অৰণ্যাতুৰ গাথা — বিদিশা মহন্ত
এখন প্ৰাচীন অৰণ্য। কিমান পুৰণি কোনেও ক’ব নোৱাৰে। ইতিহাসে ঢুকি পোৱাৰ আগৰে পৰাই থিয় হৈ আছে শেলুৱৈৰঙী গাৰে অৰণ্যৰ প্ৰহৰী হৈ বিশাল ৰুদ্ৰাক্ষবোৰ। হাবিখনক সাবটি মুখে মুখে চলি আহিছে ৰূপকথা। অৰণ্যৰ দেৱী লাবাচা এই পবিত্ৰ হাবিখনৰ ৰক্ষক। ইয়াৰ এটাই নিয়ম — –কোনেও ইয়াৰ পৰা একো বস্তু বাহিৰলৈ নিব নোৱাৰে, আনকি এখিলা শুকান পাতো । হাবিখনকে আশ্ৰয় কৰি সৰু গাঁওখন। গাওঁখনৰ লগত হাবিখনৰ সম্পৰ্ক আচৰিত ধৰণৰ। গাওঁখনে হাবিখনক সমীহ কৰে। ইয়াৰ নিৰ্জনতাক শ্ৰদ্ধা কৰে। আৰু একে সময়তে হাবিখনৰ প্ৰতি অনুভৱ কৰে বিষাদ কোমল কৰুণতা। গাঁওৰ প্ৰতি ঘৰৰে কোনোবা নহয় কোনোবা এজন শুই আছে হাবিৰ বুকুতে। এইখন হাবিতে বছৰ বছৰ ধৰি সিহঁতৰ পূৰ্বপুৰুষসকলো শুই আছে। গ্ৰেচীৰ আইতাক -ককাক –মাক -সকলো।
সিহঁত লিংডো জাতিটোৰ বাবে বৰ পৱিত্ৰ এইখন হাবি। হাবিখন দেও লগাও !
গ্ৰেচীহঁতৰ ঘৰ গাঁওৰ এমূৰত। হাবিখনেৰে লগলগা। কেতিয়াবা গ্ৰেচীয়ে হাবিখনৰ পৰা ভাঁহি অহা অদ্ভুত সুৰ কিছুমান শুনে। গ্ৰেচীৰ আইতাকে কোৱা মতে সেইবোৰ অশৰীৰী। ভয়ত গ্ৰেচীহঁত তাপ মাৰে। বছৰ বাগৰি যায়। গ্ৰেচী ডাঙৰ হৈ আহে। তাইৰ আৰু সেই মাতবোৰলৈ ভয় নলগা হৈ আহে। আইতাক আৰু পিছত মাকক হাবিত থৈ অহাৰ পৰা হাবিখন তাইৰ বাবে কৰুণ মধুৰ এক স্মৃতিৰ উহঁহে হৈ পৰে। মন গ’লেই হাবিখনত সোমাই তাই মাক আৰু আইতাকৰ সমাধিত ঘণ্টা ঘণ্টা কটাই দিয়ে।
ওখ ওখ গছবোৰত ওলমি ওলমি কৰুণ ফুচফুচনি এটা হাবিখনত ঘূৰি থাকে।
হাবিখন সিহঁতৰ বাবে জীবিকাৰো উৎস। প্ৰতিবছৰে বহুত মানুহ আহে–। চাহ জলপানৰ দোকান দি, গাড়ী চলাই, হাবিৰ ভিতৰলৈ বাট দেখুৱাই নি সিহঁতৰ মানুহ বোৰে যথেষ্ট উপাৰ্জন কৰে।
তাইও এসময়ত সেইটো কাম কৰিছিল। হোৱাই নোহোৱাই ৰ’দ বৰষুণে ধুৱাই থকা হাবিখনত সোমাবলৈ তাই সদায় ছাতি এটা লগত লৈ ফুৰিছিল। ৰাতি পুৱালেই তাই অন্যবোৰ গাইডৰ দৰে মস্ত ছাতিটো লৈ ৰাস্তাৰ কাষৰ দোকানখনতে বহি থাকিছিল। মানুহ আহিলেই সিহঁতৰ মাজত হেতা-ওপৰা লাগিছিল। দাম দৰ কৰাৰ পিছত এটা এটা দল লৈ সোমাই গৈছিল সিহঁত সেই পবিত্ৰ হাবিখনৰ ভিতৰলৈ। এইখন অৰণ্য সিহঁতৰ বৰ মৰমৰ। এইখন হাবিৰ একো হানি বিঘিনি হ’বলৈ সিহঁতে নিদিয়ে। কিমান দিছে এইখন অৰণ্যই সিহঁতৰ মানুহ খিনিক। এইখন হাবিৰ ৰক্ষক বনদেৱী লাবাচা। সিহঁতক নো কোনে ৰাখিছে দেৱী লাবাচাই নহয় নে। দেৱী তুষ্ট হ’লে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ এটাৰ ৰূপ ধৰি আহে। বহুতে বোলে দেখিছেও। কেতিয়াবা দেৱী আকৌ কুপিত হয়। তেতিয়া সাপৰ ৰূপ ধৰি খেদি আহে।
চাইমন বুঢ়াই বৰ ৰস লগাই কোৱা কথাবোৰকে গ্ৰেচীয়ে সৌমিত্ৰক কৈ আছিল।
সৌমিত্ৰ অকলে আহিছিল। তেতিয়ালৈ বেছিভাগ গাইডেই মানুহ লৈ হাবিত সোমাই পৰিছিল। সেইদিনা আহি পাওঁতে গ্ৰেচীৰ অলপ পলম হৈছিল। সেয়ে বিশেষ দৰদাম নকৰাকৈয়ে গ্ৰেচীয়ে সৌমিত্ৰক হাবিখন দেখুৱাবলৈ গাত লৈছিল।
সেউজীয়া বহল পথাৰখন পাৰ হৈ গছ লতাৰে আৱৰা সুৰুকীয়া এন্ধাৰ বাটটোৰে গ্ৰেচীয়ে সৌমিত্ৰক লৈ পবিত্ৰ হাবিখনত প্ৰবেশ কৰিছিল। অভ্যস্ত ভংগীৰে সৌমিত্ৰক গ্ৰেচীয়ে প্ৰতিজোপা গছ — প্ৰতিপাহ ফুলৰ বৰ্ণনা দি গৈছিল। সাপৰ দৰে ফণা মেলি থকা লিলি ক’ব্ৰাৰ জোপোহাবোৰ এৰি সিহঁতে শেলুৱৈৰঙী গাৰ ওখ ওখ গছবোৰৰ তলেৰে খোজ কাঢ়ি গৈছিল। এসময়ত সিহঁতে হাবিখনৰ আটাইতকৈ পৱিত্ৰ স্থান পাইছিলগৈ। জোঙা প্ৰস্তৰ খণ্ডৰে আৱৰা এই পূজাৰ বেদীতে দেৱী লাবাচালৈ পূজা আগবঢ়াই ৰজাৰ অভিষেক কৰা হৈছিল।
চকুৰ পচাৰতে ওখ ওখ গছবোৰত এন্ধাৰ সানি বেলিটোৱে ডুব মাৰিবলৈ যো জা কৰিছিল। লিলি ক’ব্ৰাৰ পাত এখিলা লিৰিকি বিদাৰি সৌমিত্ৰই কৈছিল এই হাবি খনৰ বিষয়ে এখন ডকুমেন্টেৰী কৰাৰ ইচ্ছাৰ কথা। ৰুদ্ৰাক্ষ গছবোৰৰ তলত পৰি থকা ভিন্নমুখী ৰুদ্ৰাক্ষৰ মণিবোৰ দেখুৱাই হিন্দু সংস্কৃতিত ইয়াৰ গুৰুত্বৰ কথাও কৈছিল তেওঁ। শান্তি নিকেতনৰ ছাত্ৰ সৌমিত্ৰ হাজাৰ হাজাৰ বছৰীয়া পুৰণি হাবিখন দেখি বিস্ময় বিমুগ্ধ হৈ পৰিছিল।
সেইদিনা গ্ৰেচীৰ চাংঘৰৰ উমাল জুইকুৰা সাৱতি সৌমিত্ৰই তাইক কৈছিল — য়ু ন’ গ্ৰেচী –দ্য কনচেপ্ত অৱ চেক্ৰেড ফৰেষ্ট ইজ ভেৰী অ’ল্ড। হিন্দু , বৌদ্ধ আনকি জৈন সংস্কৃতিৰ বহু গ্ৰন্থত এই ধৰণৰ পবিত্ৰ অৰণ্যৰ উল্লেখ আছে। আই থিংক দ্য আইডিয়া ইজ এচ’ছিয়েটেড ৱীথ ফৰেষ্ট কনজাৰ্ভেশ্যন।
গ্ৰেচীৰ চকুত নতুন কিবা এটা আবিষ্কাৰ কৰাৰ উত্তেজনা স্পষ্টকৈ ধৰা পৰিছিল।
য়েচ –চ’ ট্ৰু । দেৱী লাবাচালৈ ভয় কৰিহে আজিলৈকে কোনেও পৰি থকা খৰি এটুকুৰা –শুকান পাত এখিলাও হাবিৰ বাহিৰলৈ আনিবলৈ সাহ কৰা নাই। নহ’লে যেনেকৈহে টকলা হৈছে পাহাৰ বোৰ!
গ্ৰেচীৰ ৰঙা মাটি ওলাই থকা পাহাৰবোৰলৈ মনত পৰি দুখ লাগি গ’ল। গছবোৰ কটাৰ পিছত পাহাৰবোৰ দেখিলে এনে লাগে যেন সিহঁতক ধৰ্ষণহে কৰা হৈছে।
পাৰ্বতীৰ পবিত্ৰ শৰবনত বাট ভুল কৰি সোমাই ইল নাৰীলৈ পৰিবৰ্তিত হৈছিল। গ্ৰেচীক হিন্দু মাইথ’ল’জীৰ চেক্ৰেড ফৰেষ্টৰ কথা কৈ থাকোঁতে ইলৰ প্ৰসংগও আনিছিল তেওঁ। সৌমিত্ৰৰ ভাৱ হৈছিল মাজৰাতিৰ চেক্ৰেড ফৰেষ্টখনতো কিজানি বহুতো ৰহস্য সোমাই আছে! ৰাতিৰ হাবিখন চাবলৈ মন গৈছিল সৌমিত্ৰৰ। কথাষাৰ ভাবি সৌমিত্ৰ ৰোমাঞ্চিত হৈ পৰিছিল।
প্লীজ –ৰাতি মোক এবাৰ লৈ যাবা হাবিখনলৈ। আই ৱান্ট টু ফীল দ্য মিথিক চেন্স!
হঠাৎ সৌমিত্ৰই কৈ উঠিল।
ৰাতি! গ্ৰেচীৰ সেই অশৰীৰী চিঞৰবোৰলৈ মনত পৰি গাটো শিয়ৰি গ’ল। ৰাতি তালৈ যোৱাটো উচিত হ’ব জানো– ।
সাধাৰণতে বেলি ডুবাৰ আগে আগে তাৰ পৰা ওলাই অহাটোৱেই নিয়ম। কথাবোৰ ভাবি তাইৰ ভয় ভয় লাগিবলৈ ধৰিলে।
সৌমিত্ৰৰ আগ্ৰহক নেওচা দিবলৈও তাইৰ মন যোৱা নাই। হাজাৰ হওক বাহিৰৰ মানুহ এজনে তাহাঁতৰ নিজৰ হাবিখনৰ প্ৰতি ইমান আগ্ৰহ দেখুৱাইছে। তাতোকৈও ডাঙৰ কথা জোনাক নিশা তাইৰো হাবিখন চাবলৈ মন গৈছে। আজিলৈকে এনেকুৱা সুযোগ অহা নাই।
অৱশেষত কৌতূহলেই জয়ী হ’ল।
শ্লীপিং বেগ আৰু অন্যান্য যাৱতীয় বস্তু লৈ দুয়ো ৰাতি খাই বৈ হাবিলৈ বুলি খোজ ল’লে। অৰণ্যৰ প্ৰবেশ পথতে থকা মন’লিথিক শিলৰ আকৃতিকেইটা ৰাতিৰ এন্ধাৰত বৰ্ম পিন্ধি ৰৈ থকা কোনো ৰক্ষীৰ দৰে লাগিল সিহঁতৰ। অৰণ্য গৰ্ভত প্ৰবেশ কৰাৰ লগে লগে কোমল বতাহ এচাটি দুয়োৰে গা চুই পাৰ হৈ গ’ল। আচৰিত ধৰণে তাইৰ অকণো ভয় নালাগিল। হাবিখনে যেন উমাল আন্তৰিকতাৰে সিহঁতক আদৰি ল’লে। গ্ৰেচীৰ তেনেকুৱাই লাগিল। হাবিখন যেন নিৰাপদ, নিৰ্ভৰযোগ্য! হাবিখন যেন মাক! দিনতকৈ ৰাতিৰ পৰিবেশ বেছি মায়াসনা, বেছি নিবিড়। তাই দেখিলে ওখ ওখ গছবোৰে গান গাইছে –অপেশ্বৰীৰ আঙঠিৰ দৰে ঘুৰণীয়াকৈ শেলুৱৈ ধৰা শিলেৰে সজোৱা পূজাৰ বেদীয়ে গুণগুণাইছে — মাজনিশাৰ জোনটোৱে বাকি দিছে স্নিগ্ধ পবিত্ৰ পোহৰৰ নিজৰা।
তাই গছ এজোপাতে আওজি সৌমিত্ৰলৈ চালে। সৌমিত্ৰ আপোন পাহৰা সন্মোহিত –সমাহিত।
সেই নিস্তব্ধতা ভাঙি তাইৰ হিয়া মথি ওলাই আহিল বা কেৰিয়চ ৱাহলাঙৰ সেই প্ৰাচীন সুৰ
ই চুৰ বা নেহে
ই চুৰ বা নেহে
ই আই বান নাঙ
ই আই বান জু
কোনো বিন্দু বিসৰ্গ বুজি নোপোৱাকৈ সৌমিত্ৰই তাল মিলাইছিল গানটোৰ সৈতে। এক অদ্ভুত মন মুহি নিয়া সুৰ! নামহীন বিষাদৰ সুহুঁৰি বতাহত উৰি ফুৰাৰ দৰে –তীব্ৰ অথচ মধুৰ।
তাই কৈছিল এইটো হাবিখনৰ গান। হাবিখনে মাতে । ইট কলচ মি –ইট লিডচ মি —।
সেই পৰিবেশত হাবিখনৰ ৰহস্যময়তাত ডুবি গ্ৰেচীক কাষত লৈ সৌমিত্ৰইও কুবলা খান আওঁৰাইছিল।
অতিকে পবিত্ৰ আৰু মোহিনী মন্ত্ৰৰে মুহি থোৱা লাহে লাহে ম্লান পৰা জোনৰ তলত সেয়া কাৰ পদধ্বনি? পিশাচ প্ৰেমিকৰ প্ৰতীক্ষাত হিয়ালি জিয়ালি হোৱা কোন সেই নাৰী? সঁচাঁকৈ সেইদিনা মাজনিশা জোনৰ পোহৰ ম্লান পৰিছিল। শাৰী শাৰী প্ৰাচীন গছবোৰে যেন প্ৰাৰ্থনা সংগীত গাবলৈ আকাশ ধিয়াই বাহু মেলি দিছিল। জীৱ জন্তু বলি দিয়া প্ৰস্তৰ খণ্ড বোৰে ছয়াময়া পোহৰত দৈত্য একোটাহঁতৰ আকাৰ ধাৰণ কৰিছিল। সেই অধিভৌতিক পৰিবেশত হাবিখনৰ সৌন্দৰ্য পান কৰিবলৈকে বুলি তাইক কাষতে লৈ বহি আছিল সৌমিত্ৰ –সৌমিত্ৰ দত্ত। অচিন চৰাই, সৰাপাতৰ মৰমৰণি আৰু ঝিলিৰ মাতে গহীন কৰি তোলা ৰাতি তাই আকৌ সৌমিত্ৰক সিহঁতৰ আৰাধ্যা অৰণ্যৰ অধিকাৰিনী দেৱী লাবাচাৰ কথা কৈছিল। এজোপা হাজাৰ বছৰীয়া ৰুদ্ৰাক্ষৰ গাত আওজি বহি সমগ্ৰ ঐকান্তিকতা আৰু বিশ্বাসেৰে লাবাচাৰ কথা বৰ্ণনা কৰি থকা গ্ৰেচী যেন এক মায়াবীনি।
সেই মূহুৰ্তত গ্ৰেচীয়েই সৌমিত্ৰৰ চকুত লাবাচা হৈ ধৰা দিছিল। সেই হাজাৰ বছৰীয়া ৰুদ্ৰাক্ষ গছৰ তলত দেৱী লাবাচাক প্ৰেম নিবেদন কৰিছিল অৰণ্যৰ সৌন্দৰ্য উপভোগ কৰিব খোজা সেই তৰুণ যুৱকে।
পাতেৰে সিয়া মুকুট আৰু ৰুদ্ৰাক্ষ গুটিৰ মণি ধাৰণ কৰি তৰুণ যুৱকৰ মাজত লীন হৈছিল অৰণ্যৰ দেৱী।
নিশাৰ ৰহস্যময় কুঁৱলীৰ অৱসান ঘটাই ঘন সেউজৰ ফাঁকেৰে ৰাতিপুৱাটো আহিছিল।
সলনি হৈছিল যেন অৰণ্যৰ ৰসায়ন। ৰাতিৰ মায়াবী অৰণ্যখন চকুৰ আঁৰ হৈ গৈছিল। বেলিৰ পোহৰত গছবোৰে ধাৰণ কৰিছিল মৌন সন্ন্যাসীৰ বৈৰাগী পোচাক। বতাহ তেতিয়া স্থবিৰ –নিশ্চল –অকম্পিত। পাতৰ মুকুট খহাই ৰুদ্ৰাক্ষৰ গুটি পেলাই গ্ৰেচীয়ে সামৰি লৈছিল অ’ত ত’ত পৰি থকা শীতৰ পোচাক। জ্বলি থকা জুই নুমাই আহিছিল। আৰু গ্ৰেচীয়ে পিন্ধা টুপিটোৰ দৰেই কথাবোৰ সহজ যেন লগা হৈছিল। লাবাচাক হাবিৰ মাজতে এৰি সৌমিত্ৰই পাকঘৰৰ মজিয়াত ধোৱা বলি থকা নুডলচৰ সোৱাদ লৈ গ্ৰেচীৰ লগত হাঁহি ফুৰ্তি কৰি আছিল।
তাৰ পিছতে তেওঁ বাছ ধৰিবলৈ বুলি ওলাই গৈছিল।
সৌমিত্ৰ আৰু ঘুৰি নাহিল। ডকুমেন্টেৰীও কৰা নহ’ল। সপোন এটাৰ দৰে সৌমিত্ৰও যেন ধোঁৱাৰ লগত মিহলি হৈ গ’ল! কেৱল আৱেশ থাকি গ’ল। আৰু সেই আৱেশত বুৰ গৈ থাকোঁতেই গ্ৰেচীয়ে আবিষ্কাৰ কৰিলে তাইৰ গৰ্ভত সন্তান ! কিন্তু কাৰ –তাইৰ নে দেৱী লাবাচাৰ। কি হ’ব এতিয়া? অৰণ্যত অংকুৰিত সন্তান আকৌ যদি অৰণ্যলৈ ঘুৰি যাবলগীয়া হয়! গ্ৰেচীৰ শংকা দিনে দিনে প্ৰবল হৈ আহিল। কিন্তু আচৰিত ধৰণে এনেকুৱা নামহীন ভয়ত ডুবি থাকোঁতেও গ্ৰেচীয়ে সৌমিত্ৰক বিচৰা নাছিল। মাজনিশাৰ অৰণ্যৰ সেই অপাৰ্থিৱ ক্ষণ মনত পেলাই তাই শক্তি গোটাইছিল– চেমুৱেলক ডাঙৰ কৰাৰ –অকলে যুঁজাৰ। সৌমিত্ৰ তাইৰ এক লহমাৰ প্ৰেম। সৌমিত্ৰৰ লগত বাট বুলাৰ কোনো চুক্তিয়েই হোৱা নাছিল। সেয়ে তেওঁৰ প্ৰতি তাইৰ অভিযোগ -ক্ষোভ, বিশ্বাস- আশা একো নাছিল। ঘটি যোৱা ঘটনাৰ দায়িত্ব সম্পূৰ্ণৰূপে তাই বহন কৰি লৈছিল। তাই কেৱল অৰণ্যকে ভাল পাইছিল। অৰণ্যক তাই বিশ্বাস কৰিছিল।
দিনবোৰ পাৰ হৈ গৈছিল — হাবি খন আৰু পুৰণি হৈ গৈছিল। সেই দিন ধৰি তাই হাবিখনত সোমোৱা নাই। সৰু দোকান এখন দি হাবিলৈ ফুৰিবলৈ অহা মানুহখিনিক চাহ ভাতৰ যোগান ধৰি তাই আৰু চেমুৱেল চলি গৈছিল।
আৰু গ্ৰেচীৰ আশংকা অমূলক কৰি চেমুৱেল বিশ বছৰীয়া হ’লহি।
চেমুৱেলৰ এই বিশ বছৰীয়া জীৱনটোত গ্ৰেচীয়ে তাক হাবিখনত এবাৰো সোমাবলৈ দিয়া নাই। কেতিয়াও তাক হাবিখনৰ কোনো কথা শুনোৱা নাই। সি কিবা সুধিলেও অনাগ্ৰহ আৰু ঔদাসীন্যৰে আগ্ৰাহ্য কৰি গৈছে হাবিখনৰ কথা। হাবিখনে মাতি থাকে — মাজনিশা অশৰীৰী চিঞৰবোৰ তাইৰ কাণত পৰে। সন্মোহিত হৈ তাই উঠি যাব খোজে। পিছ মুহূৰ্ততে তাই সম্ভিত ঘুৰাই পায়। বৰ কঠিন — বৰ অপ্ৰতিৰোধ্য হাবিখনৰ এই আকৰ্ষণ অগ্ৰাহ্য কৰা!
ৰাতি পুৱাইছে মাত্ৰ। গ্ৰেচীয়ে ভাত ৰান্ধিছে। এইকেইদিনেই সময়। ঠাণ্ডাও পৰে বেচ ভালকৈ। ঠাণ্ডাৰ আমেজ লৈ ফুৰিবলৈ অহা মানুহো এই সময়চোৱাতে বেছি হয়। ভাল পাৰ্টি পালে মানুহবোৰৰ যথেষ্ট ইনকাম হয়। এইবাৰ কিন্তু মানুহ কম। বেমাৰটোৰ বাবেই মানুহৰ আহ-যাহ কমিছে। তাইৰ দোকানলৈ অহা মানুহো কমি গৈছে। চাহ –জিনবামৰ পৰা আৰম্ভ কৰি বইল কণী, মেগীলৈকে সকলো ৰাখে তাই। টুৰিষ্টবোৰে দুপৰীয়া তাইৰ দোকানত আলুভজাৰে সৈতে গৰমে গৰমে বাঢ়ি দিয়া ভাতসাজ খাই ভাল পায়। যোৱা কেইবাদিনো পিছে তাইৰ ভাত খোৱা মানুহ নাই। আমন জিমনকৈ দুপৰীয়া সময়চোৱা তাই অকলে অকলে বহি থাকে। নাই যি নাই দিনটোৰ বেহা সামৰি আবেলি কথা পাতি পাতি ধোঁৱাই থকা চাহ অকণ খাম বুলি অহা আমলখি, মিৰিকা টেঙা, নগাটেঙা, কমলা, আনাৰস বেচা মানুহ কেইগৰাকীও নাই।
তাই ততাতৈয়াকৈ সিজোৱা স্কোৱাচ দুফাল, ঘৰৰে কণী সিজোৱা আৰু লাইপাত দিয়া কুকুৰাৰ মঙহৰ জোলেৰে ভাতসাজ সজালে। এইবাৰ হেপী ভেলীৰ পৰা কিনা ডাঠ নীলা জেকেটটো পিন্ধি একান্ত মনেৰে ভাত খাই থকা চেমুৱেলক সদায় কোৱাৰ দৰেই তাই দিনে পোহৰে আহিবলৈ সকীয়নি দিলে।
চেমুৱেল কলেজত পঢ়ে। খাচী সাহিত্য তাৰ বিষয়। চেমুৱেলৰ কথা ক’বলৈ পালে গ্ৰেচীক একো নালাগে। কণ কণ চকু দুটা তৰাৰ দৰে উজ্জ্বল কৰি তাই গাঁওৰ মানুহ, দোকানৰ গ্ৰাহক, ভিন ভিন ঠাইৰ পৰা ফুৰিবলৈ অহা মানুহ –সৰু সৰু টুকুৰাকৈ আমলখি,আনাৰস বেচা মানুহ কেইজনী –সকলোকে চেমুৱেলৰ কথা অনৰ্গল কৈ থাকিব পাৰে।
সি পঢ়াত ভাল । সি ভাল গীটাৰ বজায়। সি কবিতা লিখে।
কথাবোৰ কাৰোবাক শুনাবলৈ পালে গৌৰৱ আৰু আনন্দত গ্ৰেচীৰ বুকু ফুলি উঠে।
গ্ৰেচীয়ে একোবাৰ ভাবে, চেমুৱেলৰ গাত দেৱী লাবাচাৰ আশীৰ্বাদ আছে। সেয়ে তাক কোনেও একো অপকাৰ কৰিব নোৱাৰে। এনেকৈ ভাবি তাই সকাহ পায়। কিন্তু হাবিৰ নিয়মটো যে! সেই কথা ভাবিলে তাইৰ অন্ঠ কণ্ঠ শুকাই আহে। হাবিৰ পৰা শুকান পাত এটাও কোনেও বাহিৰলৈ নিব নোৱাৰে। নিয়ম! এবাৰ কি হৈছিল –সত্তৰ চন মানৰ কথা। হাবিলৈ ফুৰিবলৈ অহা সৈনিকৰ দল এটাই হাবিৰ পৰা শুকান কাঠ খৰি অলপ ট্ৰাকত বোজাই কৰি লৈ আহিব বিচাৰিছিল। হাজাৰ চেষ্টা কৰিও কিন্তু ট্ৰাকখন সচল কৰিব পৰা নাছিল । পিছত খৰিবোৰ নমাই হাবিত থৈ অহাৰ পিছতহে ট্ৰাকখন ষ্টাৰ্ট হৈছিল। তাৰো আগতে চেগা চোৰোকাকৈ ভালেকেইটা ঘটনা ঘটিছিল। হাবিৰ পৰা গছ কাটি বেছিব খোজা মানুহ তেজ বমি কৰি মৰিছিল অথবা সৰ্প দংশনত মৰিছিল। গ্ৰেচীৰ দৃঢ় বিশ্বাস সেয়া দেৱী লাবাচাৰ বাহিৰে কোনো নহয়। চেমুৱেলকো যদি দেৱীয়ে লৈ যায়! অজান আশংকাত গ্ৰেচী ধৰফৰাই উঠে।
ইতিমধ্যে দীঘল দীঘল গছৰ আগেদি আবেলিটো পাৰ হৈ গুচি গৈছিল। গ্ৰেচীৰ বুকুৰ ধৰফৰনিটোৰ লগত তাল মিলাই উপত্যকাটোও এন্ধাৰে ছানি ধৰিছিল। চেমুৱেল এতিয়াও অহা নাই। ইমান দেৰি সি কাহানিও নকৰে। কলেজৰ পৰা ক’ৰবালৈ যাবলগীয়া থাকিলে সি দেখোন সদায় মাকক কৈ যায়। গ্ৰেচীৰ মনলৈ নাহিবলগীয়া চিন্তাবোৰ আহিবলৈ ধৰিলে। অলপ দিনৰ পৰা ঠাইখন অশান্ত হৈ আছে। চেমুৱেলে বাৰু সেই ল’ৰাবোৰৰ লগ লৈছিল নেকি ! আজিকালি ইমান জোৰত বাইক চলায় ল’ৰাবোৰে — কিজানি কোনোবাই খুন্দা মাৰি তাক ক’ৰবাত পেলাই থৈ গৈছে! হঠাৎ তাইৰ মনত পৰিল — চেমুৱেলে অলপ দিনৰ পৰা হাবিখনৰ কথা বৰকৈ সুধিবলৈ লৈছিল। তাই আৰু ভাবিব নোৱাৰিলে। বাউলি হৈ তাই ঢাপলি মেলিলে সিহঁতৰ গাঁওৰ চৰ্দাৰ স্নঙৰ ঘৰলৈ ।
গধূলিতে শুই পৰা গাওঁখনৰ মাজেদি দৌৰি যাওঁতে নাচাও বুলিও তাই হাবিখনলৈ চালে। হাবিখনে যেন তাইক আকৌ হাত বাউলি মাতিবলৈ ধৰিলে। গছবোৰে গান গাই গাই যেন বাহু মেলি দিলে তাইলৈ — সন্মোহিত হৈ তাই সকলো পাহৰি হাবিৰ ফালে পোনালে। তেনেতে কাৰোবাৰ বাইকৰ মাতে তাইক আকৌ ঘুৰাই আনিলে বাস্তৱলৈ । মুহূৰ্ততে অচিনাকি লাগি আহিল তাহাঁতৰ চিৰ চিনাকি হাবিখন। তাই আকৌ দৌৰিবলৈ ধৰিলে — গাওঁবুঢ়াক খবৰটো দিব লাগে।
চেমুৱেল উভতি অহা নাই। এই মুহূৰ্তত গাওঁখনৰ বাবে সকলোতকৈ ডাঙৰ খবৰ। হয়। চেমুৱেল কলেজলৈ যোৱা নাছিল। কলেজলৈ বুলি ওলাই সি হাবিত সোমাইছিল। কাৰ লগত গৈছিল –কেতিয়া গৈছিল –হাবিৰ পৰা কিমান সময়ত ওলাইছিল–খবৰবোৰ গুণগুণনি হৈ এন্ধাৰ ৰাতিটো মুখৰ কৰি থ’লে।
ওহো! হাবিৰ পৰা কেতিয়া ওলাইছিল –মন কৰা নাই কোনেও।
তাক হাবিৰ পৰা ওলোৱা দেখা নাই কোনেও।
— সেইখিনিতে চিপচ চিগাৰেট কল্ডড্ৰিংকৰ দোকান দিয়া ডিয়েংদহে ডাঠি ক’লে।
সাধাৰণতেতো এনেকুৱা নহয়। মানুহখিনি বিবুধিত পৰিল।
গ্ৰেচীয়ে হাবিখনলৈ চাই বিৰবিৰাবলৈ ধৰিলে — তাক হাবিয়ে সামৰি ল’লে –হাবিখনে তাক মাতি থাকে — মাতি থাকে। সি মোক কয় । এই হাবিয়ে লৈ গ’ল তাক — হাবিৰ বস্তু আকৌ হাবিলৈ ঘুৰি গ’ল!
এবাৰ হাঁহি এবাৰ কান্দি গ্ৰেচীয়ে কথাবোৰ কৈ থাকিল — কৈয়ে থাকিল।
ভূতে পোৱা মানুহৰ দৰে হৈ পৰা গ্ৰেচীলৈ চাই গাঁওৰ মানুহখিনিয়ে জোঁৰ, টৰ্চ, ম’বাইল যি পাই তাকে লৈ হাবি লৈ যোৱাৰ সিদ্ধান্ত ল’লে। কোনোবাই পুলিচলৈ বাট চোৱাৰ কথাও ক’লে।
মানুহবোৰে গুণাগথা কৰি থাকোঁতেই গ্ৰেচী ঠাইতে বাগৰি পৰিল।
চেমুৱেলক বিচাৰি পোৱা নগ’ল। গাঁওৰ মানুহবোৰৰ লগতে পুলিচেও তন্ন তন্ন কৈ হাবিখনত বিচাৰিলে। শেষত নিৰুদ্দেশৰ গোচৰ এটা ৰুজু কৰি পুলিচেও কৰ্তব্য সামৰিলে।
কেৱল গ্ৰেচীয়ে কৈ থাকিল –তাক লাবাচাই নিলে, তাক লাবাচাই নিলে —।
চেমুৱেল হেৰোৱাৰ তিনি দিনৰ পিছত গাঁওৰ মানুহে দেখিলে গ্ৰেচীয়ে দেওলগা মানুহৰ দৰে গান গাই গাই সন্ধিয়া পৰত হাবিখনলৈ সোমাই গ’ল। কোনেও তাইক ৰখাবলৈ সাহস নকৰিলে।
কেৱল গাওঁখনত বাজি থাকিল তাই গাই থকা সেই অৰণ্যৰ গান–
ই চুৰ বা নেহে
ই চুৰ বা নেহে
ই আই বান নাঙ
ই আই বান জু—-।
—————————————গল্পকাৰৰ টোকাঃ
ই চুৰ বা নেহে
ই চুৰ বা নেহে
ই আই বান নাঙ
ই আই বান জু
(মই ভাল পোৱা গানটোৱে মোৰ অন্তৰক ভৱাই তোলে। ই মোক মাতে –মোক বাট দেখুৱাই নিয়ে–এই সুৰ অতি প্ৰাচীন –আত্মা মথি নিয়া সুৰ এইটো। )
বি.দ্ৰ– কুবলা খান কবিতাটিৰ অনুবাদ গৰীয়সীত বোধহয় বিশ বছৰ মানৰ আগতে পঢ়িছিলোঁ। কাৰ অনুবাদ মনত নাই। শাৰীকেইটা স্মৃতিৰ পৰা লিখা।