স্থিতপ্ৰজ্ঞ

লেখক- -প্ৰণীতা ৰাণী বৰা

লাহেকৈ গেটখন খুলি অভিজিত বৰুৱা সোমাই আহিল। বাৰাণ্ডাতে তেওঁ ৰ পত্নী অৰুণাই পায়চাৰি কৰি আছে। বৰুৱাই গেটখন বৰ লাহেকৈ খুলিলে সেয়ে তাৰ শব্দ অৰুণাৰ কাণত নপৰিল গৈ। কিন্তু হঠাৎ কিবা এটা ভাবি ৰাস্তাৰফালে চাওঁতে বৰুৱাক দেখা পালে।

অ আপুনি পালেহি। মই আপোনালৈকে বাট চাই আছোঁ।

কিয়? তোমাক অস্থিৰ যেন লাগিছে যে কিবা চিন্তাত পৰিছা?

চিন্তাত পৰা নাই। আনন্দিতহে হৈ আছো। কেৱল আপুনিহে মই মানুহজনী উৎফুল্ল হৈ থাকিলেও চিন্তান্বিত যেন দেখা পায়।

অ দোষ তবে হ’লে মোৰহে। বৰুৱাই কিঞ্চিৎ হাঁহি ক’লে।

হুম বুলি অৰুণাই কৃত্ৰিম খং দেখুৱালে।

বাৰু হ’ব, কোৱাচোন, তোমাৰ আনন্দৰ ভাগ মোকো দিয়া।

বয়সৰ লেখেৰে ৬২ বছৰীয়া বৰুৱা আজিকালি খুব কমেইহে উৎফুল্ল কিম্বা চিন্তান্বিত হয়। হয়তো স্থিতপ্ৰজ্ঞ হোৱাৰ লক্ষণ এয়া। সেয়ে তেওঁতকৈ বাৰ বছৰৰ সৰু পত্নী অৰুণাই সেয়া মাজে মাজে অনুভৱ কৰিব নোৱাৰে। অলপ পাছত অৱশ্যে বুজি পায়। তেতিয়া আকৌ নিজৰ ওচৰতে লজ্জিত হোৱাৰ নিচিনা হয়।

নোকোৱা কিয়? মোৰো শুনিবলৈ বৰ মন গৈছে।

হয়নে? শুনক তেন্তে। আমাৰ নীলিমে জাপানৰ এটা ডাঙৰ কোম্পানীৰ লগত আজি চুক্তি স্বাক্ষৰ কৰিলে। অহা মাহৰ এক তাৰিখৰপৰা সি নতুন কামত যোগদান কৰিব। এতিয়া কৰি থকা মুম্বাইৰ কোম্পানীৰপৰা কালি অব্যাহতি লৈ কেইদিনমানৰ বাবে তামিলনাডুলৈ যাব আজি।

একে উশাহতে কথাখিনি কৈ অৰুণাই সুখী মুখখনেৰে বৰুৱালৈ দৃষ্টি নিক্ষেপ কৰিলে। ভাবিছে বৰুৱা বাৰু তাইৰ নিছিনা সুখী হৈছেনে…

অ বৰ ভাল খবৰ। বাৰু যোৱাচোন মোলৈ পানী এগিলাছ আনা। অহ আৰু…এই গামোচা কেইখন আৰু কিতাপকেইখনো লৈ যোৱা।

অৰুণাই বস্তু কেইপদ হাতত লৈ ভিতৰলৈ গ’ল। মনতে ভাবি গ’ল পানী গিলাছ দি ধুনীয়াকৈ বৰুৱাই ভালপোৱা গাখীৰ চাহ দুকাপ কৰোঁগৈ। তাৰপিছত বাৰাণ্ডাতে বহি পুত্ৰৰপৰা পোৱা সুখকণৰ আমেজ ল’ম।

আজি শিক্ষক দিৱস। অৱসৰপ্ৰাপ্ত শিক্ষক অভিজিত বৰুৱাক আজি ওচৰৰ বিদ্যালয়খনলৈ নিমন্ত্ৰণ কৰিছিল। সম্বৰ্ধনা জ্ঞাপন কৰিলে তেওঁক। সৰল অথচ তীক্ষ্ণ আৰু গম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী বৰুৱাক দেখিলে উচ্ছৃঙ্খল স্বভাৱৰ পিলিঙাটোৰো শিৰ দোঁ খায়। আজি তেওঁ যাব বুলি জানি কেবাগৰাকীও তেওঁৰ পুৰণি সতীৰ্থ দহোবন কাটি কৰি সভাখনত উপস্থিত থাকিল। তেওঁৰ বক্তব্য, পৰামৰ্শ শুনি কেৱল ছাত্ৰ-ছাত্ৰীসকলেই নহয় এসময়ৰ সতীৰ্থসকলো উপকৃত হৈছিল বুলি তেওঁলোকৰ মাজৰে এজনে আজিৰ সভাতেই ক’লে। কথাখিনিয়ে তেওঁক স্পৰ্শ কৰিলে কিন্তু উৎফুল্ল হৈ নুঠিল। সভাত পোৱা সকলোৰে মৰম, শ্ৰদ্ধা আশিস বুলি লৈ ঘৰমুখী হৈছিল। বাটতে কনক ককাইদেউৱে পায় ইমানেই কথাৰে মৰম, শ্ৰদ্ধা যাচিলে যে সেৱা কৰিবলৈ হে বাকী। কাৰণটো হ’ল বেয়া বস্তু মুখত দি অধঃপতনে যাব খোজা তেওঁৰ একমাত্ৰ ল’ৰাটোক এইজন বৰুৱাই সৎ পথলৈ আনি আজি নিজৰ ভৰিত নিজে ঠিয় দিব পৰাকৈ মানুহ কৰিলে। বৰুৱাই কথাখিনি জানি সুখ পালে কিন্তু আনন্দত উৎফুল্ল নহ’ল। লাহেকৈ কথা সামৰি ঘৰ পাই নীলিমৰ খবৰটো পাই সুখী হ’ল কিন্তু অৰুণাৰ দৰে আনন্দত আত্মহাৰা হৈ নুঠিল। এইয়া তেওঁৰ স্বভাৱ। সৰুৰেপৰাই বৰুৱাৰ চিন্তা, আচৰণবোৰ তেনেকুৱাই। এতিয়া আকৌ বয়সো বাঢ়ি আহিছে। গতিকে…

দিনবোৰ গৈ আছে। নীলিমৰ গৌৰৱত গৌৰৱান্বিত মাক অৰুণাই আজিকালি সমনীয়া চিনাকি দুই-একৰ ওচৰত অলপ ফুটনিও মাৰিবলৈ লৈছে। কথাই কথাই আমাৰ নীলিমহঁতৰ তাত অমুক তমুক, জাপানত অমুক কৰে তমুক কৰে… ইত্যাদি।

“পিছে নীলিম অন্তিমবাৰ কেতিয়া ঘৰলৈ আহিছিল? আজিকালি আকৌ পঢ়িবলৈ ওলাই যোৱা ল’ৰা-ছোৱালীৰ ঘৰলৈ অহাৰ মনেই নাথাকে। বিদেশত চাকৰি পালেতো হ’লেই। তাতে বিদেশী এজনীক বিয়া কৰায় ঘৰলৈ পিঠি দিয়ে। মাক-দেউতাকৰ শেষ সময়ৰ আশ্ৰয় স্থল বৃদ্ধাশ্ৰমহে হয়গৈ।” শইকীয়ানীক অলপ নাৰ্ভাছ কৰাওঁ বুলিয়েই সুধিলে।

“নাই মানে সি নহা অলপ দিন হ’ল। কিন্তু পুৱা-গধূলি মোলৈ ফোন কৰে। ঘৰত থকাৰ দৰেই লাগে। আচলতে সি এটা উচ্চ পদবীত অধিষ্ঠিত হোৱা বাবে ব্যস্ততা বেছি।” তললৈ ননমাকৈ অৰুণাই কথাখিনি ক’লে যদিও মনতে ভাবিলে অলপ দিন মানে অহা মাঘ বিহুত চাৰিবছৰ হ’ব। সঁচাকৈয়ে নীলিমৰো ঘৰখন লৈ টান নাই নেকি? এসময়ত সিও মাক-দেউতাকক এলাগী কৰিব নেকি? শেষ বয়সত অৰুণাহঁত যদি বৃদ্ধাশ্ৰমতহে থাকিব লগা হয় কি হ’ব বাৰু? নাই নাই শইকীয়ানী আচলতে ঈৰ্ষান্বিত হৈছে। সেয়ে এনেদৰে কৈ আচলতে অৰুণাক ‘ডাউন’ দিছে। কথাবোৰ এখেতৰ লগত পাতিব লাগিব। ভাত খোৱা বাচন কেইটা ধুই হ’ল যেতিয়া পাকঘৰটো সামৰি অকণমান বিছনাত বাগৰ দিয়াৰ সময়তে কথাষাৰ উলিয়াম।

টিংটং…

কলিং বেলৰ শব্দ শুনি বৰুৱা ওলাই আহিল। পিছে পিছে অৰুণা। দৰ্জাখন খুলি বৰুৱাই অচিনাকি যুৱকজনক দেখা পায়।

ছাৰ নমস্কাৰ। ভালে আছে?

অ অ আছোঁ। চাৱনিত আগন্তুকক চিনি যে পোৱা নাই স্পষ্ট হ’ল।

মোক চিনি পোৱা নাই নহয় জানো ছাৰ।

নহয় মানে ঠিক ধৰিব পৰা নাই। কিন্তু তুমি মোৰ ছাত্ৰ আছিলা নেকি বাৰু? আহাচোন আহা ভিতৰলৈ বুলি যুৱকজনক মাতি আনি ভিতৰত বহিবলৈ দিলেহি। তাৰপাছত সুধিলে ভালকৈ কোৱাচোন।

হয় ছাৰ মই আপোনাৰ ছাত্ৰ কৌশিক বৰা। ঘৰ গৰৈ মাৰীত। আপোনাৰ ওচৰত মই গণিত আৰু বিজ্ঞান পঢ়িছিলোঁ। বিদ্যালয় আধাতে এৰি দিন-হাজিৰা হিচাপে ৰাস্তাৰ মেৰামতি কামত ধৰিছিলোঁ। এদিন আপুনি আপোনাৰ ল’ৰা নীলিমৰ স্কুল বাছলৈ ৰৈ থাকোঁতে মোক দেখি মাতি আনি কথা পাতিছিল। তাৰ পাছত আপোনাৰ বিদ্যালয়তে নামভৰ্তি কৰাইছিল। স্কুল ছুটীৰ পাছত ঘৰলৈ মাতি আনি এপইচাও নোলোৱাকৈ গণিত, বিজ্ঞান পঢ়ুৱাইছিল। অৱশ্যে তেনেকুৱা কেবাজনো ছাত্ৰ-ছাত্ৰী আছিল। সেয়ে চাগৈ আপুনি মোক পাহৰিছে।

বাৰু এতিয়া কি কৰি আছা?

এতিয়া মই শিক্ষক। আজি দুমাহ আগতে আমাৰ ওচৰৰ গৰৈমাৰী হায়াৰ চেকেণ্ডেৰীত গণিতৰ শিক্ষক হিচাপে যোগদান কৰিছোঁ।

বৰুৱাই বৰ সুখ পালে কথাষাৰ শুনি। আৰু অৰুণাক ক’লে দেখিছা মোৰ ছাত্ৰৰ কৃতিত্ব? যোৱা কিবাকিবি ৰান্ধাগৈ।

অৰুণাৰো মন ভৰি গ’ল। অ নিশ্চয়, তুমি বহা মই আহি আছোঁ।

নালাগে বাইদেউ। আজি একো নাখাওঁ। পানী এগিলাছ দিলেই হ’ব। শিক্ষক দিৱসৰদিনাই মোৰ অহা কথা আছিল কিন্তু নতুনকৈ যোগদান কৰা বিদ্যালয়খনত অলপ ব্যস্ত হ’ব লগা হ’ল। আজি আচলতে ছাৰক সেৱা এটা জনাবলৈহে আহিছোঁ।

এনেকে নহ’ব। পানী গিলাছ খাই লোৱা। অলপ বহা। মই কিবা অকণমান দিম, খাব লাগিব। বুলি অৰুণা ভিতৰলৈ গ’ল।

বৰুৱাক ডিঙিত গামোচাখন দি আৰু কিতাপৰ টোপোলাটো আগবঢ়াই কৌশিকে আঁঠু কাঢ়িলে। বৰুৱাই তাক দুবাহুত ধৰি উঠাই দিলে। শ্ৰদ্ধা, সেৱা অন্তৰৰ বস্তু আঁঠু কাঢ়ি ইয়াক নকৰিলেও হয়। অন্ততঃ মোক। গতিকে উঠা। কথা পাতা।

ইতিমধ্যে অৰুণাই চাহৰ টেবুললৈ মাতিলেহি। তিনিও আনন্দ মনেৰে বৰ সুন্দৰকৈ পাৰ কৰিলে সময়খিনি। তাৰপাছত মাজে মাজে আহি থাকিম বুলি কৈ কৌশিক গ’লগৈ।

 

খবৰটো পাই অৰুণা হতভম্ব। শিল পৰা কপৌ হ’ল। বৰুৱাই সহজভাৱে স্বীকাৰ কৰিছে। আজিৰ যুগৰ ল’ৰা-ছোৱালীৰ সিদ্ধান্তবোৰ অলপ বেলেগ হয়। সিহঁতৰ এচামে কম বয়সতে বিয়াত বহিবলৈ অস্বীকাৰ কৰে। জীৱনটো গঢ়ি লৈ অলপদিন বান্ধোনহীন হৈ থাকি Life Enjoy কৰো বুলি লওঁতেই কেতিয়ানো ৩৪-৩৫ বছৰীয়া হয় উমানকে নাপায়। তাৰ পাছত খৰধৰ কৰিবলগীয়া হয় বিয়াৰ বাবে। কেতিয়াবা উপযুক্ত সংগী জন পায় কেতিয়াবা নাপায়। নীলিমৰ বয়স অৱশ্যে বেছি হোৱা নাই। সাতাইছ বছৰ। এই বয়সৰ সঠিক সিদ্ধান্তই এয়া। কেৱল ভুল কৰিলে সি মাক-দেউতাকক নজনোৱাকৈ বিয়াখন পাতিলে। জাতি, ধৰ্ম, ভাষাক লৈ বৰুৱাই মূৰ নঘমায়। কিন্তু তেওঁনো একমাত্ৰ পুত্ৰৰ ছোৱালী এজনী পছন্দ হৈছে এই কথাষাৰ জনাৰ বাবে কিহৰ অনুপযুক্ত হ’ল সেইটোহে বুজি নাপালে। সন্তান যেতিয়া কিশোৰ-কিশোৰী হয় ব্যৱহাৰ তেতিয়াৰপৰা বন্ধুৰ দৰে হোৱা উচিত। এই কথা বৰুৱাৰ ঘৰখনে বিশ্বাস কৰে। সেয়েহে মাক-দেউতাকৰ লগত সি বন্ধুৰ দৰে। অৱশ্যে দিল্লীত পঢ়িবলৈ যোৱাৰ পাছৰপৰা সি মাকৰ লগতহে বেছি কথা পাতিবলৈ লৈছিল। এতিয়া চাকৰি পোৱাৰ পাছত ব্যস্ততাৰ বাবে মাকৰ লগতো কথা কমিল। অন্ততঃ অৰুণাই তেনেকৈ ভাবে। এতিয়া সমস্যা হ’ল অৰুণাক লৈ। কোমল মনৰ মানুহজনী পুত্ৰৰ এই কাৰ্যত বেয়াকৈ আহত হ’ল। গোটেই নিশা উজাগৰে থাকিল তেওঁলোক। বৰুৱাই বহু ধৰণেৰে বুজালে অৰুণাক। কিন্তু মাতৃ হৃদয়ে মানি ল’ব পৰা নাই। তাইৰ কিমান যে সপোন আছিল নীলিম ক লৈ। উচ্চ ডিগ্ৰীধাৰী, শকত দৰমহাৰ বিদেশৰ নামি কোম্পানীৰ উচ্চ পদবীত কৰ্মৰত চাকৰিয়াল। এক কথাত ঈৰ্ষণীয় কেৰিয়াৰৰ গৰাকী নীলিম। তাক গঢ় দিওঁতে মাক-দেউতাকৰ কম শ্ৰম হৈছিল নে? তাৰ বিয়াখন হেঁপাহৰ জোখাৰে পাতিবলৈ কোনজনী মাকৰ মন নাযাব বাৰু। হঠাৎ অহা দুখবোৰে মানুহৰ মনত যি ঘাঁৰ সৃষ্টি কৰে সেয়া কেৱল সময়েহে শুকুৱাব পাৰে। অজস্ৰ মৰমৰ বুজনিয়ে নোৱাৰে। অভিজিত বৰুৱাই এই কথা জানে। তথাপি জীৱনৰ অবিচ্ছেদ্য অংশ অৰুণাক বুজনি দিয়াৰ বৃথা চেষ্টা কৰিলে। পূৱ আকাশত হেঙুলীয়া আভা দেখি তেওঁ দুৱাৰখন খুলি ওলাই গ’ল। অৰুণা বিছনাতে পৰি ৰ’ল।

 

ই-মেইলটো পঢ়ি চালে নীলিমে। দেউতাকৰ মেইল এইটো। পঢ়ি চাই গম পালে তাৰ বিয়াখন এইদৰে হোৱাত মাক ভীষণ অসুখী। দেউতাক বেলেগ। তেওঁ সময়ৰ ডেউকাত উঠি চলিব ভালকৈ জানে। মাকক সি বুজাব লাগিব বিয়াৰ পাৰ্টি এটাটো এতিয়াও গৈ ঘৰত দিবলৈ পাৰিব সি। আচলতে বৰ খৰধৰকৈ সিদ্ধান্ত ল’ব লগা হোৱাৰ বাবে আৰু নতুন কৰ্মস্থলীলৈ ততাতৈয়াকৈ আহিব লগা হোৱাত খবৰটো মাকহঁতক দিয়া নহ’ল। এইটো অৱশ্যে তাৰ ভুল হৈছে। তাৰ বাবে ক্ষমা বিচাৰিব সি। লগা লগ ডোনালৈ মেইল কৰিলে, অহা জানুৱাৰীত সিহঁত অসমলৈ যাব লাগিব। সিহঁতৰ বিয়াৰ পাৰ্টি দিব লাগিব।

 

অচিনাকি মেইলটো পায় বৰুৱাই খৰধৰকৈ পঢ়িলে। “দেউতা, সেৱা জনাইছো। মই দুঃখিত। আপোনালোকৰ সন্মতি নোলোৱাকৈয়ে নীলিমৰ লগত বিবাহপাশত আবদ্ধ হ’লোঁ। আচলতে এই সিদ্ধান্তত মোৰফালৰপৰা সন্মতি দিবলৈ বা অসন্মতি প্ৰকাশ কৰিবলৈ মোৰ কোনো আত্মীয় নাই। জনা হোৱাৰপৰা মই এখন অনাথ আশ্ৰমত আছিলো। মোৰ মা-দেউতাক চিনি নাপাওঁ। তেওঁলোক বৰ্তমান জীৱিত নে মৃত নাজানো। বৰ্তমান মই দিল্লীস্থিত এটা মাল্টিনেচনেল কোম্পানীৰ কৰ্মচাৰী। নীলিমক মই কৈছিলো আপোনালোকক জনাবলৈ। কিন্তু জনাওঁ জনাওঁকৈ থাকোঁতেই হঠাৎ সি জাপান লৈ যাব লগা হোৱাত ক’ৰ্ট মেৰেজ কৰিব লগা হ’ল। আপোনালোকৰ অসন্মতি থাকিলে মই নীলিমৰ তথা আপোনালোকৰ একো ক্ষতি নোহোৱাকৈ আঁতৰি আহিম। সেৱা জনালোঁ। ইতি, ডোনা।”

 

পঢ়ি উঠি মূৰ দাঙি ভিতৰলৈ চাওঁতে অৰুণাক তেওঁৰ পিছফালে লৈ থকা দেখা পালে। অৰুণাৰফালে স্মাৰ্ট ফোনটোত থকা মেইলটো আগবঢ়াই দিলে। তাই পঢ়িলে। তাৰপাছত বহু সময় দুয়ো নীৰৱে বহি ৰ’ল। এজনী ছোৱালীৰ মাতৃ হোৱাৰ হেঁপাহৰ কথা অৰুণাৰ মনলৈ আহিল। বহুদিনৰ আগৰ সেই হেঁপাহ আছিল সেয়া। এতিয়া ঈশ্বৰৰ আশিস হিচাপে সেই ছোৱালীজনীকে যেন তেওঁলোকে পাইছে এনে লাগিল। হাঁহি মাৰি অৰুণাই বৰুৱালৈ চালে আৰু ক’লে তাইক মোৰ ফোন নম্বৰটো দি দিয়ক। বৰুৱাই সামান্য হাঁহি কৈ পেলালে, “তেন্তে ডাৱৰ আৰু নাই, নে কি কোৱা?” স্থিতপ্ৰজ্ঞ মানুহজনে ইয়াতকৈ বেছি কিনো ক’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments