সম্পাদকলৈ চিঠি (ৰঞ্জিতা গগৈ)
সাহিত্য ডট অৰ্গ
বিষয় :- প্ৰাক -বৈবাহিক সম্বন্ধ
আদৰণীয় সম্পাদক মহোদয়
আশাকৰো এক চিন্তনীয় বিষয়ৰ ওপৰত মোৰ বক্তব্য সাহিত্য আলোচনীত প্ৰকাশ
কৰিব ৷ আজি কিছুদিনৰ পৰা যৌন শিক্ষাৰ প্ৰসাৰৰ বাবে সকলো উঠিপৰি লগা পৰিলক্ষিত হৈছে। প্ৰকৃততে যৌন শিক্ষা কিমান প্ৰয়োজনীয় ? মোৰ দৃষ্টিত ক্লাছ নাইনত পঢ়াসকলৰ বাবে হৰমন পৰিবৰ্তনৰ কথাখিনিয়েই যথেষ্ট। বেছিকে শিকাব লগীয়া নাথাকে। যিটো প্ৰাকৃতিক । সকলোয়ে সৰুৰে পৰা চৌপাশত উমলি থাকোতেই বুজি পায় তাক পাঠ দিয়াৰ প্ৰয়োজন নাই। তাৰ সলনি দিব লগীয়া জ্ঞান হ’ল বিবাহৰ আগত কুমাৰীত্বৰ কিমান প্ৰয়োজন ?
গনেশগুৰিৰ এগৰাকী গাইন’লজিষ্টৰ ভাষ্য…আপোনালোকে আকনমানতে ভয় খায়,দেখিছেনে সেই ইউনিফৰ্ম পিন্ধা ছোৱালীজনী এইমাত্ৰ এবৰচন্ কৰি ওলাই গ’ল…সেইযে বহি আছে..তাইয়ো বহি আছে একে কাৰণত…শুনিলে মুৰ ঘুৰাই যাব আপোনাৰ । আমি পিছে আগৰ দিনৰ মানুহ। পুৰণা হৈছো। দেখিছোঁ বিয়াৰ আগতে কুমাৰীত্ব হেৰুৱাই পিছত বিভিন্ন সমস্যাত ভোগা মানুহ। প্ৰথম এবৰচন্ কৰিলে পিছত সন্তানৰ সমস্যাত ভোগা ছোৱালী দেখিছোঁ। ভাবিলে আচৰিত লাগে ,লৰা এটাৰ বিয়া ঠিক হৈছে। মুকলি কথা তাইৰ বয়ফে্ৰন্ড আছে । মাজে মাজে হয় সিহঁতৰ মাজত সেয়া হয় ! তাইক কামৰ ঠাইৰ পৰা সি অনা নিয়াও কৰে। সচাঁ ঘটনা । শুনি মোৰ চকু কপালত উঁঠে । কি আচলতে এইবোৰ ? তেন্তে বিবাহ নামৰ বন্ধনৰ প্ৰয়োজন ক’ত ? এই বান্ধোন হেৰাই যোৱা সকলক মই আলোচনালে অনা নাই । এইবোৰ পৰা আমাৰ পৰিত্ৰাণ পোৱা উপায় হিচাপে মই এটা কথা বিবেচনা কৰো – বিবাহৰ আগত ছোৱালী এজনীৰ বাবে কুমাৰীত্বৰ কিমান প্ৰয়োজন তাৰ সজাগতাৰ সৃষ্টি কৰক। সুন্দৰ ভাষা প্ৰয়োগ কৰি শ্ৰেণীত দ্ৰুতপাঠ হিচাপে দিয়ক। বিশেষ কিছুমানৰ বাদে লৰাৰ সংযম ছোৱালীতকে অলপ কম বুলি ভাবো । বেয়া নাপাব । সেয়েহে তেওঁলোকক সংযম সাধনাৰ সৰু সৰু পাঠ দিয়ক। এই বিষয়ত সজাগতাৰ মাধ্যম বাতৰি কাকত। মই বহুত ক্ষেত্ৰত লিখি সফল হৈছো। শিক্ষা বিভাগৰ চকুত পৰে কেতিয়াবা । কথাখিনিত কিমান যুক্তিযুক্ততা আছে, নিশ্চয় চাব। কাৰণ যুগৰ লগত আমাক সমাজখনো লাগিব। এখন সুন্দৰ সমাজ। যৌনতা সকলোৰে প্ৰিয় বিষয়। কিনতু তাৰ পৰা যাতে হতাশা নামি নাহে নতুন পুৰুষৰ তাৰ বাবে আমি চিন্তা কৰাটো সমিচীন হ’ব।শেষত আপোনাক ধন্যবাদ জনাই চিঠিখন সামৰিলোঁ ৷
ইতি
ৰঞ্জিতা গগৈ
গুৱাহাটী