সাক্ষাৎকাৰ: ড° নগেন ঠাকুৰ

লেখক- সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল প্ৰখ্যাত ভাষাঅন্বেষক ড° নগেন ঠাকুৰক। গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত ৰজাবাহৰ গাঁৱৰ স্থায়ী বাসিন্দা ড° ঠাকুৰে কবি, নিৱন্ধকাৰ, অনুবাদক, সমালোচক তথা ভাষাগৱেষক ৰূপেও স্বীকৃতি লাভ কৰিছে। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থৰ মুঠ সংখ্যা হল বাৰখন। উক্ত গ্ৰন্থসমূহৰ ভিতৰতপালিপ্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা‘,  ভাৰতীয় ভাষাৰ পৰিচয়‘,  পৃথিৱীৰ বিভিন্ন ভাষা‘, ‘ভাষা আৰু চিন্তা‘, ‘ভাৰতীয় ভাষা আৰু সাহিত্য‘, ‘অশোকৰ অনুশাসন মালাআদি গ্ৰন্থসমূহ পঢ়ুৱৈৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছে। উল্লেখযোগ্য যে  ধীৰে বৈ যায় ডননামৰ তেখেতৰ দ্বাৰা অনূদিত গ্ৰন্থৰ বাবে ১৯৭৩ চনত তেখেতছোভিয়েট দেশ নেহৰু বঁটাৰে সন্মানিত হৈছিল। বিশিষ্ট ভাষাবিদ ডঃ ঠাকুৰ উপস্থিত থকা এই সাক্ষাৎকাৰটিতসাহিত্য ডট অৰ্গৰ হৈ অংশগ্ৰহণ কৰিছে ইআলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰ তথাঅসমীয়াত কথা বতৰাগোটৰ সদস্য শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। উক্ত সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে  শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰে। সাক্ষাৎকাৰটি পঢ়ুৱৈসকললৈ বুলি আগবঢ়াইছেঅসমীয়াত কথা বতৰাৰ আন দুগৰাকী সদস্য ক্ৰমে মনোজ মন কলিতা আৰু দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ:সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে আপুনি সন্মতি জনোৱা বাবে আপোনাক ধন্যবাদ জনাইছোঁ। 

অসমীয়া ভাষাটি আজিও সংকটৰ পৰা মুক্ত নহয়। এটা সময়ত যেনেকৈ বাংলা ভাষাৰ হেঁচাত পৰি অসমীয়া ভাষাৰ বিকাশ স্তব্ধ হৈ পৰিছিল, আজিও ইংৰাজী আৰু হিন্দী ভাষাৰ হেঁচাত পৰি আমাৰ অসমীয়া ভাষাৰ বিকাশৰ গতি বাধাগ্ৰস্ত হোৱা দেখা গৈছে। এই ক্ষেত্ৰত আপোনাৰ পৰ্যৱেক্ষণ আৰু দৃষ্টিভংগী কেনে ধৰণৰ?

ডঃ নগেন ঠাকুৰ: হয়, অসমীয়া ভাষা এতিয়া সংকটৰ সন্মুখীন হৈছে। অভিভাৱকসকলেও তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে। আচলতে, অসমীয়া ভাষাৰ চৰ্চা অব্যাহত ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেষ্ট হ’ব লাগিব। আমি অসমীয়া ভাষাতেই আমাৰ সন্তানক পঢ়ুৱাইছিলোঁ। সিহঁতবোৰ ভালেই হ’ল। অভিভাৱকসকল এই ক্ষেত্ৰত সচেতন হব লাগিব।

সাহিত্য ডট অৰ্গ: বিশ্বায়নৰ প্ৰভাৱৰ বাবেই হয়তো বৰ্তমান সময়ত অসমীয়া অভিভাৱকসকলে নিজৰ নিজৰ সন্তানৰ ভৱিষ্যতৰ দোহাই দি অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা দেখা গৈছে যাৰ ফলত আমাৰ উঠি অহা প্ৰজন্মই এটা সময়ত অসমীয়া লিখাটো বাদেই, হয়তো অসমীয়া শুদ্ধকৈ ক’ব নোৱৰাও হ’বগৈ। এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কেনে ধৰণৰ?

ডঃ নগেন ঠাকুৰ: এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছেই। আচলতে অসমীয়া ভাষাত চৰ্চা কমিছে। সেই হেমচন্দ্ৰ বৰুৱাৰ ভাষাৰ প্ৰতি থকা টান, লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া ভাষাৰ প্ৰতি থকা আৱেগ আদি আজিকালি নোহোৱা হৈছে।ৰামধেনুৰ যুগলৈকে এনে হোৱা নাছিল। আমি উচ্চাকাংক্ষা বাদ দিব লাগিব। এনেধৰণৰ উচ্চাকাংক্ষা আমাৰ সময়ত তেনেদৰে নাছিল। উদাহৰণস্বৰূপে, মই মোৰ সন্তানৰ কথাই ক’ম। সিহঁতে অসমীয়া মাধ্যমত পঢ়াশুনা কৰিছিল। তেনে কৰাৰ ফলত সিহঁতে  আজিও অসমীয়া ভাষাৰ প্ৰতি এক আৱেগ অনুভৱ কৰে। অসমীয়া ভাষাৰ জয়যাত্ৰা হোৱাটোৱেই মই বিচাৰোঁ। আচলতে, মানুহবোৰ আজিকালি পুৰস্কাৰমুখী হল। ভাষা এটাৰ উন্নতিত পুৰস্কাৰ আদি সংযোগ হৈ থকাতকৈ আৱেগহে জড়িত হৈ থাকিব লাগিব। গোলোক চন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, সূৰ্যকুমাৰ ভূঞা আদিয়ে আমাৰ ভাষাৰ প্ৰতি অনুভৱ কৰা আৱেগটো এতিয়াও অনুভৱ কৰিব লাগিব। তেহে ভাষাটোৰ উন্নতি সম্ভৱপৰ হ’ব। 

বৰ্তমান অসমীয়া ভাষাৰ প্ৰচলন কমি আহিছে। এনে এটা পৰিৱেশত আমাৰ উত্তৰ পুৰুষৰ ভবিষ্যতো সুৰক্ষিত নহয়। বিদ্যালয়সমূহতো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উৰ্ধতন কৰ্তৃপক্ষ সজাগ হৈ থকাটো বাঞ্ছনীয়। মাতৃভাষাৰ প্ৰতি টান থকা শিক্ষিত লোকসকলেহে ভাষাটোৰ উন্নতি সাধন কৰিব পাৰিব। অঙ্ক, বিজ্ঞান আদি বিষয়সমূহো আচলতে মাতৃভাষাত শিকালেহে শিক্ষাৰ্থী আৰু শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নতি সম্ভৱপৰ হ’ব। শিক্ষাদান আৰু শিক্ষাগ্ৰহণ কাহানিও ধন ঘটাৰ আহিলা নহয়। শিক্ষা জীৱিকাৰ বাবে নহয়, জ্ঞান অৰ্জনৰ বাবেহে। মাতৃভাষাত অধ্যয়ন কৰিলেহে জ্ঞানাৰ্জন সম্ভৱপৰ হ’ব। আচলতে, নিজৰ ভাষাটো নজনাটো এটা গুৰুতৰ অপৰাধ। ইয়াক ৰোধ কৰাটো সঁচাকৈয়ে জৰুৰী। আচলতে, মাতৃভাষাৰ মৃত্যু মানেই সংস্কৃতিৰো বিনাশ। একেদৰে, মাতৃভাষা বিলুপ্ত হোৱা মানেই নিজৰ সভ্যতাসংস্কৃতিৰো বিলুপ্তি হোৱা। এনেবোৰ কথা আমি মনত ৰখাটো উচিত হ’ব।

সাহিত্য ডট অৰ্গ: হয়, আমাৰ মাতৃভাষাৰ প্ৰতি আমাৰ এক আৱেগ থকাটো নিশ্চয় জৰুৰী। পিছে, হয়তো কাৰ্যক্ষেত্ৰত তাৰ ওলোটাহে হৈছে। অসমীয়া ভাষাৰ শব্দসম্ভাৰ তাকৰ বাবে এনেধৰণৰ সমস্যা এটাৰ সৃষ্টি হৈছে বুলি আপুনি ভাবে নেকি?

ডঃ নগেন ঠাকুৰ: নাই, মই তেনেদৰে নাভাবোঁ। শব্দসম্ভাৰৰ ক্ষেত্ৰত অসমীয়া ভাষা অতি চহকী। ভাষাৰ প্ৰতি থকা আমাৰ সাধনা তথা অধ্যয়ন কমি গৈছে। সেইবাবেহে আমাৰ ভাষাটোৰ প্ৰচাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ বিষয়ে মই অলপ কথা উল্লেখ কৰিব বিচাৰোঁ।  এক লাখ দহ হাজাৰমান শব্দ আমাৰ অসমীয়া ভাষাত আছে। এনে এক বিশাল শব্দভাণ্ডাৰেৰে সমৃদ্ধ আমাৰ অসমীয়া ভাষাৰ বিনাশ হোৱাটো সচাকৈয়েই উদ্বেগৰ কাৰণ হব। অসমীয়াসকলে সেয়েহে ইংৰাজী বা হিন্দী ভাষাত গুৰুত্ব দিয়াতকৈ নিজ মাতৃভাষা অধ্যয়ন কৰিলেহে নিজস্বতা অটুট ৰাখিবলৈ সমৰ্থ হ’ব। ইংৰাজী বা হিন্দী পঢ়াৰ ক্ষেত্ৰত অসমীয়ালৈ অনুবাদ কৰিলেও অসমীয়া ভাষা জীয়াই থাকিব।

সাহিত্য ডট অৰ্গ: অসমীয়া ভাষাৰ বিশ্বায়নৰ উদেশ্যে সন্মুখত ৰাখিয়েই ‘ইউনিকড’ পদ্ধতিৰ আৱিষ্কাৰ কৰা হল আৰু এই পদ্ধতি বৰ্তমান বহুলভাৱে প্ৰচলিত হোৱা দেখা গৈছে। শেহতীয়াকৈ ডিজিটেল পদ্ধতিত লিখামেলা কৰাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে। একেদৰে, আলোচনীসমূহে ভাষাটিৰ ক্ষেত্ৰত প্ৰসাৰ আৰু প্ৰচাৰৰ কাম কৰিছে। এই সম্পৰ্কে আপোনাৰ অভিমত অনুগ্ৰহ কৰি প্ৰকাশ কৰিবনে? 

ডঃ নগেন ঠাকুৰ: অসমীয়া ভাষাত পঢ়িবলৈ এয়া এক উত্তম উপায় বুলিয়েই মই গণ্য কৰোঁ। পিছে, অকল ডিজিটেল পদ্ধতিত অসমীয়া ভাষাৰ চৰ্চা কৰিলেই ভাষাটো সুৰক্ষিত হৈ থাকিব বুলি মই নাভাবোঁ। অসমীয়া ভাষাটিৰ সামগ্ৰিক চৰ্চা অব্যাহত ৰাখিব লাগিব আৰু এয়া সম্ভৱ হব প্ৰতিজন অসমীয়াৰ নিজ ভাষাটোৰ প্ৰতি থকা আকৰ্ষণৰ দ্বাৰাহে। আচলতে, আলোচনীবোৰে খন্তেকীয়া তৃপ্তিহে দিব পাৰে বুলি মই ভাবোঁ। ইআলোচনী এখন ছপা আলোচনীৰ সমপৰ্যায়ৰ নহয়। বিস্তৃত আলোচনাৰ বাবে ছপা আলোচনীহে অধিক জৰুৰী বুলি মই অনুভৱ কৰোঁ। অৱশ্যে, আজিৰ পৃথিৱীখনত ইআলোচনীৰ প্ৰাসংগিকতা নাই বুলি কব পৰা নাযায়। মই বিচাৰোঁ, অসমীয়া ভাষাটো সমৃদ্ধ হওক! তাৰ বাবে ছপা আলোচনী মই অধিক পছন্দ কৰোঁ। 

সাহিত্য ডট অৰ্গ: ভাষা এটা কেতিয়াও একক আৰু অনন্য হৈ থাকিব নোৱাৰে কাৰণ আধুনিক সমাজ ব্যৱস্থাত ভিন্ন ভাষাভাষী লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে প্ৰতিটো ভাষাৰে ৰংৰূপৰ পৰিৱৰ্তন হোৱাটো অতি স্বাভাৱিক কথা। এতিয়া, অসমীয়া ভাষাটিৰ বিশুদ্ধ ৰূপ এটি বৰ্তাই ৰখাৰ স্বাৰ্থত কেনে ধৰণৰ পদক্ষেপ লব পাৰি বুলি আপুনি ভাবে?

ডঃ নগেন ঠাকুৰ: এই বিষয়ে মই ইতিমধ্যে উল্লেখ কৰিছোঁ। আচলতে, ছাত্রছাত্ৰী তথা অভিভাৱকসকলে অকল চাকৰি এটাৰ বাবেই শিক্ষা ব্যৱস্থাৰ সৈতে সংলগ্ন হৈ থাকিলে নহব। শিক্ষাৰ প্ৰকৃত লক্ষ্য হল জ্ঞানাৰ্জন। সেই জ্ঞান হব লাগিব মাতৃভাষাৰ লগতে অন্যান্য বিষয়তো আহৰণ কৰা জ্ঞান। অসমীয়া ভাষাটোৰ বিশুদ্ধ ৰূপ সম্পৰ্কে শিক্ষকসকলে জানিব লাগিব আৰু সেই জ্ঞান চালিত হব লাগিব ছাত্রছাত্ৰীসকলৰ চিন্তাচেতনালৈ। একেদৰে, অভিভাৱকসকলেও নিজ মাতৃভাষাৰ বিশুদ্ধ ৰূপ সম্পৰ্কে সচেতন হৈ লৰাছোৱালীয়ে যাতে মাতৃভাষাটো শুদ্ধ ৰূপত শিকিব পাৰে, তাৰ ওপৰত নজৰ দিব লাগিব।

সাহিত্য ডট অৰ্গ: ইমান পৰে অসমীয়া ভাষা তথা বিভিন্ন বিষয় সম্পৰ্কে আপোনাৰ মতামত ব্যক্ত কৰি আমাক কৃতাৰ্থ কৰিলে। আপোনাৰ এই বহুমূলীয়া জ্ঞানেৰে আমিও সমৃদ্ধ হলোঁ। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক কৃতজ্ঞতা জনালোঁ। ধন্যবাদ, শুভৰাত্ৰি।

ডঃ নগেন ঠাকুৰ: তোমালোককো মই ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!