'জোতানামা’ আৰু ‘চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়’
লেখক- কলচুম বিবি
২০২৪ বৰ্ষৰ অক্টোবৰ মাহত প্ৰকাশিত টুনুজ্যোতি গগৈদেৱৰ ‘জোতানামা’ একে বহাতে পঢ়ি শেষ কৰিব পৰা ১১০ পৃষ্ঠাৰ এখনি সুন্দৰ উপন্যাস। ২০০৬ চনতে ‘জোতা’ নামেৰে ‘ৰংঘৰ’ আলোচনীৰ বিহু বিশেষ সংখ্যাত প্ৰকাশিত উপন্যাসখন সুদীৰ্ঘ ওঠৰ বছৰৰ অন্তত পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়ায়।
উপন্যাসখনৰ মূল চৰিত্ৰ সিদ্ধাৰ্থই পৰিধান কৰা এযোৰ পুৰণি গোন্ধ ওলাই থকা জোতাক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীয়ে গতি লাভ কৰিছে। এযোৰ জোতা কিনিবলৈ হাতত পৰ্যাপ্ত পৰিমাণে ধন গোটাব নোৱাৰা সিদ্ধাৰ্থৰ মনলৈ বিভিন্ন সময়ত জোতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিভিন্ন ধৰণৰ তিতা-মিঠা অভিজ্ঞতা স্মৃতিৰ জখলাৰে বগুৱাবাই আহিছে। সেই অভিজ্ঞতাসমূহৰ জৰিয়তে পাঠকৰ সন্মুখত নব্বৈ দশকৰ অশান্তিৰে জৰ্জৰিত অসমৰ এখন প্ৰতিচ্ছবি প্ৰতিফলিত হৈ উঠে। এক কথাত ক’বলৈ গ’লে নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান সিদ্ধাৰ্থ অভাৱ-অনাটনৰ মাজেৰে ডাঙৰ হৈ কৰ্মসংস্থাপনৰ অভাৱত দিশহাৰা হোৱা নব্বৈ দশকৰ যুৱচামৰ প্ৰতিনিধিস্বৰূপ। সিদ্ধাৰ্থই সেই সময়ছোৱাক প্ৰতিনিধিত্ব কৰিছে যি সময়ত নিৰীহ যুৱকসকল সেনাৰ হাতত অমানৱীয় অত্যাচাৰৰ সন্মুখীন হৈছিল, অসমৰ অনুন্নত গাঁওবোৰৰ মানুহবোৰে দিনৰ পিছত দিন অভাৱ-অনাটন, ভয় আৰু সন্ত্ৰাসত দিন অতিবাহিত কৰিছিল, জীয়াৰী-বোৱাৰী লাঞ্চিত হৈছিল। প্ৰিয়ংকা নামৰ নাৰী চৰিত্ৰটি হৈছে সেই লাঞ্চিত বোৱাৰীসকলৰ প্ৰতিনিধি। জীৱনসংগীক ঘৰৰপৰা অচিনাক্ত দুৰ্বৃত্তই উঠাই নিয়াৰ সময়ত গৰ্ভৱতী প্ৰিয়ংকাক সিহঁতে গুৰিয়াইছিল। ফলস্বৰূপে প্ৰিয়ংকাৰ গৰ্ভ নষ্ট হৈছিল। সিদ্ধাৰ্থৰ বাবে মৃত্যুমুখৰ পৰা উভতি অহা প্ৰিয়ংকাৰ স্বামীৰ মৃত্যুৱে তাইৰ জীৱনলৈ অকাল বৈধব্য কঢ়িয়াই আনিছিল। সকলো হেৰুৱাই প্ৰিয়ংকা দিশহাৰা হৈ নপৰিল। উপন্যাসখনৰ শেষৰফালে হতাশা আৰু নিৰাশাই বেৰি ধৰা সিদ্ধাৰ্থৰ সহায়ৰ বাবে প্ৰিয়ংকা আগবাঢ়ি আহিছে আৰু ‘পাটকাই ফাউণ্ডেশ্যন’ নামৰ ন্যাস এটিৰ সহায়ত জোতাক জীৱিকা হিচাপে ল’বলৈ সিদ্ধাৰ্থ সাজু হৈছে। সিদ্ধাৰ্থ চৰিত্ৰটি এটি সবল চৰিত্ৰ। নিৰাশা আৰু হতাশাই বেৰি ধৰিলেও সিদ্ধাৰ্থই সেই হতাশা আৰু নিৰাশাৰ বাবে বাট হেৰুৱাই অবাটে যোৱা নাই। এটা নতুন পথেৰে আগবাঢ়িবলৈ সাজু হৈছে। যিয়ে উপন্যাসখন সুখপাঠ্য কৰি তুলিছে।
কেইবাটাও উল্লেখযোগ্য প্ৰবন্ধ সন্নিৱিষ্ট জে এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত ‘চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়’ টুনুজ্যোতি গগৈদেৱৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১৯ বৰ্ষৰ জানুৱাৰী মাহত প্ৰকাশিত গ্ৰন্থখনে ইতিমধ্যে একাদশ প্ৰকাশ লাভ কৰিছে। এই গ্ৰন্থখনত সন্নিৱিষ্ট প্ৰবন্ধসমূহৰ ভিতৰত এটা অতি উল্লেখযোগ্য প্ৰবন্ধ হৈছে ‘চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়’। আহোম ৰজাৰ পৃষ্ঠপোষকতাত অসমত বুৰঞ্জী লিপিবদ্ধ কৰা কাম আৰম্ভ হৈছিল আৰু এই কাৰ্য বুৰঞ্জীবিদসকলে বৰ নিষ্ঠাৰে কৰি আহিছিল। আহোম শাসনৰ সময়ছোৱাত ৰচিত এখনি উল্লেখযোগ্য বুৰঞ্জী হৈছে ‘চকৰী ফেঁটী বুৰঞ্জী’। গদাধৰ সিংহৰ ৰাজত্বকালৰ পৰা ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাললৈকে এই সময়ছোৱাৰ সকলো উল্লেখযোগ্য ঘটনাৰ লগতে ক্ষমতাৰ ভাৰ লোৱা ডা-ডাঙৰীয়া আৰু বিষয়াসকলৰ নাম তথা বংশ পৰিচয় ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ নুমলীয়া পুত্ৰ নুমলী বৰগোহাঁয়ে লিখা এই বুৰঞ্জীখনত লিপিবদ্ধ কৰা হৈছিল। যদিও এইজনা ৰাজেশ্বৰ সিংহৰ দিনতে এইখন বুৰঞ্জী দাহ কৰাও হয়। সেই সময়ৰ গেন্ধেলা বৰবৰুৱা ওৰফে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই চকৰী ফেঁটী বুৰঞ্জীত নিজৰ বিষয়ে আপত্তিজনক কথা লিখা আছিল বুলি জানিব পাৰি ৰাজেশ্বৰ সিংহৰ জৰিয়তে সকলো বুৰঞ্জী দাহ কৰাইছিল। আহোম যুগৰ অলেখ গুৰুত্বপূৰ্ণ তথ্য-পাতি সেই বুৰঞ্জীদাহৰ লগতে ছাঁই হৈ গৈছিল। যদিও কোনো কোনো লোকে চকৰী ফেঁটী বুৰঞ্জীৰ কেইটামান প্ৰতিলিপি লুকুৱাই ৰাখিছিল আৰু সেইখিনিয়ে হৈছে ‘চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়’।
লেখক টুনুজ্যোতি গগৈদেৱে চকৰী ফেঁটী বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিবলৈ গৈ বুৰঞ্জী দাহ ঘটনা, বুৰঞ্জী লেখকৰ নিৰপেক্ষতা আৰু বুৰঞ্জীৰ সত্যনিষ্ঠতা, অষ্টাদশ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু ধৰ্মীয় পৰিস্থিতি আৰু চকৰী ফেঁটী বুৰঞ্জীত লিপিৱদ্ধ তথ্য, ইয়াৰ গদ্যশৈলী, এই বুৰঞ্জীখনত উল্লেখ থকা বিষয়াসকল, এই বুৰঞ্জী সম্পৰ্কে প্ৰচলিত অপপ্ৰচাৰসমূহৰ বিষয়ে প্ৰবন্ধটিত বিশ্লেষণাত্মক আলোচনা এটি আগবঢ়াইছে।
’চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়’ প্ৰবন্ধটিৰ বাহিৰেও বস্তুনিষ্ঠ ইতিহাস চৰ্চাঃ এক অৱলোকন, গতিশীল চেতনাৰ বাহক শংকৰদেৱ, বিতৰ্কৰ আৱৰ্তত মণিৰাম দেৱানৰ দেশপ্ৰেম, জাতীয় অৰ্থনীতিৰ বাটকটীয়া মণিৰাম দেৱান আদি কেইটামান উল্লেখযোগ্য প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। আটাইকেইটা প্ৰবন্ধতে লেখকৰ নিৰপেক্ষ চিন্তাধাৰা তথা অধ্যয়নশীল ব্যক্তিত্ব প্ৰতিফলিত হোৱা দেখা যায়। আটাইকেইটা প্ৰবন্ধই পাঠকক চিন্তাৰ খোৰাক যোগাব বুলি আমাৰ বিশ্বাস।
জোতানামা
লেখক: টুনুজ্যোতি গগৈ
প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন
মূল্য: দুশ টকা৷
চকৰী ফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়
লেখক: টুনুজ্যোতি গগৈ
প্ৰকাশক: জে এছ পাব্লিকেশ্যন
মূল্য: আঢ়ৈশ টকা৷
