চলো দিল্লী’ – অলপ গতানুগতিকতাৰ পৰা ভিন্ন কথাছবি (ডা০ ভূপেন শইকীয়া)


২০১১চনত মুক্তি পোৱা কম বাজেটৰ এই ছবিখন কালি এটা চেনেলত চোৱাৰ সুযোগ ঘটিল৷ চিনেমাখন আৰম্ভণিৰ পৰা শেষলৈ এবাৰলৈ আসন ত্যাগ নকৰাকৈ উপভোগ কৰিলোঁ৷ নেটত খুচৰিলে লিংকটো বিচাৰি উলিয়াই আগ্ৰহীলোকে চাব পাৰে বুলি দুকলম লিখিবলৈ ললোঁ ৷
নায়িকা মুম্বাইৰ এটি বৃহৎ কোম্পানীৰ মুখ্য বিষয়া ৷ বিমানেৰে মুম্বাইৰ পৰা দিল্লীলৈ ৰাওণা হওতে অনিবাৰ্য কাৰণত নিশাৰ সময়তেই জয়পুৰত অৱতৰণ কৰিবলগীয়া হ’ল৷ নায়িকাই প্ৰি-পেইড টেক্সিৰে অকলে জয়পুৰৰ পৰা দিল্লীলৈ ৰাওণা হয়৷ তেওঁ অসীম সাহসী নিজকে ’অবলা’ বুলি কেতিয়াও নাভাবে৷ বাটত মন্নু গুপ্তা নামৰ ব্যৱসায়ীজনক পৰিস্থিতিবশতঃ টেক্সিত উঠাই লবলগীয়া হয়৷ কাহিনীৰ আচল ৰোমাঞ্চ এইখিনিৰ পৰাই আৰম্ভ হয়৷ ভাগৰুৱা নিদ্ৰাতুৰ টেক্সি ড্ৰাইভাৰক আঁতৰাই চালকৰ আসনত বহে মন্নু গুপ্তা৷ বাট ভুল কৰি ওলোটা পথেৰে যাওতে টেক্সিৰ বিজুটি ঘটে৷ টেক্সি ভাল হোৱালৈ প্ৰতীক্ষা কৰাৰ সময়খিনি কটাবলৈ এখন ট্ৰাকত দুয়ো উঠি হাইৱেৰ এখন ধাবালৈ আহে৷ ধাবাত নিগনি, সাপ, পইতাচোৰা, শিয়ালৰ আতংকৰ মাজত অনেক ধেমেলীয়া দৃশ্যৰ অৱতাৰণা হয়৷ চাইকেললৈ মন্নু গুপ্তাই টেক্সিখন ভাল হ’লনে নাই চাবলৈ যায়৷ টেক্সি ভাল নোহোৱা দেখি নিজৰ বাকচ আৰু বেগ উঠাই লৈ আহে৷ কিন্তু সহযাত্ৰী নায়িকাৰ বেগটো আনিবলৈ পাহৰে৷ কিছু দূৰৈত থকা ৰেলষ্টেচনলৈ বুলি উটৰ গাড়ী আৰু বাচেৰে যাত্ৰা কৰে৷ ৰেলৰ টিকট কাটিবলৈ লৈ নায়িকাই গম পায় পাৰ্চটো ফাটি টকা কৰবাত পৰিল৷ ৰেলখন ইতিমধ্যে চলিবলৈ আৰম্ভ কৰিছে৷ মন্নু গুপ্তাই ৰেলৰ চেইন টানি নায়িকাক ৰেলত উঠায়৷ বিনা টিকটৰ সমস্যাটো মন্নু গুপ্তাই সমাধান কৰে যদিও টিটিৰ দূৰ্নাম গোৱাত ৰেলৰ চেইন টনাৰ অপৰাধত দুয়োকে ৰেলৱে পুলিচত জমা দিয়ে৷ ডকাইতে নিজৰ সংগীৰ সৈতে দুয়োকে উদ্ধাৰ কৰে৷ ডকাইতৰ হাতৰ পৰা মুকলি হৈ সৰু চহৰ এখনৰ হোটেলৰ এটা কোঠাত দুয়ো আশ্ৰয় লয়৷ হোটেলৰ পৰা মোবাইল চাৰ্জ কৰিবলৈ সক্ষম হোৱাত নায়িকাই দিল্লীত প্ৰতীক্ষাত থকা গিৰিয়েকক মাতি পঠায়৷ কিন্তু দুটা দলৰ সংঘৰ্ষৰ ফলত চহৰখনত কাৰফিউ হয়৷ অৱশেষত নায়কে আহি নায়িকা আৰু মন্নু গুপ্তাক নিজৰ গাড়ীৰে দিল্লীলৈ লৈ আহিবলৈ সক্ষম হয়৷ দিল্লীত আহি পাই নায়িকাই উদঘাটন কৰে যে হাঁহিমাতি থকা মন্নু গুপ্তা পৰিবাৰ যোৱা দুটা বছৰ ধৰি ক’মাত আক্ৰান্ত হৈ শয্যাশায়ী৷
নায়িকা লাৰা দত্তৰ সৈতে মন্নু গুপ্তাৰ অভিনয় কৰা বিনয় পাঠকৰ অভিনয় চিনেমাখনৰ এক সম্পদ৷ চিত্ৰ সমালোচকে এই চিনেমাখনক ৫ৰ ভিতৰত ৪ৰে মূল্যাকংণ কৰিছে৷ অকবৰ নোচোৱা পাঠকসকলে এই ভিন্নসুৰী চিনেমাখন উপভোগ কৰিলে সময়খিনি অথলে নাযাব বুলি মোৰ ধাৰণা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!