একক অভিভাৱকত্ব আৰু পাৰিবাৰিক বৈচিত্ৰ্য:মহাকাব্যৰ দৃষ্টিত পৰিয়াল

লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই

প্ৰকৃতিৰ বিশাল জীৱ জগতৰ মাজত বিভিন্ন ধৰণৰ পাৰিবাৰিক গাঁথনি দেখিবলৈ পোৱা যায়। কিছুমান প্ৰজাতিত সন্তান লালন-পালনৰ দায়িত্ব পিতৃ-মাতৃ দুয়োয়ে সমানে ভগাই লয় ৷ যেনে — পক্ষীকুল । আনহাতে, এনে বহু জীৱ আছে য’ত এই দায়িত্ব সম্পূৰ্ণৰূপে কেৱল মাতৃৰ ওপৰতে ন্যস্ত থাকে ৷ উদাহৰণস্বৰূপে বাঘৰ কথা ক’ব পাৰি ৷ বাঘৰ সন্তানৰ সকলো দায়িত্ব মাকে নিজেই লয় । ইয়াৰ পৰা এইটোৱেই স্পষ্ট হয় যে প্ৰকৃতিয়ে কোনো এটা নিয়মকে কাৰো ওপৰত নিৰ্দিষ্টকৈ জাপি দিয়া নাই । বৰং বৈচিত্ৰ্যকহে জীৱ জগতৰ চিৰন্তন নিয়ম ৰূপে প্ৰকৃতিয়ে নিৰ্বাচন কৰিছে । মানৱ সমাজ অৱশ্যে কিছু বেলেগ ৷ মানৱ সমাজত পৰিয়াল কেৱল এক জৈৱিক প্ৰয়োজনেই নহয়, ই এক সামাজিক প্ৰতিষ্ঠানো । সমাজে নিজৰ মূল্যবোধ, বিশ্বাস আৰু প্ৰয়োজন অনুসৰি এই পৰিয়ালসমূহ গঠন কৰাৰ লগতে ইয়াৰ নিয়মসমূহো নিৰ্ধাৰণ কৰে ৷ সেয়েহে সভ্যতা আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিয়ালৰ ধাৰণাইও সমাজত ৰূপ সলাই আহিছে ৷

 

ভাৰতৰ মহাকাব্য দুখনতো এই পৰিয়ালৰ ভূমিকা অসীম ৷ দুয়োখন মহাকাব্যতে বিবাহক সামাজিক নীতি আৰু ধৰ্মীয় কৰ্তব্যৰ এক মূল আধাৰ হিচাপে উপস্থাপন কৰা হৈছে । এই কাহিনীবোৰত পৰিয়ালৰ মুৰব্বী মুখ্যতঃ এজন পুৰুষেই যদিও নাৰীৰ ভূমিকাও আছিল লেখত ল’বলগীয়া ৷ এজন পুৰুষৰ এগৰাকী বা ততোধিক পত্নী আছিল । পাৰিবাৰিক সমাজ ব্যৱস্থাত এনে পৰম্পৰাক উচিত মৰ্যাদৰে স্বীকৃতিও দিয়া হৈছিল । 

 

এইখিনিতে মহাকাব্য দুখনৰ অন্য এক উদাৰ আৰু বাস্তৱসন্মত দৃষ্টিভংগী মন কৰিবলগীয়া । ইয়েই মহাকাব্যদ্বয়ক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে । সাধাৰণভাৱে চালে দেখা যায় যে, বিবাহ আৰু পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ ওপৰতে ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে, কিন্তু ইয়াৰ সমান্তৰালভাৱে একক অভিভাৱকত্বৰ (Single Parenting) প্ৰসংগকো ইয়াত মৰ্যাদা সহকাৰে উল্লেখ কৰা হৈছে । অৰ্থাৎ, কোনো বিশেষ পৰিস্থিতিত যদি কেৱল কোনো পিতৃ বা মাতৃৰ একক প্ৰচেষ্টাৰে সন্তানক লালন-পালন কৰি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে, তেন্তে তেনে অভিভাৱকত্বৰ সামাজিক স্থিতি আৰু মৰ্যাদাকো মহাকাব্য দুখনে অস্বীকাৰ কৰা নাই ।

 

ৰামায়ণ আৰু মহাভাৰতৰ দৰে ধ্ৰুপদী সাহিত্যসমূহত এনে একক মাতৃত্বৰ ধাৰণাটোক কেৱল এক অনাকাংক্ষিত পৰিস্থিতি ৰূপে মানি লোৱা হোৱা নাই, বৰং এক স্বাভাৱিক, মৰ্যাদাপূৰ্ণ আৰু সমাজ-স্বীকৃত বাস্তৱ পৰিস্থিতি ৰূপেহে তুলি ধৰা হৈছে । এই গ্ৰন্থসমূহত বৰ্ণিত একক মাতৃসকলৰ জীৱনশৈলী আৰু তেওঁলোকৰ সন্তানৰ সামাজিক প্ৰতিষ্ঠাইও ইয়াকে প্ৰমাণ কৰে যে স্বামীৰ উপস্থিতি বা সহযোগিতা অবিহনেও সন্তান লালন-পালন কৰাটোক সেই সময়ৰ সমাজ ব্যৱস্থাত কোনো ধৰণৰ কলংকিত, নিষিদ্ধ অথবা লজ্জাজনক বিষয় হিচাপে গণ্য কৰা হোৱা নাছিল ৷

 

ৰামায়ণৰ মুখ্য নাৰী চৰিত্ৰ সীতাৰ বনবাসৰ সময়ত তেওঁ অন্তঃসত্ত্বা আছিল ৷ অথচ ৰাজধৰ্ম ৰক্ষা কৰি শ্ৰীৰামে সীতাক বনবাস দিলে ৷ ৰাজপ্ৰসাদৰ সকলো সুখ-স্বাচ্ছন্দ্য পৰিহাৰ কৰি অৰণ্যৰ প্ৰতিকূল পৰিৱেশত ঋষি বাল্মিকীৰ আশ্ৰমত সম্পূৰ্ণ অকলশৰে সীতাই দুই পুত্ৰ লৱ আৰু কুশক ডাঙৰ-দীঘল কৰিবলগীয়া হ’ল । পিতৃ ৰামৰ অনুপস্থিতিত কেৱল সীতাৰ একক শিক্ষা আৰু যত্ন তথা গুৰু বাল্মিকীৰ তত্বাৱধানতে দুই পুত্ৰই অপৰাজেয় ব্যক্তিত্ব আৰু দক্ষতা লাভ কৰিলে ।

 

মহাভাৰতত পাণ্ডু আৰু তেওঁৰ দ্বিতীয় পত্নী মাদ্ৰীৰ মৃত্যুৰ পিছত প্ৰথমা পত্নী কুন্তীয়ে চৰম সংকটৰ মাজতো অকলেই পাণ্ডৱসকলক লালন-পালন কৰিছিল । তেওঁৰ একক প্ৰচেষ্টা আৰু মাৰ্গদৰ্শনেই আছিল পাণ্ডৱসকলৰ শিক্ষাৰ ভেটি ৷ তেনেকৈয়ে হিড়িম্বাই তেওঁৰ পুত্ৰ ঘটোৎকচক অৰণ্যৰ নিজা সংস্কৃতিত অকলেই ডাঙৰ-দীঘল কৰিছিল । ইয়াত পিতৃ ভীমৰ কোনো ভূমিকা বা সহযোগিতা নাছিল । অৰ্জুনৰ অনুপস্থিতিত নাগ ৰাজকুমাৰী উলুপীয়ে তেওঁৰ পুত্ৰ আৰাৱানকো স্বতন্ত্ৰতাভাৱে কেৱল নিজৰ তত্বাৱধানতেই ডাঙৰ-দীঘল কৰি সুযোগ্য কৰি তুলিছিল । আৰু আছিল চিত্ৰাঙ্গদা ৷ মণিপুৰী ৰাজকুমাৰী চিত্ৰাঙ্গদাইও তেওঁৰ পুত্ৰ বভ্ৰুবাহনক অকলেই লালন কৰিছিল ৷ পিতৃ অৰ্জুনৰ তাত কোনো অৱদানেই নাছিল ।

 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইয়াত পিতৃৰ অনুপস্থিতিৰ বাবে এই সন্তানসকলক সমাজে কেতিয়াও হীন চকুৰে চোৱা নাছিল বা তেওঁলোকৰ পৰিচয়কলৈও কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাছিল । বৰঞ্চ মহাকাব্যৰ পটভূমিত তেওঁলোক প্ৰতিজনেই একো একোজন মহান বীৰ আৰু ধৰ্মৰ ৰক্ষক হিচাপেহে মৰ্যাদা আৰু সন্মান লাভ কৰিছিল । ইয়াৰ পৰা এইটোয়ে স্পষ্ট হয় যে সেই সময়ৰ সমাজ ব্যৱস্থাত পৰম্পৰাগত পুৰুষতান্ত্ৰিক পাৰিবাৰিক ব্যৱস্থা থকাৰ পিছতো এগৰাকী নাৰীৰ একক মাতৃত্ব আৰু তেওঁৰ ত্যাগ, সাহস, ক্ষমতা, ধৈৰ্য্য আৰু মৰ্যাদাক অতি উচ্চ স্থান দিয়া হৈছিল আৰু ইয়াক সমাজৰ এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপেই গ্ৰহণ কৰি লোৱা লৈছিল ।

 

ইয়াৰ পৰা অৱশ্যে আমি এইটোও ধাৰণা কৰি লোৱা উচিত নহয় যে সন্তান লালন-পালনৰ গৰিমা কেৱল মাতৃসকলৰহে আছিল । মহাকাব্যত একক মাতৃত্বৰ সমান্তৰালভাৱে একক পিতৃত্ব (Single Fatherhood) আৰু দত্তক গ্ৰহণৰ (Adoption) ধাৰণাটোকো সমানেই স্বাভাৱিক আৰু মৰ্যাদা সহকাৰে উপস্থাপন কৰা হৈছে । উদাহৰণস্বৰূপে —

 

ঋষি কণ্ব আৰু শকুন্তলাৰ কথা ক’ব পাৰি। ঋষি বিশ্বামিত্ৰৰ সতে দহ বছৰ কাল বাস কৰাৰ পাছত অপ্সৰা মেনকাই যেতিয়া নিজৰ নৱজাত কন্যা শিশুটিক অৰণ্যত পৰিত্যাগ কৰি স্বৰ্গলৈ উভতি যায়, তেতিয়া ঋষি কণ্বই সেই শিশুটিক উদ্ধাৰ কৰে । তেজৰ কোনো সম্পৰ্ক নথকাকৈয়ে অচিনাকী এটি শিশু কন্যাক পিতৃৰ মৰমেৰে তুলি-তালি নিজৰ আশ্ৰমতে লালন-পালন কৰে । মৰমতে নাম ৰাখে শকুন্তলা ৷ পিছে ঘটনাৰ পুনৰাবৃত্তি হয় ৷ পৰৱৰ্তী সময়ত এই একেখন সমাজতেই শকুন্তলাও ৰজা দুষ্যন্তৰ হাতত প্ৰতাৰিত হয় ৷ অভিশপ্ত ৰজা দুষ্যন্তই যেতিয়া শকুন্তলাক পাহৰি তেওঁক পত্নী ৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া শকুন্তলাইও ঋষি মৰিচীৰ আশ্ৰমত অকলেই পুত্ৰ ভৰতক ডাঙৰ-দীঘল কৰে ।

 

ৰজা শান্তনু আৰু কৃপ-কৃপীৰ কাহিনীও আছে ৷ ঋষি শৰদ্বান আৰু অপ্সৰা জনপদীৰ দ্বাৰা পৰিত্যক্ত যমজ সন্তান দুটিক মৃগয়া কৰিবলৈ যাওঁতে অৰণ্যত বিচাৰি পাইছিল ৰজা শান্তনুৱে । ধৰ্ম আৰু মানৱীয়তাৰ খাতিৰত তেওঁ শিশু দুটাক তুলি আনি ৰাজপ্ৰাসাদত ঠাই দিয়ে আৰু মৰম আৰু শিক্ষা-দীক্ষাৰে পূৰ্ণ কৰি সিহঁতৰ দত্তক পিতৃৰ ভূমিকা পালন কৰে । নাম ৰাখে কৃপা আৰু কৃপী ৷ কালক্ৰমত এই কৃপাই কৃপাচাৰ্য নামেৰে কৌৰৱৰ কুলগুৰুৰ আসন শুৱনী কৰে আৰু ৰাজগুৰু দ্ৰোণাচাৰ্যক বিয়া কৰাই কৃপী গুৰুমাতা হয় ৷ 

 

এই উদাহৰণসমূহলৈ চালে এনে লাগে যেন মহাকাব্যখনত এটা আদৰ্শ পৰিয়ালৰ তেনে কোনো বিশেষ আৰ্হি নাই । মাতৃয়ে হওঁক বা পিতৃয়ে হওক বা দত্তক অভিভাৱকেই হওক, কোনে সন্তান লালন কৰিছে সেইটো কোনো ডাঙৰ কথা নহয় ৷ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তেওঁৰ সন্তানৰ প্ৰতি প্ৰকৃত স্নেহ, সুৰক্ষা আৰু দায়িত্ববোধ আছেনে নাই । যদি আছে, তেন্তে তেৱেঁই প্ৰকৃতাৰ্থত সচা অভিভাৱক ৷ 

 

ৰামায়ণ আৰু মহাভাৰতৰ সমগ্ৰ পাৰিবাৰিক সম্পৰ্কক বিশ্লেষণ কৰিলে অনুভৱ হয় যে পিতৃ,  মাতৃ আৰু তেওঁলোকৰ সন্তানেৰে গঠিত তথাকথিত ‘নিউক্লিয়াৰ’ বা সাধাৰণ পৰিয়ালৰ আৰ্হিটোৱেই এই মহাকাব্যদ্বয়ৰ পৰিয়ালৰ কেন্দ্ৰীয় আদৰ্শ নাছিল । বৰং পৰিয়ালক এক আধাৰ বা আশ্ৰয়স্থল হিচাপেহে প্ৰত্যক্ষ কৰা হৈছিল যাৰ মূল লক্ষ্য আছিল সন্তানক স্নেহ, পুষ্টি আৰু উপযুক্ত শিক্ষাৰে একো একোজন আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলা । তাৰ বাবে যিকোনো এজন অভিভাৱকো যথেষ্ট হ’ব পাৰে ।

 

এই দৃষ্টিৰে চালে দুয়োখন মহাকাব্যকে যথেষ্ট আধুনিক বা সময়তকৈ আগবঢ়া যেন লাগে ৷ একক মাতৃ বা একক পিতৃৰ দ্বাৰা সন্তান লালন-পালন হোৱাটোক ইয়াত ব্যতিক্ৰম বা সামাজিক সমস্যা হিচাপে উপস্থাপন কৰা হোৱা নাই । বৰং এনে বৈচিত্ৰ্যক সহজভাৱে স্বীকাৰ কৰি লোৱাৰ প্ৰৱণতাহে দেখা গৈছে । 

 

কিন্তু এনে চিন্তাধাৰাক কেৱল আধুনিক বুলি ক’লেই হয়তো ভুল কোৱা হ’ব । কাৰণ সেই সময়ৰ ৰচয়িতাসকলৰ উদ্দেশ্য আধুনিকতাৰ পক্ষে যুক্তি দিয়াটো নিশ্চয় নাছিল । তেওঁলোকে কেৱল বাস্তৱক স্বীকাৰহে কৰি লৈছিল । প্ৰকৃতিখন তেনেকুৱাই ৷ প্ৰকৃতিলৈ চালে আমি তাত সকলোৰে বাবে একে ধৰণৰ কোনো একক নিয়ম বা গঠন দেখা নাপাওঁ । প্ৰকৃতিত বৈচিত্ৰ্যৰহে আধিপত্য থাকে ।  আৰু এই বৈচিত্ৰ্যই প্ৰকৃতিক সদায় সমৃদ্ধ আৰু জীৱন্ত কৰি ৰাখে ।

 

মানুহে সমাজ পাতি বাস কৰে ৷ এই সমাজখন নিয়াৰিকৈ চলাবৰ বাবেই মানুহে নীতি-নিয়ম, শ্ৰেণীবিভাগ আৰু উচিত-অনুচিতৰ সীমাৰেখা নিৰ্ধাৰণ কৰে । আৰু এইদৰেই ক্ৰমে কোনো এটা বিশেষ ধাৰণা বা নিয়মক উচিত আৰু স্বাভাৱিক বুলি মানি লৈ আন ৰূপসমূহক ব্যতিক্ৰম বা গৌণ বুলি অলিখিতভাৱেই ঘোষণা  কৰে । পৰিয়ালৰ ক্ষেত্ৰতো সেই একেই কথাকে আহি পৰে । এক নিৰ্দিষ্ট পৰিয়াল-আৰ্হিক আমি আদৰ্শ হিচাপে মানি লোৱাৰ ফলত ব্যতিক্ৰমী পৰিয়ালসমূহ কেতিয়াবা সন্দেহ, সমালোচনা বা সামাজিক নিন্দাৰ সন্মুখীন হ’বলগীয়া হয় । কিন্তু ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যই সমাজৰ সেই সংকীৰ্ণতাক চেৰ পেলাই প্ৰকৃতিৰ চিৰন্তন বৈচিত্ৰ্য আৰু সত্যকহে আদৰি লৈছিল য’ত সন্তানৰ বাবে পৰিয়ালৰ গাঁথনিতকৈ তেওঁলোকে লাভ কৰা আশ্ৰয়, মৰম আৰু সংস্কাৰহে বেছি গুৰুত্বপূৰ্ণ আছিল । এয়া নিশ্চয়কৈ এক ব্যতিক্ৰম আছিল ৷



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments