ৰছী কটা ছিলাৰ দৰে (জ্যোতিৰ্ময় দত্ত)

Jyotimoy Dutta

ৰছী কটা ছিলাৰ দৰে
ছটফটাই ছটফটাই ক’ৰবালে কজলা
মেঘৰ আৰে-আৰে
নীলা সপোন এটা উৰি গ’ল

কুহুমীয়া বতাহচাতিক কাঢ়ি
নিয়া সময়েই
কাৰোবাৰ বুকুলে দলিয়াই
দিলে যন্ত্ৰণা

বিষাদ গধূৰ সন্ধিয়াবোৰ নামি অহাৰ
লগে-লগেই
ধাকি থলে এন্ধাৰে মনৰ
আকাশ

আৰু
গাত মেলি দিলে নিয়ৰৰ শুদ্ধবগা
এৰীচাদৰ এখন |

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!