আন এটা নীলা শিয়ালৰ সাধু
লেখক- -লুকুমা আইজনী
I don‘t write to comfort the reader, but to disturb them and push them to think .’
— Sonallah Ibrahim
ভুল বাটে যোৱা এটা নীলা শিয়াল!
এটা নীলা শিয়ালৰ বাট বিচাৰি মই আজিকালি বাট অবাটবোৰত পিয়াপি দি ফুৰোঁ। কেতিয়াবা নীলা শিয়ালটোৰ লগতে তাৰ বাট বিচাৰি কোনো অচিনাকি বাটেৰে গৈ থাকোঁতে কাৰোবাৰ ঘৰৰ বাটৰ ওচৰৰ কোঠাটোত কোনোবাই নিজৰ কেঁচুৱাক কোঁচত লৈ নিচুকাই নিচুকাই ওচৰতে কিবা কৰি থকা ডাঙৰ সন্তানটিক কৈ থকা শুনো, “ভুল বাটে যোৱা এটা নীলা শিয়ালৰ সাধুটো ক’ম বাৰু পাছত। এতিয়া দিগদাৰ নকৰিবি। পঢ়ি লচোন আগে।” ডাঙৰটিয়ে চাগৈ মাকক দিগদাৰ কৰি আছে! আগে কেঁচুৱাটোক শুৱাই থৈহে ডাঙৰটিক সময় দিব পাৰিব। ডাঙৰটিক সাধু ক’ব। এটা নীলা শিয়ালৰ সাধু! সেই সাধুটো মাকে ক’ব বুলিয়েই ডাঙৰটিয়ে মাকক দিগদাৰ নকৰিব! সেই সাধুটোৰ মাজেৰে যিটো নীলা শিয়ালৰ কাহিনী ক’ব সেই নীলা শিয়ালটো আজিকালি মোৰ লগে লগে ঘূৰি ফুৰে। নহয়; কিজানি মইহে নীলা শিয়ালটোৰ লগে লগে ঘূৰি ফুৰোঁ সেই সাধুটো শুনিবলৈ!
কেইদিনমানৰপৰা মোৰ নতুন চখ এটা আৰম্ভ হৈছিল। এই যে মানুহৰ সঘন আহ-যাহ হৈ থকা বা যান-বাহনৰ চলাচলে জীয়াই তোলা ঠাই এডোখৰে মানুহবোৰ নোহোৱা হৈ যোৱাৰ পাছত নিজৰ ৰূপ সলায়— সেই ৰূপবোৰনো কেনেকুৱা? সেই নিস্তব্ধতাত থিয় হৈনো কেনে লাগে? ঠাইডোখৰক তেতিয়া কেনেকুৱা দেখি এইবোৰ কেমেৰাত আবদ্ধ কৰি ৰাখি থোৱাটো মোৰ নতুন চখ। এদিন এই চখটোৰ খাতিৰতে উৱলি যাব ধৰা ঠাই এডোখৰত কিছুসময় থাকি উভতি অহাৰ পৰত মোৰ ছাঁটোলৈ চাই দেখিলো আৰু এটা ছাঁ মোৰ লগে লগে আহি আছে। উভতি চাই দেখিলো এটা নীলা শিয়াল। গহীন, গম্ভীৰ, শান্ত, ধীৰ খোজ কিন্তু লাহে লাহে ঘুণীয়া হৈ যাব ধৰা এটা দেহা লৈ মোৰ ছাঁতে ছাঁ মিলাই আহি আছে। কেৱল সাধুৰ পৃষ্ঠাতে অৱস্থিতি থকা শিয়ালটোৰ দৰেই নীলা শিয়াল এটাক আজি প্ৰথম বাস্তৱত এনেদৰে একেবাৰে ওচৰৰপৰা দেখি স্বাভাবিকতে ভয় খাইছিলোঁ। কিন্তু চিনাকি ঠাইবোৰৰ যে হাজাৰ অচিনাকি ৰূপ আছে এয়া মই জানিছিলোঁ। গতিকে নীলা শিয়ালটোক লৈহে মই ভয় খাইছিলোঁ যদিও তাৰপৰা নপলালোঁ আৰু যদি দৌৰি সেই ঠাইডোখৰৰপৰা ওলাই আহিব খুজিলে শিয়ালটোৱেও মোৰ পিছ লয় আৰু মোৰ ক্ষতি কৰে তেন্তে? তাকে ভাবি মই ধীৰ, শান্ত খোজেৰেই আগবাঢ়িবলৈ যত্ন কৰিলোঁ। ভাবিছিলোঁ নীলা শিয়ালটো নিজ বাটে উভতিব কিন্তু নাই এনেকুৱা ন’হল। নীলা শিয়ালটো মোৰ পিছে পিছেই আহি থাকিল, আহি থাকিল। আহি আহি আমি বহুত দূৰ পালোঁহি আজি।
সৌ সেইদিনাৰপৰাই নীলা শিয়ালটো মোৰ লগতে থকা আৰম্ভ কৰিলে। মোৰ লগতে ক্লাছ কৰিবলৈও যায়, কেণ্টিনত মোৰ ওচৰতে বহে। মোৰ লগত লাইব্ৰেৰীলৈও যায়। মুঠতে নীলা শিয়ালটো আহি মোৰ ওচৰত যেন এঠা হে লাগিল। যোৱা পৰহি লাইব্ৰেৰীৰ চেয়াৰখনতে লেপেটা কাঢ়ি বহি গছৰ পাতত ওলমি থকা শেষ নিশাৰ বৰষুণৰ টোপালকেইটাক পঢ়ি থাকোঁতে দেখিলো নীলা শিয়ালটো আহি মোৰ ওচৰতে বহি আছে।
যিদিনাৰপৰা শিয়ালটোক লগ পাইছোঁ সেইদিনাৰপৰাই শিয়ালটোৱে নিজৰ ভাষাৰে হ’লেও মোক একো ক’বলৈ যত্ন কৰানাই। তথাপি শিয়ালটোক নোকোৱাকৈ আৰু নোসোধাকৈ মই এটা কাহিনী লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কাহিনীটোৰ মাজেৰে যেতিয়া মই টহল দি ফুৰিছিলো সেই নীলা শিয়ালটোক বুজিবলৈ মই নিজেই সেই নীলা শিয়ালটোলৈ ৰূপান্তৰ হৈ লৈছিলোঁ। তেনেকৈয়ে মই নীলা শিয়ালটো হৈ কাহিনীটো আগবঢ়াই লৈ গৈ আছিলো। কাহিনীটো সম্পূৰ্ণ নহওঁতেই শিয়ালটোক আকৌ মোৰ ওচৰত বহি থকা দেখিলোঁ। নাজানো কিয় শিয়ালটোলৈ বৰ মৰম উপজিল মোৰ, হয়টো ঠিক মৰম নহয় সেয়া সহানুভূতিহে কিজানি! মোৰ মন গ’ল শিয়ালটোৰ গাত মৰমেৰে হাতবুলাই দিবলৈ, কিন্তু মোৰ হাতখন সেই তেজ পূঁজ ওলাই থকা শৰীৰটোৰ ওচৰলৈ নিবও মই ভয় কৰিছোঁ। কিবা ঘিণ লাগি আহিছে। ভয়তকৈ ঘিণলগা ভাবটোৱে মোৰ পেটটো যেন মেৰপাক লগাইহে ধৰিলে। এটা অদ্ভুত গোন্ধ আহি মোৰ নাকত লগা যেন লাগিল! তাৰ পিছত তৎক্ষণাত শিয়ালটোৰ প্ৰতি মোৰ মনত জন্মা মৰমভাবটো নোহোৱা হৈ গ’ল।
য’ত মই নীলা শিয়ালটোৰ বিকৃত হৈ যোৱা শৰীৰটো আৰু পকি কিবা হৈ যোৱা ঘাঁডোখৰৰ বাবে ওচৰ চাপিব পৰা নাই তেন্তে নীলা শিয়ালটোৰ কাহিনীভাগ লিখিবলৈ যাওঁতে কি অধিকাৰত মই সেই নীলা শিয়ালটোলৈ ৰূপান্তৰ হৈ লৈছিলোঁ? মই যেতিয়া নীলা শিয়ালটো হৈছিলোঁ তেতিয়া মোৰ গাত এনেকুৱা পোক লগা ঘাঁবোৰটো নাছিল; মোৰ শৰীৰটোও এনেকুৱাকৈ বিকৃত ৰূপত নাছিল! মই য’ত এই নীলা শিয়ালটোৰ বাহ্যিক ৰূপটোকেই গ্ৰহণ কৰিব পৰা নাই তেনেস্থলত নীলা শিয়ালে নিজেই কাহিনীটো কোৱালৈ নৰখি মই কিয় নিজেই সেই চৰিত্ৰটো হ’ব খুজিলোঁ? মোৰ লিখনিটোৰ মাজত এটা দুৰ্দান্ত চৰিত্ৰ হোৱাৰ আনন্দখিনি ল’বৰ বাবেই? মোৰ ইমান সাহ? কাৰোবাৰ কাহিনীক এনেকুৱা বিকৃত ৰূপত নিজৰ কৰি লৈ সেই চৰিত্ৰটোতকৈ মই শক্তিশালী বুলি যহাই ফুৰিবলৈ?
এতিয়াৰপৰাই ‘মই’ আৰু ‘নীলা শিয়াল’ দুটি বেলেগ সত্তা। এই কথাখিনি বুজি উঠাৰ পিছতহে আগবঢ়াব নোৱৰা কাহিনীটো নিজেই আগবাঢ়িবলৈ ল’লে; নুবুজা কথাবোৰ বুজিবলৈ ল’লোঁ। আৰু শিয়ালটোৱে একো নোকোৱাকৈ থকা সত্ত্বেও শিয়ালটোৰ কাহিনী শুনা পাবলৈ ল’লোঁ।
এইটো এটা নীলা শিয়ালৰ কাহিনী। আমি যে পঢ়িছিলোঁ সেই চতুৰ নীলা শিয়ালটোৰ সাধু মনত আছেনে? সেই চতুৰ নীলা শিয়ালৰ সাধু নহয় এইটো। কিন্তু মানুহবোৰে ভাবে নীলা শিয়াল মানেই সেই এটা সাধুৰেই আমাৰ চিনাকি চৰিত্ৰটো। কেতিয়াবা এনেকৈও ভাবে যে আমাৰ মনে সজা এটা সাধুৰ চৰিত্ৰ হোৱাত কোনো আপত্তি নাই প্ৰতিটো নীলা শিয়ালৰ বা আমি অনুমান কৰিব পাৰোঁ যে প্ৰতিটো নীলা শিয়ালৰে নিজা একোটা কাহিনী থাকে কিন্তু আমি সেই কাহিনীবোৰ শুনাতকৈ নিজাকৈ এটা সাধু সাজি বতাহক কোৱাতহে আমি মানুহবোৰ অভ্যস্ত।
প্ৰথম লগ পোৱাৰপৰা কেইদিনমান নীলা শিয়ালটো মোৰ লগতে থাকিল আৰু এইকেইদিন মই নীলা শিয়ালটোৰ লগত থাকি শিয়ালটোৰ লগতে ঘূৰি ফুৰিছোঁ। অবাটে যোৱা এটা নীলা শিয়ালৰ বাট বিচাৰি। আৰু তেনেকৈয়ে বাট বিচাৰি থাকোঁতে লোকৰ বহুতো কথা শুনিছোঁ, সেই কথাৰপৰাই তেওঁলোকে কি ভাবে লাহে এয়া লাহে লাহে বুজা হৈ আহিলোঁ। আৰু যিমানেই বতাহক সাধু কোৱা মানুহবোৰক চিনিলোঁ সিমানেই ময়ো লাহে লাহে নিৰ্বাক নিস্তব্ধ হৈ আহি থাকিলোঁ। আজিকালি আমি একেলগে ঘূৰি ফুৰিলে নীলা শিয়ালেই কথাবোৰ কৈ যায় মাজে মাজে। মই মোলৈ উভতি আহি এতিয়া কথাবোৰ যিমানেই ভাবোঁ সিমানেই ভাব হয় যেন মই বিচাৰিলেও কথাবোৰ ক‘ব নোৱাৰিম। কিন্তু নিশা ক্ষণ গণি গণি বাক্যবোৰ লিখি গৈছোঁ— নীলা শিয়ালটোৱে কোৱা কথাবোৰ! এই লিখনিটোৰ বাকী কিছু অংশ নীলা শিয়ালটোৱে নিজেই আগবঢ়াই লৈ যাব।
এদিন অকস্মাত ক’ৰবাৰপৰা ওলাই অহা নীলা শিয়াল (অৰ্থাৎ মই) এটা দেখাৰ পিছত মোক লৈ মানুহবোৰৰ মনত বৰ কৌতূহলৰ জন্ম হ’বলৈ ল’লে। তাৰ পিছত মানুহবোৰে নিজৰ ল’ৰা ছোৱালীবোৰক ক’বলৈ মোক টানি-আঁজুৰি নি মোক লৈ এটা সাধু সাজি ল’লে। মানুহবোৰে এনেকুৱা অদ্ভুত কাহিনী কিছুমান সাজে যিবোৰ কাহিনী মোৰ নহয়। তথাপি মই একো কৰিব নোৱাৰোঁ। এতিয়া মই এটা সাধু! কেৱল মূল কথা এইটোৱে যে এতিয়া মই এটা সাধু, কিন্তু সাধুটো মোৰ নহয়। আগতে ‘মৰেল অফ দা ষ্টোৰি’ত কি শিক্ষা দিয়ে সেয়া মোৰ জানিবলৈ মন যায়। কিন্তু মোক লৈ মনে সজা কাহিনী সাজি শ্ৰোতাক অদ্ভুত জীৱন পাঠ শিকাই থকা শুনিলে মানুহবোৰে মোৰ উশাহকেইটাক হেঁচা মাৰি ধৰা যেন লাগে। মই আঁতৰি আহোঁ! যিহেতু ইতিমধ্যেই মই এটা সাধু হৈ পৰিলোঁ, গতিকে সাধুহে বুলি আঁতৰি আহোঁ। আঁতৰি গৈ গৈ বহু দূৰ পাওঁগৈ নিজৰ বাট বিচাৰি বিচাৰি। আৰু প্ৰকৃত ৰঙৰ শিয়ালবোৰে মোক দেখিলেই নিজৰ পোৱালিবোৰক কৈ উঠে— “বাট বিচাৰি নীলা শিয়াল মোৰ বাটেৰে যায়। অ’ বোলো শুনিছনে তহঁতে? — বাট বিচাৰি নীলা শিয়াল মোৰ বাটেৰে যায়।”
অহংকাৰ! এনেকৈ কিৰিলি পাৰি বাৰে বাৰে কৈ উঠে কথাষাৰ। মই জানো সিহঁতে নিজক লৈ অহংকাৰ কৰে। অহংকাৰ নকৰিবনো কিয়! সেয়া সিহঁতৰ সুখ— মই বাট বিচাৰি থকা দৃশ্যটো সিহঁতৰ বাবে উপভোগ্য।
এটা সাধু হোৱাৰ আগতে এসময়ত ময়ো সাধু হোৱাৰ কথা ভাবি অহংকাৰত পৰিপক্ব হৈ উঠিছিলো। অহংকাৰেও মানুহক বাহ্যিকভাৱে পৰিপক্ব যেন কৰি তুলিব পাৰে। তেতিয়া জনা নাছিলোঁ গাৰ মঙহবোৰ টানি টানি ছিঙিব নোৱাৰা হোৱাৰ পিছতহে হেনো সেই মঙহেৰে এটা সাধু গঢ়া হয়। তেতিয়া সাধু হোৱা অহংকাৰহে আছিল যদিও এতিয়া অৱশ্যে সিংহই মোৰ মঙহ টানি টানি ছিঙিব নোৱাৰা পৰ্য্যায়লৈ গতি কৰি আছোঁ। এতিয়া মই এটা সাধু। কিন্তু কোনেও নাজানে মই কেনেকৈ এটা সাধু হ’লোঁ। এই সাধুৰ আৰম্ভণিখিনি কেনেকুৱা?
কেইদিনমানৰপৰা মানুহবোৰে (নে জীৱ-জন্তুবোৰে?) এটা নীলা শিয়ালক সঘনাই দেখিবলৈ পাইছিল। শিয়ালটোৰ একোৰে যেন হিচাপ নাই! কেৱল বাট যেন লগা বাটৰ অস্তিত্ব দেখা পালেই তাত খোজ দি ফুৰে। লাগিলে সেয়া আন কাৰোবাৰ বাটেই হওক বা কোনেও নোযোৱা অবাটবোৰেই হওক। কেৱল বাট বিচাৰি ফুৰা এটা নীলা শিয়াল।
মানুহবোৰে ভাবি লৈছে নিশ্চয় ভুল বাটে বাট বুলিছিল নহ’লেনো এনেকৈ বাট বিচাৰি ফুৰেনে?
ৰাস্তাৰ কাষৰ গছজোপাৰ ছাঁত বহি থকা মানুহে বেঁকা হাঁহি মাৰি ভাবে, “এহ! নীলা শিয়াল হোৱাৰ বৰ অহংকাৰ আছিল নহয় তোৰ, এতিয়া বাট বিচাৰি ফুৰি থাক।”
আজিকালি মই একো নকওঁ, ক’ব পৰাকৈ অৱশ্যে শক্তিও নাথাকে। আজিকালি কেৱল বাটবোৰত বলিয়াৰ দৰে পিটপিটাই ফুৰোঁ। মই জানো মই মোৰ বাট বহুত দূৰত এৰি থৈ আহিলোঁ। তথাপি এতিয়া প্ৰতিটো বাট অবাটবোৰত খোজ দিয়াটোৱেই মোৰ কাম। বাটবোৰক সুধি ফুৰোঁ তুমিয়েইনে মোৰ বাট?
বাটবোৰ নিমাত! অবাটবোৰ অহংকাৰী!
আৰু বাট-অবাটৰ মাজত এটা নীলা শিয়াল। নীলা শিয়ালটো নীলা নাছিল। পৰিয়ালৰপৰা বিচ্ছেদ হৈ যোৱা এটা সাধাৰণ শিয়ালেই আছিল। এবাৰ বাটৰ একাষে কোনোবাই মোক টানি নি কৈছিল, “তুমি ইচ্ছা কৰা যদি তুমি সকলোতকৈ বেলেগ হ’ব পাৰিবা। মন যায় নে তোমাৰ বেলেগতকৈ বেলেগ হ’বৰ? আহা তেন্তে প্ৰথমে ৰঙৰ মাজেৰে নিজক চিনাহি! আহা! আমাৰ ওচৰলৈ আহা।”
মই সন্মোহিত হৈ ঢাপলি মেলিছিলোঁ তেওঁলোকৰ ঠাইলৈ। বাটৰ দাঁতিতে লাগি থকা এটা পৰীক্ষাগাৰলৈ।
কি আছিল তাত? এটা পৰীক্ষাগাৰ। নিজৰ নিজৰ আত্মঅহংকাৰ আৰু দাম্ভিকতাক কেনেদৰে কাৰ মাজেৰেনো জীয়াই ৰাখিব পাৰি তাৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰা এক পৰীক্ষাগাৰ।
কথাটো ঠিক এনেকুৱা যে ঢেৰ নিগনি বুটলি পৰীক্ষাগাৰলৈ লৈ অহা হয়। তাতেই নিগনিৰ ওপৰত নিজৰ পৰীক্ষাবোৰ কৰোঁতে কৰোঁতে কেতিয়াবা কিছুমান বিফল প্ৰয়োগৰ বাবে নিগনিৰ দেহ বিকৃত হৈ যায়। সেই নিগনিবোৰে পৰীক্ষাটোৰ বিফলতাৰ সাক্ষী হৈ থাকি যায়। থাকি যায়? নাযায়! এই নিগনিবোৰৰ কোনো তথ্য মুকলি কৰি দিয়া নহয়। এই যে পৰীক্ষা কৰিবলৈ বাচি লোৱা নিগনিকেইটাৰ কিছুমান নিগনিয়ে সেই পৰীক্ষাটোৰ সফলতা এশ শতাংশ নহয় বুলি নিজৰ বিকৃত হৈ যোৱা আধা মৰা দেহাটোৰে প্ৰমাণ দিয়ে আৰু পৰীক্ষকৰ আসোঁৱাহবোৰ দেখুৱাই দিয়ে। তাৰ পিছত আকৌ নতুনকৈ নিগনিবোৰৰ ওপৰত পৰীক্ষাটো কৰোঁতে সেই ভুলবোৰ নকৰে।পৰীক্ষাটো সফল হোৱাৰ দিশে আৰু এখোজ আগবাঢ়ে। কিন্তু আধা মৰা হৈ গেলি যোৱা নিগনিকেইটা? সেই নিগনিকেইটাৰ তাৰ পিছত কি হ’ল বা কি হয় সেয়া জনা নাযায়।
সেই কেঁকুৰিটোত থকা পৰীক্ষাগাৰটোত মই তেওঁলোকৰ বাবে ঠিক সেই নিগনিকেইটাৰ দৰেই হৈ পৰিলোঁ। মোৰ দেহা ফুটাই সেই ফুটাটোৰেই নিজৰ আসোঁৱাহবোৰ চাইছিল। লাহে লাহে সেই সামান্য ফুটা এটাৰপৰাই এডোখৰ ঘাঁৰ আৰম্ভণি— তাৰ পিছত সেই ঘাঁৰ বাবে ওলোৱা বিষপানীবোৰ শৰীৰে আকৌ নিজেই শুহি লৈ লৈ লাহে লাহে মই এটা নীলা শিয়াললৈ ৰূপান্তৰ হৈ পৰিলোঁ।
মই পূৰঠ দুৰ্বল শৰীৰেৰে পৰীক্ষাগাৰটোৰপৰা ওলাই অহালৈকে ইতিমধ্যেই বাটবোৰ অচিনাকি হৈ পৰিছিল। হয়টো বাটবোৰ একেই আছিল কিন্তু ৰূপ সলনি হৈছিল— চিনাকি কেঁকুৰিবোৰৰ ৰূপ সলনি হৈছিল।
পৰীক্ষাগাৰটোৰপৰা ওলাই আহি এতিয়া মোৰ এটা নতুন পৰিচয় ‘মই এটা নীলা শিয়াল!’ এটা বৰ বিশেষ শিয়াল! আন শিয়ালবোৰতকৈ বেলেগ। যি নীলা শিয়ালৰ উৎসৰ কাহিনী কোনেও নাজানে। বাট বিচাৰি যি বাটতেই খোজ থৈছোঁ, প্ৰতিটো বাটেই অবাট হৈ যায়। য’লৈকে যোৱাৰ কথা আছিল সেই বাটৰ ঠিকনা পোৱাৰ আগতেই মোক মাতি নিয়া হৈছিল এটা পৰীক্ষাগাৰলৈ। এতিয়া মোৰ হাতত নাই কোনো বাটৰ ঠিকনা আৰু বাটৰ শেষত কি থাকিব লাগে সেই ঠিকনাৰো কোনো ঠিকনা নাই। এতিয়া বাটোবোৰো অবাট। যেন বাটবোৰৰ মই আজন্ম শত্ৰু। বাটবোৰে অবাটৰ বাটেৰে মোক বহুদূৰ আগুৱাই আনি এনেকুৱা এটা কেঁকুৰিত ৰখাই দিলে য’ৰপৰা আগলৈকে হাজাৰ বাট। আৰু অবাটে মোক সেই বাটবোৰলৈ দেখুৱাই দি কৈছে এইবোৰ বাট! দেধাৰ বাট! যি বাটেই যাব খোজা যাব পাৰা! কিন্তু অবাটৰ মাজত পাক খাই থকা বাটবোৰ বাট বুলি কেনেকৈ বিশ্বাস কৰি লওঁ।
তাৰ পাছৰপৰাই মোক সকলোৱে বাট বিচাৰি পিটপিটাই ফুৰা দেখি আহিছে—!
মোক দেখিলেই কৈ উঠে—
“বাট বিচাৰি নীলা শিয়াল মোৰ বাটেৰে যায়।”
এতিয়া মই ( যাৰ হাতত বৰ্তমান কলমটো আছে ) যেতিয়া চকুমুদি নীলা শিয়ালটোৰ কথা ভাবো বা কল্পনা কৰোঁ তেতিয়া মই এনেকুৱা কিছু দৃশ্য দেখো যিবোৰ মোৰ পক্ষে সহজে মানি লোৱা সহজ হৈ নুঠে। বাৰে বাৰে সহজ কৰিবলৈ যত্ন কৰোঁ কিন্তু বাৰে বাৰে মানি ল’ব নোৱাৰোঁ বুলি চকুযুৰি বহলকৈ মেলি দিওঁ। মই চকুমুদি শিয়ালটোৰ কথা ভাবিলে কি দেখোঁ?
এটা নীলা শিয়াল। সাধু হৈ পৃথিৱীত জীয়াই থকা শেষৰটো নীলা শিয়াল। শৰীৰটো জহি গৈছে। শৰীৰ বুলিবলৈ নামত হাড়কেইডালমানেহে শৰীৰ কৰি ৰাখিছে। বিকৃত দেহা, তেজ-পূঁজ লগা শৰীৰৰ অ’ত-ত’ত একেবাৰে চাব নোৱৰা হৈ থকা ঘাঁবোৰে শিয়ালটো আৰু অধিক ঘিণলগা কৰি তুলিছে। কিন্তু আজিকালি পৃথিৱীখন চিনিবলৈ হেনো সৰু-ডাঙৰ শিয়ালবোৰ আহে নীলা শিয়ালটোৰ লগত কথা পাতিবলৈ। ঠিক এটা সাধু শেষ হোৱাৰ আগত বাকীবোৰে শুনিবলৈ আহে সাধু নোহোৱাৰ উপদেশ। তাৰ পিছত? নীলা শিয়ালে নিজৰ সাধুৰ সামৰণি মাৰিব। সমাজে ক‘ব সমাজৰ দৃষ্টিত বহুত শ্ৰদ্ধাৰ পাত্ৰ হৈ ৰ’ব সেই নীলা শিয়ালটো।
ইমানতেই ইতি—!
নাই মই এনেকুৱা সামৰণি ভাল নাপাওঁ। অৱশ্যে সেয়া নীলা শিয়ালৰহে কাহিনী, তাক মানি ল’ব পৰা নোৱৰা বা মই সলনি কৰিব পৰা বা নোৱৰাক লৈ একো আহে নাযায়। নীলা শিয়ালৰ সাধু কেনেকৈ শেষ হ’ব মই নাজানো। কিন্তু যি সম্ভাৱ্য সামৰণিৰ সম্ভাৱনা দেখিছো সেয়া নহওক।
সেয়ে আজি ভাবিছো মই নীলা শিয়ালৰ কথাবোৰ ক‘বলৈ যাওঁতে মই নিজেই নীলা শিয়ালৰ চৰিত্ৰত সোমাই যোৱাটো মোৰ বাবে ভাল কথা ন’হলহেঁতেন। হয়, কোনেও গম নোপোৱাকৈ মই হ’ব পাৰোঁ এটা নীলা শিয়াল, কিন্তু মই এটা সাধু নহওঁ; মই এটা গল্প নহওঁ। প্ৰয়োজনত মই হ’ম কথক আৰু এনেকুৱা এটা চৰিত্ৰ যিটোক সকলোৱে চিঞৰি ক’ব পাৰিব ‘ভিলেইন’ বুলি। মুঠতে মই সাধু নহওঁ। মই নিজেই এটা নীলা শিয়াল হ’লেও মই এটা সাধু নহওঁ।
মই! সাধু! নহওঁ!
চ্ছুপ! চ্ছুপ! চ্ছুপ!
এতিয়া নীলা শিয়ালটোৰ বিদায়ৰ সময়। মই নীলা শিয়ালটোৰ লগে লগে নুফুৰোঁ আৰু। বিদায় লোৱা সময় আৰু তাৰ পিছত?
বিদায়!
এতিয়া নীলা শিয়ালক স্মৃতিত ৰাখি থোৱাৰ সময়! কি বুলি মনত ৰাখিম?
এটা নীলা শিয়াল! এটা দুৰ্দান্ত খোজৰ নীলা শিয়াল। যি নীলা শিয়াল কত হাজাৰ মনে সজা কাহিনীৰ চৰিত্ৰ হৈ ৰ’ল। যি চৰিত্ৰৰ উপস্থিতিৰ বাবে এটা কাহিনীক সজাওঁ বুলি সজাব পৰা নাযায়, তেনে কত চৰিত্ৰত থিয় হৈ উশাহবোৰ উজাই ল’লে তাৰ হিচাপ নাই। এটা নীলা শিয়াল সাধু হৈ ৰ’ল।
সাধু হৈ ৰোৱা নীলা শিয়ালটোৱে বাট বিচাৰি আজিও মোৰ বাটেৰে যায়।
