জোনাক
লেখক- প্ৰণৱ জ্যোতি ৰাজখোৱা
বাঁহৰ দুৱাৰখনৰ দাংডাল খুলিয়েই নঙলা মুখত ফুলি থকা নাহৰ দুজোপাত চকু পৰিল ৰঙাইৰ। পুৱা ৰ’দ পৰি নাহৰজোপাৰ কুমলীয়া ৰঙা পাতবোৰ জলমলাই উঠিছে। সেউজীয়া আৰু কুমলীয়া ৰঙা পাতবোৰৰ মাজে মাজে আৰু ওপৰত ফুলা বগা ফুলবোৰে, গছজোপাই এটা ফুটফুটিয়া চোলা পিন্ধি থকাৰ দৰে হৈছে। নাহৰ দোজোপালৈ চাই দুখোজমান আগুৱাই আহি, নঙলা খুটাটোত দুহাতে ধৰি, পুৱাৰ নিৰ্মল পৰিৱেশটোৰ লগতে নাহৰৰ আমোলমোলাই থকা সুগন্ধ সি হেঁপাহ পলোৱাই লৈ ল’লে। কিছুসময় সেইদৰেই থকাৰ পাছত নঙলাৰ কাষতেই থকা বাৰিখনত চকু পৰিল। ভেণ্ডি আৰু জিকা গুটি কেইটাৰ গজালি মেলি দুপতিয়া হৈছে। সিহঁতৰ লগতেই বাঢ়ি আহিছে অন্য কিছুমান বন জাতিয় গছ। বাৰীলৈ যোৱা জপনাখন অকণমান খুলি ৰঙাই বাৰিৰ ভিতৰত সোমাল, উদ্দেশ্য জিকা ভেণ্ডিৰ পুলিকেইটাৰ কাষটো চিকুণ কৰি দিয়া।
বেলিটো উঠি আহি নাহৰজোপাৰ আগ পালেহি। এনেতে নঙলাৰ মুখত বগা দীঘল গাড়ী এখন ৰোৱাত ৰঙায়ে শাকনি বাৰিত বহি থাকিয়ে গাড়ীখনলৈ মূৰ দাঙি চালে। চাৰিজন চহৰীয়া যেন লগা ডেকা গাড়ীৰপৰা নামি নঙলাৰ ফাললৈ আহিল। ৰঙাই থিয় হ’ল আৰু কিছু বিস্ময়েৰে সুধিলে-
: কওকচোন।
: এইটো ঢুলীয়া ৰঙাই বৰাৰ ঘৰ হয়নে?
: হয়। নমস্কাৰ ময়েই ৰঙাই বৰা।
: নমস্কাৰ। আমি বৃহত্তৰ টাউন ক্লাৱ বিহু সন্মিলনৰপৰা আহিছিলোঁ।
: কওকচোন।
: আপুনি নিশ্চয় আমাৰ বিহু সন্মিলনখনৰ নাম শুনিছে?
: হয় হয়।
: মই সভাপতি। এখেত সম্পাদক আৰু এখেত কোষাধ্যক্ষ।
: হয় হয় নমস্কাৰ।
: এইবাৰ আমি কোনো নামী-দামী শিল্পীক বিহু সন্মিলনলৈ আমন্ত্ৰণ দিয়া নাই। কেৱল অসমীয়াৰ হেৰাই যাব খোজা থলুৱা কৃষ্টিকহে অগ্ৰাধিকাৰ দিম। আমি শুনিছো, আপুনি আজিৰপৰা চল্লিশ বছৰৰ আগৰ এজন অতি উচ্চ খাপৰ ঢুলীয়া ওজা আছিল। আপোনাক আমি কৰযোৰে আমন্ত্ৰণ জনাইছো যে-এইবাৰ আমাৰ বৃহত্তৰ টাউন ক্লাৱ বিহু সন্মিলনখনৰ প্ৰথমদিনাৰ সাংস্কৃতিক কাৰ্যসূচীৰ উদ্বোধক হিচাপে, লগতে আপোনাক ৰ্সম্বধনা আৰু আপোনাৰ এটি ঢোল বাদনৰ অনুষ্ঠান। আশাকৰো আপুনি না নকৰে।
মানুহকেইজন গাড়ীখনত উঠি যোৱালৈকে ৰঙাই একে ঠাইতে ৰৈ থাকিল। গাড়ীখন নেদেখা হোৱাৰ পাছত ৰঙাই ব্যাকুল হৈ পৰিল। কাক ক’ব কাক নক’ব কথাতো। লৰা-লৰিকৈ বাৰʼৰপৰা ওলাই মাজ চোতালৰপৰাই পুতেক সোণটোক চিঞৰিলে-
: সোণ অ’ সোন, মানুহ দুজনমান আহিছিল নহয় আমাৰ ঘৰলৈ। কি কৈ গ’ল জান?
পিতায়েকৰ চিঞৰ শুনি চৈধ্যবছৰীয়া সোণটো ভিতৰৰপৰা ওলাই বাৰাণ্ডা পালেহি। সোণটোৱে নিজৰ পঢ়া-শুণাৰ উপৰি পিতায়েকক সকলো কামতে সহায় কৰে।
: টাউনৰ ডাঙৰ বিহু সন্মিলনখনৰ সভাপতি আৰু কোনোবা কোনোবা আহিছিল। মোক মাতিছে সম্বৰ্ধনা জনাব, লগতে ঢোল এচাপৰ বজাব লাগিব বোলে।
ৰঙাইৰ শোৱা কোঠাৰ বেৰত বাঁহৰ খুটা এটাত ঢোলটো ওলোমাই থোৱা আছে। ব’হাগ বিহু অহাৰ আগে আগে ৰঙায়ে ঢোলৰ বৰতি দাল টানি কোবনি আৰু তালিখন থিক কৰি থয়। ঢোলৰ ওপৰত মেৰিয়াই থোৱা বিহুৱানখন সলাই নতুন এখন লগাই। যোৱা কেইবাটাও বছৰ ৰঙাইক কোনো বিহু সন্মিলনত ঢোল পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা নাছিল। এইবাৰ চহৰৰ নামী-দামী বিহু সন্মিলনলৈ, সমিতিখন আহি আমন্ত্ৰণ দি যোৱাত, সি আচৰিত হ’ল।
ৰঙায়ে খুটাটোৰপৰা ঢোলটো নমাই আনি, দুইহাতেৰে ঢোলৰ ওপৰত মেৰিয়াই থোৱা বিহুৱানখনত আলফুলে হাত বুলাই দিলে। বিহুৱানখনত নিহিত হৈ আছে ৰঙাই আৰু জেতুকিৰ মৰম-চেনেহ, জীৱনৰ দুখ সুখ, মান অভিমান। জেতুকীক মনত পৰাত ৰঙাই কোঠাৰপৰা ওলাই আহি নঙলামুখ পালেহি। ব’হাগ আহিলে, নাহৰ দুজোপা ফুলিলে ৰঙাইক ভাৰাক্ৰান্ত মন এটাই সেইকেইদিন আৱৰি থাকে। কিমান পোৱা-নোপোৱা, হাঁহি-ধেমালি, অভাৱ-অনাটনৰ কথা এই নাহৰ দুজোপাই জানে, সেই কথা ৰঙায়ে উপলব্ধি কৰে। বেথা ভৰা জীৱনৰ কিছু কথা ৰঙায়ে অকলশৰে ইহঁত দুজোপাৰ লগত ভাগ কৰে। নাহৰ দুজোপা হ’ল ৰঙাইৰ জীৱনৰ লগত সম্পৃক্ত হৈ পৰা আজন্ম বন্ধু। সিদিনা সোণটোৱে নতুন মবাইল এটা বিচৰাৰ সময়ত, নুশুনা ভাওজুৰি আঁতৰি অহাৰ কথাও ৰঙায়ে নাহৰ দুজোপাক কৈছিল।
: অ পিতাই। বিহু সন্মিলনলৈ তোৰ লগত ময়ো যাম।
সোণটোৰ মাতত ৰঙাই থত-মত খাই উঠিল।
তোৰ লগত ঘৰতহে তালযোৰ বজাই থাকো, কোনো অনুষ্ঠানত আজিলৈকে বজোৱা নাই। এইবাৰ মই বজাম।
: বজাবি বাৰু। অনুষ্ঠানৰ আগত দুই এবাৰ ৰিহাৰ্চেল কৰি ল’ম দেই সোণ।
:হ’ব।
সোনৰ মাতটো শুৱলা। সুৰ লয়ত ভুল ধৰিবলগীয়া নাই। বহুত ওপৰৰ স্বৰলৈ গৈ গীত গাব পাৰে বাবে, ৰঙায়ে ঢোলৰ মালিতা গোৱাৰ সময়ত সহায় হ’ব বুলিলেই ঢোল বজোৱাত গাবলৈ কয়। সোণটোৱে কিন্তু মালিতা গাবলৈ ইচ্ছা নকৰে। জুবিনৰ গীতবোৰ সি মনোযোগ দি শুনে আৰু প্ৰাণঢালি গাবলৈ বিচাৰে। ৰঙায়ে কাহানিও কোনো কথাত হকা-বধা দিয়া নাই। ৰঙায়ে ভাবে ছেকেনহেন্দ মবাইলত গান শুনি, কিমাননো গাব পাৰিব! এইবাৰ বিহু সন্মিলনৰপৰা মাননি বুলি যি কেইটকাকে নাপাওক কিয়— সোণটোক নতুন মবাইল এটা লৈ দিব লাগিব। বাকী টকা থাকিলে পেণ্ট-চাৰ্ট এযোৰো। সিও লাহে লাহে ডাঙৰ হৈ আহিছে। বহুত দিন ধৰি মাছ এডোখৰ বা মঙহ অকণমানে ভাত এসাঁজ খুৱাব পৰা নাই। অনুষ্ঠানৰদিনা মাছে মঙহে ৰাতিৰ ভাতসাঁজো তাতেই খুৱাই আনিম। বিহু সন্মিলনৰ সভাপতিয়ে সিদিনা কৈ গৈছে-আপুনি অনুষ্ঠানটো সুন্দৰ কৈ কৰিব, আমাৰপৰা সকলো সুবিধা পাব। আপুনি নিশ্চয় কৈ জানে যে-আমাৰ সন্মিলনখন হৈছে উজনিৰ সকলোতকৈ ডাঙৰ আৰু নামকৰা। সেয়ে উদ্বোধনী অনুষ্ঠান হিচাপে আপোনাৰ অনুষ্ঠান ভাল হ’ব লাগিব।
সন্মুখৰ বিশাল পেণ্ডেলটোৰ ভিতৰত হেজাৰ হেজাৰ মানুহ গিজগিজাই আছে। মাইকত ঘোষকে ৰঙাই বৰাৰ নামটো ঘোষণা কৰাৰ লগে লগে, উপস্থিত দৰ্শকৰ হাত-চাপৰি, কিৰিলিত কাৰো মাত কোনেও নুশুনা হ’ল। গুৰু-গম্ভীৰ খোজে ৰঙায়ে কান্ধত দুটা ঢোল লৈ মঞ্চলৈ সোমাই আহিল। মঞ্চৰ মাজ-মজিয়াত ঢোল দুটা থৈ সি ৰাইজক প্ৰণিপাত জনালে।
হঠাৎ টোপনিৰপৰা খক্ মক্ কৰি সাৰ পাই উঠিল ৰঙাই।
আজি পহিলা ব’হাগ। যোৱা ৰাতি টোপনি নাহিল ৰঙাইৰ। পুৱা চাৰিমান বজাতে বিছনাৰপৰা উঠি আহি নাহৰ দুজোপাৰ তল পালেহি। নাহৰ তলত থকা বাঁহৰ বেঞ্চখনত বহি সি বুকু ভৰাই নাহৰৰ আমোলমোলাই থকা সুগন্ধ নাকেৰে দীঘলকৈ লৈ ল’লে। বহু বছৰৰ পাছত আজিহে যেন নাহৰৰ সুগন্ধই মতলীয়া কৰিলে ৰঙাইক। সঁচাই নাহৰ আৰু ব’হাগ প্ৰকৃতিৰ এক স্বৰ্গীয় মিলন! নাহৰ কি যে সুভাসিনী আৰু ব’হাগ কি যে মোহময়ী!
পুৱাবেলাতে ৰঙাই আৰু সোণটোৱে ৰিহাৰ্চেল এবাৰ কৰি ল’লে। সময় হ’লে যোৱাৰ আগত আকৌ এবাৰ চাই লব। দুয়ো নিজৰ নিজৰ সাজ-পোছাকবোৰ সামৰি ল’লে।
টাউন ক্লাৱ বিহু সন্মিলনখনলৈ সিহঁতৰ ঘৰৰপৰা তিনি কিলোমিটাৰতকৈ অলপ বেছি হ’ব। ৰঙাইৰ ঘৰৰ নঙলা মুখৰপৰা বহু দূৰলৈ পথাৰ। চ’ত মাহৰ শেহৰফালে বৰষুণ দিছিল যদিও পথাৰবোৰত পানী নাই। শুকান। এই পথাৰৰ মাজেদি পোনাই দিলে বিহু পেণ্ডেললৈ এক কিলোমিটাৰমান দূৰত্ব হয় যদিও সেইফালে সিহঁত নাযায়।
চাইকেলখনত ঢোল দুটাৰে সৈতে দুটা মানুহ যাবলৈ বহুত অসুবিধা। তথাপিও ৰঙায়ে চাইকেলৰ কেৰিয়াৰখনতে সোনক উঠাই, এটা ঢোল নিজৰ কান্ধত আৰু আনটো সোণৰ হাতত দি সন্মিলনলৈ বুলি ওলাই গ’ল। সন্ধিয়া সাত বজাত আৰম্ভ হ’ব বুলি কোৱাত, ৰঙাই আৰু সোণ বহু আগতেই বিহুৰ বাকৰিত উপস্থিত হ’ল।
বিশাল বিহুতলীখন দেখি ৰঙাই ভিতৰি ভিতৰি কঁপি উঠিল, যদিও সোণটোৰ আগত প্ৰকাশ নকৰিলে। মঞ্চটোও বহুত ডাঙৰ। বৃহৎ পেণ্ডেলটোৰ ভিতৰত শাৰী শাৰী ভিন্ন ৰঙৰ প্লাষ্টিকৰ চকিবোৰে দৰ্শকৰ বাবে অধীৰ আগ্ৰহেৰে আপেক্ষা কৰিছে। কেইবাজনো মানহে ডাঙৰ ডাঙৰ শব্দ বাকচবোৰ, ইটোৰ ওপৰত সিটো উঠাই, পাহাৰ সদৃশ কৰি তুলিছে। এজনে বাকচবোৰ কানেকচন কৰি কৈ আছে-মাইক টেষ্টিং।
ৰঙায়ে সকলোফালে চকু ফুৰাই কোনো চিনাকি মুখ নেদেখি অলপ অস্বস্তিত পৰিল। পেণ্ডেলটোৰ ৰঙীন চকীবোৰৰ মাজৰ পথটোৰে সন্মুখৰ মঞ্চৰফালে আগুৱাই গ’ল ৰঙাই। পিছে পিছে সোণটো।
: আপুনিয়েই ৰঙাই বৰা নেকি?
: হয় ময়েই।
: প্ৰগাম অপেনিং আপুনিয়েই কৰিব নহয়?
: হয়। ময়েই বজাম। কিন্ত্ত দৰ্শক দেখোন এজনো নাই এতিয়ালৈ!
: দৰ্শক এতিয়া নাহে দিয়ক। ঢোল বজোৱা চাবলৈ কোন আহিব এতিয়াই।
: তাকেহে! সাত বাজিবৰ হ’লেই।
: সাত বজাত আৰম্ভ হৈ যাব। চিন্তা নকৰিব। আপুনি ঢোলটো বজালে আমাৰো মাইক টেষ্টিং হৈ যাব। ন বজাৰ পাছত হে মানুহ আহিব, বীৰু কাশ্যপৰ প্ৰগ্ৰাম আছে নহয়।
দৰ্শক শূন্য বিশাল পেণ্ডেলটোত গেজখাই থকা ৰঙীন প্লাষ্টিকৰ শাৰী শাৰী চকিবোৰৰ সন্মুখত ৰঙায়ে ঢোল বজালে। তাল বজালে পুত্ৰ সোণ। পিতা পুত্ৰই অতি উচ্ছসিত হৈ ঢোল পৰিৱেশন কৰিলে। অতি সুন্দৰকৈ। উচ্চ প্ৰাবল্যৰ বিশাল শব্দ যন্ত্ৰবোৰৰ সহায়ত বতাহে লৈ গ’ল ৰঙাইৰ ঢোলৰ শব্দ কেউফালে বিয়পাই দিবলৈ।
অনুষ্ঠান সামৰি, কাকো মাত এষাৰো মাতিবলৈ ইচ্ছা নকৰি ৰঙায়ে সোণটোক সুধিলে।
: যাবিনে?
:মই অলপ পাছত গৈ আছো পিতাই, তই গৈ থাক।
দুই-এজন কৈ দৰ্শক অহা আৰম্ভ কৰিছে। সোণটোৱে অকলশৰে চকী এখনত বহি, ইফালে-সিফালে চাই আছে।
: তুমি বৰ ধুনীয়াকৈ তালযোৰ বজালাহে। তেখেত কোন হয় তোমাৰ? শব্দ যন্ত্ৰী এজন ওচৰ চাপি আহি সোণটোক সুধিলে।
: পিতাই।
: অ। ঢোলৰ লগত বহুত সময় প্ৰেক্টিচ কৰা নহয়?
: মই আজিহে পিতাই লগত বজাবলৈ আহিছো। গান গাইহে মোৰ বেছি ভাল লাগে।
:তুমি গান গোৱা নেকি?
: মানে ঘৰতে এনেই প্ৰেক্টিচ কৰি থাকোঁ।
: হয়নেকি? কাৰ গান গাই বেছি ভাল পোৱা?
: জুবিনদাৰ।
: জুবিনদাৰ? গাবানেকি ইয়াত। আহা। এতিয়া মানুহো বেছি অহা নাই। গাব পাৰিবা। সাহ এটাও হ’ব। আহা মঞ্চৰ আগলৈ আহা।
শব্দযন্ত্ৰীজনৰ পিছে পিছে সোণটো মঞ্চৰ সন্মুখ পালে। তেখেতে এটা মাইক্ৰফোন হাতত দি সুধিলে-
: প্ৰথমে কি গাবা?
: মায়াবিনী।
: ঠিক আছে। ৰেডি হোৱা। মই মিউজিক দি দিম, তুমি ধৰিবা।
পাহাৰ সদৃশ শব্দৰ বাকচবোৰত মায়াবিনীৰ সংগীত বাজিবলৈ ধৰিলে।
সঠিক সময়ত কণ্ঠ নিগৰাই সোণটোৱে জুবিন গাৰ্গৰ মায়াবিনী গীত গাই গ’ল। প্ৰাণঢালি গালে। সঁচাই মায়াবিনী নগৰীয়া বিহুমঞ্চৰ সাতোৰঙী কৃত্ৰিম পোহৰৰপৰা দূৰ-দূৰণিৰ জোনাকি পৰুৱাই বিলোৱা মায়াবী পোহৰৰ মাজলৈ। জুবিন ৰ্গাগক অকৃত্ৰিম ভালপোৱা, জুবিন গাৰ্গৰ আশীৰ্বাদ থকা সোণটোৰ সুৰীয়া, গম্ভীৰ কণ্ঠ নগৰৰ কংক্ৰিটৰ অৰণ্যত ঠেকাখাই প্ৰতিধ্বনিত হৈ উঠিল।
মায়াবিনী ৰাতিৰ বুকুত
দেখাপালো তোমাৰ ছবি
বিহু সন্মিলনৰ বিষয়ববীয়া দুজনমানে সোণটোৰ লুকাই থকা প্ৰতিভাৰ প্ৰতি আকৃষ্ট হৈ লগতে মৰমলগা লৰাটো দেখি, মঞ্চৰ ওপৰৰপৰা গীত গাবলৈ বুলি লৈ গ’ল। শব্দযন্ত্ৰীজনে কেৱল গীতটোৰ আৰম্ভণিৰ সংগীত অকণমান শুণাই দিয়ে, শুনিয়েই সোণটোৱে সোঁহাতখন মুঠি মাৰি বুঢ়া আঙুলিটো ওপৰলৈ দাঙি হাঁহি এটি মাৰে। ইটোৰ পিছত সিটো জুবিন গাৰ্গৰ জনপ্ৰিয় গীতবোৰ গাই গ’ল। ইতিমধ্যেই সন্মিলনৰ বাকৰিত ৰাইজে ভিৰ কৰিছেহি। ইমান সুন্দৰকৈ জুবিনৰ গীতগোৱা কোন এইজন? যিমান দূৰলৈকে শুনিলে সকলোৱে বিহুৰ বাকৰিলৈ আহিবলৈ খৰধৰ কৰিলে। মনত এটাই প্ৰশ্ন, কোন এই কণমানি গায়ক?
নঙলা খুলি ৰঙায়ে চাইকেলখন নাহৰজোপাৰ গাতে ৰাখি, এটা এটাকৈ দুই কান্ধৰপৰা ঢোল দুটা নমাই চাইকেলখনত ওলোমাই থৈ বাঁহৰ বেঞ্চখনত বহিল। ঘৰটোলৈ চালে, জোনাকে জিলিকাই মায়াময় কৰি তুলিছে জৰৌৰৱা পজাটো। এই মুহূৰ্তত ৰঙাইৰ এনে লাগিল যেন-কেইবাটাও বছৰৰ জমা হৈ থকা ভাগৰ এটাই শৰীৰটো চেপি অৱসকৰি পেলাইছে। ৰঙায়ে আকাশ খনৰফালে চাই পঠিয়ালে। কোনোবাই কৈছিল আকাশৰ হেনো অহংকাৰ নাই। উদাৰ। জোনাকত নাহৰজোপাৰ পাতবোৰ তেতিয়া জিলিকি উঠিছে। ৰঙায়ে জোনটো এতিয়া ক’তবুলি দুচকুৰে বিচাৰিবলৈ লাগিল, দেখিলে নাহৰজোপাৰ বুকুৰ মাজত সোমাই আছে। আকাশে জোনক সদায় বুকুত লৈ ফুৰে, আজি নাহৰজোপাই। নাহৰৰ উদাৰতা দেখি সি বৰ সুখ অনুভৱ কৰিলে। মুহূৰ্ততে হেৰাই গ’ল বিহু পেণ্ডেলৰপৰা কঢ়িয়াই অনা ক্ষোভ।
দূৰৈৰপৰা ভাহি আহিল বহুতো মানুহৰ উলাহৰ চিঞৰ। ৰঙায়ে বুজিলে, সেয়া বিহু পেণ্ডেলৰপৰা অহা। নিশ্চয় বীৰু কাশ্যপ মঞ্চত উঠিছে। ৰঙায়ে কাণ থিয় কৰি শুনি থাকিল। ক্ৰমে চিঞৰবোৰ বাঢ়ি আহিছে, তাৰ মাজতে সি স্পষ্ট শুনিবলৈ পালে, কোনোবাই জুবিন গাৰ্গৰ হিয়া জুৰ পেলোৱা বিহু গীতটি অতি সুললিত কণ্ঠৰে জুৰিছে–
ঐ নাহৰ পাতৰ আঁৰতে
ঐ জিলিকে মোৰ জোন ঐ
ঐ সাইলাখ তোৰে মুখখনি
কোন এই অজান যুৱক! চিনো নিচিনো যেন লগা মাতটো, ইমান মিঠা আৰু আৱেগে ভৰা। কোন এই যুৱক? যুৱক নে কিশোৰ? ক’ত শুনিছে ৰঙায়ে এই দৰদী কণ্ঠ?
ঐ পদুম তগৰ ফুলিলে
ফুলিলে মোৰ শেৱালি
মৰমত কঁপে বুকুখনি
মৰমত কঁপি উঠিল ৰঙাইৰ বুকুখনো। অজান-অচিনজনক চিনি পালে সি। হিয়াৰ আমঠু তাৰ। বুকুৰ আপোন, ৰঙাইৰ সুখ-দুখৰ সমভাগী, জীৱন পানচৈৰ লগৰীয়া সি। বুকুৰ মাজত সাৱটি ধৰিবলৈ মন গ’ল তাৰ। ৰঙাইৰ, পৃথিৱীৰ সকলোকে বুকুৰ আপোন যেন লাগিল। বাঁহৰ বেঞ্চখনৰ পৰা উঠি নাহৰজোপাক দুহাতে সাৱটি ধৰিলে। ৰঙায়ে নাহৰৰ পাতৰ আঁৰত লুকাই থকা জোনটোক বিচাৰিলে। জোনটোকো সাৱটিবৰ মন গল তাৰ। সময় আৰু পৰিৱৰ্তনৰ কথা সোঁৱৰাই জোন নাহৰজোপাৰ বুকুৰপৰা ওলাই গ’ল কিছু দূৰলৈ।
জোনটোৱে যেন মিচিকিয়াই কৈছে— “শেষ বুলিলেই শেষ নহয়। শেহৰ অন্তত আকৌ আৰম্ভ হয় নতুনৰ।”
