মহানায়িকাৰ বিদায়

লেখক- দীপাঞ্জন কাশ্যপ

সৰুতে ষ্টেফি গ্ৰাফ আৰু পিট ছাম্প্ৰাছৰ খেল চাই টেনিছৰ প্ৰেমত পৰিছিলোঁ। দুয়োগৰাকী খেলুৱৈয়ে খেলিলে কিবা মোহনীয় যাদু চোৱা যেন লাগিছিল। সমান্তৰালকৈ আছিল মণিকা চেলেছ, আৰাঞ্জা ছানচেজ ভিকাৰিঅ’, আন্দ্ৰে আগাছী, বৰিছ বেকাৰ আদিৰ দৰে দুৰ্ধৰ্ষ খেলুৱৈ। তাৰো আগতে জন মেকেনৰ’ আৰু মাৰ্টিনা নাভ্ৰাটিল’ৱাই কৰা দুৰ্দমনীয় প্ৰদৰ্শনৰ কথা পিছলৈ শুনিছিলোঁ। নাভ্ৰাটিল’ৱাৰ খেল পিছত অৱশ্যে বহুত চালোঁ, বিশেষকৈ মিক্সড ডাবলছত; বহু দেৰিকৈ প্ৰত্যাৱৰ্তন কৰি পঞ্চাছ বছৰলৈকে খেলি তেওঁ অসংখ্য গ্ৰেণ্ড শ্লাম জিকিলে।

তাৰ পিছতেই আহিল মাৰ্টিনা হিংগিছ আৰু ৰ’জাৰ ফেডেৰাৰ। কণমানি হিংগিছ আৰু সুন্দৰ-সুঠাম ডেকা ফেডেৰাৰৰ কি যে দুৰ্দমনীয় প্ৰদৰ্শন! আঘাতৰ বাবে হিংগিছৰ ছিংগলছ কেৰিয়াৰৰ সোনকালেই সমাপ্তি ঘটিল। ফেডাৰাৰ পিছে পুৰুষ টেনিছৰ একচ্ছত্ৰী সম্ৰাট হৈ উঠিল। কি অপূৰ্ব ফ’ৰ হেণ্ড, বেক হেণ্ড, ছাৰ্ভ, ভলী, নেট প্লে’, ক্ৰছ ক’ৰ্ট তথা সাৱলীল ভাৱ-ভংগী আৰু কথোপকথন! সেই যি ফেডেৰাৰৰ প্ৰেমত পৰিলোঁ, বৰ্তমানেও তেওঁৰ অনুৰাগী হৈয়েই আছোঁ। মোৰ দৃষ্টিত (মই টেনিছ খেল উপভোগ কৰাৰ পৰা) ফেডেৰাৰ আৰু ষ্টেফি অ’পেন টেনিছ এৰা (ক্ৰমান্বয়ে পুৰুষ আৰু মহিলা)ত সকলো দিশৰপৰা সম্পূৰ্ণতা থকা শ্ৰেষ্ঠ খেলুৱৈ।

খুব কম দিনৰ ভিতৰতে মহিলা টেনিছত আৰম্ভ হ’ল দুৰ্দান্ত পাৱাৰ টেনিছ আৰু তাৰ আঁৰত মূলতে ভেনাছ উইলিয়ামছ আৰু তেওঁৰ ভগ্নী ছেৰেণা উইলিয়ামছ। পূৰ্বৰ মসৃণ তথা কাৰিকৰী চাতুৰ্যৰে ভৰপূৰ টেনিছত দুই ভগ্নীয়ে আৰম্ভ কৰি দিলে এক নতুন ধাৰাৰ। পুৰুষ টেনিছতো আৰ্ৱিভাৱ হ’ল নাডালৰ আৰু পিছলৈ জ’ক’ভিচৰ। ফেডেৰাৰ-নাডাল- জ’ক’ভিচৰ পিছৰচোৱাৰ ইতিহাস উল্লেখ কৰাৰ প্ৰয়োজনীয়তা নাই। বিশ বছৰতকৈ অধিক কাল তিনিও পুৰুষ টেনিছত লাভ কৰি গৈছে এটাৰ পিছত আনটো ঈৰ্ষনীয় সফলতা, ভংগ কৰি গৈছে অভিলেখৰ পিছত অভিলেখ।

এতিয়া আহোঁ ছেৰেণাৰ কথালৈ। প্ৰথম টেনিছত আত্মপ্ৰকাশ কৰাৰ সময়ত হয়তো কোনেও ভবা নাছিল যে ছেৰেণাই দুই দশকতকৈ অধিক কাল মহিলা টেনিছত আধিপত্য বিস্তাৰ কৰিব! কিন্তু কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত সৰহ সংখ্যক টেনিছ অনুৰাগীয়ে নভবা কথা এটাই ছেৰেণাই কৰি দেখুৱালে। আৰম্ভণিতে ভেনাছৰ সফলতা চকুত লগা হ’লেও কম সময়ৰ ভিতৰতে ছেৰেণাও উদ্ভাসিত হৈ উঠিল। ২০০০ চন মানৰপৰা ২০১৭ চনলৈ মহিলা টেনিছত যেন মাথোঁ উইলিয়ামছ ভগ্নীদ্বয়ৰ জয়জয়কাৰ! মহিলা টেনিছৰ ছিংগলছেই হওক বা ডাবলছ, যিকোনো প্ৰতিযোগিতাত অন্ততঃ এগৰাকী উইলিয়ামছে যেন সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবই! লগতে, সঘনাই সলনি হোৱা ৰং-বিৰঙী কেশসজ্জা তথা ন ন ডিজাইনৰ বেশভূষা। এক অৰ্থত, মহিলা টেনিছত অন্য এক গ্লেমাৰ আনি দিলে ছেৰেণা-ভেনাছে। অৱশ্যে, অদ্ভুত বেশভূষা পৰিধানৰ বাবে অনেক সময়ত দুই ভগ্নীয়ে সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল।

২০২২ বৰ্ষৰ ইউ এছ অ’পেনৰ তৃতীয় ৰাউণ্ডত পৰাস্ত হোৱাৰ লগে লগে ছেৰেণাৰ বৰ্ণিল খেলুৱৈ জীৱনৰ ইতি পৰে। এই দীঘলীয়া পৰিক্ৰমাত মহিলা টেনিছৰ অ’পেন এৰাৰ ছিংগলছ শাখাত সৰ্বাধিক ২৩টা গ্ৰেণ্ড শ্লাম জয় কৰে ছেৰেণাই (ষ্টেফি গ্ৰাফৰ নামত থকা ২২টা খিতাপৰ অভিলেখ ভংগ কৰে)। কিন্তু অনেক চেষ্টা সত্ত্বেও মাত্ৰ এটা খিতাপৰ বাবে সৰ্বকালৰ সৰ্বোচ্চ গ্ৰেণ্ড শ্লাম জয়ৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ ছেৰেণা সক্ষম নহ’ল, যিটো অষ্ট্ৰেলিয়াৰ টেনিছ কিংবদন্তি মাৰ্গাৰেট ক’ৰ্টৰ নামত আজিও অক্ষত (২৪টা)। এই সুদীৰ্ঘ পৰিক্ৰমাত ছিংগলছ শাখাত ছেৰেণাই সাতটাকৈ অষ্ট্ৰেলিয়ান আৰু উইম্বলডন, ছটা ইউ এছ অ’পেন আৰু তিনিটা ফ্ৰেন্স অ’পেনৰ খিতাপ জয় কৰে। জ্যেষ্ঠ ভগ্নী ভেনাছৰে লগ লাগি ডাবলছ শাখাতো ছটা উইম্বলডন, চাৰিটা অষ্ট্ৰেলিয়ান অ’পেন, আৰু দুটাকৈ ফ্ৰেন্স আৰু ইউ এছ অ’পেন (সৰ্বমুঠ ১৪টা) জয় কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বেলাৰুছৰ মেক্স মিৰ্ণীৰ সৈতে যুটি বান্ধি ১৯৯৮ চনৰ উইম্বলডন আৰু ইউ এছ অ’পেনৰ মিক্সড ডাবলছ খিতাপো জয় কৰিছিল ছেৰেণাই। লগতে, অলিম্পিকৰ ছিংগলছ আৰু ডাবলছত জয় কৰে ক্ৰমান্বয়ে এটা আৰু তিনিটাকৈ সোণৰ পদক। কি এক ঈৰ্ষনীয় সফলতা, নহয়নে বাৰু?
মহিলা টেনিছৰ ছিংগলছ আৰু ডাবলছ উভয় শাখাতে কেৰিয়াৰ গ্ৰেণ্ড শ্লাম (চাৰিওটা গ্ৰেণ্ড শ্লাম জয়) সম্পূৰ্ণ কৰা ছেৰেণা বিশ্বৰ মাত্ৰ তৃতীয়গৰাকী খেলুৱৈ (বাকী দুগৰাকী ক’ৰ্ট আৰু নাভ্ৰাটিল’ভা। উল্লেখযোগ্য যে ক’ৰ্ট আৰু নাভ্ৰাটিল’ভাই মিক্সড ডাবলছতো কেৰিয়াৰ গ্ৰেণ্ড শ্লাম সম্পূৰ্ণ কৰিছিল)। ত্ৰিশ বছৰ বয়সৰ পিছত মহিলা টেনিছৰ ছিংগলছ শাখাত সৰ্বাধিক গ্ৰেণ্ড শ্লাম জয়ৰ অভিলেখৰো গৰাকী ছেৰেণা (১০টা)। সমগ্ৰ খেলুৱৈ জীৱনত প্ৰাইজমাণি তথা বিজ্ঞাপনৰ দ্বাৰা ছেৰেণাই অলেখ ধন আৰ্জিবলৈ সক্ষম হয় আৰু বৰ্তমানেও সৰ্বকালৰ সৰ্বাধিক ধন ঘটা মহিলা টেনিছ খেলুৱৈ হিচাপে ছেৰেণাই শীৰ্ষস্থান অধিকাৰ কৰি আছে। ছেৰেণাৰ অৱসৰৰ লগে লগে মহিলা টেনিছৰ অন্তিমগৰাকী সম্ৰাজ্ঞীয়ে যেন বিদায় ল’লে! বৰ্তমান মহিলা টেনিছত দুৰ্দমনীয় প্ৰদৰ্শনেৰে চকুত লগা খেলুৱৈ নাই বুলিবই পাৰি। ছেৰেণালৈ চেলুট, লগতে ধন্যবাদ অবিশ্বাস্য ধৰণৰ টেনিছ খেলেৰে দুই দশকৰো অধিক কাল আমাৰ দেহ-মন উজ্জীৱিত কৰি ৰখাৰ বাবে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!