ট্ৰ’লাৰ
লেখক- অৰুণাভ মহন্ত
সৰুৰেপৰাই মোৰ ডিটেকটিভ হোৱাৰ এটি হাবিয়াস আছিল৷ “ব্যোমকেশ বক্সী” বুলি এখন টিভি চিৰিয়েল চাই খুব প্ৰভাৱিত হৈছিলোঁ৷ কিন্তু কালক্ৰমত জীৱনে জীৱিকাৰ নামত আন কিবা হে কৰি তুলিলে৷ কিন্তু সেই ডিটেকটিভ হোৱাৰ পোকটো ৰৈ গ’ল কৰবাত৷ সেয়ে আজিকালি মই চ’চিয়েল মিডিয়াত ডিটেকটিভগিৰি কৰোঁ৷ কৰবাত যিকোনো এটা বিতৰ্কিত ঘটনাৰ খবৰ পালেই হ’ল – মই নামি পৰোঁ ইনভেষ্টিগেচনত৷ ৱেব পোৰ্টেলবোৰৰ খবৰবোৰ চাওঁ- কমেণ্টত কোনে কি কৈছে সেয়াও লক্ষ্য ৰাখোঁ৷ তাৰ পাছত মই ঘটনাটো নিজৰ উৰ্বৰ মস্তিস্ক ব্যৱহাৰ কৰি অনুধাৱন কৰি লৈ চ’চিয়েল মিডিয়াত ফালোঁ৷ লোকে লাইক/কমেণ্ট দি মোক যথেষ্ট উৎসাহিতও কৰিছে৷ এতিয়ালৈ সিমান ডাঙৰ কেচ solve কৰিব পৰা নাই যদিও প্ৰায় প্ৰতিটো ট’পিকতে এভাগি অনুসন্ধান মই কৰি আহিছোঁ আৰু কৰি যাম৷
মুখখন চলে মোৰ৷ চলে মানে ভালেই চলে৷ উকীল হোৱাহেঁতেন সফলতা লাভ কৰিলোঁহেঁতেন বুলি শুভাকাংক্ষীবোৰে কৈ থাকে৷ আইনৰ ডিগ্ৰী লোৱা নহ’ল কিন্তু ফেচবুকত একাউণ্ট এটা আছে মোৰ৷ সেয়ে মই নিজাকৈ ওকালতি কৰোঁ আৰু এখোপ ওপৰলৈ গৈ জাজমেন্টো দিওঁ৷ পকৰীয়া প্ৰেমৰ বাবে জগৰীয়া কোন, কেৱল হত্যা নে ধৰ্ষণ কৰি হত্যা, মৃতকৰ কিবা এফেয়াৰ আছিল নেকি, মৃতক আৰু হত্যাকাৰী কি কি জাতি,ভাষা বা ধৰ্মৰ এইবোৰৰ ওপৰত ভিত্তি কৰি মোৰ ৰায়দান দিওঁ৷ বহুত বেছি টান বা highly intellectual কথাবোৰ মগজুৱে ঢুকি নাপায় যদিও এনেই কাৰেন্ট এফেয়াৰ্চৰ যিকোনো ট’পিকত ৰায় এটা নিদিয়াকৈ মই শুবলৈ নাযাওঁৱেই৷
ৰাজনীতিবিদৰ গুণ কিছুমানো আছে মোৰ৷ কিন্তু সক্ৰিয় ৰাজনীতিত কোনো এংগলৰপৰা নামিব নোৱাৰিলোঁ৷ আচলতে ইমানখিনি ৰিক্স লৈ কোনে নিজৰ জীৱিকাটোক লাঠ মাৰিব? কিন্তু গুণবোৰ তো আছেই না৷ সেইমতে নিজৰ পচন্দৰ দল এটা বাছি লওঁ আৰু সেইটোৰ পক্ষত থাকি আন দলৰ সমৰ্থক বোৰক ফেচবুকত ধুই পেলাওঁ৷ কোনোবাক চামচা,কোনোবাক ভক্ত,কোনোবা লোল,কোনোবাক ১৫০০টকীয়া বুলিবলৈ অলপো ইতস্ততঃ নকৰোঁ৷ বহুত চিনাকি মানুহৰ লগত কাজিয়াও হ’ল, কিছু লগ বন্ধু হেৰুৱালোঁও৷ তাতে কি হ’ল? মোৰ জ্ঞান আছে ৰাজনীতিত, জাহিৰ কৰিমেই৷ কোনোবাই বেয়া পালে আনফ্ৰেইণ্ড কৰিলেই হ’ল৷ এতিয়াতো আৰু সহজ হে হৈছে – এতিয়া ৰাজনীতি আৰু ধৰ্ম দুয়োটা একাকাৰ৷ আন ধৰ্মৰ মানুহ মানেই ৰাজনৈতিকভাবেও মোৰ বিৰোধী বুলি জানিয়েই লৈছোঁ৷
মহিলাৰ প্ৰতি মোৰ বিশেষ এটা সন্মান নাই৷ মুখত মাতৃ-ভগ্নীৰ গালি লাগিয়েই থাকে৷ ভাল চকুৰে নাচাওঁ ও৷ ধুনীয়া ছোৱালী/তিৰোতা দেখিলে প্ৰথম মনলৈ বেয়া ভাব এটাই আহে৷ কিন্তু ফেচবুকত আকৌ ওলোটা মই৷ সৰুসুৰা নাৰীবাদীয়েই৷ তোলনী বিয়া, চাদৰ মেখেলা, সেন্দূৰ, নাৰীৰ অধিকাৰ আদিৰ ওপৰত মোৰ লেখাবোৰ তামাম শ্বেয়াৰ হয়৷ অ’ পাহৰিছিলোঁৱেই – মই ষ্টাম্প পেপাৰত লিখি চাইন কৰি দিব পাৰোঁ যে মাহেকীয়াৰ সময়ৰ মুড চুইং, তলপেটৰ বিষ আদিৰ বিষয়ে মই যিকোনো মহিলাতকৈ ভাল লিখিব পাৰোঁ৷ সেয়ে বহুতে সন্দেহো কৰে – মোৰো মাহেকীয়া হয় বুলি৷
মই গুৱাহাটীত এডোখৰ মাটি কিনিব পৰা নাই, এটা ঘৰ বনাব পৰা নাই, ফ্লেট এটা কিস্তিত লোৱাৰো সামৰ্থ্য নাই, আনকি গুৱাহাটীত এটা ভাৰাঘৰত থাকি জীৱিকা অৰ্জনৰো একো যোগাৰ কৰিব পৰা নাই৷ গুৱাহাটীত এটা চাকৰি বা বেপাৰ কৰিব পৰা নাই, গুৱাহাটীৰ স্কুল কলেজত এডমিশ্যন লব পৰা নাই, বা হয়তো জীৱনত গুৱাহাটীৰ ১০% জেগা দেখাও নাই৷
এতিয়া মই কি কৰিম? কৰিবলগীয়া বহুত কাম আছে তথাপিও৷ গুৱাহাটীৰ কৃত্ৰিম বানপানীত “গুৱাহাটীৰ আভিজাত্য উটি গ’ল” বুলি পোষ্ট দিওঁ, গুৱাহাটী কিমান কদৰ্য, গুৱাহাটীত কিমান সমস্যা সেয়া লৈ মোৰ জ্ঞানৰ নমুনা দেখুৱাও আৰু গাওঁখন যে বহুগুণে ভাল সেয়া লৈও মই এডৰা লিখি দিওঁ৷ গুৱাহাটীত থকাবোৰে যে এনেই ফটা লেবেল মাৰি থাকে সেইবিষয়ে লিখিলে সমৰ্থনত ধেৰ কমেণ্ট/ৰিয়েক্ট পোৱা যায়৷ সেয়াইতো লাগে- নহ’লে কি ঘটিডাল কৰিবলৈ আছোঁ ফেচবুকত ? আন একো নহ’লেও কোনদিনা গুৱাহাটীৰ মানুহবোৰ পানীৰ পাইপ ফুটি মৰিব,মূৰৰ ওপৰত ওভাৰব্ৰীজৰ লোহা ভাঙি পৰিব সেইবিষয়ে ৰাইজক সজাগ কৰাৰ চলেৰে ট্ৰ’ল অলপতো কৰিবই পাৰোঁ না ভাই৷
মুঠৰ ওপৰত জীৱনত একো ছিঙিব নোৱাৰিলেও চ’চিয়েল মিডিয়াত মই কিচিচে কম নহয়৷ যিকোনো বিষয়তে মাত মাতি, জ্ঞান দি, ঠাট্টা কৰি ভাল পাওঁ বাবেই নিজকে নিজে এটা নাম দি লৈছোঁ- ট্ৰ’লাৰ৷
এটা সময় আছিল যেতিয়া ট্ৰ’ল বুলিলে মই একপ্ৰকাৰৰ সমালোচনা বা বিৰোধিতা বুজিছিলোঁ – য’ত এটা ধেমেলীয়া বা ব্যংগাত্মক (Comic aspect) ভাব থাকে৷ তাতকৈ বেছি বা বেলেগ হ’লে সেয়া ট্ৰ’ল হৈ নাথাকে- আন কিবাহে হয়৷ তাৰ পৰিণাম প্ৰত্যাক্ৰমণৰ পৰা আৰম্ভ কৰি সম্পৰ্ক বেয়া হোৱালৈ, ডিপ্ৰেছনৰ পৰা আৰম্ভ কৰি আত্মহত্যা পৰ্যন্ত হব পাৰে৷ আজিৰ তাৰিখত ইয়াৰ পৰিভাষা সলনি হৈছে৷ ট্ৰ’লৰ নামত ব্যক্তিগত আক্ৰমণ, অশ্লীল গালি গালাজ, যৌনগন্ধী কমেণ্ট, ধমকি আদিৰ পয়োভৰ অতি সাধাৰণ কথা হৈ পৰিছে৷ ট্ৰ’ল আৰু বাকস্বাধীনতাৰ মাজৰ পাতল ৰেখাডাল ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে৷ সেয়ে সুবিধা বুজি ময়ো গৌৰৱান্বিত ট্ৰ’লাৰ হিচাপে ট্ৰলিঙত নামি পৰিছোঁ৷
মই ভাগ্যৱান যে মই এই অসম মুলুকত জন্মগ্ৰহণ কৰিছোঁ৷ ট্ৰ’লাৰ হিচাপে আজি মই যি নাম,যশ আৰু জনপ্ৰিয়তা পাইছোঁ সেয়া হয়তো বেলেগ ৰাজ্যত ইমান নাপালোহেঁতেন৷ এসময়ত অসমীয়া জাতিটো বিভিন্ন বনজ, খনিজ আৰু খাৰুৱা সম্পদেৰে চহকী আছিল, কিন্তু এতিয়া জাতিটো তাতোকৈয়ো বেছি আবেগেৰে হে চহকী, ইমান আবেগিক জাতি চাগে’ পৃথিৱীত দ্বিতীয়টো নায়েই৷ বিশ্বাস নকৰিলে জাতিটোৰ ইতিহাস চাই লওক- চৰকাৰ সলনি কৰাৰ পৰা কোনোবা গায়কক “ভয়চ অব ইণ্ডিয়া” বনোৱালৈকে আবেগেৰে সকলো কৰি দেখুৱাইছে এই জাতিটোৱে৷ এসময়ত অসমত কেৱল অসমীয়া আছিল যদিও বৰ্তমান অসমত হিন্দু-মুছলমান, বামুণ-অবামুণ, উজনি-নামনিৰ বাসিন্দা, আহোম-শংকৰী আদি হে আছে৷ তাৰ ফলত মোৰ ট্ৰ’লিঙৰ বেপাৰখনো ৰমৰমীয়াকৈ চলি আছে৷
পাঞ্জাৱীসকল যেনেদৰে কৃষিপ্ৰধান, গুজৰাটীসকল যেনেদৰে এটা ব্যৱসায়প্ৰধান জাতি, তেনেদৰে অসমীয়া জাতিটো এটা উৎসৱপ্ৰধান জাতি৷ উৎসৱ পালন বা আয়োজন কৰাত এই জাতিটোৰ নাম আছে৷ অনাড়ম্বৰ বা গম্ভীৰ অনুষ্ঠান এটাকো অসমীয়াই গ্লেমাৰাছ বনাই তোলে৷ সৰস্বতী পূজাভাগ সুন্দৰী প্ৰতিযোগিতা পাতি পাতি কি বনাই দিয়া হ’ল সকলোৱে জানেই৷ এইবোৰ একো একোটা ট্ৰ’লৰ বিষয়বস্তু৷ নিজৰবোৰ তো অসমীয়াই পালন কৰেই, আন ৰাজ্য বা দেশৰ উৎসৱকো কেতিয়াও এলাগী নকৰে৷ ধনটেৰছ, কৰৱাচৌথ,হেলোৱিন, ট’মেটিনো ফেষ্টিভেল আদি কিছু লেখত লবলগীয়া উদাহৰণ৷ এই উৎসৱবোৰক লৈও যদি ট্ৰ’ল কৰিব বিচৰা হয় গোটেই বছৰটোৰ বাবে সমল আছে৷
জাতিটোৱে উৎসৱ পালন কৰাৰ পাছতেই কৰি ভাল পোৱা দ্বিতীয় কামটো হ’ল বিতৰ্ক৷ ফেচবুক অহাৰ পাছত সেয়া কিছু পৰিমাণে বাঢ়িছেও৷ বহুদিনলৈ একো নতুন বিতৰ্ক কৰিব নাপালে জাতিটো উদাস,হতাশ,নিৰাশ হৈ পৰা পৰিলক্ষিত হয়৷ তাতেই মোৰ দৰে ট্ৰ’লাৰবোৰৰ প্ৰাসংগিকতা আহি পৰে৷ বিতৰ্ক যিমানেই বাঢ়ে ট্ৰ’লাৰৰ গুৰুত্বও বাঢ়ে৷
ট্ৰ’লাৰ হবলৈ আৰম্ভ কৰাৰ পাছৰে পৰা মোৰ কিছু ফায়দাও হবলৈ লৈছে৷ নিজৰ অসফলতা, হীনমন্যতা, দুৰ্ভাগ্য আদি ঢাকিবলৈ আনক ট্ৰ’ল দি যিটো আসুৰিক তৃপ্তি এটা পোৱা যায় তাৰ তুলনা আন একোৰে লগত নহয়৷ আনৰ দুখত নিজৰ সুখ বিচাৰিবলৈও এইটো এটা খুব উপযোগী আৰু লাভজনক মাধ্যম৷
লগতে নিজকে সৰ্বগুণী,সৰ্বজান্তা বুলি দৰ্শাবলৈ আইডি এটা আছে বুলিয়েই যিকোনো বিষয়ত হকে বিহকে,ভুলে শুদ্ধই নিজৰ মত, কমেণ্ট দিলেহে চ’চিয়েল মিডিয়াত প্ৰাসংগিক হৈ থাকিম বুলিও মই বুজি উঠিছোঁ৷
স্বয়ং বেজবৰুৱাদেৱেই কৈ গৈছিল- “আমি হাঁহিব নজনা জাতি৷” হয় চাগে’৷ হাঁহিব বিচাৰিলেও আমাৰ উপায় কি? সমল কি? অসমীয়া ভাষাত ব্যংগাত্মক লেখা মেলা কৰা বা ভিডিও আদি কৰা কেইজন ব্যক্তি আছে? অসমীয়া চিনেমাত কেইজন কৌতুক অভিনেতা আছে? হাঁহিৰ খোৰাক পাবলৈ আমাৰ হাতত বিকল্প কি আছে? বেছি option নাই বাবেই আমি ট্ৰ’ল দি বা আনে ট্ৰ’ল দিয়া চাই ৰস পাওঁ৷ এই লেখাটো পঢ়ি মোৰ দৰে আপুনিও যদি এজন ট্ৰ’লাৰ হিচাপে আত্মপ্ৰকাশ কৰিম বুলি যদি উৎসাহিত হৈছে লেখাটো সাৰ্থক হোৱা বুলি গণ্য কৰিম৷
