নুমলী গোহাঁইৰ মৃত্যু
লেখক- — প্ৰীতিমা চাংমাই
“ঐ চকৰিফেটী বুৰঞ্জী কোনে লিখিছিল তই গম পাৱনে ? ধুৰৰ্ তই ক’ত গম পাবি!”
“কি জানি! হামি নাই জানি।”
এটাই অসমীয়াত চিঞৰি চিঞৰি সুধি আছে। কথাৰ মাজে মাজে অশ্লীল মাতটোও মাতে। আনটোৱে চাদ্ৰী ভাষাত ‘কি জানি,নাই জানি’ কৰি আছে। দুইটাৰে জিভা ভালকৈ নুঘূৰে।
চাহ জনগোষ্ঠীৰ কিছুসংখ্যক লোকে চাদ্ৰী ভাষাত কথা পাতে বুলি কাবেৰীয়ে জানে। সন্ধিয়া আহি ইহঁতকেইটাই সদায় চিঞৰ-বাখৰ কৰে। কেতিয়াবা কিবা কাৰণত দুইটাই ভীষণ কাজিয়া কৰে। ধাপ্ ধুপ্ মাৰপিট লাগি যায। পুৱা আকৌ দুয়োটা একেলগেই সেই ঠাইৰপৰা অন্তৰ্ধান হয়। সন্ধিয়া সময়ৰপৰা ন-দহমান বজালৈকে একেবোৰ কথাকে শুনি শুনি কাবেৰীহঁতৰ বিল্ডিঙটোত থকা মানুহবোৰ অতিষ্ঠ হৈ গৈছে। হুলস্থূল শুনি থাকিলে ল’ৰা-ছোৱালীহঁতেও পঢ়াত মনোযোগ দিব নোৱাৰে।
ছমাহমানৰ আগলৈকে কিন্তু কাবেৰীহঁতৰ বিল্ডিংটোৰ বেলকনিৰপৰা ধোদৰ আলিটো ভালকৈয়ে দেখা পোৱা গৈছিল। গ্ৰাউণ্ড ফ্ল’ৰলৈ অকলে নামিব নোৱৰা তাইৰ শাহুৱেকজনীয়ে বেলকনিৰ চকী এখনতে বহি ৰাস্তাৰে অহা-যোৱা কৰা মানুহ, গাড়ী-মটৰ, দল-সংগঠনৰ শোভাযাত্ৰা, ৰথযাত্ৰা সব চাই থাকিব পাৰিছিল। দুৰ্গা পূজাৰ সময়ত ধুনীয়াকৈ সাজি-কাচি পূজা চাবলৈ যোৱা মানুহবোৰ আৰু সৰস্বতী পূজাৰদিনা মেখেলা-চাদৰ পিন্ধা অপৈণত ৰূপহীবোৰক তেতিয়া সকলোৱে বেলকনিৰপৰাই দেখিছিল ।
কাবেৰীহঁতৰ বিল্ডিঙটো আৰু ধোদৰ আলিটোৰ মাজতে একঠামান চৰকাৰী মাটি আছিল। কোনোবা এটা ৰাজহুৱা অনুষ্ঠানে লাগি-ভাগি মন্ত্ৰী-বিধায়কৰ কৃপাত মাটিখিনি লাভ কৰিলে আৰু যোৱা বছৰ তাতে পথৰ সমান্তৰালকৈ আৰ চি চি ঘৰ এটা সজা আৰম্ভ হ’ল। সম্পূৰ্ণ নোহোৱা ঘৰটোৰ ৰাস্তাৰফালে মূৰ কৰি তিনিটা কোঠা আছে। কোঠা তিনিটাক দুটা কৰিডৰে পৃথক কৰিছে। এতিয়া ৰাস্তাৰে যোৱা শোভাযাত্ৰাবোৰ বেলকনিৰপৰা সেই কৰিডৰ দুটাৰ মাজেৰে ক্ষন্তেক সময়ৰ বাবেহে দেখা যায়। সেই কথাটোতে কাবেৰীৰ শাহুৱেকৰ অসন্তোষ।
‘আপদীয়াখনে মুখৰ আগতে ঘৰ এটা সাজিবহি লাগেনে’ বুলি গোৱাল গালি পাৰি থাকে। তায়ো ভাবে, বতাহ অকণমান অহা-যোৱা কৰিব নোৱৰাকৈ মানুহবোৰে চহৰত ঘৰবোৰ কিয় সাজে বাৰু! উপায়োতো নাই। একঠা-ডেৰকঠা মাটি। তাতে তিনি-চাৰিমহলীয়া একোটা বৃহৎ অট্টাল্লিকা। চহৰবোৰত এতিয়া বতাহেও যেন বৈ যাবলৈ ফাঁক বিচাৰি ফুৰে। গাঁৱত কাবেৰীহঁতৰ চাৰিবিঘামান মাটিত ঘৰৰ ভেটিটো আছিল। ভায়েকে চহৰত চাকৰিটো পোৱাৰ পাছতো ঘৰটোত অসুখীয়া দেউতাকৰ স’তে মাক বহুদিন অকলেই থাকিল। দেউতাকৰ মৃত্যুৰ পাছত মাকৰ স’তে থাকিবলৈকে মানুহ নোহোৱাত ভায়েকে মাকক চহৰলৈকে লৈ গ’লহি। মাকে মাজে মাজে ফোন কৰি তাইক কৈ থাকে, ‘এইবাৰ কমলাজোপাত বহুত লাগিব পায়’, ‘লিচুবোৰ পকিব পায়’—
কেতিয়াবা কয়, ‘বজাৰৰ পাণবোৰ খাই কিবা পাত এডোখৰ খোৱা যেনহে লাগে, ঘৰৰ পাণখিলাৰ দৰে নহয় অ’।’
যি পাইছা তাকে লৈ সন্তুষ্ট থাকা মা, কেতিয়াবা পৰিস্থিতিয়ে আমাক এনেকৈয়ে জীবলৈ কয়। মাকক ক’ব বুলি তাই ভাবে। নকয়। শাহুৱেকলৈ চাই চাই কাবেৰীয়ে মাকৰ বৰ্তমানৰ অৱস্থাটো কেতিয়াবা কল্পনা কৰি চায়। শাহুৱেকেও দিনৰ দিনটো কৰিডৰ দুটাৰফালে চাই চায়েই বেলকনিত বহি থাকে। নিজৰ জীৱনটোক লৈ তায়ো জানো সম্পূৰ্ণ সন্তুষ্ট! কিবা এক উদং উদং অনুভৱে কাবেৰীকো অসন্তুষ্ট কৰি ৰাখে। অথচ সেয়া কি তাই নাজানে। অনুভৱবোৰ তাইৰ লিখি থ’বলৈ তাইৰ মন যায়। কিন্তু সেয়া কেতিয়াও হৈ নুঠে।
তাই মন কৰিছে সেই কৰিডৰ দুটাত ক’ৰবাৰপৰা আহি চাৰিটা অঘৰী মানুহে থাকিবলৈ লৈছে। এটা কৰিডৰত দুজন পুৰুষ আৰু আনটোত কৰিডৰত পুৰুষ-মহিলা এহাল। দিনত আক’ এটাও নাথাকে। নিতৌ সন্ধিয়া গোট খায়হি। তাতে ৰান্ধে-বাঢ়ে। তাতে খায়। মতা-মাইকীহাল স্বামী-স্ত্ৰী যেন লাগে। মানুহজনী বোবা চাগে। মতাটোক চিঞৰি চিঞৰি বেং বেঙাই থাকে। কাজিয়াই লাগেনে কথাই পাতে একো বুজিব নোৱাৰি।
বাকী দুটাৰ এটাই আক’ আনটোক অনৱৰতে চকৰিফেটী বুৰঞ্জীৰ কথাকে সুধি থাকে। আহোম বুৰঞ্জীৰ বিভিন্ন অধ্যায় বুজায় থাকে।
ইটোৱে ‘কি জানি,হামি নাই জানি’ কৰি থাকে। কথোপকথনখিনি অধ্যয়ন কৰি কাবেৰীয়ে বুজি পালে তিনিটা মানুহ চাহ জনগোষ্ঠীয় আৰু এটা অসমীয়া। কাবেৰীহঁতৰ বিল্ডিঙৰ থকা সকলোৱে তাৰ কথাবোৰ শুনে। ঠিক কথা নহয়, চিঞৰ-বাখৰহে। শেষত কিবা এটা বিষয় লৈ সিহঁতৰ মাজত কাজিয়া হয় আৰু হুলস্থূল লাগি যায়। একেবাৰে অশ্লীল গালি-গালাজ।
কাবেৰীহঁতৰ ঘৰৰ গ্ৰাউণ্ড ফ্ল’ৰত তিনিটা ভাৰাতীয়া পৰিয়াল থাকে। আটাইৰে ঘৰত স্কুলত পঢ়ি থকা ল’ৰা-ছোৱালী আছে। এইকেইটাই পৰিৱেশটো বেয়া কৰিছে বুলি তেওঁলোকে আলোচনা কৰি থকা কাবেৰীয়ে কেইবাদিনো শুনিছে। বহুত কথা চিন্তা কৰি এদিন সন্ধিয়া অমৃতে ডিউটিৰপৰা আহোঁতে সিহঁতক ধমক লগাই থৈয়ো আহিল। দুদিনমান মনে মনে থাকিল। আকৌ সেই একেই পৰিৱেশ। চকৰিফেটী বুৰঞ্জীৰ কথা।
এদিন অমৃতে ক’লে, “এই যে নুমলী গোহাঁইটো পঢ়া-শুনা কৰা ল’ৰা। অসম বুৰঞ্জীৰ কথাবোৰ সি বৰ শুদ্ধকৈ বিশ্লেষণ কৰি থাকে শুনিবাচোন। সিদিনা মই ধমক দিবলৈ যাওঁতে শুনি আহিলো। আহোমৰ কোনটো উপাধি কেনেকৈ হৈছিল সকলো কথা সি চিঞৰি চিঞৰি লগৰটোক গালি পাৰি পাৰি বুজাই আছিল। ক’ৰপৰা বা ইয়াত এনেকৈ ওলালহি! মানসিকভাবে বিকাৰগ্ৰস্ত যেন পাইছোঁ।”
নুমলী বৰগোহাঁইৰ কথা কৈ চিঞৰি থকা বাবে অমৃতে তাক নুমলী গোহাঁই নাম দিছে। কাবেৰীৰ কলেজীয়া দিনলৈ মনত পৰি গ’ল। হোষ্টেলত তাইৰ ৰুমমেট ৰুলীবা বুৰঞ্জী বিভাগৰ আছিল। এদিন ৰুলীবাই কৈছিল, “কাবেৰী আমাৰ মেজৰমেট অৰিন্দমে তোমাৰ স’তে চিনাকি হ’ব খুজিছে। কলেজৰ প্ৰাচীৰ পত্ৰিকাত প্ৰকাশ হোৱা তোমাৰ কবিতাটো বোলে তাৰ বৰ ভাল লাগিল। এদিন তোমাৰ ভিজিটৰ হৈ হোষ্টেললৈকে আহিব।”
কলেজৰ প্ৰাচীৰ পত্ৰিকাত তাইৰ কবিতাটোৰ কাষতে অৰিন্দম বৰগোহাঁইৰো কিবা এটা লেখা প্ৰকাশ হৈছিল। কাবেৰী জীৱ-বিজ্ঞান বিভাগৰ ছাত্ৰী। তাই আটাইতকৈ বেয়া পোৱা আৰু মেট্ৰিক পৰীক্ষাত অতি কম নম্বৰ পোৱা বিষয়টোৱেই আছিল বুৰঞ্জী। তাই যে বুৰঞ্জী বিষয়টো ভাল নাপায় সেই কথা ৰুলীবায়ো জানে। ভিজিটিং দে’বোৰত অৰিন্দম আহিব বুলি ৰুলীবায়ে ক’লেই তাই কিবা এটা অজুহাত উলিয়াই মানা কৰে। কলেজতো তাক দেখা মাত্ৰই তাই পলায়। সিয়ো চাগে কিবা এটা বুজি পালে। এদিন ৰুলীবাৰ হাতত কাগজ এটুকুৰাত বাক্য এটা লিখি দি পঠিয়াইছিল, ‘তোমাৰ অথবা মোৰ প্ৰত্যেকৰে জীৱনটোৱেই হৈছে একমাত্ৰ সত্য ইতিহাস। ইতিহাসক অৱজ্ঞা নকৰিবা। ভালে থাকিবা। শুভকামনা-অৰিন্দম।’
তাৰপিছত ৰুলীবায়েও তাইক একো নোকোৱা হ’ল। পাছত কাবেৰীয়ে গম পাইছিল স্নাতক পৰীক্ষাত অৰিন্দম হেনো বুৰঞ্জী বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰত ট’পাৰ হৈছিল। ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। তাক এবাৰ অভিনন্দন জনাবলৈ মন গৈছিল তাইৰ। কিন্তু সাহস নহ’ল। কথা সিমানতে অন্ত পৰিল।
পোন্ধৰবছৰমানৰ আগৰ কথাটো আজিনো বাৰু তাইৰ কিয় মনত পৰিল। বৰ্তমান তাই জুনিয়ৰ কলেজ এখনৰ শিক্ষয়িত্ৰী আৰু চহৰখনৰ নাৰ্চিংহোম এখনৰ মালিক তথা চিকিৎসক ডা° অমৃত শইকীয়াৰ পত্নী। এজনী মৰমলগা আঠবছৰীয়া ছোৱালীৰ মাক। অমৃতে নুমলী গোহাঁইৰ বিষয়ে কোৱা কথাখিনি শুনি তাই কেতিয়াও নভবা কথা এটা মনে মনে ভাবি আছে। কলেজৰপৰা আহোঁতে গাড়ীৰ গ্লাঢ় নমাই তাই নুমলী গোহাঁইহঁত থকা ঠাইখিনিলৈ চাই আহিছে। তাত তাই কাকো দেখা নাপালে। ক’লা পৰা চৰু এটা, নুৰিয়াই থোৱা প্লাষ্টিকৰ পাটী এখন আৰু বেৰত আঁওজাই থোৱা টোপোলা দুটামানহে চকুত পৰিল। তাই যিটো আচহুৱা কথা ভাবি আছে সেইটো যে হ’ব তাৰ কি মানে আছে। আৰু হ’লেই যেনিবা তাইৰ কি আহে যায়! তাইৰ নিজকে বুৰ্বক যেন লাগিল।
ৰাতি ভাত ৰান্ধি থাকোঁতে কাবেৰীয়ে শুনিলে সেই চিঞৰ, “চকৰিফেটী বুৰঞ্জী কোনে লিখিছিল ক’। সেইটোকে নেজান (অশ্লীল)! নুমলী বৰগোহাঁয়ে। আমি আহোমবোৰ বুৰঞ্জী লিখা জাতি বুইছ’। খং উঠিলে তোকো হুলত দি থ’ম। মোলৈ ভাত নথ’লি কুকুৰ চাল্লা। ৰান্ধিলি আৰু সব খাই দিলি। হোঁ মস্তি পানী অলপো খাই ল’।”
দাইলৰ কুকাৰটো গেচ স্তোভটোত পাতি কাবেৰীয়ে ফেচবুকত চাৰ্চ কৰাত লাগিল। অৰিন্দম বৰগোহাঁই। ফেচবুকত ওলোৱা অৰিন্দমবোৰৰ প্ৰফাইলবোৰ এটা এটাকৈ ছাৰ্চ কৰি থাকিল। কোনোবাটো চিনাকি চিনাকি লাগে। হয়তো চেহেৰা কিছু সলনি হ’ল বুলি তন্ন তন্নকৈ চায়।
দাইলে এবাৰৰ ঠাইত দুবাৰ হুইচেল মাৰিলে। দাইলখিনি লৰালৰিকৈ নমাই তাই চাৰিটা কণী ছচপেনটোত পাতি দিলে। আজি তাইৰ বিশেষ একো ৰান্ধিবলৈ মন যোৱা নাই। আকৌ মোবাইলটো লৈ পাকঘৰতে থিয় হৈ চাৰ্চ কৰিলে— ড° অৰিন্দম বৰগোহাঁই। বুৰঞ্জী বিষয়ত ফাৰ্ষ্ট ক্লাছ হোৱাজন এদিন ডক্টৰেট হ’বগৈওতো পাৰে! এবাৰ অসমীয়াত এবাৰ ইংৰাজীত লিখি চালে। সন্তোষজনক একো একাউণ্ট তাই বিচাৰি নাপালে। অৰিন্দমবোৰৰ লগতে মেৰীড্ উইথ লিখা পত্নীবোৰৰ প্ৰফাইলবোৰো কাবেৰীয়ে খুঁচৰি থাকিল। ধুনীয়া ধুনীয়া ঠাইবোৰলৈ ফুৰিবলৈ গৈ চুটি চুটি কাপোৰ পিন্ধি ফটো তোলা ঘৈণীয়েকবোৰৰ হাঁহিবোৰ দেখি তাইৰ কিবা এটা ভাল নালাগিল।
ফেচবুকৰ প্ৰতি তাইৰ বিশেষ আগ্ৰহ নাছিল। কেতিয়াবাহে চায়। ৰাতিপুৱা নিজৰ লগতে ছোৱালীজনী আৰু অমৃতলৈ টিফিন তৈয়াৰ কৰে। শাহুৱেকে টান আহাৰ খাব নোৱাৰে। তেওঁলৈ আকৌ পৃথককৈ ৰান্ধিব লাগে। অমৃতে আক’ জুতি লগাই খাই ভাল পায়। সেয়ে নিশাৰ আহাৰ সদায় বিবিধ ব্যঞ্জনেৰে ৰান্ধিব লাগে। পাৰ্ট টাইম কাম কৰা মানুহ এজনী পুৱা আহে। আবেলিলৈকেহে থাকে। শাহুৱেকে কাম কৰা মানুহক ৰন্ধা-বঢ়া কৰিবলৈ নিদিয়ে। সকলোকে সন্তুষ্ট কৰাৰ পাছত দিনটোত যিকণ সময় পাই নিজে জিৰণি ল’বলৈ হয়হে।
এইকেইদিনত সময় অকণমান উলিয়াই কাবেৰীৰ ফেচবুকতে মানুহ বিচাৰি থাকিবলৈ মন যোৱা হৈছে। অৰিন্দম বৰগোহাঁইক ফেচবুকত বিচাৰি নাপাই নিজলৈকে খং উঠিল তাইৰ, কি দৰকাৰ পোন্ধৰ-ষোল্ল বছৰৰ আগৰ চিনাকি মানুহ এজনক ফেচবুকত চাৰ্চ কৰি থকাৰ! মোবাইলটো বিছনাত দলি মাৰি থৈ আহি কাবেৰীয়ে কণী আৰু আলুৰ দ’ম ৰান্ধিবলৈ লাগিল। অমৃত চেম্বাৰৰপৰা আহোঁতে প্ৰায়ে ন মান বাজে। আহিয়েই ভাত খোৱা পৰলৈকে পেগ এটা লৈ টিভিৰ সন্মুখত বহে। নিশাটো নাক বজাই শোৱে। পুৱা উঠে মানে চেম্বাৰলৈ যাবৰেই হয়। হোষ্টেলত থাকোঁতে লগৰ এজনীয়ে ৰগৰ কৰি কোৱা কথা এটা তাইৰ আজিকালি প্ৰায়ে মনত পৰে—
‘ডাক্টৰ আৰু বেংকাৰলৈ কেতিয়াও বিয়া নহ’বি বুজিছ। মানুহৰ শৰীৰ স্পৰ্শ কৰি কৰি অভ্যস্ত হোৱা ডাক্টৰবোৰৰ, নিশা ঘৈণীয়েকৰ শৰীৰৰ স্পৰ্শ গাত লাগিলেও সিহঁতৰ দেহত একো শিহৰণ নাজাগে। আৰু বেংকাৰ! পইচা হিচাপ কৰোঁতে কৰোঁতে নিজৰ সাংসাৰিক জীৱনতে সময়ৰ হিচাপ মিলাব নোৱাৰে। এই দুবিধে বৈবাহিক জীৱনত একো আনন্দ দিব নোৱাৰে। ক’লৈকো কেতিয়াও ফুৰাব নিব নোৱাৰে। মইতো চাকৰি কৰিম ভাই। বিয়া-চিয়া নহওঁ। আলু-পিঁয়াজ, ডাইপাৰ এইবোৰতে মাথা মাৰি জীৱন-যৌৱন বৰবাদ কৰিবলৈ নাই।’
এদিন পুৱা কাবেৰীয়ে ভাৰাতীয়া এগৰাকীক কলপাতত কিবা লৈ নুমলী গোহাঁইহঁতৰফালে যোৱা দেখিলে। তাই তললৈ নামি আহি গেটৰ মুখতে অলপ পৰ ৰৈ থাকিল।
“কি দিলাগৈ গীতি ?”
“বাইদেউ, আমাৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিব যে, পায়স অকণমান দিছিলোঁ। তাকে সেই চাৰিজনক দি আহিলোঁ।”
কাবেৰীৰ মনটো কিবা এটা কাৰণত ভাল লাগি গ’ল। আকৌ সুধিলে, “ফটো তুলিছিলা নেকি দিওঁতে?”
“নাই নাই বাইদেউ, সেইবোৰ ভাবিবলৈকে নহ’ল।”
“অ’ আজিকালি আক’ মানুহে দান বৰঙনি দিলে ফটো তুলি ছ’চিয়েল মেডিয়াত দিয়ে নহয়। সেয়ে সুধিলোঁ।”
আচলতে নুমলী গোহাঁই নাম দিয়াজনক কবেৰীৰ চাবলৈ মন গৈছিল। ধেৎ তায়ো যে কি আৰু! অদৰকাৰী বিষয় এটাক লৈ ইমান ব্যস্ত হ’ব লগা কি কথা আছে। কলেজলৈ পলমেই হ’বগৈ এতিয়া। কাইলৈৰপৰা আকৌ ছোৱালীৰো বছৰেকীয়া পৰীক্ষা আৰম্ভ হ’ব। মুঠতে ব্যস্ততাৰ আদি-অন্ত নোহোৱা অৱস্থা এটা হ’ব কাবেৰীৰ।
ছোৱালীজনীৰ এসপ্তাহধৰি চলা বছৰেকীয়া পৰীক্ষা শেষ হ’ল। কাবেৰীয়ে কলেজৰপৰা আহি মোবাইলটো লৈ বিছনাতে বাগৰি আছে। হঠাৎ তাইৰ মনত পৰিল ৰুলীবাৰ ফেচবুক একাউণ্টটোকে আজি ছাৰ্চ কৰা যাওক। অৰিন্দম বৰগোহাঁই ৰুলীবাৰ ফ্ৰেণ্ড আছিল যেতিয়া ৰুলীবাৰ বন্ধুৰ লিষ্টতেতো পোৱা যাব। হয়তো! ইমানদিনে সেইটো কথাকে মনলৈ অহা নাছিল দেখোন। ইংৰাজীতে টাইপ কৰিলে ৰুলী বৰুৱা। স্ক্ৰ’ল কৰি কৰি ৰুলী বৰুৱাক ছাৰ্চ কৰি থাকিল তাই। হোষ্টেলৰপৰা গুচি অহাৰ পাছত ছিনিয়ৰ-জুনিয়ৰ ৰুমমেটবোৰ আৰু বান্ধৱীবোৰৰ স’তেও প্ৰায় যোগাযোগ বিচ্ছিন্ন হোৱাৰ দৰেই হৈছিল। হাতত মোবাইল ফোনটো আৰু ফেচবুক একাউণ্টটো হোৱাৰ পাছতে আকৌ কিছুমানৰ স’তে নতুনকৈ যোগাযোগ হ’ল। চিনাকি কিছুমানৰ স’তে আন্তৰিকতাবিহীন যোগাযোগ হ’ল। পূৰ্বতে চিনাকি নথকা কিছুমানৰ স’তে নতুনকৈ ঘনিষ্ঠ সম্পৰ্ক আৰম্ভ হ’ল।
পাই গ’ল। ৰুলী বৰুৱা, ষ্টাডিড ইন্ শিৱসাগৰ কলেজ, জয়সাগৰ। প্ৰফাইল ল’কড্। তাই ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠিয়াই দিলে। ৰুলীবায়ে বা কেতিয়া একচেপ্ট্ কৰে!
ছোৱালীয়ে চিঞৰিলে, ‘মা মা, পৰীক্ষা শেষ হ’লে মোবাইলটো চাবলৈ দিম বুলি কৈছিলা নহয়। দিয়া আক’।’
‘লোৱা বাৰু। বেছি সময় নহ’ব কিন্তু।’
‘অ’কে মা।’
কাবেৰীয়ে চকী এখন লৈ শাহুৱেকৰ ওচৰত বেলকনিত বহিলগৈ। সন্মুখৰ কৰিডৰ দুটালৈ ডিঙি মেলি চালে। এটা কৰিডৰপৰা ধোঁৱা ওলাইছে। বোধহয় সন্ধিয়াতে স্বামী-স্ত্ৰী হালে ভাত ৰান্ধিলে। ইটো কৰিডৰ একেবাৰে নিজান। দুদিনমান দেখোন হুলস্থূলো শুনা নাই।
‘এইকেইটা ইয়াৰপৰা গ’লগৈ নেকি!’
শাহুৱেকে ক’লে, ‘পাগল এটা মৰিল। হুলস্থূল কমিল।’
‘হাঁ! কোনটো মৰিল! কেতিয়া!’
‘নুমলী গোহাঁই বোলাটো কালি দিনতে মৰিল হ’বলা। শটো পৌৰসভাই গাড়ীত তুলি লৈ যোৱা দেখিলোঁ।’
‘হুঁ, নুমলী গোহাঁইৰ মৃত্যু হ’ল!’
কাবেৰীৰ বুকুলৈ অহেতুক দুখ এটা উজাই আহিল। ছেঃ তাই কেনেকৈ গম পাব এতিয়া নুমলী গোহাঁই বোলাটো কোন ঠাইৰ আছিল! কলেজত পঢ়িছিল নে নাই! এবাৰ নিজে গৈ তাক সুধি আহিব লাগিছিল নেকি বাৰু! হ’লেই যেনিবা তাইৰ চিনাকি কোনোবাটো তাইনো কি কৰিব পাৰিলেহেঁতেন! বৰ বেছি তাক মানসিক চিকিৎসালয়লৈ পঠিয়াব পাৰিলেহেঁতেন। আৰু যদি তাইৰ চিনাকি কোনোবা নহয়, তেতিয়া তাই কি কৰিলেহেঁতেন! কাষত থকা বাকী তিনিটাৰ প্ৰতি তাইৰ দায়িত্ব তেতিয়া কি হ’লহেঁতেন! এনেকৈ আলৈ-আথানিকৈ জীৱন কটোৱা মানুহবোৰ দেখিলে তাইৰ বৰ দুখ লাগে। উন্নয়নশীল দেশবোৰত হাজাৰ হাজাৰ মানুহ এনেকৈ জী আছে। তাইৰ দৰে মানুহে কৰিবয়ে বা কি! তাৰ মাজতে কিছুমান ইউটিউবাৰে এনে লোকৰ বাবে ঘৰ-দুৱাৰ সাজি দিয়াও তাই ছচিয়েল মেডিয়াত দেখিছে। কলেজত পঢ়ি থকা সময়তে এদিন তাই বন্দিতাৰ লগত বজাৰলৈ যাওঁতে ভিক্ষাৰী ল’ৰা এটাই বাটত আগুচি ধৰি ভৰিত চুই চুই পইচা বিচাৰি আছিল। বন্দিতাই তাক টকা এটা দি ভোৰভোৰাই আহিছিল, ‘কেনেবাকৈ যদি ভগৱান মোৰ সন্মুখত আবিৰ্ভাৱ হৈ মোক বৰ এটা দিব খোজে মই ভীকিষাৰীবোৰকে প্ৰথমতে ধনী কৰি দিবলৈ কম।’
আচলতে আমাৰ জীৱনটো আমাৰ ইচ্ছাৰ ওপৰত নহয় আমাৰ কৰ্ম আৰু পৰিস্থিতিৰ ওপৰতহে দণ্ডায়মান। মানুহে কৰোঁ বুলি ভাবি থকাটোও কেতিয়াবা কৰিব নোৱাৰে। বালিঘড়ীৰ দৰে সময়। কেতিয়াবা সিদ্ধান্ত লোৱাৰ আগতেই সময় সৰকি যায়। পিতৃ-মাতৃ, স্বামী-সন্তান, আত্মীয়-স্বজন সকলোৱেই দেখোন পাৰ্থিৱ জীৱনত মাথোঁ দুদিনৰ সংগী। জীৱন-যাত্ৰাত অতিকৈ আপোনজন সহযোগী সহচৰ হ’লেও জন্ম আৰু মৃত্যুত কোনো কাৰো সহচৰ সহযোগী নহয়। হ’ব নোৱাৰে। মানুহৰ জন্মও স্ব-অজ্ঞাত আৰু মৃত্যুও স্ব-অজ্ঞাত। অথচ জন্ম, মৃত্যু আৰু নিজেহে নিজৰ একান্ত আপোন।
কাবেৰীয়ে দৌৰি যোৱাদি জীয়েকৰ ওচৰলৈ গ’ল। মাজনী মোবাইলটো পটকৰে দিয়াচোন। মোবাইলতো তাই থাপ মাৰি লোৱাদি ল’লে।
ফেচবুকৰপৰা ৰুলী বৰুৱাৰ একাউণ্টটো উলিয়ালে আৰু কেনচেল ৰিকুৱেষ্ট কৰি থ’লে। কিছুপৰ চকু মুদি মৌন হৈ ৰ’ল। জীৱন! এক অনিশ্চিত অনুসন্ধান! ছাৰ্চ কৰি থকাতেই জীৱনৰ মাদকতা। শেষ মানেই শেষ। এয়াই সত্য।
