স্তব্ধ সময়
লেখক- দীপাঞ্জলি বৰা
কিয় আহে মানুহজন এইফালে সদায়, নীলা ৰঙৰ ছাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি মানুহজন সদায় একেসময়তে ক’লৈ যায়। কাম থাকে চাগৈ ক’ৰবাত এই ভাবি আশ্বস্তু হয় নীলিম কাকতি। তেওঁ দৈনিক বাতৰি-কাকতখন পঢ়াত মনোযোগ দিয়ে । আগতে ইমান কামৰ মাজতো দৈনিক বাতৰি-কাকতখন অহালৈ খুব আগ্ৰহৰে বাট চাই থাকে । আজি কালি যেন সেই বিশেষ আগ্ৰহ নাই। পঢ়িব লাগে কাৰণে পঢ়ে । অৱসৰ গ্ৰহণ কৰা তেওঁৰ প্ৰায় দুবছৰমান হ’ল। অভাৱ বুলিবলৈ তেওঁলোকৰ সংসাৰত নাই। ডাঙৰটো ল’ৰা ইতিমধ্যে চাকৰিত যোগদান কৰিছে, কোম্পানীৰ চাকৰি, দৰমহা-পাতি ভাল। সি চাকৰি-সূত্ৰে বাংগালোৰত থাকে। বিয়াৰ বয়স হৈছে যদিও,বিয়া-বাৰুৰ কথা উলিয়ালে বৰ বেছি গুৰুত্ব নিদিয়ে। এনে লাগে যেন নতুন প্ৰজন্মৰ বিয়া-বাৰুবোৰৰ প্ৰতি বিশ্বাস তথা আগ্ৰহ কমি আহিছে। সি কাম কৰা কোম্পানীটো আমেৰিকান কোম্পানী। ৰাতি ৰাতি অফিচৰ কাম হয়। পুৱতি নিশাহে শুবলৈ যায় । কথাটো ভাবি নীলিম কাকতিৰ বেয়া লাগে । ৰাতি কাম কৰি দিনত শোৱাটো কিবা প্ৰকৃতি বিৰুদ্ধ কাম যেন লাগে তেওঁৰ। উপায়ো নাই আমাৰ ইয়াত যেতিয়া ৰাতি হয় তেতিয়া তাত দিন হৈ থাকে । ল’ৰাটো আগতকৈ শকত হৈ পৰিছে।মাজে মাজে চিন্তা হয় কাকতিৰ, তাৰ সংসাৰখন পাতি দিব পৰা হ’লে ভাল আছিল বুলি ভাবে। তেওঁলোকৰ অকণমান হ’লেও চিন্তা কমিলহেঁতেন! এইবাৰ বিহুৰ সময়ত আহোঁতে সি ৱৰ্ক ফ্ৰম হোম লৈ আহিছিল। মাকে তাক পেৰি পেৰি সুধিলে-” কোনোবা আছে যদি ক, আমি বিয়াখনকে পাতি দিওঁ। আৰু নাই যদি ছোৱালী চাওঁ। কিবা এটাটো কৰিব লাগিব। দেউতাৰক মন কৰিছ নে নাই নাজানো,কিবা দেখোন চিন্তা-ভাবনা কৰি থাকে । খোৱা-বোৱাবোৰতো মন নিদিয়া হৈছে। আৰু কি জাননে-নীলা ছাৰ্ট আৰু ক’লা পেণ্ট পিন্ধা মানুহ এজন হেনো আমাৰ ঘৰৰ আগেদি সদায় একে সময়তে তলমূৰ কৰি যায়। মই মন কৰিছোঁ নে নাই দেউতাৰাই প্ৰায়ে সোধে । পিছে মোৰ চকুত এদিনো পৰা নাই। তয়েই ক’চোন কোন মানুহ কেতিয়া ক’লৈ গ’ল কিয় ইমান মন কৰি থাকিব লাগে। তাকে ক’লে মোক বেয়া পায়। আজিকালি অকণ অকণ কথাতে ঠেহ লাগে ।”
কাকতিৰ পৰিবাৰে ওচৰৰে ছোৱালী স্কুলখনত চাকৰি কৰে । তেওঁৰ অৱসৰৰ বাবে এতিয়াও কেইবছৰমান আছে । মানুহগৰাকী এতিয়াও দেখনিয়াৰ হৈ আছে। চাকৰি কৰা ল’ৰাৰ মাক বুলি ধৰিবই নোৱাৰি। তেওঁলোকৰ সৰু ল’ৰাটো দিল্লী ইউনিভাৰ্ছিটিত পঢ়ি আছে । দুয়োটা ল’ৰাই সৰুৰেপৰা পঢ়া-শুনাত ভাল। কাকতিৰ পৰিবাৰৰ প্ৰতি বৰ মৰম । তেওঁ প্ৰায় প্ৰতিটো কামতে পৰিবাৰক সহায় কৰিবলৈ যত্ন কৰে। তেখেতৰ মাক জীয়াই থাকোঁতে প্ৰায়ে সেইবাবে কৈছিল-“এইজনীয়ে মোৰ ল’ৰাটোক কি যাদু কৰিলে জানো।” এইবোৰ কথালৈ নীলিম কাকতিয়ে বৰকৈ মন-কাণ নিদিছিল। তেওঁ মাককো খুবেই ভাল পাইছিল । তেখেতৰ সা-সুবিধাবোৰৰ প্ৰতি সদায় সজাগ আছিল । পৰিবাৰ ৰেৱতীলৈ তেওঁ বাট নাচাইছিল । তেওঁ নিজে অফিচলৈ যোৱাৰ আগতে অসুখীয়া মাকৰ যিমানখিনি পাৰে যতন লৈছিল। যিহেতু ৰেৱতীও স্কুলৰ চাকৰিলৈ ওলাই যাব লাগে । দিনটোৰ বাবে ওচৰৰে সৰুতে বিধৱা হোৱা ৰঙিলী আহি অসুখীয়া মাকক ৰখি দিয়ে লগতে দুই-এটা ঘৰুৱা কামো কৰে ।তাৰ বিনিময়ত বিপদে-আপদে তাই কমখন সহায় পোৱা নাছিল। ল’ৰাটোৰ পঢ়া-শুনাৰ দায়িত্বও কাকতিয়ে লৈছিল । মাক ঢুকুৱা বহু বছৰেই হ’ল। এতিয়াও কিয় তেওঁৰ মাজে মাজে মাকে ‘কণবাপু’ বুলি মতা যেন লাগে। এতিয়াও শুনা পাই মাকৰ প্ৰচণ্ড পেটৰ বিষ সহ্য কৰিব নোৱাৰি কেঁকাই কেঁকাই কোৱা-“ভগৱান সোনকালে মাৰি নিয়া মোক, কাকূতি কৰিছোঁ।” মাক পেটৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল। প্ৰথম অৱস্থাত গেছৰ দৰব খালে বহু দিন । ভবাই নাছিল ইমান মাৰাত্মক বেমাৰ এটা তেওঁৰ হৈছে বুলি । যেতিয়া ধৰা পৰিল বহু দেৰি হৈ গৈছিল। বৰ বেছি দিন নাবাচিব বুলি ডাক্টৰে জনাই দি হাস্পতালৰপৰা ঘৰলৈকে লৈ যাবলৈ পৰামৰ্শ দিছিল। সাময়িকভাৱে বিষ উপশমৰ দৰব-পাতি লিখি দিছিল। বৰ কষ্ট পালে মাকজনীয়ে! শুশ্ৰূষাৰ বাহিৰে কৰিব পৰাকৈ তেওঁলোকৰ হাতত একোৱেই নাছিল।
মাজে মাজে তেওঁ মাকক দেখে পাকঘৰত কাম কৰি থকা ।মাকে মতা শুনে-“কণবাপু সোনকালে গা ধুই আহ, স্কুল যাবলৈ দেৰি হ’ব,ভাতৰ লগত তই ভাল পোৱা সৰু আলু ভাজি আৰু ৰহৰ দাইল আছে।” তেওঁ পাকঘৰৰফালে যায় আগবাঢ়ি। যেতিয়া ৰেৱতীয়ে পাকঘৰত কাম কৰি থকা দেখে আৰু “কিবা লাগিছিল নেকি” বুলি প্ৰশ্ন কৰে ৰেৱতীয়, তেতিয়া তেওঁ নিজকে যেন চম্ভালি লৈ “নাই দিয়া” বুলি কৈ অলপ অপ্ৰস্তুত হৈ আঁতৰি আহে । আজিকালি ৰেৱতীয়ে তেওঁক ইটো লাগে সিটো লাগে বুলি আবদাৰবোৰ নকৰা হ’ল। পুৱাৰ ভাগত ইটো কৰি দিয়া সিটো কৰি দিয়া বুলিও নকয় । কিবা যেন অলপ দূৰে দূৰে থাকে এনে অনুভৱ কৰে মাজে মাজে কাকতিয়ে। কাকো একো নকয় । তেওঁ বৰকৈ অকলশৰীয়া অনুভৱ কৰে।
দুদিনমান আগৰ কথা-তেওঁৰ চিলমিলকৈ টোপনি আহিছিল। ড্ৰয়িং ৰুমৰফালৰপৰা খিলখিলাই হাঁহিৰ শব্দ আহি কাণত পৰিল,লগতে পুৰুষ কণ্ঠৰ শব্দও শুনা পালে। ৰেৱতীয়ে ইমান ৰাতি কাৰ লগত কথাপাতি হাঁহিছে,উ ঠি গৈ চাবলৈও তেওঁৰ মন নগ’ল। মৰমৰ পত্নীৰ এই আচৰণে তেওঁক অতিকৈ দুখ দিলে । তেওঁ ভাবিলে— তেওঁক সেয়েহে ৰেৱতীয়ে গা আপোনাৰ সিমান ঠিক নহয় সোনকালে শুই থাকক বুলি ৰাতি ভাতখোৱাৰ পাছত খাবলগীয়া দৰববিধ দি শুবলৈ কৈছিল।
আজিকালি ৰেৱতী কাষৰ কোঠাটোত অকলে শোৱে। ৰেৱতীয়ে ৰাতি ঘৰুৱা কাম সামৰি, স্কুলৰ কিবা জৰুৰী কাম থাকিলে কৰি শুবলৈ যাওঁতে দেৰি হয় । ল’ৰা দুটাৰ লগতো চমুকৈ হ’লেও কথা দুটামান পাতিবলৈ নাপালে তেওঁ শান্তিৰে শুব নোৱাৰে। ডাক্টৰৰ মতে নীলিম কাকতিৰ ভাল টোপনিৰ খুবেই প্ৰয়োজন। সেয়েহে ৰেৱতীয়ে টোপনিত কেনেবাকৈ ব্যাঘাত জন্মিব পাৰে বুলি নিজে কাষৰ কোঠাটোতে শুবলৈ লৈছে যাৰপৰা কাকতিয়ে কিবা কাৰণত মাতিলে সহজে শুনা পায় ।
সেই একেযোৰ ছাৰ্ট পেণ্ট পিন্ধি মানুহজনে কাকতিৰ ঘৰৰফালে দুই এবাৰ চাই খোজ কাঢ়ি যোৱা খিৰিকীৰে নীলিম কাকতিয়ে দেখিলে। আজি তেওঁ বাৰাণ্ডাত বহা নাই। খোলা খিৰিকীৰে নিৰীক্ষণ কৰিছে । কিয় যায় একে সময়ত,এই সময়খিনিতে ৰেৱতীও স্কুল যাবলৈ সাজু হয় । কেইবাবাৰো দেখুৱাবলৈ চেষ্টা কৰিছিল ৰেবৱতীক, নাই ৰেৱতী আহি পোৱাৰ আগতেই পাৰ হৈ যায় । ৰেৱতীয়ে মাথোঁ কয়, “কি যে দেখি থাকা তুমি, কোনো নাই দেখোন।” মাজে মাজে কাকতিৰ এনে ভাব হয় ৰেৱতীয়ে মানুহজনৰ বিষয়ে জানে। ৰেৱতীয়ে তেওঁক প্ৰতাৰণা কৰা যেনো লাগে। কিন্তু এয়া জানো সম্ভৱ! কি দিয়া নাই তেওঁ ৰেবতীক। মৰমৰ চাদৰেৰে গোটেই জীৱন মেৰিয়াই ৰাখিছিল। এই বয়সত আহি এনেদৰে মতিভ্ৰম হ’ব লাগে নে । তেওঁৰ মনত দৃঢ় ভাব এটাই খোপনি পুতিলে, সেই নিশা ৰেবতীৰ খলকনি লগোৱা হাঁহিৰ লগত শুনা পুৰুষ কণ্ঠস্বৰ সেই নীলা চাৰ্ট পৰিহিত লোকজনৰে বুলি। তেওঁ মনে মনে অতিকৈ ক্ষোভিত হ’ল। কিন্তু মৰমৰ পত্নীয়ে বেয়া পায় বুলি একো সুধিব নোৱাৰিলে।দিন বাগৰিল। এদিন তেওঁ পত্নীৰ শোৱা কোঠাৰপৰা পুৰুষ আৰু নাৰীয়ে সৰু সৰুকৈ কথা পতা শুনিবলৈ পালে। কি কথা পাতিছে বুজা নাযায়। তেওঁক লৈ কিবা ষড়যন্ত্ৰত লিপ্ত হোৱা নাইতো! নাই তেওঁৰ সাৱধান হ’বৰ হ’ল। তেওঁক চাগে’ এই পৃথিৱীৰপৰা বিদায় দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁ এতিয়া আৰু কাকো বিশ্বাস কৰিব নোৱাৰে। কিয় এনে হ’বলৈ পালে মনৰ দুখত চকুলো বাগৰি আহিল। ডিঙিটো শুকাই যোৱাত পানী অকণ খাবলৈ লওঁতেই হাতৰপৰা গিলাচটো বাগৰি পৰিল। শব্দ শুনি ৰেবতী দৌৰি আহি গিলাচটো উঠাই পানী বাকি দি ক’লে, “মোক মতা নাই কিয়।” নীলিম কাকতিয়ে একো নক’লে যদিও ৰেৱতীয়ে অনুভৱ কৰিলে নীলিমে কিবা কাৰণত তেওঁক বেয়া পাই আছে। ৰেৱতীয়ে ভাবি উলিয়াব নোৱাৰিলে কি কথাত নো তেওঁক বেয়া পাব পাৰে। আজি অলপ দিন ধৰি ৰেৱতীয়ে মন কৰিছে কথাই কথাই মানুহজনৰ ঠেহ লাগে ।আগতে এনে নাছিল। গাখীৰ দিয়া মানুহজন, বাতৰি কাকত বিলোৱা মানুহজন ঘৰলৈ আহিলে তেওঁ কিবা উৎসুক দৃষ্টিৰে চোৱা ৰেৱতীয়ে মন কৰিছে। বহুদিন ধৰি তেওঁ ৰাতি ভালকৈ টোপনি নহা সমস্যাত ভুগি আছিল। মানুহজন আগতকৈ বহু পৰিমাণে দুৰ্বল আৰু খিংখিঙীয়া হৈ পৰিছিল। সেয়েহে ডাক্টৰে টোপনিৰ বাবে আৰু গাটো সবল হৈ থাকিবলৈ দৰব দিছিল। প্ৰথম অৱস্থাত টোপনিৰ দৰব খাই ভালকৈয়ে শুই গৈছিল। পিছলৈ লাহে লাহে টোপনি অনা দৰবে বৰকৈ কাম নিদিয়া হ’ল। ডাক্টৰক কথাটো জনোৱাত দৰবৰ মাত্ৰা বঢ়াই দিলে ।
নিশা ৰেবতীৰ কোঠাৰপৰা কোনোবাই কথা পাতি থকা প্ৰায়ে শুনিবলৈ ল’লে। ইমান তললৈ যাব পাৰে নে ৰেবতী ।তেওঁৰ কথাটো বিশ্বাস কৰিবলৈকে টান পাইছিল। কিন্তু নিজ কাণে শুনা কথাবোৰ কেনেকৈ অবিশ্বাস কৰে! ৰেৱতীয়ে তেওঁৰপৰা মুক্তি বিচাৰিছে এনে লাগে। আৰু ৰেৱতী আৰু পুৰুষ কণ্ঠৰ মিশ্ৰিত হাঁহিবোৰে নীলিম কাকতিৰ বুকুত এপাট এপাট শৰ হৈ বিন্ধিবলৈ খেদি অহা যেন লাগিল। তেওঁ ছটফটাবলৈ ধৰিলে,জ্বৰে ঘমা দি ঘামিল । বুকুত বিষ এটাই খুন্দা মাৰি ধৰিলে। কি কৰিব,কাক ক’ব তেওঁ। ল’ৰা দুটাকো ক’ব নোৱাৰে।আন কাৰোবাক ক’বলৈ গ’লেও মান-সন্মান যাব । এই যন্ত্ৰণাৰপৰা তেওঁক মুক্তি লাগে । তেওঁ নীৰৱে আঁতৰি যাব খোজে ৰেৱতীৰ জীৱনৰ পৰা! কিন্তু কেনেকৈ, তেওঁ অস্থিৰ হৈ পৰিল ।তেওঁৰ মৰমৰ পত্নী পৰ-পুৰুষৰ লগত কৰা হলি-গলি তেওঁ সহ্য কৰিব নোৱাৰে। কিবা এটা তেওঁ কৰিব লাগিব। টেবুলত থকা টোপনি অহা দৰবৰপৰা বহুকেইটা দৰব একেলগে লৈ ৰেবতীয়ে ৰাতিৰ বাবে ঢাকি থৈ যোৱা পানী গিলাচেৰে খাই দিলে। কম সময়ৰ ভিতৰতে তেওঁৰ দুচকুলৈ গভীৰ নিদ্ৰা নামি আহিল।
কাকতিয়ে যেতিয়া অলপ অলপকৈ চকু মেলিলে কাণত আহি পৰিল এষাৰ কথা, “এতিয়া আৰু ভয় নাই।” ডাক্টৰ, নাৰ্ছ, বন্ধু দিবাকৰ আৰু পত্নী ৰেৱতীয়ে তেওঁ শুই থকা হাস্পাতালৰ বিছনাখন ঘেৰি আছে। বাঁও হাতত তেওঁৰ চেলাইন লগোৱা আছে। ৰেৱতীয়ে চকুপানী মচি থিয় হৈ আছে। তেওঁ বিব্ৰত অনুভৱ কৰিলে।
ডাক্টৰে ৰেৱতীক নাৰ্ছক কৈ মতাই লৈ গ’ল। কাকতিৰ বিষয়ে সবিশেষ জানিব বিচাৰিলে। ৰেবতীয়ে যিমানখিনি পাৰে ক’লে। কাকতিয়ে কৰা কিছুমান অস্বাভাৱিক ব্যৱহাৰৰ কথাও উল্লেখ কৰিলে। নীলা ৰঙৰ চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি এজন মানুহ তেওঁলোকৰ ঘৰৰ আগেৰে যোৱা তেওঁ প্ৰায়ে দেখে। মানুহজনক যে কাকতিয়ে সন্দেহৰ চকুৰে চায় সেয়াও জনালে। কেইবাদিনো ৰেৱতীক দেখুৱাবলৈ চেষ্টা কৰিছিল যদিও ৰেৱতীয়ে দেখা পোৱা নাছিল। দেখা নোপোৱা বুলি ক’লে কাকতি বৰকৈ অসন্তুষ্ট হোৱা যেন লাগিছিল। সেয়েহে বনকৰা ল’ৰা ৰাতুলকো কৈ থৈছিল কথাটো মন কৰিবলৈ। কিন্তু সিও কেতিয়াও নীলা ছা,ৰ্ট ক’লা পেণ্ট পৰিহিত মানুহ সেই সময়ছোৱাত যোৱা দেখা নাছিল। কথাবোৰ মনোযোগেৰে ডাক্টৰে শুনিলে আৰু ক’লে, “মিষ্টাৰ কাকতি স্কিজোফ্ৰেনিয়া (Schizophrenia) নামৰ এটা দীৰ্ঘস্থায়ী আৰু জটিল মানসিক ৰোগত আক্ৰান্ত হৈছে ।এনে অৱস্থাত ৰোগীয়ে প্ৰায়ে বাস্তৱ আৰু কল্পনাৰ মাজৰ পাৰ্থক্য বুজিবলৈ অসমৰ্থ হয়। এই ৰোগে মানুহৰ চিন্তা অনুভূতি আৰু আচৰণক প্ৰভাবিত কৰে। এই ৰোগত আক্ৰান্তসকলে বাস্তৱৰ লগত সংযোগ প্ৰায় হেৰুৱাই পেলায় ।আৰু হ্যালুচিনেশন (Hallucinations)বা অবাস্তৱ বিভ্ৰান্তিত ভোগে ।যাৰ কোনো অস্তিত্ব নাই এনে কিছুমান দেখে বা শুনে। ভুল বা অবাস্তৱ ধাৰণাকে সত্য বুলি মানি লয় । যিটো কাকতিৰ ক্ষেত্ৰতো হৈছে। তেওঁ দেখা নীলা চাৰ্ট, ক’লা পেণ্ট পৰিহিত লোকজন আচলতে মনৰ ভ্ৰম। এই ৰোগ স্থায়ীভাৱে নিৰাময় নহয় যদিও চিকিৎসাৰদ্বাৰা লক্ষণবোৰ অনেকাংশই দূৰ কৰা সম্ভৱ।”
মাজে মাজে স্বামীৰ অস্বাভাবিক ব্যৱহাৰত ৰেৱতী ক্ষুণ্ণ হৈছিল। মনৰ মাজত অভিমান আৰু ক্ষোভ জমা হৈছিল যদিও তেওঁ কেতিয়াও প্ৰকাশ কৰা নাছিল। ডাক্টৰৰপৰা সকলো কথা জানি ৰেৱতীয়ে নিজকে নিজে ধিক্কাৰ দিলে— “কেনেকৈ তেওঁ অসুস্থ মানুহজনৰ প্ৰতি বেয়া ভাব ৰাখিব পাৰে!” নিজৰ মনৰ মাজত সাহস গোটাই ল’লে যিকোনো পৰিস্থিতিৰ সন্মুখীন হৈও ৰেৱতীয়ে তেওঁৰ স্বামীক সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিব।
