইবাৰ দেশবাসীৰ আশা আছিল যে ভাৰতীয় খেলুৱৈয়ে হাংঝুৰ পৰা কমেও ১০০টা পদক লাভ কৰিব। টীম ইণ্ডিয়াৰ খেলুৱৈসকলে দেশক নিৰাশ নকৰিলে। ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে মুঠ ৪১টা ইভেণ্টত অংশগ্ৰহণ কৰে। ভাৰতৰ পৰা মুঠ ৬৬১ গৰাকী খেলুৱৈ হাংঝুলৈ গৈছিল। ইয়াৰে ৩৩৫ গৰাকী পুৰুষ খেলুৱৈ আৰু ৩২৬ গৰাকী মহিলা খেলুৱৈ। এছিয়ান গেমছৰ ত্ৰয়োদশ দিনটোত ভাৰতৰ ১০০ পদক লাভৰ সপোন বাস্তৱায়িত হ’ল আৰু এই ১০০ সংখ্যক পদক আহিল ভাৰতীয় মহিলা কাবাডী দলৰ পৰা।
কিন্তু ভাৰতীয় খেলুৱৈসকল মাথোঁ এশটা পদক লৈয়ে থমকি নৰ’ল। ১০০টা পদক সম্পূৰ্ণ কৰাৰ পিছত এইবাৰৰ এছিয়াডৰ পৰা আৰু ৭টা পদক ভাৰতলৈ আহিল। অৰ্থাৎ হাংঝুৰ পৰা মুঠ ১০৭টা পদক লৈ ঘৰলৈ উভতি আহিব ভাৰতীয় খেলুৱৈসকল।
এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ ১০৭টা পদকৰ বিতং বিৱৰণ এনেধৰণৰ:
১) শ্বুটিং – ৭টা সোণ, ৯টা ৰূপ, ৬টা ব্ৰঞ্জ। মুঠ ২২টা পদক।
২) এথলেটিকছ – ৬টা সোণ, ১৪টা ৰূপ, ৯টা ব্ৰঞ্জ। মুঠ ২৯টা পদক।
৩) ধনুৰ্চালনা – ৫টা সোণ, ২টা ৰূপ, ২টা ব্ৰঞ্জ। মুঠ ৯টা পদক।
৪) স্কোৱাচ – ২টা সোণ, ১টা ৰূপ, ২টা ব্ৰঞ্জ। মুঠ ৫টা পদক।
৫) টেনিছ – ১টা সোণ, ১টা ৰূপ। মুঠ ২টা পদক।
৬) অশ্বাৰোহণ- ১টা সোণ, ১টা ব্ৰঞ্জ। মুঠ ২টা পদক।
৭) ক্ৰিকেট – ২টা সোণ। মুঠ ২টা পদক।
৮) হকী – ১টা সোণ। ১ ব্ৰঞ্জ। মুঠ ২টা পদক।
৯) কাবাডী – ২টা সোণ। মুঠ ২টা পদক।
১০) নৌকাচালনা – ২টা ৰূপ, ৩টা ব্ৰঞ্জ। মুঠ ৫টা পদক।
১১) বক্সিং – ১টা ৰূপ, ৪টা ব্ৰঞ্জ। মুঠ ৫টা পদক।
১২) চেইলিং – ১টা ৰূপ, ২টা ব্ৰঞ্জ। মুঠ ৩টা পদক।
১৩) বেডমিণ্টন – ১টা সোণ, ১টা ৰূপ, ১টা ব্ৰঞ্জ। মুঠ ৩টা পদক।
১৪) ব্ৰীজ – ১টা ৰূপ।
১৫) গ’ল্ফ – ১টা ৰূপ।
১৬) উশ্বু – ১টা ৰূপ।
১৭) মল্লযুঁজ – ১টা ৰূপ, ৫টা ব্ৰঞ্জ। মুঠ ৬টা পদক।
১৮) ৰোলাৰ স্প’ৰ্টছ – ২টা ব্ৰঞ্জ।
১৯) কেন’ইং – ১টা ব্ৰঞ্জ
২০) ছেপাক টাক্ৰ’ – ১টা ব্ৰঞ্জ
২১) টেবুল টেনিছ – ১টা ব্ৰঞ্জ
২২) দবা – ২টা ৰূপ
পুৰুষ খেলুৱৈৰ কৃতিত্বঃ ১৫ সোণ, ১৯ ৰূপ, ১৮ ব্ৰঞ্জ। মুঠ ৫২টা পদক।
মহিলা খেলুৱৈৰ কৃতিত্বঃ ৯ সোণ, ১৭ ৰূপ, ২০ ব্ৰঞ্জ। মুঠ ৪৬টা পদক।
মিশ্ৰিত দলীয় ইভেণ্টৰ পৰাঃ ৪ সোণ, ২ ৰূপ, ৩ ব্ৰঞ্জ। মুঠ ৯টা পদক।
এক কথাত ক’বলৈ গ’লে হাংঝু এছিয়ান গেমছত দেখা গ’ল এক নতুন ভাৰতৰ প্ৰতিচ্ছবি। ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে এছিয়াডত পদকৰ সংখ্যাৰ হিচাপত শতক অতিক্ৰম কৰাই নহয়, পদকৰ তালিকাও অভিলেখেৰে অন্ত পেলায়। এছিয়ান গেমছৰ পদকত ভাৰতে চতুৰ্থ স্থান দখল কৰে।
মুঠৰ ওপৰত টিম ইণ্ডিয়াৰ এইবাৰৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশ উৎফুল্লিত। ইয়াৰ পূৰ্বে ভাৰতে মাত্ৰ দুবাৰহে শীৰ্ষ চাৰিটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে। ১৯৫১ চনৰ এছিয়াডত ভাৰতে প্ৰথমবাৰৰ বাবে ১৫টা স্বৰ্ণসহ ৫১টা পদক লাভ কৰি দ্বিতীয় স্থান দখল কৰে। ১৯৬২ চনৰ গেমছত ভাৰতে ১০টা স্বৰ্ণসহ ৩৩টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰিছিল। আৰু এইবাৰ ২৮টা স্বৰ্ণসহ ১০৭টা পদক লৈ চতুৰ্থ স্থানত আছে আমাৰ দেশ। কেৱল সেয়াই নহয়, ভাৰতীয় দলটোৱে এই দ্বিতীয়বাৰৰ বাবে অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ দৰে বৃহৎ ক্ৰীড়া ইভেণ্টত ১০০টা পদক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতে ১০১টা পদক লাভ কৰিছিল।
এইবাৰ এছিয়াডত ভাৰতে অবিশ্বাস্য সফলতা লাভ কৰিলেও আজি কিছুদিন পূৰ্বে পৰিস্থিতি মুঠেই সুখকৰ নাছিল। আন্তৰ্জাতিক অলিম্পিক সংস্থাই ভাৰতীয় অলিম্পিক সংস্থাক নিৰ্বাচন অনুষ্ঠিত নকৰা আৰু অন্তৰ্কলহৰ বাবে নিলম্বিত কৰাৰো হুংকাৰ দিছিল। অৱশ্যে সেই সকলোবোৰ এতিয়া অতীত। অহা ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ মুম্বাইত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ১৪১ সংখ্যক অধিৱেশন আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতে এক শক্তিশালী অলিম্পিক ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে শেষবাৰৰ বাবে ১৯৮৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ পাছত সুদীৰ্ঘ ৪০ বছৰৰ ব্যৱধানত ভাৰতলৈ ঘূৰি আহিছে আই অ’ চিৰ অধিৱেশন।
এছিয়াডত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শনে ভাৰতীয় অলিম্পিক সংস্থাকো এইদৰেই নৱ সঞ্জীৱনী প্ৰদান কৰিছে। এইদৰেই এতিয়াৰে পৰা এছিয়াদত চীনৰ দপদপনিৰ লগত ফেৰ মৰাৰ লগতে ২০৩৬ চনত ভাৰতত আয়োজনৰ দাবীৰে আগবঢ়া অলিম্পিকত স্বৰ্ণিম ইতিহাস গঢ়াৰ জোৰদাৰ প্ৰস্তুতি আৰম্ভ হৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!