মে’ দিৱসৰ চিন্তা

লেখক- মধুৰ বৰা

পুঁজিবাদী সমাজত মার্ক্সবাদৰ অৱদান

আজিৰ দিনত আমাৰ ৰাজনীতি তথা সমাজ জীৱনত মাৰ্ক্সবাদ বা কমিউনিষ্ট চিন্তাধাৰা বহু পৰিমাণে সীমিত হৈ পৰিছে। আধুনিক জীৱনশৈলীত অভ্যস্ত আমাৰ দৰে চাকৰিজীৱীসকলৰ মাজত বাওঁপন্থী আদৰ্শৰ প্ৰতি এটা বিদ্ৰূপাত্মক ভাব স্পষ্টকৈ দেখা যায়। কিন্তু আজি মে’ দিৱসৰ এই ক্ষণত, চৰকাৰী বা বেচৰকাৰী প্ৰতিটো ক্ষেত্ৰৰ চাকৰিজীৱিয়েই ভোগ কৰি থকা বিভিন্ন কল্যাণকামী সুবিধাসমূহৰ বাবে মাৰ্ক্সবাদৰ ওচৰত কৃতজ্ঞতা জনোৱা উচিত।

বৰ্তমান বিশ্বত পুঁজিবাদেই প্ৰধান অৰ্থনৈতিক ব্যৱস্থা হৈ থাকিলেও, আজিৰ শ্ৰমিক তথা চাকৰিজীৱীসকলে লাভ কৰা সুৰক্ষা আৰু সুবিধাসমূহৰ আঁৰত মাৰ্ক্সীয় ধাৰণা, শ্ৰমিক আন্দোলন আৰু ছোভিয়েট ৰাছিয়াৰ এক বৃহৎ ভূমিকা আছে।

 

আমি প্ৰায়ে সমালোচনা কৰা কমিউনিষ্ট চিন্তাধাৰাই পুঁজিবাদৰ অভ্যন্তৰত থকা কিছুমান মৌলিক সমস্যাক আঙুলিয়াই দিছিল, যেনে:

শ্ৰমিকৰ শোষণ।

সম্পদৰ অসম বিতৰণ।

কাম কৰাৰ শোচনীয় পৰিৱেশ।

সামাজিক নিৰাপত্তাৰ অভাৱ।

 

এই চিন্তাধাৰাৰ ফলত গঢ়ি উঠা সংগ্ৰামেই  শ্ৰমিকৰ জীৱন উন্নত কৰাৰ বাবে বিভিন্ন সংস্কাৰ আনিলে। ইয়াৰ ফলত সৃষ্টি হোৱা কেইটামান গুৰুত্বপূৰ্ণ অধিকাৰ হ’ল:

৮ ঘণ্টাৰ কৰ্মদিন আৰু নিৰ্ধাৰিত কৰ্মসময়।

ন্যূনতম মজুৰিৰ ব্যৱস্থা।

কৰ্মস্থলীত সুৰক্ষা আইন।

মাতৃত্বকালীন সুবিধা আৰু দৰমহাসহ ছুটি।

অযৌক্তিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিৰুদ্ধে আইনী সুৰক্ষা।

কেৱল কল-কাৰখানাৰ শ্ৰমিকেই নহয়, বেতনভোগী চাকৰিজীৱীসকলেও এই সুবিধাসমূহৰ দ্বাৰা লাভান্বিত হৈছে। প্ৰকৃতাৰ্থত শ্ৰমিকৰ কাৰণে থকা সুবিধাবোৰৰ পৰা বেছিকৈ লাভান্বিত হৈছো আমি চাকৰিজীৱিয়েই। 

সামূহিক সংগঠনৰ ওপৰত মাৰ্ক্সবাদৰ গুৰুত্বৰ ফলতেই ‘ট্ৰেড ইউনিয়ন’ বা শ্ৰমিক সংঘৰ আইনী স্বীকৃতি লাভ সম্ভৱ হৈছিল, কৰ্মচাৰী সংগঠনসমূহো ইয়াৰে ফল। এই অনুষ্ঠানবোৰে প্ৰশাসক আৰু কৰ্মচাৰীৰ মাজত সন্তুলন বজাই ৰাখে।

 

ছোভিয়েট ইউনিয়ন আৰু শীতল যুদ্ধৰ এটা পৰোক্ষ ভূমিকা নিশ্চয় আছে আজি আমি ভোগ কৰি থকা সুবিধাবোৰৰ আঁৰত। দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা পুঁজিবাদী অৰ্থনীতিক প্ৰত্যাহ্বান জনাই ছোভিয়েট ইউনয়নৰ উত্থান ঘটিছিল। ষাঠিৰ দশকত শীতল যুদ্ধৰ সময়খিনিত ছোভিয়েট ইউনিয়নৰ উপস্থিতিয়ে পুঁজিবাদী দেশবোৰত শ্রমিকৰ তথা কৰ্মচাৰীৰ অৱস্থা উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। যিহেতু ছোভিয়েট মডেলে নিজকে শ্ৰমিকৰ পক্ষৰ বুলি দাবী কৰিছিল, সেয়েহে পুঁজিবাদী চৰকাৰবোৰে এক ভয়ত ভুগিছিল— যদিহে নিজ দেশৰ শ্ৰমিক আৰু সাধাৰণ জনতা মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হয়, তেন্তে বিপ্লৱ নিশ্চিত। এই বিপ্লৱ ৰোধ কৰাৰ স্বাৰ্থতে আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপৰ পুঁজিবাদী দেশসমূহ নিজৰ দেশত শ্ৰমিক অনুকূল সংস্কাৰ আনিবলৈ বাধ্য হৈছিল। ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত দেখা গৈছে যে পুঁজিবাদী ব্যৱস্থাৰ ওপৰত সেই চাপ কমি আহিছে আৰু ফলস্বৰূপে বহুতো সুবিধা কৰ্তন কৰা হৈছে। ইয়ে প্ৰমাণ কৰে যে ছোভিয়েট ৰাছিয়াৰ কেৱল মাত্ৰ উপস্থিতিয়েই বিশ্বজুৰি শ্ৰমিক-কৰ্মচাৰীৰ স্বাৰ্থ ৰক্ষাত এক পৰোক্ষ ভূমিকা লৈছিল।

 

দ্বিতীয় মহাসমৰৰ পাছত নতুনকৈ স্বাধীন হোৱা ভাৰতে পুঁজিবাদী তত্ত্ব আৰু সমাজবাদী চিন্তাধাৰাৰ এক মিশ্ৰণ ঘটাই অৰ্থনৈতিক পৰিকল্পনা কৰিছিল। ইয়াৰ ফলতেই ভাৰতত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা গঢ় লৈ উঠিছিল। ৰাজহুৱা স্বাস্থ্যসেৱা, ৰাজসাহায্যযুক্ত শিক্ষা, পেন্সন আঁচনি আৰু বেকাৰ ভাট্টা আদি আছিল ইয়াৰ অন্যতম অংগ। কিন্তু মাৰ্ক্সবাদৰ প্ৰভাৱ কমি অহাৰ লগে লগে এই ব্যৱস্থাসমূহ খুবেই দুৰ্বল হৈ পৰিছে। ৰাজহুৱা স্বাস্থ্যসেৱা এতিয়া আৰু সম্পূৰ্ণ বিনামূলীয়া হৈ থকা নাই। মানসম্পন্ন বিনামূলীয়া শিক্ষা এতিয়া এক সপোন হে। পেন্সন আঁচনি ছোভিয়েট ইউনয়নৰ নিচিনাকৈয়ে বিলুপ্ত হল।

 

বৰ্তমান সময়ত পুনৰ বৈষম্য বৃদ্ধি পাইছে। কোটিপতি চফ্টৱেৰ কোম্পানীৰ মালিকে কৰ্মচাৰীক সপ্তাহত ৭০ ঘণ্টা কাম কৰিবলৈ উৎসাহিত কৰিছে। নতুন ষ্টাৰ্টআপ কোম্পানী সমূহত সাপ্তাহিক ছুটিৰ ধাৰণাটো নাইকিয়া হোৱাৰ দৰেই। গীগ কৰ্মীসকলে কোনো সুবিধা অবিহনেই কাম কৰি আছে।

নয়ডাত হোৱা শেহতীয়া শ্ৰমিক আন্দোলন এই বৰ্ধিত বৈষম্যৰে এক উদাহৰণ। পৰিৱৰ্তিত অৰ্থনীতিক পৰিস্থিতিত শ্ৰমিকৰ পৰা আৰম্ভ কৰি বহুজাতিক কোম্পানিত চাকৰি কৰা বিষয়া কৰ্মচাৰীৰে চাকৰিৰ নিৰাপত্তা কমি আহিছে।

এই সমস্যাবোৰৰ বাবেই মাৰ্ক্সৰ প্ৰাসংগিকতা পুনৰ বৃদ্ধি পাইছে। মাৰ্ক্সবাদৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল পুঁজিবাদক নিঃশেষ কৰাটো নহয়, বৰঞ্চ ইয়াক সংস্কাৰ কৰি মানৱীয় কৰি তোলাটোহে। 

মে’ দিৱস উদযাপন সেই  দীর্ঘ সংগ্ৰামৰে এক স্মৰণিকা, যিয়ে সমাজক সোঁৱৰাই দিয়ে যে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাও মানুহৰ কল্যাণৰ বাবেহে হোৱা উচিত।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments