বেৰৰ বাহিৰত আমি
লেখক- জিতেন কলিতা
আঠমহলাৰপৰা তিনিমহলালৈ আহিবলৈ লিফ্টৰ সমুখত থিয় দি আছোঁ। এইমাত্ৰ তাক ষ্ট্ৰেচাৰখনত তুলি লিফ্টেৰে’অ’টি’লৈ লৈ গৈছে। প্ৰথম অপাৰেশ্যনটো আংশিকভাৱেহে সফল হোৱা বাবে এতিয়া পুনৰ অপাৰেশ্যন কৰিব লাগিব। হনা-খোঁচাবোৰে তাৰ সোতৰবছৰীয়া কুমলীয়া দেহাটোক আকৌ এবাৰ বিদীৰ্ণ কৰিব। লিফ্টত ঠাই নাই বাবে মই ৰৈ দিলোঁ। সৌৱা তলত স্বচ্ছ খিৰিকীৰ কাঁচৰ মাজেৰে দৃশ্যমান হৈছে চহৰখনৰ শেহতীয়া সংযোজন নতুন ফ্লাইঅ’ভাৰখনৰ ওপৰেৰে সৰ্পিল যানবাহনবোৰৰ লৰা-ঢপৰা। ওপৰৰপৰা সিহঁতকো বগুৱা বাই গৈ থকা চাৰিঠেঙীয়া প্ৰাণী যেনেই লাগে, মাথোঁ সিহঁতৰ হৃদপিণ্ডবোৰ এহেজাৰ, দেৰহাজাৰ চি চি যুক্ত ইঞ্জিনবোৰে দখল কৰি লৈছেহি। বৰ্তমান যুগত কংক্ৰিটৰ পৃথিৱীত জৈৱিক হৃদয়েৰে তিষ্ঠি থকাটো ইমান সহজ জানো?
পাঁচ মিনিটমান পাছতহে পৰৱৰ্তী লিফ্টখন আহি পালে। তিনিমহলাত গোটেই পৰিসৰটোৰ পোহৰ ব্যৱস্থা ত্ৰুটিহীন, মজিয়াখনো বেছ পৰিষ্কাৰ-পৰিচ্ছন্ন, কূটা এগছো দেখিবলৈ নাই। সোঁফালে অলপ আগুৱাই গৈ অস্ত্ৰোপচাৰ কক্ষবোৰ আৰু বাঁওফালে ৰিক’ভাৰী ৰূমটো। সেইটোৰ মূল প্ৰৱেশদ্বাৰ পাৰ হৈয়ে সৰু ক’ৰিডৰটো। তাৰ দুয়োফালে মহিলা আৰু পুৰুষ চিকিৎসক তথা নাৰ্ছসকলৰ সাজ-পোছাক সলোৱা কোঠাবোৰ। তাৰ সন্মুখৰ খালী থকা ঠাইখিনি সদ্ব্যৱহাৰ কৰা হৈছে ৰোগীৰ পৰিচৰ্যাকাৰী বা এটেণ্ডেণ্টসকলৰ বাবে প্ৰতীক্ষালয় হিচাপে। সমান্তৰালভাৱে অ’টিসমূহত বহুকেইটা অস্ত্ৰোপচাৰ একেসময়তে চলি থাকে বাবে প্ৰতীক্ষালয়টো অনবৰতে মানুহেৰে ভৰি থাকে। তাত পাঁচখন চকী এটা ফ্ৰে’মত বান্ধি চাৰিলানি আসন সৃষ্টি কৰা হৈছে যদিও বেছিভাগ সময়তে যিমান লোক বহি থাকে তাতকৈ বেছিসংখ্যকে থিয় দি থাকিবলগীয়া হয়। এই মুহূৰ্তত অভ্যন্তৰৰ কোনোবা এটা কোঠাত প্ৰতীক্ষালয়ত অপেক্ষাৰত প্ৰতিজনৰে আপোনজনৰ শৰীৰত শল্য চিকিৎসকৰ অস্ত্ৰৰ কচৰৎ চলি আছে। যথেষ্ট ব্যয়-বহুল যদিও এইখন হাস্পতালত অস্ত্ৰোপচাৰৰ সফলতাৰ হাৰো বেছি। তৎসত্ত্বেও মোৰ আশে-পাশে থকা প্ৰতিখন মুখতেই উৎকণ্ঠাৰ ছাপ স্পষ্ট। অস্ত্ৰোপচাৰ শেষ হোৱাৰ পাছত ৰিক’ভাৰী ৰূমলৈ নিব পৰা হ’লেই ডাক্তৰ বা নাৰ্ছ এগৰাকী ওলাই আহি ৰোগীৰ নামটো ডাঙৰকৈ ঘোষণা কৰি দিয়ে। প্ৰতীক্ষালয়ৰ সাময়িক অধিবাসীসকলৰ বেছিভাগৰে দৃষ্টি তেওঁলোকৰ ম’বাইল ফোনতে নিবদ্ধ যদিও নাম ঘোষণাৰ মুহূৰ্তটো যাতে বাদ নপৰে, তাৰ বাবে তেওঁলোকৰ কাণ দুখন সদা-সতৰ্ক হৈ সেইফালেই উনাই থাকে। বাছনিত উঠিলে সৌভাগ্যশালী এটেণ্ডেণ্টজন ডাক্তৰৰ ওচৰলৈ গৈ ৰোগীৰ বৰ্তমান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰিক’ভাৰী ৰূমত ৰোগীক কেতিয়া দেখা কৰিব পাৰিব, সেই সম্পৰ্কে বুজ লয়হি।
মোৰ মুখামুখিকৈ থকা চকীৰ ফ্ৰে’মটোৰ প্ৰত্যেকখন আসনেই ভিন ভিন বয়সৰ পাঁচগৰাকী ব্যক্তিয়ে অধিকাৰ কৰি আছে। প্ৰথমখন আসনত উপবিষ্ট হৈ আছে এজন প্ৰৌঢ়। মুখত বিৰক্তিৰ ভাবটো যেন তেওঁৰ সদাসহচৰ। চকীখন দখল কৰাৰ আগতে ডাঠ ক’লা ফ্ৰেমৰ চশমা পৰিহিত পক্বকেশী গাঢ় মিঠাবৰণীয়া শীৰ্ণকায় ভদ্ৰলোকজনে ক’ৰিডৰটোত অধীৰভাৱে পায়চাৰি কৰি আছিল। অনবৰতে যেন কিবা এটা চিন্তাই তেওঁক খুলি খুলি খাইছে। জ্বলা জুইত ঘিঁ ঢালিছে মাজে মাজে তেওঁলৈ আহি থকা অনাকাংক্ষিত ফোনকেইটাই। অলপ আগতে কোনোবাই তেওঁলৈ লাখটকীয়া ৱাশ্বিং মেচিনৰ অফাৰ দি ফোন কৰিছিল। ভদ্ৰলোকৰ ধমকিত পৰাভূত হৈ ফোনৰ সিপাৰে থকাজনে আৰু কথা আগ নবঢ়াই ফোনটো আধাতে সামৰিবলৈ বাধ্য হ’ল। চশমাৰ আৱৰণ ভাঙি তেওঁৰ চকুহাল মাজে মাজে সমীপৰ ছিষ্টাৰৰ ৰূমটোৰ দিশলৈ গৈ ৰৈ যায়, কোনোবা নাৰ্ছ ওলাই আহি ৰোগীৰ নামটো ঘোষণা কৰেই নেকি? হয়তো এই মুহূৰ্তত অস্ত্ৰোপচাৰ কক্ষত তেওঁৰ মৰমী পত্নী। মানুহজনীয়ে এতিয়াও বুকুত উশাহকণ ধৰি ৰাখিব পাৰিছেতো?
দ্বিতীয় আসনখনত বহি আছে এগৰাকী বৃদ্ধা। তেওঁ মুখত কিন্তু অনবৰতে প্ৰশান্তিৰ হাঁহি এটি লাগিয়েই আছে। এখন আসন এৰি পৰৱৰ্তী চকীখনত বহি থকা খীন-মিন মহিলাগৰাকী খুব সম্ভৱ তেওঁৰেই জীয়ৰী। হাতত হাস্পতালৰ নাম সম্বলিত প্লাষ্টিকৰ ডাঙৰ বেগ এটা লৈ সন্মুখৰফালে অলপ হাউলি মাকৰ দৰেই শান্ত-শিষ্ট হৈ বহি আছে। মাজৰ আসনখনত আন এগৰাকী যুৱতীৰ উপস্থিতিয়ে তেওঁলোকৰ অভীষ্ট বাৰ্তালাপত ব্যাঘাত জন্মাইছে। জীনছ আৰু টি-ছাৰ্ট পৰিহিত যুৱতীগৰাকীৰ মূৰৰ ওপৰতে আছে ম’বাইল ফোন চাৰ্জ কৰাৰ সুবিধা থকা প্ৰতীক্ষালয়টোৰ একমাত্ৰ ছুইচব’ৰ্ডখন। কিছুসময় আগলৈকে তেওঁ বহি আছিল উলম্ব দিশত থকা বেৰৰ সৈতে লাগি থকা আসনৰ শাৰীদুটাৰ এটাত। বিৰক্তিকৰ সময়বোৰ পাৰ কৰিবলৈ কাণত হেডফোন লগাই ইমানপৰে তেওঁ ম’বাইলত ভিডিঅ’ উপভোগ কৰি আছিল। পাছে ফোনৰ বেটাৰী শেষ হোৱাৰ উপক্ৰম হোৱাত তেওঁ ফোনটো চাৰ্জত দি আকৌ নিজ আসনলৈ ঘূৰি আহিছিল। কিন্তু আমোদজনকভাৱে তাৰ পাছতেই ৰোগীৰ বৰ্তমান স্থিতি জানিবলৈ তেওঁলৈ সঘনাই এটাৰ পাছত এটাকৈ ফোন আহিবলৈ কৰিলে। কাজেই ফোন ধৰিবলৈ নিজ আসনৰপৰা উঠি আহি বাৰে বাৰে তেওঁ তাঁত-বাটি কাঢ়িবলগীয়া হয়। প্লাগৰ সৈতে ফোন সংযোজিত তাঁৰডালো আকৌ ছুইচব’ৰ্ডৰ ঠিক তলৰ আসনখনত উপবিষ্ট ব্যক্তিগৰাকীৰ মূৰৰ ওপৰেৰে অতি অস্বস্তিকৰভাৱে ওলমাই ধৰি থাকিব লাগে। সেয়েহে এই বিশেষ আসনখন খালী হোৱাৰ লগে লগে প্ৰথম সুযোগতে সেইখন অধিকাৰ কৰি লৈছেহি। ফ্ৰে’মটোৰ শেষ আসনখনত বহি থকা বিশ বাইছবছৰীয়া ল’ৰাজনৰ ধ্যান কেন্দ্ৰীভূত হৈ আছে তেওঁৰ বাঁওফালে দুহাত দূৰত থকা এটাচড্ বাথৰূমটোৰ দুৱাৰৰ হাতোৰাডাললৈ। ভিতৰৰ জনা ওলাই নহালৈকে তেওঁ লৰচৰ নকৰাকৈ একে ঠাইতে বহি থাকিবলৈ বাধ্য।
তেনেতে সন্মুখলৈ আহি নাৰ্ছ এগৰাকীয়ে নাম এটা ঘোষণা কৰিলে। পক্বকেশী প্ৰৌঢ়জন যেন সেই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল। লগে লগে বহাৰপৰা উঠি তেওঁ ক’ৰিডৰটোৰফালে ধাৱমান হ’ল। ইতিমধ্যে সংশ্লিষ্ট শল্য চিকিৎসকজনো হাজিৰ হৈছেহি। দুয়োজনৰ মাজৰ কথোপকথনৰ পাছত ইমান পৰে এক অদ্ভুত ছটফটনিত ভুগি থকা ব্যক্তিজনৰ মুখমণ্ডলত এক বিমল হাঁহি বিয়পি পৰিল। মোৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁৰ প্ৰিয়জন কুশলে আছে।
মই বহি থকা চকীৰ শাৰীটোৰ একেবাৰে বাঁওফালৰ আসনত বহিছে এগৰাকী স্থূলকায় বঙালী আদহীয়া মহিলা। তেওঁৰ ভৰিৰ পতাৰ আলতা, কোৱাৰিৰ ফাঁকেৰে বৈ অহা মিথাপট্টিৰ সেলেঙি আৰু পৰিধান কৰা শাৰীখনৰ ৰঙা ৰঙে সৃষ্টি কৰিছে এক অদ্ভুত ঐকতান। চকী আৰু শৰীৰৰ বিষম অনুপাতৰ বাবে চকীখনত ভৰিদুখন তুলি লৈ বহাৰ তেওঁৰ বাৰেপতি প্ৰয়াস এতিয়ালৈকে সফল হ’ব পৰা নাই। মাজে মাজে হঠাতে তেওঁৰ ম’বাইলৰপৰা নিৰ্গত হোৱা ৰিংট’নৰ কৰ্কশ কাণ তাল মৰা শব্দত অকল ময়েই নহয়, কোঠাটোৰ বাকী লোকসকলো চক খাই উঠে। ৰাজকাপুৰৰ শ্ৰী ৪২০ কথাছবিৰ “প্যাৰ হুৱা ইকৰাৰ হুৱা” গীতটিৰ যন্ত্ৰ সংগীতো যে ইমান উদ্ভট হ’ব পাৰে আজিহে উমান পালোঁ। ভাগ্যে লতা মংগেশকাৰ আৰু মান্না দে, দুয়ো আজি ইহসংসাৰত নাই। নহ’লে কালজয়ী গীতটিৰ বিকৃত ধ্বনি শুনি তেওঁলোকো যে মূছকঁছ গ’লহেঁতেন সি ধুৰূপ। পাছে ৰিংট’নৰ গৰাকীৰ তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই। এনেকুৱাও হ’ব পাৰে যে কাণেৰে কমকৈ শুনে বাবে তেওঁ ম’বাইলটো তেনেদৰে ফুল ভ’লিউমত থ’ব লগা হৈছে। সেয়েহে আধামিনিটমান যোৱাৰ পাছতহে ৰিচিভ বাটনটো টিপিবলৈ তেওঁৰ হুচ আহে। তেতিয়ালৈকে বাকীবোৰৰ এই অস্বস্তিকৰ পৰিস্থিতি সহ্য কৰি থকাৰ বাহিৰে আন উপায় নাথাকে। তাতোকৈও অসহ্যকৰ হয় স্পীকাৰত একে ভ’লিউমতে অব্যাহত থকা তেওঁৰ কথোপকথন, যাৰ ফলত আমিবোৰেও তেওঁৰ কথাৰ মহলাৰ পোনপটীয়া সম্প্ৰচাৰৰ অনিচ্ছুক অংশীদাৰ হ’বলৈ বাধ্য।
তেওঁৰ কথাৰপৰা গম পোৱা গ’ল যে সেই সময়ত গৃহস্থৰ গল-ব্লাডাৰ অপাৰেশ্যন চলি আছে। সিফালৰপৰা ভাহি অহা মহিলা কণ্ঠৰ অনুযোগ-সম্বন্ধীয় তিনিজন ব্যক্তিৰ মৃত্যু ঘটা বাবে হেনো যোৱা এমাহ ধৰি তেওঁলোকে নিৰামিষেই খাই থাকিবলগীয়া হৈছে। এইফালৰ গৰাকীয়ে আকৌ সগৌৰৱে ঘোষণা কৰিছে যে ইতিমধ্যেই ঘৰত তেওঁ চাওমিন, ৰ’ল জাতীয় কিবাকিবি প্ৰস্তুত কৰি হটকে’ছত ভৰাই থৈ আহিছে। ইত্যাদি ইত্যাদি। প্ৰতীক্ষালয়ত মোৰ উপস্থিতিত সেয়া তেওঁৰ তৃতীয়টো ফোন কল, য’ত প্ৰতিটোৰে সময়কাল আছিল অন্ততঃ পাঁচ মিনিট। ভদ্ৰতাৰ খাতিৰত বাকীসকলে তেওঁৰফালে মাথোঁ দৃষ্টি নিক্ষেপ কৰিয়েই মনে মনে বহি আছিল। পাছে জোঁৰ পুৰি হাত পালত ডেচিবলৰ মাত্ৰাত অতিষ্ঠ হৈ মহিলা এগৰাকী নিজ চকীৰপৰা উঠি আহি তেওঁক ফোনটোৰ স্পীকাৰটো বন্ধ কৰিবলৈ ভদ্ৰভাৱে অনুৰোধ জনালে। ভদ্ৰমহিলাক চিনি পোৱাত মোৰ কোনো অসুবিধা নহ’ল। আঠতলাৰ আমাৰ কেবিনটোৰ কাষৰ কেবিনটোতে তেওঁ যোৱা দুদিনে বৃদ্ধা মাতৃৰ এটেণ্ডেণ্ট হৈ আছে। উজুটি খাই পৰি অশীতিপৰ মাতৃগৰাকীৰ হাতৰ তিনি ঠাইত হাড় ভাঙিছে। আজি তেওঁৰ অস্ত্ৰোপচাৰৰ দিন। মাকক ষ্ট্ৰেচাৰত তুলি নিওঁতেও তেখেতে ভালে থকা হাতখনেৰে জীয়েকৰ হাতত জোৰকৈ মুঠি মাৰি কাতৰভাৱে অনুৰোধ কৰা শুনিছিলোঁ, “পুতু, অপাৰেশ্যনৰ সময়তো তুমি মোৰ কাষত থাকিবা দেই। আইজনী কেতিয়াকৈ আহি পাব?” পুতুৱে “হ’ব মা, চিন্তা নকৰিবা। মই তোমাৰ লগতেই থাকিম। আইজনীবা আহি পাবৰ হৈছেই।” বুলি শলাগি ছিষ্টাৰ গৰাকীৰ সৈতে অ’টিৰ দুৱাৰমুখলৈ আগবাঢ়িছিল।
ফুল ভলিউমত ম’বাইল বজোৱা গৰাকীৰ কাষৰ চকীখনত বহি আছে দেখিলেই সম্ভ্ৰান্ত যেন লগা মৰম লগা ওখ-পাখ বৃদ্ধ এজন। তেখেতক খোজকঢ়াই অনা ব্যক্তিজন খুব সম্ভৱ তেখেতৰ ঘৰুৱা সহায়ক। প্ৰথম দৃষ্টিত মানুহগৰাকীক শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ যেনেই লাগিছিল। বহু কষ্টৰে তেখেতক বহুৱাই দিয়াৰ সময়তহে মই লক্ষ্য কৰিলোঁ যে তেখেতৰ দুয়োখন ভৰিৰ পতা কেইখন আঙুলি সহিতে উখহি ফুলা বেলুনৰ দৰে হৈ আছে। তেতিয়াই সুনিশ্চিত হ’লোঁ যে ৰোগী তেখেত নিজেই। সন্মুখৰফালে একেথৰে দৃষ্টি নিক্ষেপ কৰি তেখেতে নিজৰ জগতখনত বিচৰণ কৰি আছে। মাজে মাজে তেখেতৰ মুখৰপৰা সেহাই-ফোঁপাই নিৰ্গত হোৱা অস্ফুট কেঁকনিৰ শব্দ শুনিবলৈ পাওঁ। স্বগতোক্তি কৰাৰ দৰেকৈ তেখেতে কাৰো ফালে নোচোৱাকৈ চিঞৰি উঠে, “আৰু কিমান দেৰি? ডাক্তৰ আহি পালেনে নাই?” মাজতে হঠাৎ এবাৰ থিয় হৈ নিজেই বাথৰূমৰফালে যাবলৈ উদ্যত হওঁতেই সহায়কজনে হাতখন থাপ মাৰি ধৰাত কোনোমতেহে তেখেত পৰি যোৱাৰপৰা বাচিল। কিছুসময় পাছত ডাক্তৰ ওলাই আহি তেখেতৰ নাম মতাত তেখেত সষ্টম হৈ উঠিল। লগে লগে নাৰ্ছ এগৰাকীয়ে হুইল চেয়াৰ এখন লৈ তেখেতৰ সন্মুখত হাজিৰ হ’ল। সহায়কজনে তৎপৰতাৰে ৰোগীক বহুৱাই দিলে। একে সময়তে মোৰ সোঁফালৰ চকীখনত ইমানপৰে নিৰ্বিকাৰভাৱে ম’বাইল টিপি থকা ভদ্ৰলোকজনে নিজ আসন এৰি দিহা-পৰামৰ্শ ল’বলৈ ডাক্তৰৰ ওচৰ পালেগৈ। এতিয়াহে লক্ষ্য কৰিলোঁ যে বৃদ্ধৰ সৈতে ভদ্ৰলোকৰ মুখৰ যথেষ্ট মিল আছে। অলপ পাছতে হুইল চেয়াৰখন ঠেলি ঠেলি তেওঁলোক লিফ্টৰফালে অগ্ৰসৰ হ’ল। হয়তো ডাক্তৰে নতুনকৈ আৰু কিবা পৰীক্ষা কৰাৰ পৰামৰ্শ দিছে।
পুতুৱে ম’বাইল ফোনটো কাণত লগাই নিজৰ আসনৰপৰা উঠি লিফ্টৰ দিশলৈ আগবাঢ়িল। খুব সম্ভৱ আইজনীবা আহি পাবৰ হৈছে। মুখত স্মিত হাঁহি এটা লৈ আইজনীবা লিফ্টৰপৰা ওলাল। পিন্ধনত তেওঁৰ গুলপীয়া ৰঙৰ কুৰ্তা আৰু বগা-পায়জামা। আধা-পকা আধা-কেঁচা চুলিকেইডালৰ সৈতে শান্ত-সৌম্য অভিব্যক্তিয়ে তেওঁৰ ব্যক্তিত্বলৈ আনি দিছে এক অতিৰিক্ত গাম্ভীৰ্য্য। তাৰ বিপৰীতে এই দুনিশাতে টোপনি খতি, অবিন্যস্ত চুলি আৰু অৱহেলিত বেশভূষাই ভনীয়েকৰ বয়স যেন আৰু কেইবছৰমান বঢ়াইহে তুলিছে। পোৱালিৰ খাদ্যৰ সন্ধানত বাহ এৰি উৰি গৈ পুনৰ উভতি অহা চৰাইজনীৰ দৰেকৈ ভনীয়েকক দেখা মাত্ৰকে বায়েকে গালে-মুখে হাত বুলাবলৈ আৰম্ভ কৰিলে।
”বনমালী এয়াৰপ’ৰ্ট গৈ পাওঁতে দেৰি হ’ল নেকি?” পুতুৱে সুধিলে।
”নাই নাই, সি ঠিক সময়তে মোক পিক-আপ কৰিছে। মইহে ইয়ালৈ আহি পায়েই প্ৰথমতে ডা° ৰাজখোৱাক লগ ধৰি মা-ৰ ৰিপ’ৰ্টবোৰ চাই আহিলোঁ। মা-ৰ সব পেৰামিটাৰ ঠিকেই আছে। মাত্ৰ হিম’গ্ল’বিন অলপ কম বাবে অপাৰেশ্যনৰ পাছতো ব্লাড ল’ব লগা হ’ব পাৰে।”
”তুমি চিধা-চিধি ঘৰলৈয়ে যাব পাৰিলাহেঁতেন, অলপ জিৰাই-শঁতাই পাছে-পৰেও ইয়ালৈ আহিলে হ’লহেঁতেন। চৈধ্য ঘণ্টা একেৰাহে ফ্লাই কৰিছা। দিল্লী-গুৱাহাটী বাৰু বাদেই দিলোঁ। মইতো তোমাক আহিবলৈ হাকেই দিছিলোঁ।”
”মই নিজে ডাক্তৰ হৈ কেনেকৈ নহাকৈ থাকোঁ, কোৱাচোন? দুদিন টোপনি খতি কৰি তোমাৰ চকুৰ গুৰিবোৰ যে কেনে ক’লা পৰিছে মন কৰিছানে? এতিয়া তুমি ঘৰলৈ যোৱা, মাক মই ৰখিম। মই কাপোৰৰ বেগ এটা বেলেগকৈ ৰেডি কৰিয়েই আনিছোঁ। বেলিৰো কাইলৈ হায়াৰ চেকেণ্ডেৰীৰ লাষ্ট পৰীক্ষাটো নাই জানো? পংখীৰ ৰিজাল্ট কেতিয়াকৈ দিব?”
”হ’ব, হ’ব। মোৰ কথা চিন্তা কৰিব নালাগে। যোৱাবাৰো তুমি অসমলৈ আহি পিতাৰ হাৰ্ট এটেকৰ বাবে তিনিমাহ ৰৈ যাব লগা হ’ল। কাইলৈ বেলিক পৰীক্ষাহললৈ নিয়াৰ দায়িত্ব মোৰ। পংখীৰ ৰিজাল্ট পৰহি দিব। আৰু ইহঁত দুজনীয়ে দেখোন মোতকৈ বাপেকৰ লগতহে থাকি বেছি ভাল পায়। অলপ পাছতেই মানস আহি পাবহিয়ে। আজি ৰাতি কেবিনত সিয়ে অকলে থাকিব। মাক এনেও অপাৰেশ্যনৰ পাছত ২৪ ঘণ্টা ৰিক’ভাৰী ৰূমতে ৰাখিব। গতিকে আমি থকা-নথকা একেই কথা। কাইলৈ মাক কেবিনলৈ অনাৰ আগতে আহিলেই হ’ল।”
আইজনীয়ে মিচিকিয়া হাঁহি মাৰি ভনীয়েকলৈ চালে। তেওঁতকৈ আঠ বছৰে সৰু কেঁচুৱা ভনীয়েকজনী অতি কম দিনৰ ভিতৰতে যে ইমান পৰিপক্ব হৈ উঠিল! কলেজ, সংসাৰ, অসুখীয়া শহুৰ-শাহু সকলোকে চম্ভালাৰ উপৰি বেচেৰীয়ে অকলশৰীয়া মাক-দেউতাকৰো দেখ-ভাল কৰিব লাগে। আমেৰিকাৰ ৰাজধানী চহৰৰ জি ডব্লিউ ইউ হস্পিতালৰ খ্যাতনামা অ’ংক’ছাৰ্জন বায়েকজনীৰ বাবে আহিম বুলি ভাবিলেও যেতিয়াই তেতিয়াই অসমলৈ অহাটো সম্ভৱ নহয়। তথাপি আজিকালি বছৰেকত প্ৰায় দুবাৰেই তেওঁ মাক-দেউতাকৰ ওচৰলৈ আহে।
”আইজনীবা, পিতা ঘৰত অকলে আছে। মোক অলপ আগতেও ফোনত তোমাৰ কথা সুধিছিল। বনমালীয়ে তোমাক ঘৰত থৈ আহক। মই মানস আহিলে যামগৈ।”
দুই ভগ্নীৰ চেনেহৰ বান্ধোন দেখি ক্ষণিক সময়ৰ বাবে পাহৰিয়েই গৈছিলোঁ যে বেৰখনৰ সিপাৰে অস্ত্ৰোপচাৰ টেবুলত দুৰ্ঘটনাত পতিত মোৰ একমাত্ৰ সন্তানে মৃত্যুৰ সৈতে তুমুল সংঘৰ্ষ এতিয়াও অব্যাহত ৰাখিছে। অকস্মাৎ লাউডস্পিকাৰত পোনাকণৰ নামটো ঘোষণা কৰাৰ লগে লগে এক অদ্ভুত শিহৰণে মোক কঁপাই তুলিলে। এতিয়া যেন তাৰ হৃদপিণ্ডটোৱেহে মোৰ বুকুত খুন্দিয়াই আছে। অ’টিৰ দিশলৈ যিমানেই অগ্ৰসৰ হৈছোঁ, সেই কঁপনি সিমানেই তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিছে।
