হৰ গৌৰীৰ বিবাহ

হৰ গৌৰীৰ বিবাহ

সৌজন্য- নিতুল বৰা

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ
কালিকা পুৰাণ
বা
হৰগৌৰীৰ বিবাহ

নাৰায়ণং নমস্কৃত্য নৰঞ্চৈৱ নৰোত্তমং।
দেৱীং সৰস্বতীং ব্যাসং ততো জয়মুদীৰয়েত্।।

পদ

বৈশস্পায়ন কহে জন্মেজয়ৰ আগত।
হৰ-গৌৰী বিবাহৰ ভৈলা যেনমত।।
তাৰকাৰ হন্তে দেৱগণে ডৰ পাই।
ব্ৰহ্মাৰ আগত দুখ নিৱেদিলা যাই।।১
তাৰকাই অমৰাৱতী কৰিলেক নষ্ট।
বাৰে বাৰে আমাসাক দিয়া আছে কষ্ট।।
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ।
যাৱে নতু নষ্ট হোৱে সংসাৰ তোমাৰ।।২
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক দেৱগণ।
সংসাৰত তাৰকাক মাৰে কোন জন।।
শিৱৰ বৰত বল বাঢ়িল অশেষ।
সেহিসে কাৰণে সৱে পাই আছো ক্লেশ।।৩
শিৱৰ পুত্ৰৰ হাতে আছয় মৰণ।
হেন জানি লৈয়ো সৱে শিৱত শৰণ।।
সমস্তে বৃত্তান্ত শিৱস্থানে কহিয়োক।
পুত্ৰ জন্ম হৌক শিৱে কন্যা বিবাহোক।।৪
তেৱেসে তাৰকা তান হাতে যাইবে মৰি।
এহিসে কহিলো মই নিষ্ঠে নিষ্ঠ কৰি।।
কহিলো সমস্তে কথা আৱে তোমাসাত।
শঘ্ৰে কহিয়োক যাই শিৱৰ আগত।। ৫
হেন শুনি দেৱগণে শিৱত কহিলা।
তান বাক্য শুনি শিৱে বচন বুলিলা।।
শুনা দেৱগণ মই কন্যা কৈত পাম।
নাই ভাই বন্ধু মোৰ কাহাক পঠাম।। ৬
হেন জানি মই এৰি আচো গৃহবাস।
নকৰো বিবাহ মই থাকিবো উদাস।।
হেন শুনি দেৱগণে বোলে স্তুতি বাণী।
ব্ৰহ্মাৰ আদেশে প্ৰভু আসি আছো আমি।।৭
ভাল চাই একগুটি কন্যা বিবাহোক।
তিনিয়ো লোকৰ অতি যশস্যা ৰহোক।।
ব্ৰহ্মাৰ বচন শুনি মনে ভাবি চাই।
বোলন্ত দিয়োক এক কন্যা ভাল চাই।।৮
কৈত আছে ভাল কন্যা সুধিবা ব্ৰহ্মাত।
সুধি পুছি খুজিবাহা কহিবা আমাত।।
দেৱগণে বোলে প্ৰভু শুনিয়ো সম্প্ৰতি।
হেমবন্তৰ ঘৰে কন্যা আছন্ত পাৰ্ব্বতী।।৯
ৰূপে গুণে অনিন্দিতা সিটো মহাধন্যা।
ব্ৰহ্মায়ে বোলন্ত বিবাহোক সেহি কন্যা।।
শুনি মহাদেৱ হাসি বুলিলন্ত বাণী।
বিবাহ কৰোহো তেন্তে সেহি কন্যা খানি।।১০
তাত হন্তে তেৱে মোৰ পুত্ৰ উপজিব।
তেবেসে তাৰকাসুৰ বিনাশ হুইব।।
শুনি ৰঙ্গে দেৱগণে কৰিলা বিদায়।
ব্ৰহ্মাৰ আগত সৱে কহিলন্ত যাই।।১১
শুনি ব্ৰহ্মা তেতিক্ষণে আনি নাৰদক।
সত্বৰে যয়োক বাপু হেমৱন্তৰ ঘৰক।।
সৱাৰো বচন ৰাখি তাহাৰ জীউক।
মহাৰঙ্গ মনে বিহা দিয়োক শিৱক।।১২
পিতৃৰ বচন শুনি নাৰদ গৈলন্ত।
আকাশ গমনে গই পালা হেমৱন্ত।।
ঘৰত ৰহিলা ঋষিৰাজে জান দিলা।
শুনি হেমৱন্তেক আসি আগবাঢ়ি নিলা।।১৩
আসনে বৈসায়া ৰাজা পাৱ ধুৱাইলন্ত।
সেহি পাদোদক ৰাজা শিৰত লৈলন্ত।।
গন্ধ পু্ষ্প ধূপ দিয়া ঋষিক পূজিলা।
হাসি হাসি গিৰিৰাজে ঋষিত পুছিলা।।১৪
কিবা প্ৰোজনে আসি আছা ঋষিৰাজ।
নাৰদে বোলন্ত শুনিয়োক গিৰিৰাজ।।
শুনিলো জন্মিল কন্যা তোমাৰ ঘৰত।
ব্ৰহ্মাদেৱে কহিবাক পঠাইল তোমাত।। ১৫
বোলে যিটো কন্যা জন্মি আছয় ঘৰত।
সেহি কন্যা খানি বিহা দিয়োক শিৱত।।
সুনি হেমৱন্তে বুলিলন্ত ভাল ভাল।
শিৱ জগতৰ গুৰু জীৱ সৰ্ব্বকাল।।১৬
অলপ বয়স কন্যা আতি অল্পমতি।
তানে আতি শুচি মনে যাকে মানে পতি।।
যদি জীয়ে ভাল দেখে তাইৰ স্বামী ভাল।
ভস্ম অঙ্গে বিভূষিত গাৱ সৰ্ব্বকাল।।১৭
মাথাত আছয় জঁটা গলে মুণ্ডমাল।
ত্ৰিশূল ডম্বৰু হাতে পিন্ধে বাঘৰ ছাল।।
হেনয় লক্ষণ দেখি ভয় নকৰয়।
জানিবা শিৱত দিবো কহিলো নিশ্চয়।।১৮
হেন শুনি ঋষিৰাজে আশীৰ্ব্বাদ কৰি।
দেৱীৰ মন্দিৰে গৈলা তেতিক্ষণে চলি।।
বিৰল স্থানত গৈয়া দেৱীক দেখিলা।
কৰযোৰ কৰি ঋষিৰাজ প্ৰণামিলা।।১৯
শুনিয়োক জগত জননী মহামায়া।।
আমাসাক প্ৰতি কিছু কৰিয়োক দায়া।।
তুমি জগতৰ মাৱ জগত ঈশ্বৰী।
তুমি লক্ষ্মী সৰস্বতী তুমি জগন্ময়ী।।২০
তোমাৰ কটাক্ষে হোৱে জগত সংহাৰ।
এতেকে তোমাক কৰো শত নমস্কাৰ।।
ব্ৰহ্মাৰ আদেশে দেৱগণ আছে যত।
তোমাক বিবাহ দিবে হৰত সন্মত।।২১
হেন বাক্য শুনি দেৱী হাসি মুচুকাই।
ঋষিৰ আগত কথা কহিলা বুজাই।।
শুনা ঋষিৰাজ মই নোহো স্বতন্তৰী।
পিতৃৰ অধীন মই বালিকা কুমাৰী।।২২
পিতৃ যদি দিম বুলি কহিয়া আছয়।
ভজিবো শিৱক মই বুলিলো নিশ্চয়।।
ব্ৰহ্মাৰ আগত তুমি জান নিয়া যাই।
শিৱেসে মোহোৰ স্বামী জানিবা নিশ্চয়।।২৩
এহি বুলি মৌনভাৱ হুইয়া ৰহিল।
মহাৰঙ্গে ঋষিৰাজ তেখনে চলিল।।
ব্ৰহ্মাৰ আগত ঋষিৰাজে কহিলন্ত।
শুনিয়া ব্ৰহ্মাৰ মনে আনন্দ মিলন্ত।।২৪
পুনৰপি ব্ৰহ্মা বোলে শুনিয়ো পুতাই।
মহেশৰ আগে তুমি কহিয়োক যায়।।
শুনি ঋষিৰাজে তেতিক্ষণে চলি গৈলা।
মহেশৰ আগে সব বুজাই কহিলা।। ২৫
ব্ৰহ্মাদেৱে তযু পাশে পাঠাইলন্ত মোক।
হেমৱন্তৰ কন্যা খানি বিবাহ কৰোক।।
ৰূপে লক্ষ্মী সৰস্বতী নোহে সমসৰ।
বদন প্ৰকাশে যেন পূৰ্ণ শশধৰ।।২৬
তোমাৰেসে মনোমত হৈবে সিটো জীয়া।
হেন জানি সেহি কন্যা কৰিয়োক বিায়।।
ভাল ভাল বুলি সৱে প্ৰশংসা কৰিলা।
নমস্কাৰ কৰি ঋষিৰাজ চলি গৈলা।।২৭
পাচে নন্দী ভৃঙ্গীক যে মাতিয়া আনিলা।
ঠগিত কৰিয়া গুৱা-পাণ আনি দিলা।।
বোলে চলিয়োক দূত হেমৱন্ত ঠাই।
তাহাৰ আগত কথা কহিয়োক যাই।।২৮
আমাক দিয়োক বিহা তাহান কন্যাক।
ব্ৰহ্মা আদি দেৱগণে প্ৰশংসয় যাক।।
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলে গৈলা।
হেমৱন্তক দেখি দুয়ো প্ৰণাম কৰিলা।। ২৯
গুৱা-পাণ ঠগি ঘান আগবঢ়াই দিলা।
মহাদেৱে কন্যা খুজে বুলিয়া কহিলা।।
হেমৱন্তে গুৱা-পাণ ভিতৰক নিলা।
মেনকাৰ আগে তাৰ কিছু আনি দিলা।। ৩০
মেনকা বোলয় ইটো কৈৰ গুৱা-পাণ।
কোনে কন্যা খুজিবাক আসে মোৰ স্থান।।
বোলে গিৰিৰাজে কন্যা শিৱক দিলন্ত।
চাৰিদিন বাজে শিৱে বিহা কৰিবন্ত।। ৩১
শুনিয়া মেনকা দেৱী শিহৰি উঠিল।
হেমৱন্তক নিন্দা বাণী বুলিবে লাগিল।।
নাজানানে তুমি মোক কেনে জনী মাক।
আছোক পাবাক ভাত নাপায় মাতক।।৩২
সমস্তে জানয় মই মাক নোহো ভাল।
তোমাৰ সহিতে নিতে লাগে খৰিয়াল।।
ঐ আই মই কিবা শুনিলোহো কাণে।
দৰিদ্ৰ গোটৰ সিটো ৰাখে গুৱা পাণে।।৩৩
ত্ৰিভুৱন মাজে সিটো জোঁৱাই নাপায়।
নঙ্গঠাক দেই জীক দুই চক্ষু খাই।।
এহি বুলি মেনকাই পিতিলা ধপলা।
চিৰাছিৰ হে গৈল কটিৰ মেখলা।।৩৪
শুনিয়ো কুটিয়া বুঢ়া কি কাজ কৰিলি।
পাৰ্ব্বতী জীক তই জুইত পুৰি খালি।।
নাই খেতি-বাতি সিটো সদা মাগি খায়।
শুনি আছো পগলাৰ ঘৰ-বাৰী নাই।।৩৫
চাউল ভাতৰ তাৰ নাই ব্যৱহাৰ।
সদায় কৰয় ভাঙ্গ ধতুৰা আহাৰ।।
নাহিকয় সোণ-ৰূপ বস্তু নাহি ভাল।
গলত মুণ্ডৰ মালা কটিত বাঘছাল।।৩৬
নাহিকে মনুষ্য সঙ্গ ভূত প্ৰেতগণ।
শ্মশানশালত নিতে কৰয় ভ্ৰমণ।।
নাহি তাম পিতল কাঁহৰ লোটা বাটি।
শুনিবাক নাহিকে তাহাৰ খাট পাটি।।৩৭
আসোক জোঁৱাই দেখিবাক মন ভৈল।
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলি গৈল।।৪৯
কহিলা শিৱৰ আগে নমস্কাৰ কৰি।
চলিবাক লাগে প্ৰভু হেমৱন্ত পুৰী।।
দেখিবাক লাগি তাসম্বাৰ মন ভৈলা।
বিলম্ব নকৰি প্ৰভু তৈকে লাগি চলা।।৫০
শুনি মহাৰঙ্গে শিৱ উঠি তাৱক্ষণে।
ভাল ভাল বুলি মাথা জোকাৰয় ঘনে।।
বেতাল ভৈৰৱগণ আছয় যতেক।
বীৰ সাজে কাছি পাৰি সৱে চলিয়োক।।৫১
এহি বুলি শিৱে সমস্তকে আদেশিলা।
আপুনিও বীৰ কাছে কাছিবাক লৈলা।।
বিভূতি আনিয়ে মণ্ডিলন্ত শৰীৰত।
বোকণ্ডিৰ টোনাখান শোভয় গলত।।৫২
কটিৰ বাঘৰ ছাল বান্ধিলন্ত টানি।
তহিতে শোভন নৱ হস্তৰ কিঙ্কিণী।।
আপাদ লম্বিত গলে লৰে মুণ্ডমালা।
কঁকালত বান্ধে দীৰ্ঘ সৰ্পৰ মেখলা।।৫৩
গলত গুলিয়া শোভে ফেটী বাকৰাজ।
জণ্টাত তুলিয়া বান্ধিলন্ত নাগৰাজ।।
কৰ্ণত কুণ্ডল দিলা সৰ্প মনোনীত।
আউল জাউল সৰ্প কেশৰ মাজত।।৫৪
চিকা মৰলীয়া ভৈলা হাতৰ কঙ্কণ।
ইন্দ্ৰজিত সৰ্প ভৈলা হাতৰ ভূষণ।।
বনস্পতি সৰ্প ভৈলা কঁকালৰ জেঠি।
ললাট উপৰে স্থান দিলা মাটিফেটি।।৫৫
হাতৰ বলয়া ভৈলা ক্ষুদ্ৰ নাগগণ।
ৰুদ্ৰাক্ষ স্বৰূপ ভৈল সৰ্প অগণন।।
শকচুৰ ভৈল হাৰ হৃদয়ে সুন্দৰ।
শাকিনী নূপুৰ ভৈলা জানিবা পাৱৰ।।৫৬
এহি ৰূপে ভৈলা সব সৰ্প অলঙ্গাৰ।
ভস্মে বিভূষিত কায় আতি চমত্কাৰ।।
মাথে সুৰেশ্বৰী গঙ্গা কৰন্ত প্ৰকাশ।
কপালত অৰ্দ্ধচন্দ্ৰ কৰন্ত বিকাশ।।৫৭
ত্ৰিশূল ডম্বৰু শোভা কৰে চাৰি হাতে।
পিণাক ধনুক বৰাভয় যে তহিতে।।
স্ফটিক পৰ্ব্বত যেন কাজলৰ ফোঁট।
কণ্ঠত প্ৰকাশে বিষ নামে কালকূট।।৫৮
বৃষভক পিন্ধাইলা বহু অলঙ্কাৰ।
গলে শোভে সৰ্পময় মুকুতাৰ হাৰ।।
সুৱৰ্ণৰ ঘণ্টাচয় আৰিলা গলত।
ৰুণঝুন ৰাৱ কৰে নূপুৰ পাৱত।।৫৯
পিঠিত তুলিয়া তান গাদিক বান্ধিলা।
নানা অস্ত্ৰে-শস্ত্ৰে আনি তহিতে ৰাখিলা।।
এহিমতে বৃষভক সজাই আনি লৈলা।
আগে পাচে যাই ভূতে যোগান ধৰিলা।।৬০
আকাশত দেৱগণে পুষ্পবৃষ্টি কৰে।
মহা ভয়ঙ্কৰ বেশ ধৰিলা শঙ্কৰে।।
অনন্তৰে শিৱে পাইলা হেমৱন্ত ৰাজ্য।
আসিলন্ত জোঁৱাই জানিলন্ত গিৰিৰাজ।।৬১
পূজিলন্ত ৰাজা পাচে বিধি ব্যৱহাৰে।
পূজা অন্তে দণ্ডৱত ভৈলা বাৰে বাৰে।।
শুনা সভাসদ ইটো কিনো অদভুত।
জগতৰ গুৰু শিৱ তান হেন ৰূপ।।৬২
অভেদ শৰীৰ হোৱা ব্ৰহ্মা বিষ্ণু হৰ।
তথাপিও ভিন্ন ভাৱ কৰে অজ্ঞ নৰ।।
সৃজন পালন আৰো সংহাৰ কাৰণ।
ভিন্ন ৰূপে প্ৰকাশন্ত হুয়া ভিন্ন ভিন্ন।।৬৩
হেজ জানি সৰ্ব্বজনে অন্য কাৰ্য্য এৰি।
শিৱ বিষ্ণু বুলি সবে বোলা হৰি হৰি।।

ঝুনা

মেনকা আসিয়া জোঁৱাই দেখি।
বিস্ময় মানিয়া মুদিলা আখি।।
দেখিলো কিনো আতি অদভুত।
মনুষ্য আকাৰ পিশাচ গোট।।৬৪
এহি বুলি দেৱী ভিতৰে গৈলা।
জোঁৱাই শিৱক নিন্দিবে লৈলা।।
আইৰে আই মই কিবা দেখিলো।
জোঁৱাইকে দেখিয়া তবধ ভৈলো।।৬৫
যেন শুনিছিলো দেখোহো তেনে।
এনুৱাক জোঁৱাই বুলিব কোনে।।
আইৰে আই মই কি কাম কৰিলো।
পাৰ্ব্বতী জীক মই জুইত পুৰি খালো।।৬৬
কি কৰিবো মই কিবা উপায়।
ৰাক্ষসৰ সঙ্গে নাথাকো মই।।
এৰিলোহো ঘৰ এৰিলো গৈ।
ফুৰিবোহো মাত্ৰ বাতুল হুই।।৬৭
পৈ হন্তে মোৰ নাহিকে সুখ।
নেওচা কেওচা নাচাওঁ তাৰ মুখ।।
পাৰ্ব্বতী জীয়াৰ নভৈল ঘৰ।
বাপেকে আনিছে কুঠিয়া বৰ।।৬৮
এনে পিশাচৰে ঘৰ নহয়।
কিমতে থাকিব সাপসব লই।।
নাজানি ঘৰত নাই কাপোৰ।
সিহেতু লৱন্ত সাপৰে মেৰ।।৬৯
নাহিকে ঘৰে চুৰিয়া ভাল।
সি কাৰণে পিন্ধে বাঘৰ ছাল।।
নাহি একো ৰূপ সোণৰ মাল।
সিহেতু পিন্ধিছে মুণ্ডৰ মাল।।৭০
নাহিকে ঘোঁৰা হাতী একো যান।
বৃষভত উঠি আসে ই থান।।
দেখিয়েই চিনিলো দৰিদ্ৰৰ চিন।
স্বভাৱ দেখিয়া লাগয় ঘিণ।।৭১
কিমতে ওচৰ চাপিবে আই।
ফেটি সাপে জানো মাৰিবে খাই।।
শাকিনী সাপে মেলিবে ফেট।
ওচৰ চাপিলে মাৰিবে খোট।।৭২
কিমতে নাখাই থাকিব ভাত।
কিমতে লৈব বাঘছাল গাত।।
বাঘছাল নোমে গাত বিন্ধিব।
কিমতে গলত সৰ্প বান্ধিব।।৭৩
হেনয় দৰিদ্ৰক দিলে জীক।
কণা হেমৱন্ত জীৱন ধিক।।
হেমৱন্ত ৰাজা নামক কিক।
হেনয় জোঁৱাই পালা ধিক ধিক।।৭৪
এই ৰূপে বহু বিকৰ্থনা কৰি।
হেমৱন্তক ভত্সে মেনকা সুন্দৰী।।
বৰ্ণিবে লাগিল অনেক ভাৱে।
নকৈলা পদ বিস্তৰক ভয়ে।।৭৫
শুনা সৰ্ব্বজন শিৱৰ চৰিত্ৰ।
জগতকে যিটো কৰে পৱিত্ৰ।।
জানিবা কলিত নামেসে সাৰ।
হৰি হৰি বুলি তৰা সংসাৰ।।৭৬

দুলড়ী

হৰি হৰি বিধি        নকৰিলা সিদ্ধি
মোহোৰ মন বাঞ্ছিত।
পাৰ্ব্বতীৰ যোগ্য        বৰক নিদিলা
সপিলা কাল মুখত।।৭৭
ইটো মিছা বাপ        যেন ঢোৰা সাপ
নাহিকে মনত তাপ।
দশ মাস গৰ্ভে        ভাৰক বহিয়া
মই পাওঁ যত তাপ।।৭৮
অকাৰণে তোক        দুখ কৰি মই
তুলিলো পাৰ্ব্বতী আই।
ইসৱ দুখক        সুমৰন্তে মোৰ
শোকে প্ৰাণ ফুটি যাই।।৭৯
সুৱৰ্ণৰ খাটে        শুতি থাকা আই
দাসীয়ে চামৰ ধৰে।
সুৱৰ্ণ কঙ্কণ        হাতত জ্বলয়
কণ্ঠে সাতসৰি জ্বলে।।৮০
মকৰ কুণ্ডল        কৰে জলমল
পাৱত নূপুৰ জ্বলে।
দশ আঙ্গুলিত        সোণৰ আঙ্গুঠি
হীৰা গলপাতা গলে।।৮১
হেন সব দ্ৰব্য        পৰিহৰি আই
বহু দুখ পাবা তাত।
আন দ্ৰব্য তাৰ        নাহিকে গৃহত
বাঘছাল মাত্ৰ গাত।।৮২
নাহি ধন ধান        শুদা ঘৰ খান
ভাঙ্গ ধতুৰাৰ চাঙ্গ।
ভাঙ্গ জৰা চলা        আছে ডলা কুলা
আৰো ভাঙ্গ খুন্দা ডাঙ্গ।।৮৩
ভাঙ্গৰ সম্বল        মাত্ৰ আছে ঘৰে
অন্য কিছু বস্তু নাই।
খাইবাৰ হেতু        নাই চিৰা পিঠা
সদায়ে ভাঙ্গকে খাই।।৮৪
চাউল ভাতৰ        নাই ব্যৱহাৰ
ভাঙ্গকে ঘুটিয়া খায়।
ভাঙ্গ ঘুটিবাক        নপাৰয় যদি
মাৰিবে ডাঙ্গে কোবাই।।৮৫
ইসব দুখক        সুমৰিয়া মোৰ
শোকশেলে প্ৰাণ যায়।
বিলাপ কৰিয়া        কান্দন্তে কান্দন্তে
ভৈলন্ত বিশ্ৰুতি প্ৰায়।।৮৬
দেখি নৰ-নাৰী        সবে চাপি ধৰি
দাসীগণে আছে যত।
সবে নানা ভাৱে        অনেক প্ৰকাৰে
বুজাৱে মেনকাক।।৮৭
শুনিয়া মেনকা        মাৰিয়া জোকাৰা
সবাকো বুলিলা বাণী।
কাহাৰো কৃপাক        নুশুনয় দেৱী
নখাৱন্ত ভাত পানী।.৮৮
সবাৰো দুখক        দেখিয়া পাৰ্ব্বতী
মনত অসুখ আতি।
ভাবি চিন্তি মনে        মোহোৰ নিমিত্তে
আছে আই কান্দি-কাতি।।৮৯
এহিমতে ভাবি        আসিলন্ত চাপি
তেতিক্ষণে শীঘ্ৰ কৰি।
প্ৰাণাম কৰিয়া        কবিবে লাগিলা
দুই চৰণত ধৰি।।৯০

পদ

বৈশস্পায়ন বদতি শুনিয়ো জন্মেজয়।
মাৱৰ চৰণ ধৰি পাৰ্ব্বতী বোলয়।।
শুনিয়োক মাৱ তুমি সবাতো বিদিত।
মোহোৰ নিমিত্তে শোক কৰা অনুচিত।।৯১
কন্যা ভৈলে দিব লাগে চাই যোগ্য বৰ।
পুত্ৰ ভৈলে পৰকন্যা আনিবেক ঘৰ।।
অৱশ্যে আমাক পিতা পৰে দিবে দান।
বেদৰ নিয়ম এই বিধিৰ নিৰ্ম্মাণ।।৯২
হেন জানি আই তুমি পৰিহৰা শোক।
যৈতে পিতা দিব খোজে তৈতে দিয়া মোক।।
যিটো পূৰ্ব্বে লিখা আছে মোৰ কপালত।
সেহি হৈব যদি পিতা বাধয়ো তাহাত।।৯৩
হেন জানি আই তুমি নকৰিবা শোক।
যাক মোৰ ভাগ্য আছে পাইবো তাহাক।।
মোহোৰ নিমিত্তে আই শোক পৰিহৰা।
হেন জানি আই তুমি মন কষ্ট এৰা।।৯৪
পাৰ্ব্বতীৰ কথা শুনি মেনকা সুন্দৰী।
সমস্ত শৰীৰ তান আসিল শিয়ৰি।।
জানিলোহো আই তোৰ মনৰ বাঞ্ছিত।
দৰা দেখি আই তোৰ উত্ৰাৱল চিত্ত।।৯৫
বাৰু তই যাইবি দেখিবোহো তাৰ সুখ।
ভাঙ্গ খুন্দা টাঙ্গোনেৰে ভাঙ্গিবেক মুখ।।
মাসেকত এক সাজ নপাইবি ভাত।
সাপক পিন্ধিবি বাঘছাল লৈবি গাত।। ৯৬
মই হিয়া ধাকুৰোহো সবে অকাৰণ।
পাগলাক দেখিয়া তোৰ বৰ গৈছে মন।।
ভাঙ্গুৱাক দেখিয়া তোহোৰ গৈছে ইচ্ছা।
মই যে বেজাৰ কৰো সবে কথা মিছা।।৯৭
হেন বাক্য যেতিক্ষণে পাৰ্ব্বতী শুনিল।
লাজ পাই তেতিক্ষণে ভিতৰ পশিল।।
ভিতৰৰ কথা আৱে এহিমানে থওঁ।
বাহিৰৰ কথা যত শুনা তাকে কওঁ।।৯৮
পাদ অৰ্ঘ্য দিয়া ৰাজা শিৱক তুষিলা।
ৰাজাৰ ভক্তিত শিৱ আনন্দিত ভৈলা।।
হাসি হাসি শিৱে পাছে ৰাজাত পুছিলা।
বিবাহৰ দিন বাৰ কিবা স্থিৰ কৈলা।।৯৯
আৰো কিবা দ্ৰব্য লাগিবেক বিবাহত।
তাহাৰ স্থিৰতা কৰি কহিয়ো আমাত।।
হেমৱন্তে বোলে প্ৰভু নাহিকে উপায়।
আছন্ত মেনকা দেৱী শোকতে শুকাই।।১০০
তোমাৰ ৰূপক দেখি আছন্ত ভয়ত।
মাতিলেও মোক ভাল মুখে নেদে মাত।।
হেন জানি আজি প্ৰভু ৰহিয়ো ইঠাই।
মেনকাক চাওঁ মই বঢ়াই বুজাই।।১০১
বিবাহ দিৱয় যদি মেনকাই জীক।
তেতিয়া কৰিয়া দিন বস্তু-বাৰি ঠিক।।
এহি বুলি পাচে ৰাজা উঠি সমাজৰ।
মনে গুণি চিন্তি গই পশিলা ভিতৰ।।১০২
ওচৰ চাপিয়া ৰাজা লগাইলেক মাত।
মেনকাৰ গাৱে পৰে যেন বজ্ৰপাত।।
জানিয়াছো বাপে জীয়ে যিবা লাগে কৰা।
হেন বুলি হেমৱন্তক মাৰিলা জোকাৰা।।১০৩
তুমিও পাইলা খুজি পাগলা জোঁৱাই।
জীয়েও যাবৰ মনে আছে বাট চাই।।
বাপে জীয়ে আলচিয়া কৰা যেন ইচ্ছা।
মই হিয়া ধাকুৰোহো অকাৰণে মিছা।।১০৪
হেমৱন্তে বোলে সতী কোৱা অকাৰণ।
ঈশ্বৰক কৰা তুমি মনুষ্যৰ জ্ঞান।।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি অৱতাৰ।
হৰিবাক লাগি পৃথিৱীৰ মহাভাৰ।।১০৫
ব্ৰহ্মাই সৃজন কৰে বিষ্ণৱে পালয়।
ৰুদ্ৰ ৰূপ ধৰি শিৱে সংহাৰ কৰয়।।
হেন ঈশ্বৰক কৰা মনুষ্যৰ জ্ঞান।
নাহিকয় দুষ্টা তিৰী তোমাৰ সমান।।১০৬
এহিৰূপে হেমৱন্ত অনেক বুলিলা।
শুনি তান বাক্যে মেনকাৰ জ্ঞান ভৈলা।।
বুলিলাহা যদি স্বামী কহিলা স্বৰূপ।
দেখিবাক ইচ্ছা তান কোন নিজৰথ।।১০৭
যদিহে আমাক নিজৰূপ দৰশাই।
তেৱে দিবো মোৰ কন্যা কহিলো নিশ্চয়।।
শুনি হেমৱন্তে শিৱ পাশে চলি যাই।
মেনকাৰ কথাসব কহিলা বুজাই।।১০৮
বুলিলন্ত হৰে শাশু আসোক ইঠাই।
নিজৰূপ মোৰ তেবে দিবোহো দেখাই।।
শুনি হেমৱন্ত ৰাজা গৈয়া বাহিৰক।
ধীৰে ধীৰে উপস্থিত হৰৰ পাশক।।১০৯
কহিলন্ত ৰাজা গৈয়া সমস্তৰে আগে।
ধৰিয়োক নিজৰূপ দেখিবাক লাগে।।
শুনি চলি গৈলা যত ভিতৰৰ শোক।
মেনকাও চলি যান্ত প্ৰবোধি মনক।।১১০
বুলিয়া আছয় আগে কুবাচ্য বচন।
ভয় লাজে সঙ্কুচিয়া কৰন্ত গমন।।
সেহি সময়তে হৰে পূৰ্ব্বৰূপ এৰি।
ভৈলা তেতিক্ষণে চতুৰ্ভুজ ৰূপধাৰী।।১১১
শঙ্খ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ।
কিৰীটি কুণ্ডল হাৰ গাৱে পীতবস্ত্ৰ।।
আজানুলম্বিত বনমালা জ্বলে গলে।
জ্বলে পান্তি শ্ৰীবত্স বহল বক্ষস্থলে।।১১২
হেনয় ৰূপক দেখিলন্ত চমত্কাৰ।
বিস্ময় লাগিল মনে দেখি মেনকাৰ।।
সুনন্দ কুমুদ নন্দ গোপ আদি কৰি।
হেন পাৰিষদগণে আছয় আৱৰি।।১১৩
ভৃঙ্গাৰ ধৰিয়া লক্ষ্মী ধুৱাৱন্ত পাৱ।।
ৰাজা মেনকাৰ দেখি শিহৰিল গাৱ।।
আনন্দতে নেত্ৰহন্ত্ৰে বহি যায় পানী।
কণ্ঠৰ নোলান্ত মাত গদ গদ বাণী।।১১৪
পৰম ভকতি স্তুতি কৰি মহাভাগে।
কৃতাঞ্জলি স্তুতি কৰি পৰিলন্ত আগে।।
ৰূপ দেখি তধা লাগি দুয়ো আছে চাই।
পূৰ্ব্বৰ ৰূপক প্ৰভু ধৰিয়া দুনাই।।১১৫
হেন দেখি মেনকাই মাতে কৰযোৰি।
শুনিয়োক প্ৰভু মই ভৈলো অথন্তৰী।।
নিচিনি নাজানি প্ৰভু বাক্য আছো বুলি।
এতেকে ক্ষমিয়ো প্ৰভু দাসীক সমুলি।।১১৬
হৰে বোলে বাক্য শুনি আছো ৰঙ্গ পাই।
হোহোৰ ঘৰত মনুষ্যৰ সঁচ নাই।।
ভূত প্ৰেত পিশাচৰ মই অধিকাৰী।
এতেকেসে খুজি আছো তোমাৰ জীয়ৰী।।১১৭
এহি বুলি সদাশিৱে ৰাজত সুধিলা।
বিবাহৰ ঠিকনাক কোন দিন দিলা।।
আৰো দ্ৰব্য বস্তু যত লাগে বিবাহত।
তাহাৰ ঠিকনা আৱে কহিয়ো আমাত।।১১৮
শুনি ৰাজা তেতিক্ষণে পুৰোহিত আনি।
কৰিলন্ত বিবাহৰ দিন বাৰ গণি।।
আঘোণ মাসৰ দ্বাদশী তিথি বাৰ।
ক্ষণ যোগে নক্ষত্ৰও হোৱে ভাল আৰ।।১১৯
এহি বুলি দিন বাৰ গণিয়া কহিলা।
বস্তুৰ ঠিকনা ৰাজা কহিবে লাগিলা।।
বোলে মই কত কৈবো যত বস্তু লাগে।
তথাপিতো অল্প কৰি কহিবাক লাগে।।২২০
প্ৰথমতে তামোল লাগয় দুই লক্ষ।
পাণক লাগিবে আৰু গুচি চাৰি লক্ষ।।
গাখীৰ লাগিবে আৰু পাঞ্চ শত ঘট।
চুৰা লাগিবেক তাৰ অৰ্দ্ধ যত ঘট।।১২১
চাউল লাগিবে মাত্ৰ দুই লক্ষ মোন।
তাহাৰ লগত লাগিবেক অনুপান।।
পিঠা ছিৰা আখৈ লাৰু আৰু ভাল চেনি।
সন্দেহ বাতাসা লাগিবেক জেল্পী ফেনী।।১২২
আৰো কন্যাদান বাবে ভোজ লাগিবেক।
তাহাৰ ঠিকনা মই কহিবো কতেক।।
চাউল লাগিবে তিনি লক্ষ মোন মান।
দালি লাগিবেক ভাল তাৰ অৰ্দ্ধখান।।১২৩
সেই চাউল জোখাৰে লাগিবে মাছ কাছ।
হৰিণ বৰাহ হংস আৰো ছাগ মাংস।।
তেল লোণ মছলা লাগিবে দধি দুধ।
লাগিবেক বিবাহে সকলো বিধে বিধ।।১২৪
আৰো লাগিবেক ভাল বস্ত্ৰ অলঙ্কাৰ।
বিবাহত আসিব অনেক পৰিবাৰ।।
যদিবা বিবাহে সিটো নপাৱয় মান।
অৱশ্যে লাগিবে তাসম্বাৰ অপমান।।১২৫
দ্ৰব্য যত লাগে আমি কহিলো বুজাই।
নিদিলে তেতিয়া হুইবে সমাজে বেজাৰ।।
এহিমতে হেমৱন্তে কহিলা বুজাই।
শুনি শলাগিয়া হৰে কৰিলা বিদায়।।১১৬
হৰে গৈয়া কৈলাসত ৰহিলন্ত যায়।
হেমৱন্তে বিবাহৰ কৰিলা উপায়।।
পৰ্ব্বন্ত কন্দৰে দূত পাঞ্চিলা অনেক।
বংশ পৰিয়াল তাৰ আছিল যতেক।।১২৭
সবাকো আনিলা ৰাজা কৰি নিমন্ত্ৰণ।
দূতমুখে শুনি আসিলন্ত সৰ্ব্বজন।।
পৰ্ব্বতৰ বিশ্বকৰ্ম্মা আৰু শিল্পীগণ।
বিবাহৰ সভাখান কৰিলা নিৰ্ম্মাণ।।১২৮
দীৰ্ঘে প্ৰস্থে এক যোজনৰ সভাখান।
খাল বাম সম কৰি কৰিলা নিৰ্ম্মাণ।।
ঘাট বাট পদূলিক সাৰি মাজি আতি।
পদূলি পদূলি দিব্য ঘট থৈলা পাটি।।১২৯
মাটি খানি আনিয়া ৰভাৰ ভেটি পাটি।
শাৰী শাৰী স্ফটিকৰ স্তম্ভ আনি পুতি।।
মাৰলি সাজিয়া দেই শুদ্ধ সুৱৰ্ণৰ।
শাৰী শাৰী ৰুৱা কামি ৰত্ন মাণিকৰ।।১৩০
সুৱৰ্ণৰ গুণা টানি চাল গাঠিয়াই।
নিৰ্ম্মাণ কৰিলা শুক্ল চামৰে বিচাই।।
স্ফটিকে নিৰ্ম্মাণ কৰি কৰিলেক ঘৰ।
ইন্দ্ৰকান্ত ৰত্নে দিলা থানে থানে দ্বাৰ।।১৩১
উপৰত দিলা লক্ষ সুৱৰ্ণ ঘটক।
প্ৰকাশ কৰন্ত চন্দ্ৰ সূৰ্যতো অধিক।।
এহিমতে সভাখান নিৰ্ম্মাণ কৰিলা।
তাহাৰ মাজত হোম ঘৰক সাজিলা।।১৩২
প্ৰাৱলৰ স্তম্ভ দিলা মাণিকে ৰচিত।
শুদ্ধ সুৱৰ্ণৰ চাল সূৰ্য্যসম জ্যোতি।।
সুৱৰ্ণ মুকুতা মণি আঁৰিলা চৌপাশে।
জিলি মিলি কৰে যেন হীৰাৰ প্ৰকাশে।।১৩৩
এহিমতে সভাখান কৰিলা নিৰ্ম্মণ।
স্থানে স্থানে স্থাপিলন্ত সুৱৰ্ণ আসন।।
যাক যেনমতে লাগে বসিবাৰ স্থান।
ভাগে ভাগে থৈলন্ত কৰিয়া অনুমান।।১৩৪
তাতা পাছে সাজিলন্ত নোৱনী ঘৰক।
তাৰ পটন্তৰ দিবে আমি অপাৰগ।।
চাৰি খুৰা বান্ধি আছে পোৱাল বাখৰে।
নিৰ্ম্ম্িলাহা দুই চাল শুদ্ধ সুৱৰ্ণৰে।।১৩৫
মাণিকৰ ৰুৱা কামি ৰজতৰ চৌতি।
প্ৰকাশ কৰন্ত হেন আদিত্যৰ জ্যোতি।।
চিত্ৰ বিচিত্ৰ যে চন্দ্ৰতাপ আছে আঁৰি।
চাৰিফালে ইন্দ্ৰজালে আছন্ত আৱৰি।।১৩৬
সুৱৰ্ণ কদলী ৰুইলন্ত চাৰিপাশে।
ৰত্নময় পিৰা পাৰি ৰাখিলন্ত মাজে।।
এহিমতে সভাখান কৰিয়া সম্পূৰ্ণ।
যাক যিবা কৰিবাক লাগয় অৰ্চ্চন।।১৩৭
যোগ্য অনুসাৰে তাক বিধি ব্যৱহাৰে।
যাতো লোকচাৰে যিটো নিজ ব্যৱহাৰে।।
কৰিয়া আছন্ত ৰাজা বিবাহৰ কৰ্ম্ম।
শাস্ত্ৰ অনুসাৰে সিটো কন্যাদান ধৰ্ম্ম।১৩৮
তাত অনন্তৰে শুনিয়োক সভাসদ।
দূতমুখে বাৰ্ত্তা পাই যতেক পৰ্ব্বত।।
যুৱা বাল্য বৃদ্ধ আদি আসিল সমস্ত।
কোনে লেখা কৰিবেক আসিলেক যত।।১৩৯
তথাপিতো অল্প কৰি কহো কিছুমান।
শুনিয়োক তাসম্বাৰ মুখ্য মুখ্য নাম।।
হিমাদ্ৰি কৈলাস আদি যত গিৰিবৰ।
হেমকূট হেমগিৰি সুমেৰু মন্দৰ।।১৪০
নামগিৰি চিত্ৰকূট গোবৰ্দ্ধন গিৰি।
চিত্ৰাচল চিত্ৰগিৰি আৰু গন্ধগিৰি।।
ঋষ্যশৃঙ্গ মদ্ৰশৃঙ্গ মহেন্দ্ৰ ধৱল।
ৰৈবতক জয়গিৰি গিৰি সুনিৰ্ম্মল।।১৪১
কুণ্ঢগিৰি কামগিৰি মাজগিৰি নীল।
জটাগিৰি বাৰ্ত্তা পায়া আসিল সকল।।
লক্ষ লক্ষ পৰ্ব্বত মনুষ্য ৰূপ ধৰি।
নাতাকিল বাকী আসিলন্ত মেৰুগিৰি।।১৪২
ব্ৰহ্মাণ্ড ভিতৰে যত আছিল পৰ্ব্বত।
বিবাহ দেখিতে লাগি আসিল সমস্ত।।
লাখুটি ধৰিয়া আসিলন্ত বুঢ়া-বুঢ়ী।
জুৰিল আসিয়া সৱে হেমৱন্তপুৰী।।১৪৩
সবেও বসিলা পাৰ্ব্বতীৰ সমীপত।
তাত পাচে আসিন্ত কন্যাগণ যত।।
সৱে কন্যাগণ পাচে হুয়া এক ঠাই।
পাৰ্ব্বতীক নোৱাইলন্ত মঙ্গল কৰাই।।১৪৪
সুৱৰ্ণৰ গৃহে পাৰি ৰত্নৰ পিৰাক।
বসুৱাইলা নিয়া তাত আনন্দে দেৱীক।।
আয়তীসকলে আশীৰ্ব্বাদ তৈল দিয়া।
মঙ্গলৰ ধ্বনি আৰু উৰুলি পাৰিলা।।১৪৫
সেহি সময়তে হেমৱন্ত পুৰীখান।
টলবল ভৈল আতি প্ৰজাৰ নিদান।।
উৰুলি জোকাৰ আৰু উচ্চধ্বনি শুনি।
ধ্যান ভঙ্গ ভৈল অৰণ্যৰ ঋষি মুনি।।১৪৬
হেন মহোত্সৱ ভৈল হেমৱন্ত ঘৰে।
নুহিব নুহিব আৰো সংসাৰ ভিতৰে।।
এহিমতে আনন্দিত নাৰীগণ যত যত।
মেনকাও বসে গৈয়া সৱাৰো মাজত।।১৪৭
লক্ষ লক্ষ বাদ্য বাজে সেহি সময়ত।
মেনকা সুন্দৰী ধৰে সুৱৰ্ণৰ ঘট।।
পৰ্ব্বতীয়া বাজনা বাজৱে ঠাৱে ঠাৱে।
নাৰীগণে নাম গাৱে বাজানাৰ ছেৱে।।১৪৮
পৰ্ব্বতীয়া নাচনীয়ে নাচে ঘূৰি ঘূৰি।
হাতত কাচুটি ধৰি নাচিলন্ত বুঢ়ী।।
আনিলন্ত আকাশী গঙ্গাৰ জল ভৰি।
নোৱনী ঘৰত সুৱৰ্ণৰ পিৰা পাৰি।।১৪৯
এহিমতে বুড়ী-নাৰী কৰন্ত ধেমালি।
পাৰ্ব্বতীক স্নানকৰাইলন্ত জল ঢালি।।
নোৱাই ধুৱাই নিয়া নবীন আসনে।
সুমঙ্গল কৰি বসুৱাইলা নাৰীগণে।।১৫০
বসুৱাই হাতে ফল-কটাৰীক দিলা।
পাৰ্ব্বতীয়া নাৰীগণে সেন্দুৰ পিন্ধাইলা।।
উৰুলি মঙ্গল কৰি আনন্দ কৰন্ত।
ঋষিপত্নগণে বেঢ়ি সুমঙ্গল গান্ত।।১৫১
ভিতৰৰ কথা আৱে এহিমানে থওঁ।
বাহিৰত যেন ভৈলা তাৰ কথা কওঁ।।
বিৱাহক লাগি সৱে পৰ্ব্বত আসিলা।
লেখিতে নপাৰি সৱে পৃথিৱী ভৰিলা।।১৫২
তাসম্বাক সমাদৰ কৈলা বিধিমতে।
বসিবাক থান দিলা সবাৰ মাজতে।।
চৰ্ব্ব্য চোষ্য লেহ্য পেয় আনিয়া দিলন্ত।
খাই দাই ৰঙ্গমনে সৱে বসিলন্ত।।
একাদশ দিন মধ্যে বিবাহ পাতিছে।
এহি দিন মধ্য়ে দ্ৰব্য যত আনি আছে।।
লাগে একগুণ দিয়ে দশ দশ গুণ।
আনন্দ ভৈলেক যত পৰ্ব্বতীয়া জন।।১৫৪
বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
আত অনন্তৰে কথা শুনা আতপৰ।।
বিবাহৰ ব্যৱস্থাক সমস্তে কহিলা।
শুনি মহাদেৱে বুলিলন্ত ভাল ভাগ।।১৫৫
শুনি হৰে তেতিক্ষণে ঘৰে চলি যায়।
দেখিলা ঘৰত আৰো একো বস্তু নাই।।
কি কৰিবো কি মেলিবো মনে উত্পাত।
ভাবিয়া বহুত চিন্তা লাগিল মনত।।১৫৬
দেখা সৰ্ব্বজন কেনে ঈশ্বৰৰ দুখ।
সামান্য নৰৰ তেৱে কেনে হৈব সুখ।।
জগতৰ গুৰু শিৱ জগতৰ কাৰণ।
তেওঁ চিন্তা সাগৰত হোৱন্ত মগন।।১৫৭
হেন জানি সৰ্ব্বজনে এৰা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম।।

ঝুনা

শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
আপোনাক চাই কৰিছে ঘৃণা।।
কি দিবো মই কৰো কিনো কৰ্ম্ম।
গাৱত বস্ত্ৰ সিয়ো ব্যাঘ্ৰচৰ্ম্ম।।১৫৮
হাতে লৈয়া ফুৰো শূল ডম্বৰু।
ঘৰে বাজে মোৰ একেটি গৰু।।
সৰ্পৰ কিঙ্কিনী সৰ্পৰ হাৰ।
সৰ্ব্ব শৰীৰত সৰ্প অলঙ্কাৰ।।১৫৯
কপালে জ্বলে অৰ্দ্ধচন্দ্ৰ কলা।
মনুষ্যৰ মুণ্ডে গাণ্ঠিছো মালা।।
ভূষণ্ডিত আছে ভস্মৰ ধূলি।
তাক দিলে লঘু হৈবো সমূলি।।১৬০
ইহাৰ বাজে বস্তু নাহি আন।
ধতুৰা ভাঙ্গ আছে কিছুমান।।
সিয়ো জানে লোকে সোভৰ আযুধি।
কিবা কৰো আৱে কোনবা বুদ্ধি।।১৬১
কোনে দিব বস্তু কৈতবা পাম।
কাৰ ঘে মই খুজিবে যাম।।
যদি কোনমতে ধাৰ কৰিম।
পাচে কেনমতে ধাৰ সুজিম।।১৬২
নিদিলে বস্তুক পাইবো লাজ।
কেনমতে য়াইবো সভাৰ মাজ।।
জানিলো মোহোৰ নভৈল কাজ।
কনাৰ খুজিয়া পাইলো লাজ।।১৬৩
এৰিবোহো মই হেমন্ত জীক।
যাকে দিব খোজে দিয়োক তাক।।
হেন দেখি কন্যা নোখোজো মই।
ব্ৰহ্মা বাক্য নাৰদে খুজিলা গৈ।।১৬৪
কহিলন্ত আৰো দেৱতাগণে।
ব্ৰহ্মায়ে লঘু কৰিবাক মনে।।
ভৈলোহো লঘু তাসম্বাৰ বোলে।
ধনহীন নাহি মোহোত পৰে।।১৬৫
মই বৰ দিয়া কৰো অচলা।
তথাপিতো মই হওঁ নিচলা।।
ধন লাগে বুলি মনত নাই।
ভাঙ্গ খাই ফুৰো ৰাগি বঢ়াই।।১৬৬
এতিয়াহে জানো ধনেহে বল।
ধন নভৈলে জীৱন নিস্ফল।।
শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
সমস্তে লোকে কাণ পাতি শুনা।।১৬৭
জগতৰ গুৰু শিৱ ঈশ্বৰ।
দেখা ধনহীন কেন লোকৰ।।
আন সামান্য কৰি কৈবো লেখা।
ধনহীন ভৈলে জীৱন বৃথা।।১৬৮
হেন জানি নৰ ধন আৰ্জ্জিবা।
তেবেসে কন্যাক বিহা কৰিবা।।
যদিহে নোৱাৰা ঘটিবে ধন।
গৃহবাসে সুখে নেদিবা মন।।১৬৯
সন্ন্যাসীৰ ভাৱ ধৰি ফুৰিবা।
ঈশ্বৰ চিন্তি তৰিয়া যাইবা।।
এহিমানে থওঁ শিৱৰ ঝুনা।
হৰি হৰি বুলি সমস্তে শুনা।।১৭০

পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে।
এহিমতে মহাদেৱে চিন্তা কৰি আছে।।
পাছে গুণি মহাদেৱে কৰিলা উপায়।
ব্ৰহ্মাৰ পাশক দূত দিলন্ত পঠাই।।১৭১
নালাগে কন্যাক মোক মন মোৰ নাই।
কেনমতে কৈত ধন পাম মই যাই।।
কহিয়োক নন্দী যাই ব্ৰহ্মাৰ পাশক।
আসিয়োক ব্ৰহ্মা শীঘ্ৰে আমাৰ কাষক।।১৭২
তাত গৈয়া কহিবাক তুমি বিষ্ণু আগে।
বিবাহক লাগি শীঘ্ৰে আসিবাক লাগে।।
ভৃঙ্গী চলি যোৱা তুমি দশদিকপাল।
মাতা যাই মোক লাগি আসোক সকল।।১৭৩
সেই পথে যাইবা তুমি পাতালপুৰক।
সৰ্পৰাজ বাসুকীয়ো আসোক বিহাক।।
এহিমতে দূত পাঞ্চি দিলা ভাগে বাগে।
কহিলন্ত দূতে গৈয়া তাসম্বাৰ আগে।।১৭৪
প্ৰথমতে ব্ৰহ্মা গৈয়া পাইল শিৱপুৰী।
দেখে শিৱ বসি আছে অসন্তোষ কৰি।।
ব্ৰহ্মা বোলে আজিৰ সময়ে কিবা দুখ।
আনন্দ সময়ে কিবা দেখো অসন্তোষ।।১৭৫
মহাদেৱে বোলে ব্ৰহ্মা শুনা অভিপ্ৰায়।
তোমাৰ নিমিত্তে মোৰ এনুৱা বিলায়।।
খুজিলাহা কন্যা তুমি যেহি লাগে কৰা।
হেনয় অৱস্থা মোৰ ভৈল তাৰ পৰা।।১৭৬
তোমাৰ কথাত হেমৱন্ত ঘৰে যাই।
কি কহিবো হেন মই আছো লাজ পাই।।
যিহোক সিহোক তাৰ এৰি আছো দায়।
যত বস্তু খুজি আছে মোৰ ঘৰে নাই।।১৭৭
নিদিলেও বস্তু মোৰ লাগিবেক লাজ।
হেন জানি ছোৱালীৰ এৰি আছো কাজ।।
ব্ৰহ্মা বোলে স্ৰজি আছো ব্ৰহ্মাণ্ড চৈধ্যয়।
ইটো কোন ক্ষুদ্ৰ দ্ৰব্য বিবাহে লাগয়।।১৭৮
হেমৱন্তে বস্তু খুজি আচে যত গুণ।
দিবোহো তাহাত কৰি আৰু দশ গুণ।।
তাক লাগি খেদ তুমি নকৰা মনত।
এতিক্ষণে আনি দিবো বস্তু লাগে যত।।১৭৯
এহি বুলি ব্ৰহ্মাদেৱে কহিলা হৰত।
তেবেসে সন্তোষ ভৈল হৰৰ মনত।।
আসিলন্ত দেৱগণে নিমন্ত্ৰণ পাই।
বিষ্ণু সমন্বিতে আসি ভৈলা এক ঠাই।।১৮০
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি কুবেৰ বৰুণ।
দশদিগপাল যম আসিল তেখন।।
যক্ষ ৰক্ষ পিসাচ দানৱ ভূত প্ৰেত।
পাতালৰ নাগগণ আৰো সৰ্প যত।।১৮১
বিভীষণ আসিলন্ত ৰাক্ষসৰ ৰাজা।
লগে লৈয়া ৰক্ষ লক্ষ লক্ষ কোটি প্ৰজা।।
যেই মনুষ্যক পাইলে ৰাক্ষসে খাৱয়।
সেহি মনুষ্যৰ সঙ্গে ভৈলা এক ঠাই।।১৮২
এহিমতে সবে আসি একস্থান ভৈল।
সবাকো সম্বোধি ব্ৰহ্মা বুলিবে লাগিল।।
সবে দেৱগণে বিবাহৰ বস্তু দিয়া।
তেবেসে হইবেক জানা মহেশৰ বিয়া।।১৮৩
শুনি তেতিক্ষণে দেৱগণে আজ়্া পাই।
আনিলা বস্তুক সবে দূতক পঠাই।।
প্ৰথমতে বিষ্ণুৱে দিলন্ত গুৱা-পাণ।
ব্ৰহ্মা দান কৰিলন্ত চাউল লক্ষ মোন।।১৮৪
ইন্দ্ৰে দিলা দধি দুগ্ধ আৰো ঘৃত চিনি।
যতেক লাগিল গুৰ চন্দ্ৰে দিলা আনি।।
সূৰ্য্যে দিলা চিৰা পিঠা সন্দেহ কড়াই।
আউৰ সম্ভাৰ দিলা অনেক দমাই।।১৮৫
কুবেৰ দিলেক কিছু সুৱৰ্ণ ৰতন।
মাছ কাছ পহু আদি দিলেক বৰুণ।।
সৰ্পৰাজে দিলে আনি বস্ত্ৰ অলঙ্কাৰ।
বিভীষণে দিলে বহু প্ৰৱালৰ ভাৰ।।১৮৬
যমৰাজে দিলে মুণ্ডমালা সাত ধাৰ।
বিশ্বকৰ্মাই বিচাৰিয়া দিলে বাঘছাল।।
এহিমতে গাৱে গাৱে দিলা আগে যাই।
যতেক দিলেক বস্তু লেখন নাযায়।।১৮৭
হেমৱন্তে বস্তু খুজি আছে যতমান।
শিৱৰ প্ৰসাদ বলে ভৈল শতগুণ।।
হাতী ঘোঁৰা ৰথ আদি আনিলন্ত যাই।
তাহাত তুলিয়া বস্তু দিলেক পঠাই।।১৮৮
বস্তুক সজাই লগে দিলেক বায়ুক।
বোলন্ত গটাই তুমি দিবাহা ৰাজাক।।
শুনি বায়ু সেহি বস্তু সঙ্গে চলি গৈলা।
সব দ্ৰব্য হেমৱন্তক গটাইয়া দিলা।।১৮৯
ভৰিল হেমৱন্ত পুৰি দেখিয়া বিস্ময়।
জোৱাৰৰ জল যেন দেখি লাগে ভয়।।
পথতে চলিছে কতো ৰথত তুলিছে।
দমাই দমাই দ্ৰব্য আনিব লাগিছে।।১৯০
হিমালয় পৰ্ব্বতত হেমৱন্ত পুৰী।
তহিলৈকে লানি যেন পৰুৱাৰ শাৰী।।
যেন নদী স্ৰোত বহে নাহিকয় ছেদ।
সেহিমতে নাহিকয় ৰাতি দিন ভেদ।।১৯১
হেমৱন্তে বোলে বস্তু থৈবে নাহি ঠাই।
বাকী যত আছে মানে নিয়ো ওলোটাই।।
এহিমতে হেমৱন্তে আমনিক পাই।
যাৰ মনে যেই কৰে উলটি নাচাই।।১৯২
এহিমতে বিবাহৰ বস্তু দিয়া আছে।
আত অনন্তৰে কহো যেন ভৈল পাচে।।
ব্ৰহ্মাদেৱে বোলে বায়ু বচন শুনিয়ো।
খোৱা লোৱা দ্ৰব্য বস্তু সম্ভাৰ আনিয়ো।।১৯৩
যিবা যত আসিয়াছে ভাল মন্দ লোক।
সমস্তকে নিয়া আৱে ভোজন কৰোক।।
সম্প্ৰতি আসন্ত বিভীষণ মহাৰাজ।
লগত আসয় তান বহু লক্ষ প্ৰজা।।১৯৪
জানিবাহা তাসম্বাৰ যিবা কিছু লক্ষ্য।
হেন জানি ৰাক্ষসক দিয়া কিছু ভক্ষ্য।।
বৰাহ হৰিণ ছাগ কাছ মাছ মাংস।
ইসবক ভুঞ্জি তাৰা পাওক সন্তোষ।।১৯৫
সৰ্পৰাজ অনন্তও আছন্ত আসিয়া।
সন্তোষ কৰিয়ো তাসম্বাক ভক্ষ্য দিয়া।।
ৰাজৰ্ষি ব্ৰহ্মাৰ্ষি আৰো মুনি আছে যত।
দিয়া সমস্তকে দধি দুগ্ধ মধু ঘৃত।।১৯৬
শুনি বায়ু তেতিক্ষণে দ্ৰব্য বস্তু আনি।
যাৰ যেন যোগ্য তাঙ্ক দিলা ভিন্নে ভিন্নি।
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
কাই বই সবাৰো নচলে হাত ভৰি।।১৯৭
এহিমতে সমস্তকে ভুঢ্জাইয়া আণ্টাইল।
তাত পাছে ঋষিপত্নীগণ খুৱাইল।।
তাত পাছে সমস্তকে গুৱা পাণ দিলা।
এহিমতে ভোজনক সমাপন কৈলা।।১৯৮
পানী তুলিবাক পাচে উদ্যোগ কৰিলা।
যতেক আছিল নাৰী সবেও লৰিলা।।
ষাঠি লক্ষ বাজনাক নিয়োজন কৰি।
ঢাক ঢোল মৃদঙ্গ গোমুখ শঙ্খ ভেৰী।।১৯৯
বীণা বেণু ডবা কাঁহ তবলা মন্দিৰা।
তানপুৰা ক্ষেমা আদি বাদ্য সুধাধাৰ।।
স্বৰ্গ মৰ্ত্ত্য পৃথিৱীত যতেক আছয়।
সমস্তকে একঠাই কৰিয়া বজায়।।২০০
ঋষি মুনি-পত্নী আৰো অপেস্বৰা যত।
গন্ধৰ্ব্ব ৰাক্ষস অসুৰৰ ভাৰ্য্যা যত।।
লক্ষ্মী সৰস্বতী দুয়ো গৈলন্ত মধ্যত।
লক্ষ্মীদেৱী লৈলা কাষে সুৱৰ্ণৰ ঘট।।২০১
ডুনৰীক লৈলা মাথে

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!