উত্তৰ-পূৱ ভাৰতবৰ্ষৰ ‘বেনেই মেনাছি’ ইহুদী সম্প্ৰদায়

লেখক- পংকজ কুমাৰ নেওগ।

 

কেইদিনমানৰ আগেয়ে এখন অসমীয়া বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ছপা হৈছিল –“মণিপুৰ এৰি চিৰদিনলৈ ইজৰাইলৈ গ’লগৈ ২৫২গৰাকী লোক…”। খবৰটোৰ ওপৰত এখন আলোক চিত্ৰ দিয়া আছিল –কুঁৱলিৰে আবৰা এটা ৰাতিপুৱা মণিপুৰৰ কোনোবা এখন গাওঁ। বাটত কেইবাখনো ডাঙৰ বাছ ৰৈ আছে আৰু বাছবোৰত গাঁৱৰ কিছু মানুহ উঠি যাত্ৰাৰ বাবে সাজু হৈছে। বাছৰ চাৰিওফালে ওচৰ চুবুৰীয়াসকলৰ ভিৰ। এইয়া কোনো শীতকালৰ বনভোজলৈ যাবলৈ ওলোৱা দৃশ্য নহয়, ই আছিল নিজৰ মাতৃভূমি এৰি চিৰদিনলৈ অন্য এখন দেশলৈ যাবলৈ ওলোৱা গাওঁবাসীসকলক শেষবাৰৰ বাবে বিদায় দিবলৈ অহা প্ৰতিবেশীসকলৰ এটা কৰুণ মুহূৰ্ত, এটা শোকে খুন্দা মাৰি ধৰা দৃশ্য। এই বিদায়বেলাৰ পিছত বাছ কেইখনে হয়তো যাত্ৰী সকলক লৈ যাব ইম্ফল বিমান বন্দৰলৈ; তাৰ পৰা দিল্লী বা মুম্বাইলৈ উৰি আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা যাত্ৰা কৰি অৱশেষত তেওঁলোক উপনীত হ’ব ভূমধ্য সাগৰৰ পাৰত অৱস্থিত মধ্যপ্ৰাচ্যৰ এখন নতুন দেশত। আৰম্ভ হ’ব ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই সকল লোকৰ এক নতুন জীৱন – এখন সম্পূৰ্ণ অচিনাকী দেশত, এখন আচহুৱা সমাজ আৰু অচিনাকি মানুহৰ মাজত ! লাহে লাহে এই সকল লোকে আদৰি ল’ব নতুন ভাষা, নতুন সংস্কৃতি আৰু নতুন আচাৰ-নীতি। এসময়ত তেওঁলোকৰ সতি-সন্ততি, নাতি-পুতিয়ে হয়তো পাহৰি যাব যে তেওঁলোকৰ পিতামহ, প্ৰপিতামহসকল আহিছিল ভাৰতবৰ্ষৰ সূৰ্য উঠা উত্তৰ-পূৱ দেশৰ পৰা। তেওঁলোকে আচৰিত হৈ মাথোঁ ককাদেউতা আৰু আইতাহঁতৰ মুখত শুনি ৰ’ব সেই সেউজী দেশৰ জীপাল সাধুকথা !

আহক, আজি উত্তৰ-পূৰ্বাঞ্চলৰ বেনেই মেনাছি ইহুদী সম্প্ৰদায়সকলৰ বিযয়ে কিছু কথা জানিবলৈ প্ৰয়াস কৰোঁ। বেনেই মেনাছিসকল হ’ল ভাৰতবৰ্ষৰ উত্তৰ-পূৱ দিশৰ দাঁতি-কাষৰীয়া মণিপুৰ আৰু মিজোৰামত বসবাস কৰা জনজাতিসকলৰ এটা বিশেষ গোট। হিব্ৰু ভাষাত বেনেই মেনাছিৰ অৰ্থ হ’ল মেনাছিৰ সন্তানসকল। ইজৰাইলৰ লুপ্তপ্ৰায় বা হেৰাই যোৱা দহটা জনজাতিসকলৰ ভিতৰত মেনাছি সকলো হ’ল এটা অন্যতম গোট। কুৰি শতিকাৰ শেষৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা শ্বিন্, কুকি আৰু মিজোসকলৰ বেনেই মেনাছি গোটটোৱে তেওঁলোক ইজৰাইলৰ পৰা লুপ্ত হোৱা জনজাতিসকলৰ এটা ঠাল বুলি ঘোষণা কৰি জুডাই ধৰ্ম বা জুডাইজিম্ পালন কৰি আহিছে। এসময়ত ইজৰাইলখন উত্তৰ আৰু দক্ষিণখণ্ডত বিভক্ত হৈ দুখন ৰাজ্য আছিল; ইজৰাইলৰ বৰ্তমান ইহুদীসকল মূলতঃ দক্ষিণৰ ৰাজ্যখনৰ বংশধৰ। উত্তৰখণ্ডত বসবাস কৰিছিল বৰ্তমানৰ লুপ্তপ্ৰায় ১০টা বিভিন্ন জনজাতি। খৃষ্টপূৰ্ব ৭২১ত এচিৰিয়ান সকলে (বৰ্ত্তমানৰ ইৰাক) ইজৰাইলৰ উত্তৰখণ্ড আক্ৰমণ কৰি এই জনজাতি কেইটাক দেশৰ পৰা খেদি পঠিয়ায় আৰু বহুতকে দাস হিচাপে বন্দী কৰে।

বেনেই মেনাছি ইহুদী সম্প্ৰদায়সকলৰ মুখে মুখে চলি অহা ২৭০০ বছৰীয়া বুৰঞ্জীৰ মতে এচিৰিয়ানসকলৰ দাসত্বৰ পৰা মুক্তি পাবলৈ উপৰ্যুক্ত ইজৰাইলী জনগোষ্ঠীৰ লোকসকল পাৰস্য দেশলৈ পলায়ন কৰি তাৰ পৰা আফগানিস্থানত প্ৰৱেশ কৰে। আফগানিস্থানৰ পৰা হিন্দুকুশ পৰ্বত অতিক্ৰমি তেওঁলোকে তিব্বত আৰু অৱশেষত খৃষ্টপূৰ্ব ২৪০ত চীনদেশৰ কাইফেং চহৰত উপস্থিত হয়। বেনেই মেনাছিসকলৰ মতে চীনদেশতো তেওঁলোকৰ পূৰ্বপুৰুষসকলে দাসত্বৰ শিকলি পিন্ধিবলগীয়া হৈছিল। তাত থাকোতেই ইজৰাইলীসকলৰ ওপৰত পুনৰ অত্যাচাৰ, লুণ্ঠন আৰু হত্যাৰ অবাধ যজ্ঞ আৰম্ভ হোৱাত তেওঁলোক বিভিন্ন গোটত ছেদেলি-ভেদেলি হৈ ভিয়েটনাম, ফিলিপাইনছ, মালয়েচিয়া, ব্ৰহ্মদেশ, থাইলেণ্ড ইত্যাদি দেশলৈ বিয়পি পৰে। এইসকলৰ এটা ঠাল ব্ৰহ্মদেশ হৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বসতি স্থাপন কৰে। ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ব্ৰহ্মদেশত বসবাস কৰা ইজৰাইলীসকলৰ এই সতি-সন্ততি সকল তেওঁলোক থকা বিভিন্ন ঠাই অনুযায়ী আজি শ্বিনলুঙ্, কুকি, মিজো, লুছাই, মাৰ্ ইত্যাদি বিভিন্ন জনজাতিসকলৰ নামেৰে পৰিচিত। ১৯ শতিকাত এওঁলোকৰ প্ৰায়ভাগ ৱেলছ্ বেপটিষ্ট আৰু ইভাঞ্জেলিকেল মিছনেৰীসকলৰ দ্বাৰা খৃষ্ট ধৰ্মলৈ দীক্ষিত হয়; তাৰ আগেয়ে তেওঁলোক নৰমুণ্ড চিকাৰী ৰূপে জনা গৈছিল। ১৯৫১ চনত এগৰাকী জনজাতীয় গোষ্ঠীপতিয়ে সপোনত তেওঁলোকৰ প্ৰকৃত আৰু পূৰ্বৰ মাতৃভূমি ইজৰাইল বুলি দেখা পায়; কুৰি শতিকাৰ শেষৰ পৰা বহুতে নিজকে ইহুদীসকলৰ বংশধৰ বুলি মানি লৈ যীশুক মেছায়া বুলি জ্ঞান কৰিবলৈ ধৰে। মণিপুৰ আৰু মিজোৰামৰ জনসংখ্যা ৩.৭ নিযুত হলেও মাত্ৰ এমুঠি সংখ্যালঘু বেনেই মেনাছি সম্প্ৰদায়ৰ লোকে ১৯৭০ চনৰ পৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ধৰ্ম জুডাইজিম্ অধ্যয়ন আৰু উপাসনা কৰিবলৈ আৰম্ভ কৰে। ইজৰাইলৰ ‘শ্বাভেই’ নামৰ অনুষ্ঠান এটাৰ মতে বিশ্বত বেনেই মেনাছি সম্প্ৰদায়ৰ লোক মাত্ৰ ১০,০০০ গৰাকী আৰু তাৰে ৩০০০ গৰাকী ইতিমধ্যে ইজৰাইলৈ প্ৰব্ৰজন কৰিছে। অৱশিষ্ট ৭০০০ গৰাকী এতিয়াও ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অঞ্চলত বৰ্তমান।

২০০৩-২০০৪ চনত বেনেই মেনাছি সম্প্ৰদায়ৰ কেইবা শ লোকৰ ওপৰত ডি,এন,এ পৰীক্ষা কৰা হয় কিন্তু কাৰো শৰীৰত মধ্য-প্ৰাচ্যৰ বংশৰ কোনো বৈশিষ্ট্য দেখা পোৱা নাযায়। ২০০৫ চনত কলিকতাত একে সম্প্ৰদায়ৰ মহিলাসকলৰ ওপৰত চলোৱা এনে পৰীক্ষাত কিছু সংখ্যকৰ শৰীৰত মধ্য-প্ৰাচ্যীয় বংশৰ বৈশিষ্ট্য দেখা পোৱা গৈছিল যদিও ইয়াৰ দ্বাৰা কোনো কথা সঠিককৈ ঠাৱৰ নহ’ল। ইহুদী লোকসকলৰ হাজাৰ বছৰীয়া প্ৰব্ৰজন কালত সংমিশ্ৰিত বিবাহৰ যোগেদিও এনে ধৰণৰ ফলাফল দেখা পোৱা সম্ভৱ। ২১ শতিকাৰ আৰম্ভণিতে ইজৰাইললৈ বেনাই মেনাছিসকলৰ প্ৰব্ৰজন বন্ধ কৰে যদিও চৰকাৰ সলনি হোৱাৰ লগে লগে ই আকৌ আৰম্ভ হয়। ২০০৫ চনত ইজৰাইলৰ মুখ্য ধৰ্ম যাজক (ৰেবাই) গৰাকীয়ে বেনাই মেনাছিসকলক লুপ্তপ্ৰায় জনগোষ্ঠীসকলৰ এটা ঠাল বুলি ঘোষণা কৰে। আনুষ্ঠানিকভাৱে ধৰ্মান্তৰিত হোৱাৰ পাছত এই সকল লোকক প্ৰব্ৰজনৰ অনুমতি প্ৰদান কৰা হ’ল।

১৯৭২ চনৰ ৩১ মে’ত শ্বিন্, কুকি আৰু মিজো সকলৰ এটা ধৰ্মীয় গোটে ‘মণিপুৰ ইহুদী সন্থা’ (পিছলৈ ‘সংযুক্ত ইহুদী সংগঠন’) নামেৰে উত্তৰ-পূৱ ভাৰতৰ প্ৰথম সন্থাটো স্থাপন কৰে। এই সন্থাৰ সদস্যসকলে ইজৰাইলৰ বিভিন্ন ইহুদী গোটৰ জৰিয়তে জুডাইজিমৰ ওপৰত নানা ধৰণৰ অধ্যয়নৰ লগতে ধৰ্মও পালন কৰিবলৈ ধৰে। কুৰি শতিকাৰ শেষৰ ফালে বেনেই মেনাছি সম্প্ৰদায়ৰ কেইবা শ লোক আনুষ্ঠানিক ভাৱে ইহুদী ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ইজৰাইললৈ প্ৰব্ৰজন কৰে। ১৯৮১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ জাইথানচুঙ্গী নামৰ এগৰাকী মহিলা শিক্ষকে ইজৰাইলৰ এখন চেমিনাৰত যোগদান দি জুডাইজিমৰ সৈতে তেওঁলোকৰ উপজাতিটোৰ থকা সম্পৰ্কৰ কথা দাঙি ধৰে। মুখ্য ধৰ্ম যাজক (ৰেবাই) এলিয়ানহু অভিচেইলে জাইথানচুঙ্গীৰ পৰা ভাৰতবৰ্ষৰ উত্তৰ-পূৱ চুকত থকা ইহুদী গোটটোৰ কথা জানিব পাৰি ৮০ দশকত কেইবাবাৰো উত্তৰ-পূৱ ভাৰতবৰ্ষলৈ পৰ্যবেক্ষণৰ বাবে অহা-যোৱা কৰে। ৰেবাই গৰাকীয়ে উত্তৰ-পূৱ ভাৰতৰ এই বিশেষ গোটটোৰ কেইবাটাও বৈশিষ্ট্য লক্ষ্য কৰে – (১) ইহুদী সকলে পালন কৰা তিনিটা উত্সৱৰ দৰে একে ধৰণৰ উত্সৱ, (২) জন্ম, বিবাহ আৰু মৃতকৰ সত্কাৰ বিধিৰ পুৰণি জুডাইজিম প্ৰথাৰ সৈতে থকা সাদৃশ্য, (৩) উত্তৰ-পূৱৰ গোটটোৱে নিজক মহান ‘মন্মাসী’ৰ (মিজো সকলৰ ‘মাৰ্’ গোষ্ঠী) বংশধৰ বুলি ভবা ধৰণে ইহুদীসকলে নিজকে যোচেফ পুত্ৰ ‘মেনাছি’ৰ বংশধৰ বুলি গণ্য কৰে আৰু (৪) ‘মাৰ্’ সকলৰ স্থানীয় জনশ্ৰুতি আৰু কাহিনী বিশেষকৈ য’ত ১০০০ বছৰৰ পূৰ্বে প্ৰব্ৰজন কৰা আৰু চীন দেশৰ দক্ষিণ-পশ্চিমে কোনোবা গুহাত অন্তৰ্ধান হৈ পৰা ইহুদী সকলৰ মেনাছি ঠালটোৰ কথা পোৱা যায়। জনশ্ৰুতি মতে এওঁলোকৰ বংশধৰ সকলে থাইলেণ্ড/ব্ৰহ্মদেশ হৈ উত্তৰ-পূৱ ভাৰতবৰ্ষত প্ৰৱেশ কৰে।

ৰেবাই অভিচেইলে উত্তৰ-পূৰ্বাঞ্চলৰ এই গোটটোক বেনাই মেনাছি নামেৰে নামাকৰণ কৰি সনাতন জুডাই ধৰ্মত দীক্ষিত কৰে। যদিও ৰেবাই গৰাকীয়ে নিজৰ খৰচত বেনাই মেনাছিসকলক ইজৰাইললৈ নিবলৈ চেষ্টা কৰিছিল, ইজৰাইলী চৰকাৰে সেই সময়ত এই ভাৰতীয় গোটটোক প্ৰব্ৰজনত বাধা প্ৰদান কৰে। এলিয়ানহু অভিচেইলৰ পাছত মাইকেল ফ্ৰিয়াণ্ড নামৰ আন এজন বিষয়া ইজৰাইলৰ পৰা লুপ্ত হোৱা বা হেৰাই যোৱা জনজাতিসকলৰ পুনৰুদ্ধাৰ সমিতি এমিশাভৰ মুখ্য বিষয়া হৈ আহে। ফ্ৰিয়াণ্ডে শ্বাভেই ইজৰাইল নামেৰে একে ধৰণৰ আন এটা অনুষ্ঠান খুলি লুপ্তপ্ৰায় জনজাতিবোৰৰ বংশধৰসকলক সুৰক্ষা দিয়া কাৰ্যত ব্যস্ত হৈ পৰে। এলিয়ানহু আৰু মাইকেল দুয়োজনেই ইজৰাইলত বেনেই মেনাছিসকলৰ মঙ্গলাৰ্থে নানা কৰ্মত ব্ৰতী হয়। শ্বাভেই ইজৰাইলৰ যোগেদি মিজোৰামৰ আইজাল আৰু মণিপুৰৰ ইম্ফলত বেনেই মেনাছিসকলৰ বাবে ইহুদী বা হিব্ৰু শিক্ষাৰ ব্যৱস্থা গঢ়ি উঠে। ২০০৫ চনৰ মাজ ভাগত এখন স্থানীয় পৰিষদৰ সহযোগত শ্বাভেই ইজৰাইলে পোন প্ৰথমবাৰৰ বাবে ইজৰাইলত বেনেই মেনাছিসকলৰ বাবে এখন জনসাধাৰণ বা সম্প্ৰদায় কেন্দ্ৰ উদ্বাধন কৰে। এই অনুষ্ঠান দুটিয়ে ভাৰতৰ উত্তৰ-পূৱত কেইবাটাও ইহুদী মন্দিৰ বা চিনাগগ্ নিৰ্মাণ কৰাৰ উপৰি ২০০৫ চনৰ জুলাই মাহত ইজৰাইলী পুৰোহিতসকলৰ তত্ত্বাৱধানত মিজোৰামত মিকভেহ্ বা ধৰ্মীয় স্নানাগাৰ তৈয়াৰ কৰে। ইহুদী বা জুডাই ধৰ্মলৈ ৰূপান্তৰিত হোৱাৰ সময়ত এনে স্নানাগাৰ ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী সময়ত বেনেই মেনাছিসকলে মণিপুৰতো মিকভেহ্ বা ধৰ্মীয় স্নানাগাৰ স্থাপন কৰে।

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ মিজো আৰু মণিপুৰীসকলৰ বাহিৰে পেৰুৰ ইকুইটোচ অঞ্চলৰ পৰাও কিছু সংখ্যক লোক জুডাই ধৰ্মত দীক্ষিত হৈ ইজৰাইললৈ প্ৰব্ৰজন কৰিছে। এইসকল লোকক চিফাৰ্ডিক ইহুদী বা পৰ্ত্তুগীজ/স্পেনিছ মূলৰ ইহুদী বুলি জনা যায়। এওঁলোকে ১৯-২০ শতিকাত মৰক্কোৰ পৰা পেৰুলৈ ৰবৰ খেতিৰ বাবে গৈ তাতে বিয়া-বাৰু পাতি বসতি স্থাপন কৰিছিল। ভাৰতবৰ্ষৰ পৰা ধৰ্মান্তকৰণ কৰি বেনেই মেনাছি গোটৰ লোকক ইজৰাইললৈ নিয়া ব্যৱস্থা আৰম্ভণিতে বৰ সুচল নাছিল আৰু দুয়োখন দেশতে এই ব্যৱস্থাক লৈ যথেষ্ট সমালোচনা চলিছিল। বিভিন্ন সময়ত দুয়ো দেশৰ চৰকাৰে এনে প্ৰব্ৰজন বন্ধ কৰি দিয়াৰ দৃষ্টান্তও দেখিবলৈ পোৱা যায়। ২০০৫ চনত ইজৰাইলৰ ধৰ্মযাজক বা ৰেবাইয়ে ধৰ্মান্তৰৰ পিছত বেনাই মেনাছিসকলৰ প্ৰব্ৰজন সুচল কৰি দিয়াৰ পাছত ইজৰাইলৰ পৰা এটা যাজকৰ দল ভাৰতবৰ্ষলৈ আহিছিল, তেওঁলোকৰ উদ্দেশ্য আছিল ২১৮ জনীয়া দল এটাক ধৰ্মান্তকৰণ কৰা। ভাৰত চৰকাৰৰ আপত্তিত ইজৰাইল চৰকাৰে সেইসময়ত যাজকৰ দলটো পুনৰ উভতাই নিয়ে। ইয়াৰ দুবছৰৰ ভিতৰতে কিছু সংখ্যক লোক ভাৰতবৰ্ষত জুডাই ধৰ্মত দীক্ষিত হৈ ইজৰাইললৈ প্ৰব্ৰজন কৰাৰ পিছত ২০০৭ চনত নতুন নিয়ম কৰি ইজৰাইল চৰকাৰে বেনাই মেনাছিসকলৰ প্ৰব্ৰজন বন্ধ কৰে। ২০১২ চনত নতুন চৰকাৰ গঠন হোৱাৰ পিছত নতুন আইন প্ৰণয়ন হল আৰু জুডাই ধৰ্ম গ্ৰহণকাৰীসকলক পুনৰ প্ৰব্ৰজনৰ অনুমতি দিয়া হয়। ২০১৩ চনত ৫৪ গৰাকী নতুন সদস্যৰ প্ৰব্ৰজন ঘটে। মাত্ৰ এসপ্তাহ মানৰ আগেয়ে ২৫২ জনীয়া দল এটাৰ প্ৰব্ৰজন ঘটা আমি দেখিবলৈ পাওঁ। এই দলটোত বেনেই মেনাছি সম্প্ৰদায়ৰ ৫০টা পৰিয়াল, ২৪ জন অবিবাহিত লোক, ২ বছৰৰ তলৰ চাৰিটা শিশু আৰু ৬২ বছৰৰ ওপৰৰ ১৯ জন লোক আছে। এই বছৰৰ অক্টোবৰ মাহত ইজৰাইল চৰকাৰে এই গোটটোক প্ৰব্ৰজনৰ সেউজ সঙ্কেত দিয়ে। ইয়াৰ লগে লগে ২০০৩ চনৰ পৰা এতিয়ালৈ মণিপুৰ আৰু মিজোৰামৰ পৰা ইজৰাইললৈ প্ৰব্ৰজিত হোৱা লোকৰ সংখ্যা হল ২৪৩৭ জন।

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰব্ৰজিত বেনেই মেনাছি সম্প্ৰদায়ৰ লোকসকলক ইজৰাইলৰ নাজাৰেথ, কাৰ্মিয়েল, গেলিলি, নিজেভ ইত্যাদি ঠাইত পুনৰ্বাসন কৰা হৈছে। এটা সময়ত বেনেই মেনাছিসকলক গাজা ষ্ট্ৰিপত ৰখা হৈছিল যদিও চৰকাৰে তেওঁলোকক তাৰ পৰা উঠাই নিয়ে। নতুনকৈ উঠি যোৱা লোক সকলে এটা সম্পূৰ্ণ নতুন পৰিবেশত নিজকে খাপ খুৱাই এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হব লাগিব। তিব্বতী-বাৰ্মিজ মূলৰ ভাষা কোৱাত অভ্যস্ত বয়সীয়াল লোকসকলৰ বাবে হিব্ৰু ভাষা শিকিবলৈ হয়তো বৰ সহজ নহ’ব কিন্তু নতুন প্ৰজন্মৰ বাবে ভাষা শিকাটো বা নতুন সমাজ এখনত নিজকে খাপ খুৱাই লব পৰাতো অতি সহজ। ভাৰতবৰ্ষৰ পৰা প্ৰব্ৰজিত বেনেই মেনাছি ইহুদীসকলে নানা ধৰণৰ খেতি-বাতিৰ যোগেৰে বা প্ৰতিৰক্ষা সেৱাত যোগদান দি আকোঁৱালি লোৱা দেশখনলৈ সেৱা আগবঢ়াইছে। বহুতে হাস্পতালবোৰত বৃদ্ধ আৰু অসুখীয়া লোকসকলক সেৱা-সৎকাৰ কৰিবলৈ ডাক্তৰ-নাৰ্ছসকলৰ সহায়ক/সহায়িকা ৰূপে কৰ্মৰত হৈছে।

বেনেই মেনাছি সম্প্ৰদায়ৰ লোকসকলৰ ইহুদী ধৰ্মলৈ ধৰ্মান্তকৰণ আৰু ইজৰাইললৈ প্ৰব্ৰজন আমাৰ বাবে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাৰে ৰহণীয়া সংস্কৃতি আৰু কৃষ্টিৰ বাবে এটা অপূৰণীয় ক্ষতি। এটা সময়ত এই গোটটো আমাৰ মাজৰ পৰা সম্পূৰ্ণ বিলুপ্ত হৈ পৰা আশঙ্কা অতি প্ৰৱল। নিজৰ সভ্যতা আৰু ধৰ্মৰ আঁত বিচাৰি যদি এই সকল লোকে ভাৰতবৰ্ষৰ পৰা স্বেচ্ছাই আঁতৰি যাব বিচাৰিছে সেইয়া তেওঁলোকৰ একান্ত ইচ্ছা। বেনেই মেনাছি ইহুদী সম্প্ৰদায়ৰ লোকসকলে নিজে বিচৰা সকলোখিনি যেন ইজৰাইলৰ পবিত্ৰ ভূমিত লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে সদায় আমাৰ শুভেচ্ছা থাকিব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments