উইল ডুৰাণ্টৰ দৃষ্টিত বিশ্বৰ শ্ৰেষ্ঠ দহগৰাকী চিন্তাবিদ
লেখক- চিত্তৰঞ্জন ওজা
বহু বছৰ আগেয়ে উইল ডুৰাণ্টৰ বিষয়ে প্ৰথম পঢ়িছিলোঁ হোমেন বৰগোহাঞিৰ ৰচনাত। তেতিয়াৰ পৰা বিশ্ব বিখ্যাত লেখক, দাৰ্শনিকজনৰ প্ৰতি বিশেষ আকৰ্ষণ মনত থাকি গৈছিল। ডুৰাণ্টে এনে এটা মহান কাম কৰি থৈ গৈছে যাৰ বাবে বিশ্ববাসী কেইবা শতিকালৈ তেওঁক স্মৰণ কৰিব। তেওঁৰ এই মহান কামটো হৈছে বিশ্বৰ মানৱ ইতিহাসক লিপিবদ্ধ কৰি লিখি উলিয়ায় ’The Story of Civilization’। এই গ্ৰন্থখন মুঠ এঘাৰটা খণ্ডত প্ৰকাশিত আৰু প্ৰতিটো খণ্ডত প্ৰায় এহাজাৰকৈ পৃষ্ঠা আছে। অৰ্থাৎ দহ হাজাৰ পৃষ্ঠাৰ এঘাৰখন বৃহৎ কলেৱৰৰ গ্ৰন্থ তেওঁ পঞ্চাশ বছৰ ধৰি অধ্যয়ন, গৱেষণা কৰি লিখি উলিয়ায়। এয়া কম কথা নহয়। তেওঁৰ এই কামত হাতে কামে লাগি সহায় কৰিছিল তেওঁৰ পত্নী এৰিয়েল ডুৰাণ্টে। দশক দশক ধৰি কৃচ্ছ্ৰসাধনৰে উলিওৱা এনে মহৎ কামৰ বাবে ধৈৰ্য্য আৰু শক্তি কেনেকৈ পাচটা দশক ধৰি অক্ষুণ্ণ ৰাখিলে ভাবিলে আচৰিত লাগে।
১৮৮৫ চনত আমেৰিকাত জন্মলাভ কৰা ডুৰাণ্টৰ কালজয়ী গ্ৰন্থৰ প্ৰথম খণ্ড প্ৰকাশ পায় ১৯৩৫ চনত আৰু শেষৰ খণ্ড প্ৰকাশ পায় ১৯৭৫ চনত, তেতিয়া তেওঁৰ বয়স আছিল নব্বৈ বছৰ। তেওঁৰ মৃত্যু হয় ১৯৮১ চনত ৯৬ বছৰ বয়সত।
উইল ডুৰাণ্টৰ মানৱ সভ্যতাৰ ইতিহাসত এনে কি আছে যাৰ বাবে বিশ্ব বিখ্যাত হৈ পৰিল? নিৰস, আমনিদায়ক বুৰঞ্জীৰ কাহিনীক প্ৰথমবাৰৰ বাবে ডুৰাণ্টে লিখি উলিয়ায় সকলোৱে পঢ়িব পৰাকৈ। ইতিহাসৰ ৰজা, মহাৰজা, দাৰ্শনিক, নিস্পেষিত জনতাৰ কাহিনীক স্বকীয় কথনশৈলীৰে ৰসাল আৰু মনোগ্ৰাহী কৰি তুলিলে। বিদ্যায়তনিক দিশৰ পৰা নহয়, গল্প, উপন্যাসৰ দৰে ৰসাস্বাদন কৰিব পৰাকৈ সৰলভাৱে লিখি উলিয়ালে এই এঘৰটা খণ্ডৰ গ্ৰন্থখন। গ্ৰন্থখনে সাঙুৰি ল’লে অতীতৰ হাজাৰ বছৰ পুৰণি ইজিপ্তৰ ইতিহাসৰ পৰা বিশ্বৰ প্ৰতিটো কোণৰ মানুহৰ ইতিহাস। লিপিবদ্ধ হৈ ৰ’ল বিশ্বৰ বিৰামহীন যুদ্ধৰ কাহিনী, কলা, শিল্প, দৰ্শন, কৃষ্টি-সংস্কৃতিৰ ইতিহাস। ডুৰাণ্ট আছিল প্ৰথমজন ইতিহাসবিদ যিয়ে ইউৰোপ, আমেৰিকাৰ লগতে এছিয়াৰ ভাৰত, চীন আদি দেশ, আফ্ৰিকাৰ দেশসমূহৰ ইতিহাসকো সমানে গুৰুত্ব দিছিল।
’The Story of Civilization’ লিখাৰ আঁৰৰ এক কাহিনী আছে। ১৯১৪ চনত ডুৰাণ্টে নিউয়ৰ্কৰ বিদ্যালয় এখনত শিক্ষকতা কৰা সময়ত এগৰাকী চৌধ্য বছৰীয়া ছাত্ৰীয়ে বিদ্যালয়ত নাম লগালে। প্ৰথম দৃষ্টিতে ডুৰাণ্ট ছাত্ৰী গৰাকীৰ প্ৰেমত পৰে। ইহুদী পৰিয়ালত জন্মলাভ কৰা ছাত্ৰীজনীক বিয়া পতাৰ বাবে তেওঁ শিক্ষকতাৰ চাকৰি এৰি দিবলগীয়া হয়। বিয়াৰ পিছতে ছাত্ৰীগৰাকীৰ নাম ৰাখে এৰিয়েল। এৰিয়েল স’তে সংসাৰ পাতি জীৱিকাৰ সন্ধানত ঘূৰি ফুৰিব লগীয়া হ’ল। তেনে সময়তে এটা সুযোগ আহে- পাঁচ ডলাৰত প্ৰেছবিটেৰিয়ান চাৰ্চত ইতিহাস বিষয়ত ভাষণ প্ৰদান কৰা। প্ৰতিটো ভাষণৰ বাবে সমল গোটাই লওঁতে এৰিয়েলে তেওঁক সহায় কৰিছিল। বছৰদিন ধৰি ভাষণ দি থাকি তেওঁ অনুভৱ কৰিলে সংগৃহীত তথ্যসমূহক লৈ গ্ৰন্থ ৰূপত প্ৰকাশ কৰাৰ। তেনেকৈয়ে মানৱ জাতিৰ ইতিহাস লিখা হয়। বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ বিছ লাখ কপি বিক্ৰী হোৱা কম কথা নহয়। তেওঁৰ এই অসাধাৰণ অৱদানৰ বাবে ১৯৬৮ চনত পত্নীৰ স’তে যৌথভাৱে পুলিৎজাৰ বঁটা আৰু ১৯৭৭ চনত ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল।
উইল ডুৰাণ্টে পঞ্চাছ বছৰ মানৱ জাতিৰ ইতিহাস অধ্যয়ন কৰি বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ দহ গৰাকী চিন্তাবিদৰ তালিকা লিখি উলিয়াইছিল। ডুৰাণ্টে চিন্তাবিদ মানে দাৰ্শনিক আৰু বিজ্ঞানীসকলক অধিক গুৰুত্ব দিছিল। তালিকাখন প্ৰস্তুত কৰোঁতে তেওঁ কিছুমান মাপকাঠি বান্ধি লৈছিল। সেই মাপকাঠিত প্ৰধান চৰ্ত আছিল এগৰাকী চিন্তাবিদে কিমন বছৰলৈ তেওঁৰ চিন্তাধাৰাৰে মানৱজাতিক প্ৰভাৱিত কৰিছে। তেওঁৰ বিচাৰত যিছু খ্ৰীষ্ট, বুদ্ধৰ প্ৰভাৱ হাজাৰ বছৰ ধৰি মানৱজাতিৰ ওপৰত বিদ্যমান যদিও প্ৰথম দহগৰাকী শ্ৰেষ্ঠ চিন্তাবিদৰ তালিকাত ৰখা নাই। ইয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে তেওঁলোক দুগৰাকী ধৰ্ম প্ৰচাৰক হিচাপে মানুহক নতুনকৈ বিশ্বাস আনি দিছিল, কিন্তু তেওঁলোক চিন্তাবিদ হিচাপে নতুন মৌলিক চিন্তাৰ ফচল আমাক দি যোৱা নাই। আলেকজেণ্ডাৰ, চিজাৰ বা নেপোলিয়নৰ দৰে বিশ্বজয়ী সম্ৰাটকো তেওঁ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। ডুৰাণ্টক এবাৰ সাক্ষাৎকাৰ এটাত সোধা হৈছিল যে বিংশ শতিকাৰ সমাজখনত কাৰ প্ৰভাৱ বেছি –কাৰ্ল মাৰ্ক্সৰ নেকি। তেওঁৰ মতে মাৰ্ক্সতকৈ টমাছ আলফা এডিচন বা ডাৰউইনৰ প্ৰভাৱ বেছি। এডিছনে বাল্ব তৈয়াৰ কৰি প্ৰযুক্তিৰ উদ্ভাৱনেৰে সমগ্ৰ মানৱ জাতিৰ পৰিৱৰ্তন সাধিলে। তেনেদৰে শ শ বছৰ ধৰি চলি থকা ধৰ্মীয় বিশ্বাস ভাঙি দিব পাৰিছিল ডাৰউইনৰ তত্ত্বই। দাৰ্শনিক চিন্তাধাৰাৰ পৰা চালে বিংশ শতিকাৰ সমাজ জীৱনত ডাৰউইনৰ প্ৰভাৱ মাৰ্ক্সতকৈ অধিক।
ডুৰাণ্টৰ বিচাৰত বিশ্বৰ শ্ৰেষ্ঠ দহ গৰাকী চিন্তাবিদৰ জন্ম চন অনুযায়ী তলত উল্লেখ কৰা হ’ল :
কনফুচিয়াছ, প্লেটো, এৰিষ্ট’ট’ল, ছেইণ্ট থমাছ একুইনাচ, কপাৰনিকাছ, ছাৰ ফ্ৰেঞ্চিছ বেকন, ছাৰ আইজাক নিউটন, ভলটেয়াৰ, ইমানুৱেল কাণ্ট আৰু ডাৰউইন।
তালিকাখন চালে দেখা যায় যে দহগৰাকী শ্ৰেষ্ঠ চিন্তাবিদৰ ভিতৰত পাঁচ গৰাকী হ’ল দাৰ্শনিক (কনফুচিয়াছ, প্লেট’, ছেইণ্ট থমাছ একুইনাচ, ভলটেয়াৰ, ইমানুৱেল কাণ্ট) আৰু চাৰি গৰাকী হ’ল বৈজ্ঞানিক (কপাৰনিকাছ, ছাৰ ফ্ৰেঞ্চিছ বেকন, ছাৰ আইজাক নিউটন, ডাৰউইন)। এৰিষ্টট’ল দৰাচলতে আছিল দাৰ্শনিক আৰু বিজ্ঞানী, সেইসময়ত বিজ্ঞান বুলি বেলেগ এটা বিভাগ নাছিল, প্ৰাকৃতিক দৰ্শনৰ ভিতৰতে বিজ্ঞানৰ অধ্যয়ন সাঙুৰি লোৱা হৈছিল। চাৰিগৰাকী বৈজ্ঞানিকে ইউৰোপৰ মধ্যযুগত জন্মলাভ কৰা। চিন্তাবিদসকলৰ মাজত এজনো ধৰ্মগুৰু নাই, এজনো বিশ্ববিজয়ী বীৰ, শাসক বা সম্ৰাট নাই। আচৰিত কথা যে হাজাৰ বছৰ পুৰণি ভাৰতীয় দৰ্শনৰ এজনো ঋষি, পণ্ডিত এই তালিকাত অন্তৰ্ভুক্ত নহ’ল।
খ্ৰীষ্টপূৰ্ব ৫৫২ ত চীন দেশত জন্মলাভ কৰা কনফুচিয়াচক যিশু খ্ৰীষ্ট আৰু গৌতম বুদ্ধৰ ওপৰত স্থান দিয়াৰ কাৰণ হিচাপে তেওঁ কৈছে যে কনফুচিয়াচ আছিল নীতিশাস্ত্ৰবিদ, অতি মানৱীয় কাহিনীৰ জৰিয়তে ধৰ্মীয় বিশ্বাস মানুহৰ ওপৰত জাপি দিয়াৰ সলনি ধৰ্ম নিৰপেক্ষতাৰ ভিত্তিত আদৰ্শ জীৱন যাপনৰ কথা কৈছিল। সেই সময়ৰ চীনৰ ধ্বংসমুখী সমাজখনক নতুন আদৰ্শৰে গঢ় দিছিল কনফুচিয়াচে। হাজাৰ বছৰলৈ ইয়াৰ প্ৰভাৱ চীনত দেখা পোৱা গৈছিল।
বিশ্বৰ সৰ্বকালৰৰ জ্ঞানী ব্যক্তি বুলি জনাজাত ছক্ৰেটিছক উপেক্ষা কৰি তেওঁৰ শিষ্য প্লেটোক কিয় শ্ৰেষ্ঠতাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাৰ কাৰণ হিচাপে কৈছে যে ছক্ৰেটিছৰ বিষয়ে মানুহে যিমান জানে তাৰ আধাখিনি হ’ল কিংবদন্তি, আধাখিনি হে তেওঁৰ জীৱনৰ ওপৰত প্ৰতিষ্ঠিত। ছক্ৰেটিছৰ জীৱন দৰ্শন আৰু চিন্তাধাৰা প্লেটোৰ লিখনিৰ জৰিয়তেহে মানুহে পাইছে, কাৰণ ছক্ৰেটিছে কোনো কথা লিখি থৈ নগ’ল। বহুতে এইটোও ক’ব খোজে যে ছক্ৰেটিচৰ নামত প্লেটোই নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছিল কাৰণ ছক্ৰেটিছে নিজৰ জীৱন উচৰ্গা কৰিবলগীয়া হৈছিল তেওঁৰ দাৰ্শনিক চিন্তাধাৰাৰ বাবে। বিশ্বৰ দহগৰাকী শ্ৰেষ্ঠ চিন্তাবিদৰ ভিতৰত এৰিষ্টট’লক অন্তৰ্ভুক্ত কৰাক লৈ সম্ভৱ কাৰো দ্বিমত নাথাকে। ইয়াৰ কাৰণ হিচাপে ডুৰাণ্টে কৈছে যে মানৱ জাতিৰ চকুত ধৰা দিয়া অনুসন্ধানমূলক প্ৰায় প্ৰতিটো ক্ষেত্ৰকে সামৰি সকলো কথা সংশ্লেষণ কৰিব পৰা আৰু সামগ্ৰিক সকলো বিষয়ৰ চিন্তাবিদ হিচাপে পাশ্চাত্য ইতিহাসত প্ৰথমজন ব্যক্তি হিচাপে এৰিষ্টট’লক নিশ্চিতভাৱে ক’ব পৰা যায়। যদিও ছেইণ্ট থমাচ একুইনাছ এগৰাকী কেথলিক ধৰ্মযাজক আছিল, তেওঁ এৰিষ্টট’লৰ দৰ্শনৰ লগত কেথলিক ধৰ্মৰ চিন্তাধাৰাক একেলগ কৰি জ্ঞান আৰু বিশ্বাসৰ মাজত সেতু নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছিল।
সমগ্ৰ ইউৰোপ যেতিয়া খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসত বিশ্ব-ব্ৰহ্মাণ্ডৰ চালিকা শক্তি ভগৱান বুলিয়ে বিশ্বাস কৰিছিল, সৌৰজগতখন পৃথিৱীৰ চাৰিওপিনে ঘূৰে বুলিয়ে মানি চলিছিল আৰু ইয়াৰ বিপৰীতে এটা শব্দ ক’বলৈ কাৰো সাহস নাছিল, সেই সময়তে কপাৰনিকাচ নামৰ বিজ্ঞানীজনে কৈছিল সূৰ্যৰ চাৰিওফালেহে পৃথিৱী ঘূৰে আৰু সূৰ্যৰ তুলনাত পৃথিৱীখন তেনেই অকণমানি গ্ৰহ এটা। মূৰৰ ওপৰৰ স্বৰ্গখনত যে কেৱল মহাকাশ আৰু শূন্যতা বিৰাজমান তাক প্ৰথম দেখুৱাই দিছিল কপাৰনিকাছে। বৈজ্ঞানিক পৰীক্ষাৰ ফলাফলে যে ধৰ্মীয় বিশ্বাসৰ বিপৰীতে যাব পাৰে তাক ক’বলৈ সাহস কৰিলে তেওঁ। ছাৰ ফ্ৰেঞ্চিছ বেকন হ’ল প্ৰথমজন বিজ্ঞানী যিয়ে বৈজ্ঞানিক পৰীক্ষণ পদ্ধতি উদ্ভাৱন কৰিছিল। ই হৈছে সাতটা স্তৰৰ প্ৰণালীবদ্ধ পদ্ধতি যাৰ সহায়ত নতুন বৈজ্ঞানিক তত্ত্ব উদ্ভাৱন কৰিব পাৰি। শ শ বছৰ ধৰি সঁচা বুলি মানি চলা এৰিষ্টট’লৰ বহু কথা যিবোৰ কেৱল পৰ্যবেক্ষণৰ ভিত্তিত গঢ় লোৱা সেইবোৰ এতিয়া বৈজ্ঞানিক পৰীক্ষাৰ দ্বাৰা সত্যা-সত্য চাবলৈ চেষ্টা কৰিলে। বিশ্বাসক যুক্তি আৰু প্ৰমাণৰ মাজেৰে চাবলৈ শিকিলে বেকনৰ জৰিয়তে। নিউটন আছিল এগৰাকী শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ। গতি সূত্ৰ আৰু বল বিজ্ঞানৰ উদ্ভাৱন, মাধ্যাকৰ্ষণ শক্তি আদিৰ গৱেষণাৰ বাবেই আজি আধুনিক পদাৰ্থবিজ্ঞান বিশেষকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে ইমানখিনি উদ্ভাৱন মানৱজাতিৰ বাবে সম্ভৱ হ’ল।
ভলটেয়াৰ হ’ল এনে এগৰাকী বিদ্বান লোক যিয়ে ফৰাচী দেশৰ নাগৰিকক প্ৰথমবাৰৰ বাবে নিউটনৰ বলৰ সূত্ৰ আৰু জন লকৰ দৰ্শনৰ লগত চিনাকি কৰাই দিয়ে। ভলটেয়াৰে ফৰাচী জনগণৰ বৈদ্ধিক জাগৰণ অনাত সহায় কৰিছিল। ইমানুৱেল কাণ্ট আছিল যুক্তি, নৈতিকতা আৰু জ্ঞানতত্ত্বৰ দাৰ্শনিক। মানুহে জ্ঞান কেনেকৈ লাভ কৰে, যুক্তিৰ সীমা ক’ত, নৈতিকতা কি আৰু কেনেকৈ স্বাধীনভাৱে কোনো এটা সিদ্ধান্ত ল’ব পাৰে—এই বিষয়বোৰক লৈ কাণ্টে নতুনকৈ চিন্তা চৰ্চা কৰিবলৈ ল’লে। কাণ্টৰ পিছৰ প্ৰায় সকলো দাৰ্শনিকৰ (যেনে হেগেল, শ্বোপেনহাৱাৰ আদি) চিন্তাত কান্টৰ প্ৰভাৱ অলপ হ’লেও দেখা যায়।
ডুৰাণ্টৰ মতে, ডাৰউইনৰ বিৱৰ্তনবাদ আছিল মানুহৰ জ্ঞান আৰু চিন্তাধাৰালৈ আনি দিয়া এক যুগান্তকাৰী পৰিৱৰ্তন। ডাৰউইনৰ আগতে পশ্চিমীয়া দৰ্শন আছিল মূলতঃ মানৱ-কেন্দ্ৰিক (anthropocentric)— বিশ্বত মানুহেই হৈছে সৃষ্টিকৰ্তাৰ এক বিশেষ সৃষ্টি, শ্ৰেষ্ঠ জীৱ। কপাৰ্নিকাছে যেনেকৈ পৃথিৱীক সৌৰজগতৰ কেন্দ্ৰস্থলৰ পৰা আঁতৰাই প্ৰকৃত স্থান দেখুৱাইছিল, ডাৰউইনেও ঠিক তেনেকৈয়ে প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে প্ৰকৃতিৰ আন আন জীৱৰ দৰে মানুহৰ বিৱৰ্তন হৈ বৰ্তমান অৱস্থা পালে বুলি প্ৰমাণ কৰি ডাৰউইনে প্ৰকৃতিৰ মাজত মানুহৰ স্থান পুনৰ মূল্যায়ন কৰিলে।
ডুৰাণ্টে দৰাচলতে বিশ্বৰ “সকলোতকৈ বুদ্ধিমান দহগৰাকী ব্যক্তিৰ” নিৰ্বাচন কৰা নাছিল। তেওঁৰ নিৰ্বাচনৰ মূল মাপকাঠি আছিল—কোন চিন্তাবিদে নিজৰ দৰ্শন আৰু চিন্তাৰ জৰিয়তে মানৱ সভ্যতাত ভৱিষ্যতলৈ কিমান প্ৰভাৱ পেলাব পাৰিছিল। চিন্তাবিদ কেইগৰাকীৰ কাৰ্যৰ পৰিৱৰ্তে চিন্তাৰ যোগেদি মানৱজাতিক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল। বিশ্ববিজয়ী সম্ৰাট, সেনাপতি বা ধৰ্মপ্ৰৱৰ্তকসকল সেয়ে এই তালিকাত ঠাই পোৱা নাই। তালিকাৰ পৰা কিছুমান বিশ্ব প্ৰসিদ্ধ দাৰ্শনিকৰ নাম বাদ পৰি গৈছে। স্পিনোজাৰ চিন্তাধাৰা অতি জটিল বুলি তেওঁ যুক্তি দিছিল, আৰু ডেমোক্ৰিটাছ, এপিকিউৰাছ, মাৰ্কাছ অৰেলিয়াছ, গেলিলিও, নীৎসেৰ দৰে প্ৰখ্যাত ব্যক্তিসকলৰ নাম উল্লেখ কৰিলেও তালিকাত অন্তৰ্ভুক্ত কৰা নাই।
উইল ডুৰাণ্টে ১৯৩১ চনৰ তেওঁৰ Adventures in Genius গ্ৰন্থত এই তালিকা প্ৰথমবাৰ প্ৰকাশ কৰিছিল, আৰু তেওঁৰ মৃত্যুৰ পাছত সংকলিত The Greatest Minds and Ideas of All Time (2002) কিতাপত পুনৰ প্ৰকাশিত হয়। এই গ্ৰন্থখনত বিশ্বৰ দহ গৰাকী শ্ৰেষ্ঠ কবি, শ্ৰেষ্ঠ এশখন গ্ৰন্থ, বিশ্ব ইতিহাসৰ বাৰটা মহত্বপূৰ্ণ ঘটনাৰ তালিকা অন্তৰ্ভুক্ত কৰিছে।
চিত্তৰঞ্জন ওজা
