তীৰ্থস্থান

লেখক- যশোৱন্ত নিপুণ

সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল। উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে। অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি। য’লৈকে যায় তাতে সি তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে। সি আধা ঘণ্টামানৰ বাবেহে গান গোৱাৰ কথা আছিল। তথাপি তাক এবাৰ চাবৰ কাৰণে মানুহ হিলদল ভাঙি আহিল। অৱশ্যে নতুন কথা এয়া নহয়। আজি দুকুৰি বছৰৰো অধিক সি গান গাইছে আৰু তাৰ গানেৰেই শিশু-ডেকা-বুঢ়া সকলোৰে মনৰ মাজত নিজৰ বাবে এটা ঘৰ সাজি লৈছে।

সৰু অঞ্চলটোৰ সৰু অনুষ্ঠান এটালৈ সি নাহিবই বুলি বহুতে সন্দেহ কৰিছিল। সি এজন ডাঙৰ গায়কেই অকল নহয়, এজন ডাঙৰ শিল্পী আৰু বহুত কিবাকিবি। লিখা-মেলা, ছবি পৰিচালনা, ছবিৰ সংগীত পৰিচালনা, গীত গোৱা আৰু লিখা, গীতৰ সুৰ দিয়া, আলোচনীৰ সম্পাদনা আৰু কত কি কাম তাৰ। অসমৰ আৰু বাহিৰৰ বিখ্যাত শিল্পী-সাহিত্যিকৰ লগতো তাৰ কাম-কাজ চলি থাকে। বাতৰিকাকতত তাৰ খবৰ ওলায়ে থাকে। গুণমুগ্ধ অসংখ্য লোকৰ লগতে দুই-এজন তাক বৰ বেয়াকৈ গালি পৰা মানুহো নোহোৱা নহয়। কিছুমানে অদ্ভুত অদ্ভুত কাৰণ উলিয়াই তাৰ মাজত একোৱেই ভাল বিচাৰি নোপোৱা হয়, আৰু সিহঁতে কেৱল তাৰ দোষ খোঁচৰে। পিছে সেইবোৰক সি বৰ এটা গুৰুত্ব নিদিয়ে বুলিয়েই ভাব হয়। ৰাইজেও তাৰ গালৈ কাকত-পত্ৰৰ ওখ ঠাইৰপৰা বোকা ছটিয়াই ভাল পোৱা মানুহখিনিকলৈ মূৰ নঘমায়। হাতীয়ে ক’ৰবালৈ গ’লে পথৰ দুই-এটা কুকুৰেতো ভুকিবই।

অনুষ্ঠানটোৰ কাম-কাজৰ লগত এইবাৰ ময়ো জড়িত হ’লোঁ। লগতে আদৰণি সমিতিৰো সদস্য। সেইবাবেই তাৰ ওচৰত গৈ থিয় হোৱাৰ সুযোগ পালোঁ। নহ’লে তাৰ কাষলৈ যাকে-তাকে আহিবলৈ দিয়া হোৱা নাছিল। ৰাইজে য’তে পায় তাতে তাক বুকুত সুমুৱাই ল’ব খোজে। পিছে ইমানসোপা মানুহৰ মৰমৰ হেঁচাত সি চেপেটা লাগিবও পাৰে।

আগেয়ে মোৰ এমূৰ জপৰা চুলি আছিল। তেল ঘঁহি, ষ্টাইল মাৰি ধুনীয়াকৈ ৰাখিছিলোঁ। কিন্তু মাজতে দুকুৰি বছৰেই পাৰ হৈ গ’ল। মূৰৰ চাৰিওফালে আৰু কাণৰ কাষত বেৰ এটাৰ দৰে কেইডালমান চুলিহে এতিয়াও বিদায় নোলোৱাকৈ কিন্তু যাওঁ যাওঁকৈ ৰৈ আছে। সেই কেইডালো বগা হৈ যোৱা কত বছৰ হ’ল তাৰ হিচাপ নাই। মানুহটোও অলপ শকত হ’লোঁ, পেটটো ওলাই গ’ল। বয়সতকৈ মোক বেছি বুঢ়া বুঢ়া যেন লাগে বুলি লগৰবোৰে কয়। কথাষাৰ শুনিলে ভাল নালাগে যদিও হাঁহি উৰুৱাই দি কওঁ— “চাকৰিৰপৰা অৱসৰ পোৱাৰ সময় হ’লহি। এই সময়ত ডেকা হৈ থাকিওনো কিডাল কৰিম?”

সি কিন্তু চল্লিছবছৰীয়া তজবজীয়া মানুহটোৱে হৈ আছে। মোক চিনি নাপাবও পাৰে বুলি ভাবিছিলোঁৱেই।

চছমাৰ মাজেৰে মোৰফালে চাই সি হাঁহি এটা মাৰিলে। তাৰ কাষলৈ অহা অচিনাকি অইনসকলৰফালে চায়ো সি তেনেকৈয়ে হাঁহিছিল।

“দাদা, মোক চিনি পাইছেনে?” সেমেনা-সেমেনিকৈ সুধিলোঁ। সিতো দুকুৰি বছৰৰ আগৰ আমাৰ ঘৰত ভাত-পানী খাই ৰাতি থাকি যোৱা, নদীলৈ গা ধুবলৈ গ’লে আমাকো লগত লৈ যোৱা উপেনদাটো নহয়। সি এতিয়া ডাঙৰ শিল্পী, সকলোৰে হিয়াৰ আমঠু, তাৰ গান আজি দুকুৰি বছৰে মানুহৰ মুখে মুখে। আমাৰ দৰে এলেকৰ পেলেকক পাহৰি যোৱাটো তাৰ বাবে অতি সহজ কথা।

চছমাৰ মাজেৰে মাজেৰে মোক আকৌ খুব ভালকৈ চালে। বুজিলোঁ সি একেবাৰেই ধৰিব পৰা নাই।

মই কওঁ নকওকৈ আকৌ ক’লোঁ, “দাদা, মই তাৰিণী।”

“তাৰিণী, তাৰিণী, মানে!” সি তথাপি মোক চিনি পোৱা নাছিল।

“দাদা, আপোনাৰ বংশীধৰ খুৰা যে, তেওঁৰ ল’ৰা …।”

“অঁ তই, বংশীখুৰাহঁতৰ তাৰিণী। তোক চিনিবই পৰা নাছিলোঁ দেখোন। অ’ কপাল!” সি জাঁপ মাৰি উঠি মোক সাবটি ধৰিলে। ঠিক সৰুতে নদীলৈ গা ধুৱাবলৈ মোক কোলাত উঠোৱাৰ আগেয়ে সি সাবটি ধৰা যেন অনুভৱ হ’ল। মানুহবোৰৰ আগত মোৰ অলপ লাজেই লাগিল।

“দাদা, চিনিব নোৱাৰিবই। আপুনি গাঁও এৰি যোৱাৰ কিমান বছৰ পাৰ হৈ গ’ল। মই বুঢ়াই হ’লোঁ।” চুলি নোহোৱা তালুত হাতখন ৰাখি ক’লোঁ।

“এস্! কি কৱ তই। চাচোন মোক।” সি পিন্ধি থকা টুপীটো খুলি তাৰ মূৰত দুবাৰমান খৰকৈ হাত ফুৰাই ক’লে। মোৰ দৰেই তাৰো মূৰৰ মাজভাগ খালী হৈ গৈছে। সেই কাৰণেই কিজানি সি টুপীটো পিন্ধি থাকে। “চুলি কেতিয়াবাই পকিল। ৰং কৰি থাকোঁ।” সি ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা মাৰিলে। তাৰ হাঁহিটো আগৰ দৰেই নিৰ্মল আৰু সৰল।

সি মোক কাষতে বহুৱাই ল’লে। হুকুম দিয়াৰ সুৰত ক’লে, “পিছে গাঁৱৰ ল’ৰাটোৱে মোক ‘আপুনি’ বুলিছ আকৌ কিয়? আগৰ দৰেই মাতিবি। নহ’লে দূৰৰ দূৰৰ লাগিব, বুজিলিতো।”

মই হাঁহিলোঁ। ইমান ওখ হৈ যোৱাৰ পাছতো সি কিজানি এই মাটিৰ গোন্ধটো পাহৰি যোৱা নাই।

“মহা-মাহীৰ কেনে? কিমান বছৰ হ’ল, দেখাই নাই। ভালে আছেনে?” সি সুধিলে।

সুযোগ পাই তাৰ লগত এষাৰ-দুষাৰ কথা পাতিবলৈ ইজন-সিজনকৈ আহি ভিৰ কৰিছে। মই উত্তৰ দিয়াৰ আগতেই সি সেইসকলৰ লগত ব্যস্ত হৈ পৰিল। লক্ষ্য কৰিলোঁ, তাৰ কথা-বতৰাত একো ভেম নাই, অহংকাৰ নাই। সি যেন আমাৰ দৰেই এজন নিচেই সাধাৰণ মানুহহে।

আই-পিতা ঢুকোৱাৰ বহু বছৰ হ’ল। উপেনদাই গম নাপায়। তেওঁলোক ঢুকোৱাৰ খবৰবোৰ তাক দিব নোৱাৰিলোঁ। দুকুৰি বছৰৰো আগেয়ে সি যি গান গাবলৈ ওলাই গ’ল তাৰ পাছত আমাৰ ঠাইলৈ আৰু তেনেকৈ ঘূৰি আহিবলৈ সময় উলিয়াবই নোৱাৰিলে। সি যাযাবৰ, অতি ব্যস্ত শিল্পী। গৈ লগ ধৰাটো সহজ হৈ থকা নাছিল।

আমাৰ ঘৰৰপৰা পশ্চিমৰ নদীখনৰ দলং পাৰ হৈ অলপ দূৰ গ’লেই উপেনদাহঁতৰ ঘৰ আছিল। আই উপেনদাহঁতৰ দূৰ সম্পৰ্কীয় মাহীয়েক। সি আৰু ভায়েক অনন্তও আমাৰ তালৈ তেতিয়া আহিয়েই থাকে। গাঁৱৰ ভাওনা-সবাহ আদিত আমাৰ ঘৰত প্ৰায়ে ৰাতি থাকে, ভাত-পানী খায়। সেই সময়ত সি পুৱাতে উঠি বৰগীত গাইছিল। কি সুন্দৰ তাৰ কণ্ঠ, কি সুন্দৰ তাৰ সুৰ, “তেজৰে কমলাপতি, পৰভাতে নিন্দ …।” পিতাই শুনি বৰ ভাল পাইছিল। তাক আকৌ গাবলৈ কয়। সিও গাই যায়। অনন্ত তেতিয়া বৰ সৰু। কিন্তু সিও বৰ সুন্দৰকৈ দুটা-এটা গান মন গ’লে গাইছিল। মোক কেতিয়াবা উপেনদাই কান্ধত উঠাই নদীলৈ গা ধুবলৈ লগত নিছিল। নদীত সাঁতুৰি, গা ধুই থকা সময়খিনিতো সি সংগীতময় হৈ চিঞৰি চিঞৰি গান গায়। আচলতে সি আৰু অনন্তই কিজানি গান তেজত লৈয়ে জনম লৈছিল।

তাৰ বিশেষ এটা কথা মোৰ এতিয়াও মনত পৰে। বৰষুণ দিলে সি মন দি বৰষুণৰ শব্দ শুনে; আমি যেনেকৈ গান শুনো তেনেকৈ। বৰষুণতো বোলে গানৰ সুৰ থাকে। বতাহ-ধুমুহায়ো বোলে গান গাই থাকে যিটো আমি অলপ মন দিলেই শুনিব পাৰোঁ। এই কথাবোৰ সি আমাক প্ৰায়ে কৈছিল।

সি পাছলৈ ভাল গায়ক হ’ব বুলি পিতাই আইক মাজে মাজে কোৱা শুনিছিলোঁ। তেওঁৰ কথাটো বৰ সুন্দৰকৈ ফলিয়ালে। কিন্তু সি ইমান ডাঙৰ এজন গায়ক-শিল্পী হ’ব বুলি বোধহয় আমাৰ ঠাইখনৰ কোনেও ভাবিবই পৰা নাছিল। অকল সিয়েইতো নহয়, অনন্তয়ো তাৰ দৰেই ডাঙৰ গায়ক এজন হৈ কাললৈ অলেখ মানুহৰ মন জিনি থৈ গ’ল।

হঠাতে সি মোৰফালে চাই ক’লে, “আজি তহঁতৰ ঘৰতে ভাত খাম। মাহীৰ হাতৰ আঞ্জা-ভাতৰ সোৱাদ মুখত লাগি আছে অ’। আৰু জুই পুৱাই পুৱাই মেল মাৰি আলু পুৰি খাইছিলোঁ যে!”

মই কিবা কোৱাৰ আগতেই সি আকৌ ছাত্ৰ কেইজনমানৰ লগত কিবা কথাত ব্যস্ত হৈ পৰিল। চিন্তা এটাত পৰিলোঁ। ওচৰৰ টাউনৰ ভাল হোটেল এখনত তাৰ আৰু লগত অহা কেইজনৰ থকাৰ ব্যৱস্থা কৰা আছে। সি মোৰ ঘৰত গৈ থাকিলে অসুবিধা নাপাবনে? তাৰ দৰে বিখ্যাত শিল্পী-গায়ক এজনক খুৱাবলৈ মোৰ ঘৰত আছেনো কি? ঘৰৰ কোনখন বিছনাত তাক শুবলৈ দিম?

কিন্তু সি আগৰপৰাই খেয়ালি মনৰ মানুহ। মই কথাবোৰ ভাবি থাকোঁতেই ঘপহকৈ উঠি ক’লে, “ব’ল তহঁতৰ ঘৰলৈ যাওঁ। দেৰি নকৰোঁ। কাইলৈ পুৱা সোনকালেই যাব লাগিব নহয়।”

লগত অহা কেইজন হোটেলতে থাকিব। গাড়ীৰ কাষলৈকে তাক আগবঢ়াই দিবলৈ জাকে জাকে মানুহবোৰ আহিল। সি সকলোকে নমস্কাৰ জনাই বিদায় লৈ গাড়ী ষ্টাৰ্ট কৰিলে।

গৰুগাড়ীৰ বেগত গাড়ীখন আগুৱাইছিল।

“ইমান লাহে লাহে চলাইছ কিয়?” মই অলপ আচৰিতেই হৈছিলোঁ।

“একো নহয় অ’। পথাৰখন, ঘৰবোৰ আৰু ৰাস্তাটো ভালকৈ চাইছোঁ। ময়ো ইয়াতে আছিলোঁতো এদিন। আৰুবা কেতিয়া এইবোৰ দেখা পাওঁ। কিজানি দেখা নাপাৱেঁই।” সি হাঁহি কথাষাৰ কৈছিল যদিও তাক কিবা উদাস উদাস যেন লাগিল।

জোনাকেৰে গোটেইখন ভৰি পৰিছিল। মই আই-পিতা কেতিয়াবাই পাৰ হোৱাৰ কথাটো ক’লোঁ। তাৰ মনটো যেন সেমেকি আহিল। কিন্তু সহজ সুৰতে ক’লে, “লগ পাম বুলি ভাবিছিলোঁ। কিন্তু মোৰেই আহোঁতে দেৰি হৈ গ’ল দে।”

বাটত আমাৰ উচ্চতৰ মাধ্যমিক স্কুলখন পৰে। আমাৰ স্কুল বুলি এই কাৰণেই ক’লোঁ, তাতেই উপনদা, মই, অনন্ত আৰু মোৰ ভাই দুটাই পঢ়িছিলোঁ। অৱশ্যে আমি ভৰ্তি হোৱাৰ আগেয়েই সি স্কুল এৰি কলেজ পাইছিল আৰু আমি স্কুল এৰাৰ আগতে সি বিশ্ববিদ্যালয় পাৰ হৈ, কিছুদিনলৈ গান গাবলৈ এৰি আকৌ কিবা পঢ়িবলৈ বিদেশ পাইছিলগৈ।

স্কুলৰ আগত সি গাড়ী ৰখাই নামি গ’ল। ময়ো লগতে নামিলোঁ। লোহাৰ গেটখনৰ চেঁচা হৈ থকা ৰদ দুডাল হাতেৰে ধৰি মুখখন গভীৰ কৰি সি থিয় হৈ ৰ’ল। আৰু তেতিয়াই ফাংশ্যনৰপৰা অনন্তৰ গান এটাৰ কলিবোৰ আমাৰ কাষেৰে বতাহত ভাহি যাবলৈ ধৰিলে। তাৰ মুখলৈ চালোঁ। সি মন দি গানটো যেন শুনিবলৈ চেষ্টা কৰিছে। তাৰ মুখখন গভীৰ হৈয়ে থাকিল; একো পৰিৱৰ্তন দেখা নাপালোঁ। অনন্তৰ কথা তাৰ মনত পৰি থাকেনে? মনত পৰিলে দুখ লাগেনে?

স্কুলৰ সম্মুখৰ মুকলি ঠাইখিনিলৈ দেখুৱাই ক’লোঁ, “তাতে আমি প্ৰাৰ্থনা কৰিছিলোঁ। তোৰ মনত আছেনে দাদা?”

সি মূৰ দুপিয়ালে, “সেইবোৰ কেনেকৈ পাহৰিম?”

“অনন্তই কি ধুনীয়াকৈ প্ৰাৰ্থনা লগাই দিছিল। তালৈ কেতিয়াবা বৰকৈ মনত পৰে দাদা। কিয় যে ইমান সোনকালে গুচি গ’ল?” নকওঁ বুলি ভাবি থকা কথাষাৰেই হঠাৎ মুখৰপৰা ওলাই গ’ল।

সি একো নকৈ আকৌ মূৰ দুপিয়ালে। আগৰ কথাবোৰেৰে মোৰ মন ভৰি পৰিল। হাফপেণ্ট পিন্ধি অনন্ত স্কুললৈ আহে, তাৰ মাতটো বৰ ভাল কাৰণে হেডছাৰে প্ৰায়ে তাক প্ৰাৰ্থনা লগাই দিবলৈ কয়। এদিন সি উপেনদাৰ লগত গান গাবলৈ গুচি যায়। …

এই সকলোবোৰ যেন দুদিন আগতেহে ঘটি গৈছে। অথচ মাজতে কত বছৰ পাৰ হৈ গ’ল!

অনন্তই শিল্পীৰ দল এটা কৰি অসমৰ ইমূৰৰপৰা সিমূৰলৈ গান গাই ঘূৰি ফুৰিছিল। তাৰ হৃদয় পৰশা গানবোৰ মানুহে নাপাহৰে, পাহৰিব নোৱাৰে। সেইবোৰ মানুহৰ বুকুত লাগি ৰৈ গৈছে, বুকুত লাগিয়েই থাকিব।

আমি আকৌ গাড়ীত আহি বহিছিলোঁ।

“তই আজিকালি কবিতা লিখনে?” সি সুধিলে।

“নাই, নিলিখোঁ।”

হাইস্কুলৰপৰাই মই কবিতা লিখিছিলোঁ আৰু পাছলৈ বাতৰিকাকত আৰু আলোচনীত দুই-এটা প্ৰকাশো হৈছিল। সেই দিনবোৰত পৃথিৱীখন বৰ সহজ আছিল, বৰ ৰোমাণ্টিক আছিল। কিন্তু কেতিয়া যে ৰূপ সলাই পৃথিৱী কৰ্কশ গদ্যময় হৈ পৰিল ধৰিবই নোৱাৰিলোঁ। কবিতাৰ কিতাপ এখন উলিয়াম বুলি তেতিয়া ভাবি আছিলোঁ। ভাবি থাকোঁতেই দিনবোৰ, বছৰবোৰ পাৰ হৈ গ’ল আৰু মই লিখা কবিতাবোৰো হেৰাই থাকিল। এতিয়া বহু চেষ্টা কৰিলেও সেইবোৰৰ এটা শাৰীও মনলৈ নাহে। আৰু নতুনকৈ কবিতাতো মনলৈ নাহেই। কৰ্কশ পৃথিৱীখনৰ দৰেই ময়ো আজি এটা গদ্যময় মানুহহে।

“লিখিব লাগে। কিয় নিলিখ?” সি অন্যমনস্ক হৈ সি স্কুলৰফালে চাই থাকিল অলপ পৰ। তাৰ পাছত সোঁহাতৰ তৰ্জনীৰে বুকুত বৃত্তৰ দৰে কিবা এটা আঁকি ক’লে, “চা, মোৰ এইখিনি শূন্য হৈ গৈছে। আৰু শূন্যটো ডাঙৰ হৈয়ে গৈ আছে। কিন্তু এই শূন্যতে আছে এখন তীৰ্থস্থান।”

সি কি বুজাব খুজিছিল ধৰিব নোৱাৰিলোঁ। গানবোৰৰ দৰেই তাৰ কথাবোৰো কেতিয়াবা কাব্যময় হৈ পৰে। বোধহয় স্কুলৰ দিনবোৰলৈ মনত পৰি তাৰ বেয়া লাগিছিল।

ঘৰ যেতিয়া পাওঁ তেতিয়া শ্ৰীমতীয়ে ধন মানে মোৰ প্ৰাইমাৰী স্কুললৈ যাবলৈ আৰম্ভ কৰা নাতিটোৰ লগত বহি চোতালতে জুই পুৱাই আছে। স্কুল বন্ধৰ কাৰণে দেউতাকে তাক ইয়াতে দুদিনমান থাকি যাবলৈ থৈ গৈছিল।

পদূলিৰ ৰোৱা ডাঙৰ গাড়ীখনলৈ সিহঁতে চকু বহল কৰি চাইছিল। মোৰ লগত নমা মানুহজন যিমানে ওচৰ চাপি আহিল সিমানেই শ্ৰীমতীৰ চকু দুটা বহল হৈ যাবলৈ ধৰিলে। তেওঁ যেন একো বিশ্বাসেই কৰিব পৰা নাই।

মোৰ বুকুখন ক’ব নোৱৰাকৈ ফুলি উঠিল। কি বুলি ভাবিছে শ্ৰীমতীয়ে মোক, এলা-পেচা মানুহ নেকি মই? মোৰ আই উপেনদাৰ মাহীয়েক আছিল, আমাৰ ঘৰখন উপেনদাহঁতৰ নিজৰ ঘৰৰ দৰে আছিল। কত দিন উপেনদা আৰু অনন্তই আমাৰ ঘৰত থাকি গৈছে, ভাত খাই গৈছে!

শ্ৰীমতীয়ে গোটেই অসমৰ হিয়াৰ আমঠুজনক এতিয়া কি খুৱাব, কি পিন্ধিবলৈ দিব, ক’ত শুবলৈ দিব? তেওঁ অস্থিৰ হ’ল। হ’বৰ কথাই। দেৱতাজনক আদৰিবলৈ মূৰা ঘৰখনতনো আছে কিটো? কথাটোৱে মোকো ইতিমধ্যে চিন্তাত পেলাই থৈছিলেই।

সি শ্ৰীমতীৰ মনৰ অৱস্থাটো ধৰিব পাৰিলে। হো-হোৱাই হাঁহি ক’লে, “তোমালোকে যি খোৱা তাকে খাম। খুব সাধাৰণভাৱে ঘৰৰ এসাঁজ খাবৰ মন গৈছে। হোটেলত আৰু এই প্ৰ’গ্ৰামবোৰত খাই খাই আমুৱাই গৈছে। কেতিয়াবা নিজে ৰান্ধি খাবলৈ মন যায়। কিন্তু সময় নাপাওঁ। সুবিধাও নহয়।”

সি বাথৰুমত হাত-মুখ ধুবলৈ সোমাল। মই সেই ছেগতে শ্ৰীমতীক পাগঘৰত কিবা সহায় কৰিব পাৰিম নেকি সুধিলোঁগৈ। তেওঁ চকুৰেই মোক ডাবি মাৰি, “নাই, একো দৰকাৰ নাই। সহায় কৰি বৰ ফটাব নালাগে।” ধৰণৰ ইংগিতেৰে মূৰ জোকাৰিলে। তেওঁক মহা বিপদত পেলালোঁ মই। কিন্তু তাৰ দৰে বিখ্যাত মানুহ এজনে হঠাতে মোৰ দৰে অপদাৰ্থ এটাৰ ঘৰত থাকিবলৈ ওলাব বুলি কেনেকৈ জানিব পাৰোঁ মই?

জুইৰ কাষত বহি সি ধনক কোলাত তুলি লৈ কিবাকিবি কৈছিল। তেতিয়াহে সি মোৰ ঘৰ-সংসাৰৰ কথা সুধিলে।

ভাই দুটাই কেতিয়াবাই নগৰত ঘৰ-বাৰী কৰি উঠি গ’ল। ল’ৰাটোৰ কথাও ক’লোঁ। বহু চেষ্টাৰ পাছত চাকৰি এটা পালে। নিজে চাই ছোৱালী আনিলে। এতিয়া সি পৰিয়াল তাৰ অফিচৰ কাষতে ভাড়াঘৰত থাকে। তাতেই মাটি অলপ লৈ ঘৰ এটা সজাৰ কথা চিন্তা কৰি আছে।

উপেনদাৰ কথাবোৰ অসমখনে জানে। কিন্তু নজনা কথাও বহুত আছে। বিদেশত থাকোঁতেই সি বাহিৰৰ এজনী বিয়া কৰাইছিল। ল’ৰা এটাও হ’ল। কিন্তু সি পৰিয়াল তাতে এৰি ঘূৰি আহিল। ল’ৰা-তিৰোতাৰ লগত তাৰ এতিয়াও সম্পৰ্ক আছেনে? তাৰ পৰিয়ালৰ কথা সুধিবৰ মন এটা হৈছিল। কিন্তু নুসুধিলোঁ। শিল্পী মানুহৰ জীৱন আমাৰ দৰে ঘটিৰামবোৰৰ হিচাপত জোখ-মাখ কৰিবলৈ যোৱাটো উচিত নহয়।

নাৰিকল দিয়া টেকেলি পিঠাৰে শ্ৰীমতীয়ে ডাঙৰ ডাঙৰ কাপত আমাক চাহ দি গৈছিল। উপেনদাই টেকেলি পিঠা আগেয়ে বৰ ভাল পাইছিল। সেই কথাবোৰ শ্ৰীমতীয়ে মোৰ মুখৰপৰা বহুবাৰ শুনিছে। আজিকালি পিছে সি বিখ্যাত অন্য এজন মানুহ। কিন্তু খোৱাৰ ধৰণ দেখি গম পালোঁ ডেকাকালৰ জুতিবোৰ এতিয়া তাৰ জিভাই পাহৰি যোৱা নাই।

ধনৰ টোপনি ধৰিছিল। শ্ৰীমতীয়ে তাক উঠাই নি ভাত খুৱাই শুৱাই থ’লেগৈ।

জুইত আকৌ মই খৰি জাপি দিলোঁ।

জোনাকত দূৰৰ পাহাৰখন ঢাকিব খোজা কুঁৱলীবোৰ মেঘ যেন লাগিছিল। ফাংশ্যনৰপৰা কোনোবাই গোৱা উপেনদাৰ গান এটাৰ কলি ভাহি আহিছিল।

“তহঁতৰ খেৰীঘৰ দুটা ভাঙি পেলালি?” সেই ফালে মন নিদি সি সুধিলে।

“কেতিয়াবাই ভাঙিলোঁ। ল’ৰাটোৱে থাকিব বুলি এইটো বান্ধিলোঁ।” পকীঘৰটোলৈ আঙুলিয়াই ক’লোঁ।

“অঁ, হয় দে। পুৰণি মানুহবোৰেই ৰৈ থাকিব নোৱাৰে। পুৰণি ঘৰবোৰ ক’ত থাকিব?” সি ক’লে।

“কথাটো সঁচা।” মই শলাগিলোঁ।

সি উদাসভাৱে হাঁহিলে। অলপ ৰৈ কিবা ভাবি সৰুকৈ ক’লে, “গাড়ীত বটল এটা আছে। অলপ খাব পাৰিলে ভাল আছিল। কিন্তু তোমাৰ এওঁ আকৌ বেয়া পাব নহয়। তোৰতো সেইবোৰ নচলে কিজানি?”

“নাই, নাই। মই নাখাওঁ।” মই মিছা মাতিলোঁ। মাজে মাজে ময়ো সুযোগ-সুবিধা পালে সেইটুপি অলপ নধৰা নহয়। শ্ৰীমতীয়েহে মুখত নাওমান গোন্ধ পালেই মহাভাৰত আৰম্ভ কৰি দিয়ে।

সি মদ অলপ বেছিকৈয়ে খায় কিজানি। মঞ্চতো কেতিয়াবা ঢলংপলংকৈ উঠি গান গায় বুলি কাকতে-পত্ৰই পঢ়া মনত পৰে।

“মহা, আৰু মাহীৰ কথা মনত পৰিছে অ’।” তাৰ মাতটো বৰ গহীন।

মই তাৰ মুখলৈ চালোঁ। জুইৰ পোহৰত মুখৰ ৰেখাবোৰ স্পষ্ট হৈ আহিছে। জুইৰ মাজেৰে সি যেন বহু দূৰলৈ, বহু বছৰ আগৰ ক’ৰবালৈ চাই পঠিয়াইছে।

মই একো নক’লোঁ। আই-পিতাৰ কথা, পাৰ হৈ যোৱা সেই দিনবোৰৰ কথা মনত পৰিল। উপেনদাহঁত আহিলে কেতিয়াবা এনেকৈয়ে নিশা জুই একুৰা জ্বলাই লৈ আমি চাৰিওফালে বহিছিলোঁ। আই-পিতা, ভাই দুটা, উপেনদা, অনন্ত। আৰু আজি? উপেনদা আৰু মোৰ লগত বহি আছে কেৱল শূন্যতা আৰু সেই শূন্যতা যেন সোঁৱৰণিবোৰে অধিক গভীৰ কৰি তুলিছে।

“সিহঁত কিজানি ইয়াতেই আছে। সেই কাৰণেই কওঁ,” সি চাৰিওফালে সোঁহাতখন ঘূৰাই দেখুৱাই ক’লে, “ইয়াতেই আছে এখন তীৰ্থস্থান।”

ক’ব নোৱৰাকৈয়ে মনটো উৰুঙা উৰুঙা হৈ গ’ল।

নদীপাৰৰ উপেনদাহঁতৰ ঘৰ-মাটি কেতিয়াবাই সি বিক্ৰী কৰিলে। এতিয়া তাতে এটা তিনিমহলীয়া বিল্ডিং উঠিছে। সি চাবলৈ যাব নেকি এবাৰ, সুধিলোঁ।

“নাযাওঁদে। চাইনো আৰু কি কৰিম।” সি মূৰ জোকাৰিলে।

সি তৃপ্তিৰে ভাতসাঁজ খালে। আলু-বেঙেনাপোৰাৰ পিতিকা, লেচেৰা ভজা, দাইলত দিয়া কঁঠালগুটিৰে সাধাৰণ এসাঁজ ভাত।

“মই ভালপোৱা বস্তুবোৰকেই ৰান্ধিলা দেখোন?” প্ৰাণখোলা হাঁহি এটা মাৰি শ্ৰীমতীক সুধিছিল সি।

“আপোনাৰ কথাবোৰ এওঁ কৈয়ে থাকে নহয়। মই ভাবিলোঁ দাদা, আপুনি কিজানি ভাল পাব।” শ্ৰীমতীয়ে কৈছিল।

কাম-কাজ অঁটাই ধনে সাৰ পালে ভয় খাব পাৰে বুলি শ্ৰীমতীয়ে গৈ তাৰ কাষতে শুইছিলগৈ। উপেনদাই চোতালত কিছুসময় একো-এটা নোকোৱাকৈ খোজ কাঢ়িলে। তাৰ পাছত নুমাই যোৱা জুইকুৰাৰ আঙঠাবোৰৰ কাষত বহিল। ময়ো কাষতে বহিলোঁ।

“চা।” সি পাহাৰখনলৈ দেখুৱাই ক’লে। “পাহাৰখনৰ দৰে সদায় একে ঠাইতেই থাকোঁ বুলিলেও আমি থাকিব নোৱাৰোঁ। যোৱাৰ সময় আহে।”

সি কি বুজাব খুজিছে ধৰিব নোৱাৰিলোঁ। এনেয়ে শলাগিলোঁ।

“কিন্তু যোৱাবোৰ একেবাৰে গুচি নাযায়।” সি মোৰ বুকুৰ ওপৰত সোঁহাতৰ তৰ্জনীৰে এটা বৃত্ত আঁকিলে। “সিহঁতৰ অলপমান ইয়াতেই থাকি যায়।”

শ্ৰীমতীয়ে মোৰ শোৱাকোঠাৰ কাষৰ কোঠাটোতেই তাৰ বিছনা ঠিক কৰি থৈছিল। নতুন খমখমীয়া চাদৰ পাৰিছিল, গাৰুত নতুন গিলিপ লগাইছিল, আৰু খিৰিকীৰ পৰ্দাবোৰো সলাই থৈছিল তেওঁ। নতুন টেবুলক্লথ পাৰি থোৱা টেবুলখনত গৰম পানীৰ ফ্লাস্ক এটা। সি শুবলৈ লৈ কৈছিল, “ভাগৰ লাগিছে, কিন্তু টোপনি কিজানি নাহিবই সোনকালে।”

ময়ো মোৰ কোঠাৰ বিছনাত পৰি লেপখন টানি ল’লোঁ গায়ে-মূৰে। খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে দূৰৰ পাহাৰখনলৈ কিছুসময় চাই থাকিলোঁ। মনটো খালী খালী লাগি গ’ল। আই-পিতাৰ কথা বৰকৈ মনলৈ আহিবলৈ ধৰিলে। সিহঁত গুচি যোৱাৰ কত বছৰ হ’ল? এই ঘৰখন আগেয়ে হাঁহি-খিকিন্দালিৰে ভৰি থাকিছিল। আগৰ খেৰীঘৰ দুটাতকৈ বহু ডাঙৰকৈ পকীঘৰটো সজালোঁ। কিন্তু থাকোঁ মই আৰু শ্ৰীমতীয়েহে। মাজে মাজে দুই-তিনিদিন ল’ৰাটোৱে পৰিয়ালটো লৈ আহি থাকি যায়। এই দুদিন ধন থকাৰ কাৰণেই ঘৰখন অলপ জাগি আছে। এনেয়ে গোটেইখনে আমন-জিমনকৈ বহি থকা যেন লাগে। উপেনদাৰ কথাই ঠিক। পাহাৰৰ দৰে মানুহে ৰৈ যাওঁ বুলিও একে ঠাইতে ৰৈ যাব নোৱাৰে।

লাহে লাহে মোৰ চকু দুটা মুদ খাই আহিবলৈ ধৰিছিল।

গভীৰ টোপনিৰপৰা কিবা এটা শব্দত সাৰ পালোঁ। আন্ধাৰত দেৱাল ঘড়ীটোৰ কাটা দুডাল জিলিকি আছিল। আঢ়ৈ বাজি গৈছে।

ফাংশ্যনৰফালৰপৰা অনন্তৰ গান এটাৰ কলিবোৰ ভাহি আহি আছে। কিয় জানো মোৰ বৰ ভাল লগা গানটোৱে আজি কলিজাটো শালি যাবলৈ ধৰিলে। “পৃথিৱী তোমাৰ পথেৰেই ওলালোঁ আজি, নাজানো এই পথেৰে আহিমনে উভতি …।” হয়, ওলাই যোৱা বাটটোৰে সি যি গ’ল আৰু উভতি নাহিল। কোন কেতিয়া গুচি যায় তাৰ ঠিকনা নাথাকে। কিন্তু, উপেনদাই কোৱাৰ দৰে, যোৱাবোৰে কিবা অলপমান আমাৰ ক’ৰবাত এৰি থৈ যায়।

শব্দটো স্পষ্ট হৈ আহিল। উপেনদাই শুই থকা কোঠাৰপৰাই শব্দটো আহিছে। কোনোবাই যেন কান্দিছে। কি হ’ল? গাড়ীৰপৰা বটলটো আনি সি অলপমান ধৰি ল’লে নেকি?

অনন্তৰ গানটো শেষ হ’ল। কিন্তু কন্দাৰ শব্দটো তেতিয়াও বন্ধ হোৱা নাই।

বেলেগ এটা গান ভাহি আহিবলৈ ধৰিলে। অনন্তৰে আৰু এটা গান।

কন্দাৰ শব্দটো ডাঙৰ হৈ আহিল। সৰু ল’ৰা এটাৰ দৰে যেন কোনোবা কান্দিছে। কাষত নিচুকাবলৈ যেন কোনো নাই।

জাঁপ মাৰি বিছনাৰপৰা উঠিলোঁ। বাহিৰলৈ ওলাই গৈ উপেনদা শুই থকা কোঠাৰ দুৱাৰত টুকুৰিয়ালোঁ। “উপেনদা, অ’ উপেনদা …।”

কন্দাৰ শব্দ বন্ধ হ’ল।

অলপ পাছত উপেনদাই দুৱাৰখন খুলি দিলে। শ্ৰীমতীয়ে দিয়া খমখমীয়া এৰী চাদৰখন সি গাত মেৰিয়াই লৈ আছে।

“উপেনদা?”

“আহ, ভিতৰলৈ আহ।” তাৰ মাতটো সেমেকা। সি লাহে লাহে বিছনাত গৈ বহিল।

ময়ো গ’লোঁ ভিতৰলৈ। খিৰিকীৰ পৰ্দাকেইখন এফালে টানি থোৱা আছে। কুঁৱলী ফালি অহা ম্লান জোনাক কোঠাটোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিছে। দূৰৰ পাহাৰখন ধোঁৱাৰ দৰে অস্পষ্টকৈ দেখা গৈছে।

লাইটটো জ্বলাই দিলোঁ। উপেনদাৰ চকু দুটা ৰঙা পৰিছে। গাল-মুখৰ চকুপানীৰ দাগবোৰ ভালকৈ মচি পেলাবলৈ সি কিজানি চেষ্টাই কৰা নাই।

দূৰৰপৰা গানৰ কলিবোৰ ভাহি আহিছে— “আমাৰ অহা-যোৱাৰ স’তে, ক’তেনো ঋতুৰ অহা-যোৱা মিলে …।”

টেবুলখনলৈ চকু গ’ল। তাত উপেনদাৰ ঘড়ীটো, চছমাযোৰ আৰু টুপীটো। সেইবোৰৰ কাষতেই এখন সৰু বন্ধোৱা পুৰণি, প্ৰায় চিনিব নোৱৰা হৈ যোৱা ফটো চছমাযোৰত ভেজা দি থিয় হৈ আছে। সেইখন অনন্তৰ ফটো। বোধহয় হায়াৰ চেকেণ্ডাৰীৰ শেষৰ শ্ৰেণীত পঢ়াৰ সময়ৰ ফটো হ’ব।

মই তাৰফালে চালোঁ। সি বাঁওহাতেৰে চকু দুটা ঢাকি ধৰিছে। অনন্তৰ গানৰ কলিবোৰে আজি যেন খুব গভীৰ হৈ আমাক খুন্দিয়াই গৈ আছে-

 

“যি বাটে বসন্ত আহে

সেই বাটেই উৰি গুচি গ’ল

ছাই হৈ গ’ল

গছৰ হাজাৰ শুকান পাত …।”

 

এখন হাত এৰী চাদৰৰ তলেৰে বুকুৰ ওপৰত ৰাখি সি ওঁঠ দুটা চেপি ধৰিছে।

আৰু মোৰ ভাব হ’ল,-সকলোৰে বুকুত এটা শূন্য থাকে। তাৰ বুকুতো আছে এটা শূন্য। আৰু সেই শূন্য এখন তীৰ্থস্থান।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments