অষ্টম অধ্যায়: ৰামধেনু যুগৰ অসমীয়া সাহিত্য

লেখক- মৃণাল জ্যোতি গোস্বামী

৮.৩ উপন্যাস

ৰামধেনু যুগৰ পটভূমি সম্পৰ্কে কৰা আলোচনাত এটা কথা স্পষ্টভাৱে ফুটি উঠিছে যে কুৰি শতিকাৰ চল্লিছৰ দশকটোতে অসমীয়া সাহিত্যই সুঁতি সলাই আধুনিক ৰূপ পৰিগ্ৰহ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিলে৷ এই সময়ছোৱাত চমকপ্ৰদ উন্নতি লাভ কৰা সাহিত্যৰ ঠালসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল উপন্যাস৷ ৰামধেনু যুগত মানুহৰ মানসিক জগত, সমাজ জীৱন অধিক জটিল হৈ পৰিল৷ সাহিত্যিকসকলে তেওঁলোকৰ চিন্তাভাৱনা প্ৰকাশৰ বাবে একোখন বহল ক্ষেত্ৰ বিচাৰিবলৈ ধৰিলে, ফলস্বৰূপে উপন্যাস ৰচনাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে৷ উপন্যাসৰ বিষয়বস্তু আৰু কলা-কৌশলৰ পৰিসৰ বহল হ’ল, ন ন চিন্তাৰ পৰিস্ফুৰণ ঘটিল৷

অসমীয়া উপন্যাস সাহিত্যৰ আৰম্ভণিৰ কালছোৱাৰ উপন্যাসসমূহ আছিল মূলতঃ ঐতিহাসিক উপন্যাস৷ অৱশ্যে তাৰ মাজতে দুই-এখন উপন্যাসত সামাজিক ভাবধাৰা এটায়ো গা-কৰি উঠিছিল৷ বিশেষকৈ চতুৰ্থ আৰু পঞ্চম দশকত ই অধিক প্ৰগাঢ় হৈ উঠে৷ দেশে ইংৰাজৰ অধীনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছতেই উত্তৰণ ঘটা সমাজমুখী দৃষ্টিভঙ্গী, গ্ৰামীণ অৰ্থনীতিৰ স্বৰূপ, কৃষক-শ্ৰমিকৰ দুৰ্দশা, পুৰণি আৰু নতুনৰ সংঘাত, যুদ্ধ-বিগ্ৰহৰ পৰিণতি, বনুৱা আন্দোলন, সমাজবাদী ভাৱধাৰাৰ বিস্তাৰ আদিয়ে অসমীয়া ঔপন্যাসিকসকলক নতুন ধৰণে উপন্যাস ৰচনা কৰিবলৈ সমল যোগালে৷ ফলস্বৰূপে সামাজিক উপন্যাসেই ৰামধেনু যুগৰ প্ৰধান ধাৰা হিচাপে চিহ্নিত হ’ল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই সময়ছোৱাতে অসমীয়া ঔপন্যাসিকসকল উপন্যাসৰ কলাগত দিশৰ প্ৰতিও অধিক সচেতন হোৱা পৰিলক্ষিত হয়৷ শৈলেন ভৰালীয়ে এই বিষয়ে মন্তব্য কৰিছে– ‘‘এতিয়াৰেপৰা লেখকসকল উপন্যাসৰ কলাগত সৌন্দৰ্যৰ প্ৰতি সজাগ হ’ল৷ এই নতুন যুগটো মুকলি কৰিলে দ্বিতীয় মহাসমৰৰ শেষৰফালে বিৰিঞ্চি কুমাৰ বৰুৱাই৷ ’’

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দুবছৰৰ পূৰ্বে, অৰ্থাৎ ১৯৪৫ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই ‘বীণা বৰুৱা’ ছদ্মনামেৰে ৰচনা কৰা ‘জীৱনৰ বাটত’ নামৰ উপন্যাসখন প্ৰকাশ পায়৷ এইখন উপন্যাস প্ৰকাশৰ প্ৰায় পোন্ধৰ বছৰৰ পাছত, ১৯৫৯ চনত ‘ৰাস্না বৰুৱা’ ছদ্মনামেৰে ‘সেউজী পাতৰ কাহিনী’ প্ৰকাশ হয়৷ এই দুয়োখন উপন্যাস অসমীয়া উপন্যাসৰ ভিতৰত বিশেষভাৱে লেখত ল’বলগীয়া৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে ‘জীৱনৰ বাটত’ উপন্যাসখনি যুদ্ধোত্তৰ কালছোৱাৰ উপন্যাস সাহিত্যৰ সিংহ-দুৱাৰ স্বৰূপ৷ ঠিক সেইদৰে গোবিন্দ প্ৰসাদ শৰ্মাই মত পোষণ কৰিছে যে এইখন কালজয়ী উপন্যাস৷ গ্ৰাম্য জীৱনৰ সৰু-সুৰা, তুচ্ছ ঘটনাক লৈও যে গভীৰ জীৱনবোধ সমৃদ্ধ তথা সুখপাঠ্য উপন্যাস ৰচনা কৰিব পাৰি তাৰ দৃষ্টান্ত ‘জীৱনৰ বাটত’ উপন্যাসখনেই পোনতে দাঙি ধৰিলে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা দুয়োখন উপন্যাসৰে পটভূমি বেলেগ, সমাজ বেলেগ আৰু অঙ্কন কৰা নৰ-নাৰীৰ আচাৰ-ব্যৱহাৰো বেলেগ৷ প্ৰথমখনৰ পটভূমি অসমীয়া সমাজ আৰু চৰিত্ৰাৱলী সৰহভাগেই গাঁৱলীয়া সমাজৰ অন্তৰ্ভুক্ত৷ কিন্তু পাছৰখন উপন্যাসৰ পটভূমি চাহ বাগান আৰু চৰিত্ৰাৱলী সৰহখিনি বাগানৰ বনুৱা৷ ইতিমধ্যে উল্লেখ কৰা সমালোচকসকলৰ উক্তিসমূহৰ পৰাই ধাৰণা কৰিব পাৰি যে ৰামধেনু যুগৰ আৰম্ভণিৰ দশকটোতে বিৰিঞ্চি কুমাৰ বৰুৱাৰ হাততে অসমীয়া উপন্যাস সাহিত্যই এক ন-ৰূপেৰে উদ্ভাসিত হৈ উঠিল৷

স্বৰাজোত্তৰ কালত অতীতলৈ ঘূৰি চাই বা বুৰঞ্জীৰ পৰা শিক্ষা গ্ৰহণ কৰি তাৰ অনুপ্ৰেৰণাৰে সাহিত্য ৰচনা কৰাৰ আগ্ৰহ সমূলি নাইকিয়া হৈ গৈছিল বুলিয়েই ক’ব পাৰি৷ সাম্প্ৰতিক সমাজ জীৱন ইমান বেছি জটিল হৈ পৰিছিল যে অতীতৰ অনুপ্ৰেৰণাত সাহিত্য ৰচনা কৰাৰ প্ৰাসংগিকতাই প্ৰায় নাইকিয়া হৈছিল৷ অৱশ্যে তাৰ মাজতো ঐতিহাসিক উপন্যাস ৰচনা কৰাৰ সুঁতিটো একেবাৰে শুকাই যোৱা নাছিল৷ ৰামধেনু যুগত প্ৰকাশিত প্ৰথমখন ঐতিহাসিক উপন্যাস হ’ল দণ্ডিনাথ কলিতাৰ ‘গণবিপ্লৱ’ (১৯৪৮)৷ মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত এইখন উপন্যাস কিন্তু সাৰ্থক ঐতিহাসিক উপন্যাস হিচাপে চিহ্নিত নহ’ল৷ সমালোচকসকলে এই উপন্যাসখনত ঐতিহাসিক উপন্যাসৰ বাবে প্ৰয়োজনীয় ৰসৰ সৃষ্টি নহ’ল বুলি অভিহিত কৰিছে৷ ইয়াৰ পাছতে পদ্ম বৰকটকীৰ ‘কোনো খেদ নাই’ ১৯৬৩ চনত ৰচিত আন এখন ঐতিহাসিক উপন্যাস৷ এই উপন্যাসখনৰ সাৰ্থকতা হ’ল– ইয়াত ইতিহাসৰ বিষয় বা ঐতিহাসিক চৰিত্ৰক নতুন দৃষ্টিকোণেৰে চোৱাৰ প্ৰৱণতা সুস্পষ্ট৷ এইখন ঐতিহাসিক উপন্যাসৰ পৰা অতীতক বৰ্তমানৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চোৱাৰ পৰম্পৰাটি আৰম্ভ হয়৷

ৰামধেনু যুগত ৰচিত অধিকাংশ উপন্যাসেই প্ৰধানতঃ সামাজিক উপন্যাস৷ স্বাধীনতা লাভ কৰাৰ ঠিক পাছতেই প্ৰকাশ পায় মহম্মদ পিয়াৰৰ ‘প্ৰীতি উপহাৰ’ (১৯৪৮), ‘সংগ্ৰাম’ (১৯৪৮), ‘মৰহা ফুল’ (১৯৪৮), ‘জোৱাৰৰ ঢৌ’ (১৯৪৯), ‘পুৱতি নিশাৰ আজান’ (১৯৫৫), ‘ৰংজুলিৰ বিহুৱান’ (১৯৬৭); কাঞ্চন বৰুৱাৰ ‘অসমীত যাৰ হেৰাল সীমা’ (১৯৪৮)৷ উল্লেখযোগ্য যে অসমীয়া উপন্যাস সাহিত্যত আচহুৱা পৰিৱেশত মনোৰম কাহিনীৰে ৰোমাণ্টিক পৰিৱেশ সৃষ্টি কৰি উপন্যাস ৰচনা কৰা পৰম্পৰা আৰম্ভ হয় কাঞ্চন বৰুৱাৰ এইখন উপন্যাসৰ পৰা৷ এই উপন্যাসখন অৱশ্যে লিখা হৈছিল ১৯৪৫ চনতে৷ এই সময়ছোৱাতে মূলতঃ ৰহস্যধৰ্মী উপন্যাস লিখা প্ৰেমনাৰায়ণ দত্তই আত্মপ্ৰকাশ কৰে৷ তেওঁৰ কাপৰ পৰা নিসৃত হয় ‘নিয়তিৰ নিৰ্মালি’ (১৯৫৩), ‘প্ৰণয়ৰ সুঁতি’ (১৯৫৪), ‘প্ৰাণৰ পৰশ’ (১৯৫৭), ‘আকাশৰ অন্তৰালত’ (১৯৬২) আদি উপন্যাস৷

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কেইবছৰমান পাছতেই প্ৰকৃত অৰ্থত অসমীয়া আধুনিক উপন্যাসৰ ধাৰা আৰম্ভ হয়৷ পাশ্চাত্য সমালোচকসকলে আধুনিক উপন্যাসৰ বাবে নিৰ্ধাৰণ কৰা বৈশিষ্ট্যবোৰ সুন্দৰ ৰূপত ফুটি উঠিছিল প্ৰফুল্ল দত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’ (১৯৫২)ত৷ অৱশ্যে ইয়াৰ আগতেই তেওঁ ৰচনা কৰা ‘‘শেষ ক’ত’’ (১৯৪৮) উপন্যাসখনত আধুনিক উপন্যাসৰ ভালেখিনি বৈশিষ্ট্য পৰিস্ফুট হয়৷ পিছে পৰিতাপৰ কথা যে সেই সময়ত উপন্যাস মানেই কাহিনী পঠনত অভ্যস্ত অসমীয়া পাঠকে সেয়া আদৰি নল’লে৷ কিন্তু অসমীয়া আধুনিকতাবাদী উপন্যাসৰ বাটকাটোতা হিচাপে প্ৰফুল্ল দত্ত গোস্বামীৰ নাম অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত সদা স্মৰণীয় হৈ ৰ’ব৷ পৰৱৰ্তী সময়ত (আমাৰ আলোচ্য সময়ছোৱাত) চন্দ্ৰপ্ৰসাদ শইকীয়াই ‘এদিন’ (১৯৬৯) নামেৰে এখন উপন্যাস লিখি এই ধাৰাটো প্ৰবাহিত কৰি ৰাখে৷

পঞ্চাশৰ দশকত চাহ বনুৱাৰ জীৱনৰ পটভূমিত বিৰিঞ্চি কুমাৰ বৰুৱাই ৰাস্না বৰুৱা ছদ্মনামেৰে তেওঁৰ দ্বিতীয়খন উপন্যাস ‘সেউজী পাতৰ কাহিনী’ (১৯৫৮) ৰচনা কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰি অহা হৈছে৷ এই সময়ছোৱাতে যুদ্ধৰ ধামখুমীয়া আৰু চাহ বাগানৰ পটভূমিক লৈ যোগেশ দাসে লিখি উলিয়ালে ‘ডাৱৰ আৰু নাই’ (১৯৫৫)৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পঞ্চাশ আৰু ষাঠিৰ দশক দুটা অসমীয়া উপন্যাস সাহিত্যৰ ক্ষেত্ৰত লেখত ল’বলগীয়া দুটা দশক৷ এই দুটা দশকতে অসমীয়া উপন্যাসৰ ক্ষেত্ৰখনত বিবিধ ধাৰাৰ উপন্যাস ৰচনাৰ পৰিক্ৰমা আৰম্ভ হয়৷

বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা ছদ্মনামেৰে লিখা ‘জীৱনৰ বাটত’ উপন্যাসখনৰ পৰাই গ্ৰাম্য পটভূমিত সমাজ বাস্তৱতাক আধাৰ হিচাপে লৈ উপন্যাস লিখাৰ পৰিক্ৰমা আৰম্ভ হয়৷ তেওঁ চিকুণাই যোৱা বাটটোৰে হিতেশ ডেকাই ‘আজিৰ মানুহ’ (১৯৫৪), ‘নতুন পথ’ (১৯৫৬), ‘ভাড়া ঘৰ’ (১৯৫৮), ‘মাটি কাৰ’ (১৯৬০), ‘এয়েতো জীৱন’ (১৯৬১), ‘আচল মানুহ’ (১৯৬৭); ঘনকান্ত গগৈয়ে ‘সোণৰ নাঙল’ (১৯৫৬), ‘ভূমি কন্যা’ (১৯৬২); চৈয়দ আব্দুল মালিকে ‘সূৰুযমুখীৰ স্বপ্ন’ (১৯৬০); লক্ষ্মীনন্দন বৰাই ‘গঙা চিলনীৰ পাখি’ (১৯৫৬); দেবেন্দ্ৰ নাথ আচাৰ্যই ‘অন্য যুগ অন্য পুৰুষ’ (১৯৭০) আদি উপন্যাস ৰচনা কৰে৷ এই উপন্যাসসমূহত গ্ৰাম্য জীৱনৰ আৱেগ-অনুভূতি, আধুনিক নাগৰিক সভ্যতাৰ পত্তন, পৰম্পৰাগত মূল্যবোধৰ অৱক্ষয়, আদৰ্শবাদিতা আৰু আদৰ্শহীনতাৰ সংঘাত আদি সজীৱ ৰূপত আত্মপ্ৰকাশ কৰিলে৷

এই সময়ছোৱাত অসমীয়া উপন্যাস সাহিত্যৰ আটাইতকৈ প্ৰসিদ্ধ ঔপন্যাসিকজন হ’ল চৈয়দ আব্দুল মালিক৷ তেওঁ ‘ল.সা.গু’ (১৯৪১) উপন্যাসেৰে ৰামধেনু যুগৰ প্ৰাৰম্ভিক অৱস্থাত ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে৷ পৰৱৰ্তী সময়ত আব্দুল মালিকে প্ৰগতিবাদী ভাবধাৰাৰে ৰচনা কৰে ‘ৰথৰ চকৰি ঘূৰে’ (১৯৫০), মধ্যবিত্ত শ্ৰেণীৰ মনসিকতাৰ প্ৰকাশেৰে ‘জীয়া জুৰিৰ ঘাট’ (১৯৬০), ‘অঘৰী আত্মাৰ কাহিনী’ (১৯৬৯); মানুহৰ অস্বাভাৱিক মনস্তত্ত্বক লৈ প্ৰাচীৰ আৰু ‘কংকাল’ (১৯৬৮), জীৱনীমূলক উপন্যাস ‘ৰূপতীৰ্থৰ যাত্ৰী’ (১ম খণ্ড, ১৯৬৩; ২য় খণ্ড, ১৯৬৫) আদি৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মালিকে ৰচনা কৰা ‘ৰূপতীৰ্থৰ যাত্ৰী’ উপন্যাসখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদি জীৱনভাগ তুলি অনা হৈছে আৰু এইখনেই অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাস৷

ৰামধেনু যুগত ৰাধিকামোহন গোস্বামীয়েও ‘চাকনৈয়া’ (১৯৫৪) আৰু ‘বা মাৰলী’ (১৯৫৮) উপন্যাস দুখনেৰে অসমীয়া সমাজৰ নৈতিক প্ৰমূল্যৰ অৱনতি দাঙি ধৰিছে৷ তিলক দাসে চল্লিশৰ দশকৰ শেষৰ ফালে ‘আৰতি’ উপন্যাসেৰে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত ‘এই ৰং এই সুৰভি’ (১৯৫৪), ‘পৰ্বতৰ ৰূপালী জোনাক’ (১৯৬৬); গোবিন্দ মহন্তই ‘শেষ পথ’ (১৯৪৯), ‘কৃষকৰ নাতি’ (১৯৫২), ‘নতুন জীৱন’ (১৯৫৪); অৰুণ দাসে ‘ব্যৰ্থ লগ্ন’ (১৯৫৮); ধৰ্মেশ্বৰ কটকীয়ে ‘জীৱনৰ ভগা ৰংঘৰ’ (১৯৫৬); যতীন্দ্ৰনাথ গোস্বামীয়ে ‘মাটিৰ বুকুত’ (১৯৫৬) আদি উপন্যাস ৰচনা কৰিলে৷ এই উপন্যাসসমূহত ৰোমাণ্টিক প্ৰেম, দেশপ্ৰেম, সামাজিক সংস্কাৰ ধৰ্মী আদৰ্শ, নৈতিক মূল্যবোধ আদি দাঙি ধৰাৰ যত্ন পৰিলক্ষিত হৈছিল৷

অসমীয়া সাহিত্যৰ আধুনিকতা আন্দোলনৰ এগৰাকী অগ্ৰগণ্য হোতা তথা ৰামধেনু কাকতখনৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও এই সময়ৰ এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক৷ তেওঁ সাহিত্যৰ প্ৰগতিবাদী ধাৰণাটোৰ কাণ্ডাৰী হিচাপে ৰাজনৈতিক উপন্যাস লিখিবলৈ আৰম্ভ কৰে৷ ৰাজনৈতিক উপন্যাসৰ বিষয়ে গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে– ‘‘যিবোৰ সামাজিক উপন্যাসৰ বিষয়বস্তু প্ৰধানতঃ বা বহুলাংশে ৰাজনীতি, তেনে উপন্যাসকে ৰাজনৈতিক উপন্যাস বোলা যায়৷’’ তেওঁ ১৯৫৫ চনত ৰচনা কৰা ‘ৰাজপথে ৰিঙিয়ায়’ এনে ধাৰাৰ প্ৰথমখন অসমীয়া উপন্যাস৷ তেওঁৰ দ্বিতীয়খন উপন্যাস ‘আই’ (১৯৬০)ৰ বাদে আন উপন্যাসসমূহ এই ধাৰাৰ অন্তৰ্গত৷ উল্লেখযোগ্য যে ‘আই’ উপন্যাসখনত স্বৰাজোত্তৰ কালৰ ভাৰত চৰকাৰৰ নতুন ভূমিনীতিয়ে সমাজত যি পৰিৱৰ্তন সাধিলে বা সৰ্বসাধাৰণৰ আৰ্থিক আৰু সামাজিক জীৱনলৈ যি বিভ্ৰাট নমাই আনিলে সেয়াই প্ৰকাশ কৰা হৈছে৷ ৰামধেনু যুগত তেওঁ ৰচনা কৰা আনকেইখন উল্লেখযোগ্য উপন্যাস হ’ল ‘ইয়াৰুইংগম’ (১৯৫০), ‘নষ্টচন্দ্ৰ’ (১৯৬৮), ‘মৃত্যুঞ্জয়’ (১৯৭০), ‘প্ৰতিপদ’ (১৯৭০)৷ ইয়াৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস ‘মৃত্যুঞ্জয়’ৰ বাবে তেওঁ ১৯৭৯ চনত ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্ব্বোচ্ছ সাহিত্যিক সন্মান জ্ঞানপীঠেৰে বিভূষিত হৈছিল৷ ভট্টাচাৰ্য এই বঁটাৰে বিভূষিত প্ৰথমজন অসমীয়া সাহিত্যিক৷

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা ‘ইয়াৰুইংগম’ উপন্যাসখনত জনজাতীয় জীৱনৰ (নগা সমাজ জীৱনৰ বিভিন্ন দিশ) চিত্ৰ দাঙি ধৰা হৈছিল৷ মন কৰিবলগীয়া যে ষাঠিৰ দশকৰ পৰা বৰ্তমানলৈকে জনজাতীয় জীৱনক আধাৰ হিচাপে লৈ ভালেখিনি উপন্যাস ৰচনা কৰা হৈছে৷ কেইবাজনো জনগোষ্ঠীয় মূলৰ ঔপন্যাসিকেই এই ক্ষেত্ৰত হাত উজান দিছে৷ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি-জীয়ৰী’ উপন্যাসখনতে আৰম্ভ হোৱা এই পৰম্পৰাটিৰ ৰামধেনু যুগৰ কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল– কৈলাস শৰ্মাৰ ‘বিদ্ৰোহী নগাৰ হাতত’ (১৯৫৮), লুম্বেৰ দাইৰ ‘পাহাৰৰ শিলে শিলে’ (১৯৬০), ‘পৃথিৱীৰ হাঁহি’ (১৯৬৩), ‘মন আৰু মন’ (১৯৬৮) আদি৷

আধুনিক কবি হিচাপে অসমীয়া কাব্য সাহিত্যত স্মৰণীয় হৈ থকা নৱকান্ত বৰুৱাই ষাঠিৰ দশকতে ‘কপিলীপৰীয়া সাধু’ (১৯৫৪) ৰে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ উল্লেখযোগ্য যে এইখন এখন আঞ্চলিক উপন্যাস৷ গোবিন্দ প্ৰসাদ শৰ্মাৰ মতে– ‘‘এটা অঞ্চলক কেন্দ্ৰ কৰি, অৰ্থাৎ সেই অঞ্চলটোক কেৱল পটভূমিয়েই নহয়, বিষয়বস্তু হিচাপেও লৈ যিবোৰ উপন্যাস ৰচনা কৰা হয়, সেইবোৰ উপন্যাসকে আঞ্চলিক উপন্যাস বোলে৷ ’’ ৰামধেনু যুগত ৰচিত আন এখন উল্লেখযোগ্য আঞ্চলিক উপন্যাস হ’ল নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নীৰৱধি’ (১৯৬৩)৷

ৰামধেনু যুগতে যোগেশ দাসেও ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে৷ তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল– ‘জোনাকীৰ জুই’ (১৯৫৯), ‘নিৰুপায় নিৰুপায়’ (১৯৬৩), ‘ছাঁ জুই খেদি’ (১৯৬৯)৷ ঠিক সেইদৰে উমাকান্ত শৰ্মাই এই সময়তে ৰচনা কৰা কেইখনমান উপন্যাস হ’ল– ‘উড়ন্ত মেঘৰ ছাঁ’ (১৯৬০), ‘ছিমছাঙৰ দুটি পাৰ’ (১৯৬৪), ‘ৰঙা ৰঙা তেজ’ (১৯৬৭) আদি৷ পদ্ম বৰকটকীয়েও ‘মনৰ দাপোণ’ (১৯৫৮), ‘খবৰ বিচাৰি’ (১৯৫৯), ‘বিচাৰৰ বাবে’ (১৯৬১) ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ৰামধেনু যুগত বৰঙনি যোগাইছিল৷

প্ৰধানতঃ কেইবাখনো মননশীল অসমীয়া আলোচনীৰ সম্পাদক হিচাপে প্ৰতিষ্ঠিত চন্দ্ৰপ্ৰসাদ শইকীয়াই ১৯৫১ চনত ‘এদিন’ নামৰ উপন্যাসখনেৰে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ অৱশ্যে এই উপন্যাসখন পুথি হিচাপে প্ৰকাশ পাইছিল ১৯৬৯ চনতহে৷ এই সময়ছোৱাতে নাৰায়ণ বেজবৰুৱাই ‘নতুন দিগন্ত’ (১৯৬২) আৰু ‘প্ৰেৰণাৰ প্ৰতীক’ (১৯৬৪); সুৰেশ গোস্বামীয়ে ‘ৰশ্মিৰ কাৰেং’ (১৯৬৫), ‘মোহন মইনা’ (১৯৭০); নিৰোদ চৌধুৰীয়ে ‘স্তব্ধ বৃন্দাবন’ (১৯৬৮), ‘দেৱী’ (১৯৬৯), ‘কালহীৰা’ (১৯৭০); কামাখ্যা সভাপণ্ডিতে ‘জীৱনৰ দাবী’ (দুটা খণ্ড, ১৯৫৯, ৬১), ‘সদা মৰলৰ সোণাপুৰ’ (১৯৬৬); ৰোহিণী কাকতিয়ে ‘এক নক্ষত্ৰৰ নিশা’ (১৯৬৪), ‘সূৰ্যৰেখা’ (১৯৬৫), ‘‘ৰ’দ আৰু কুঁৱলী’’ (১৯৬৭), ‘ভগ্নাংশ’ (১৯৬৯); মহেন্দ্ৰ বৰঠাকুৰে ‘উদাসী সন্ধ্যা’ (১৯৬২); নবীন বৰুৱাই ‘কটন কলেজ’ (১৯৭০), ‘প্ৰেমিকা’ (১৯৭০) আদি উপন্যাস ৰচনা কৰিছিল৷

কাঞ্চন বৰুৱাই ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসখনেৰে অসমীয়া উপন্যাস সাহিত্যত আচহুৱা পৰিৱেশত মনোৰম কাহিনীৰে ৰোমাণ্টিক পৰিৱেশ সৃষ্টি কৰি উপন্যাস ৰচনা কৰা পৰম্পৰা আৰম্ভ কৰাৰ কথাও ইতিপূৰ্বে উল্লেখ কৰা হৈছে৷ পৰৱৰ্তী সময়ত কুমাৰ কিশোৰে ‘কবৰ আৰু কংকাল’ (১৯৬৩), ‘এমুঠি তৰাৰ জিলমিল’ (১৯৬৪), ‘বন্যাধৌত ব-দ্বীপ’ (১৯৬৬); ৰোহিণী কুমাৰ কাকতিয়ে ‘শেঁতা ৰ’দ’ (১৯৬২) ৰচনা কৰি ৰামধেনু যুগতো এই ধাৰাটিৰ ধাৰাবাহিকতাৰ ৰক্ষা কৰিছিল৷

ৰামধেনু যুগৰ আন এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক হোমেন বৰগোহাঞিৰ উপন্যাসত বিভিন্ন ধৰণৰ দাৰ্শনিক মতবাদৰ প্ৰভাৱ পৰা দেখা যায়৷ উদাহৰণস্বৰূপে তেওঁ প্ৰকৃতিবাদৰ দৃষ্টিৰে ‘সুবালা’ (১৯৬৩), অস্তিত্ববাদৰ প্ৰকাশেৰে ‘তান্ত্ৰিক’ (১৯৬৭) ৰচনা কৰিছে৷ ৰামধেনু যুগত কেইখনমান মনস্তাত্ত্বিক উপন্যাসো ৰচিত হৈছে৷ গোবিন্দ প্ৰসাদ শৰ্মাৰ মতে– ‘‘মনস্তত্ত্বৰ কোনো তত্ত্বৰ আধাৰত ৰচিত উপন্যাসক অথবা মানৱ মনৰ কোনোটি বিশেষ অৱস্থা অধ্যয়ন বা পৰ্যৱেক্ষণ কৰি ৰচনা কৰা উপন্যাসক মনস্তাত্ত্বিক উপন্যাস বোলে৷’’ যেনে– কুমাৰ কিশোৰৰ ‘এমুঠি তৰাৰ জিলমিল’ (১৯৬৪), চৈয়দ আব্দুল মালিকৰ ‘ত্ৰিশূল’ (১৯৬৮), পদ্ম বৰকটকীৰ ‘দুষ্মন্তৰ চুমা’ (১৯৭০)৷

ৰামধেনু যুগত কেইবাগৰাকীও শক্তিশালী ঔপন্যাসিকাই আত্মপ্ৰকাশ কৰিছিল৷ তাৰে ভিতৰত – হিৰণময়ী দেৱী, শুচিব্ৰতা ৰায়চৌধুৰী, নিৰুপমা বৰগোহাঞি, নীলিমা দত্ত, প্ৰবীণা শইকীয়া আদিৰ নাম উল্লেখযোগ্য৷ হিৰণময়ী দেৱীয়ে ‘জীৱন সংগ্ৰাম’ (১৯৫৬) আৰু শুচিব্ৰতা ৰায়চৌধুৰীয়ে ‘বা-মাৰলী’ (১৯৫৮) ৰচনা কৰিছিল৷ নিৰুপমা বৰগোহাঞিয়ে ‘সেই নদী নীৰৱধি’ (১৯৬৩)ৰে ঔপন্যাসিকা হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ নীলিমা দত্তই ৰচনা কৰা ‘আকাশ বন্তি’ (?) খনকেই তেওঁৰ শ্ৰেষ্ঠ উপন্যাস হিচাপে সমালোচকসকলে চিহ্নিত কৰিছে৷ প্ৰবীণা শইকীয়াই ‘উত্তৰায়ণ’ (১৯৬৭) ৰচনা কৰিছিল৷

মূলতঃ গল্পকাৰ ৰূপে প্ৰসিদ্ধ লক্ষ্মীনন্দন বৰাই ষাঠিৰ দশকতে ‘নিশাৰ পূৰবী’ (১৯৬২)ৰে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ ‘গঙা চিলনীৰ পাখি’ (১৯৬৫) লিখি অধিক জনপ্ৰিয়তা অৰ্জন কৰে৷

এইসকলৰ উপৰি আৰু বহু ঔপন্যাসিক-ঔপন্যাসিকাই ৰামধেনু যুগত বিভিন্ন উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাটিৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে৷ ৰামধেনু যুগত অসমীয়া উপন্যাসে বিষয়বস্তু আৰু কলা-কৌশলৰ বৈচিত্ৰ্যৰে উদ্ভাসিত হৈ উঠিছে৷ (ক্ৰমশঃ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!