ত্ৰিদীপ কুমাৰ বৰুৱাৰ বিষয়ে (হেমচন্দ্ৰ দত্ত)
আজি অলপ দিনৰ পৰা মোৰ কেতবোৰ পুৰণি লেখা ফেচবুকত মই আপলোড কৰি আহিছোঁ। এই কাম কৰি মনতে মই এক অদ্ভুত তৃপ্তি পোৱাৰ লগতে, এসময়ত মইনো কেনেকৈ ভাৱিছিলোঁ বা লিখিছিলোঁ, সেই কথা পুনৰ বিবেচনাৰ এক সুযোগ লাভ কৰিছোঁ। তৃপ্তিটো অদ্ভুত বুলি এই কাৰণেই ক’লো যে এই লেখাবোৰৰ কেতবোৰে মোক চৰমভাৱে লজ্জ্বিত কৰিছে। আন কেতবোৰে আকৌ মোৰ মানসক উদ্বেলিত কৰিছে তাৰ ভাৱ আৰু কল্পনাৰ ঘনত্বৰ হেতু।
অৱশ্যে এই তৃপ্তিৰ এজন অংশীদাৰ হ’ল মাননীয় ত্ৰিদীপ কুমাৰ বৰুৱা মহোদয়। বৰুৱাই উদ্ভাৱন কৰা কনৰ্ভাটাৰটো মোৰ হাতত নপৰা হ’লে মই হয়তো লেপটপৰ ফাইলৰ মাজত নীৰৱে বিচৰণ কৰি ফুৰা এই লেখাবোৰৰ মাজত কেতিয়াও ভ্ৰমণ নকৰিলোহেতেন (revisit)!
সেয়ে ভাৱিলোঁ বৰুৱা মহোদয়ৰ বিষয়ে এই চেগতে একলম লিখা যাওঁক।
‘ৰামধেনু’ নামৰ ছফ্টৱেৰটোৰ উদ্ভাৱনৰ যোগেদি কম্পিউটাৰত অসমীয়া লিখাটো সম্ভৱ কৰি তোলা ব্যক্তিজনেই হ’ল ত্ৰিদীপ কুমাৰ বৰুৱা। ‘ৰামধেনু’ এনে এটা উদ্ভাৱন, যাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমীয়া লিখন পৰম্পৰালৈ এক সুদূৰপ্ৰসাৰী পৰিবৰ্তন অনা ‘ৰামধেনু’ উদ্ভাৱনৰ ঠিক পিছতে যেন এটা যুগৰ অৱসান ঘটিল আৰু আৰম্ভ হ’ল কম্পিউটাৰৰ কী-ব’ৰ্ডত আঙুলি বুলাই অসমীয়া লিখাৰ এক নতুন যাত্ৰাৰ। এই যাত্ৰাৰ এক পৰ্যায়ত আহি আমি সম্প্ৰতি ইউনিক’ডত অসমীয়া লিখিব পৰা হৈছোঁ। হ’লেও আজিৰ পৰা প্ৰায় দুটা দশকৰ আগত বৰুৱাই ‘ৰামধেনু’ উদ্ভাৱন নকৰাহেঁতেন, আমাৰ লিখন পৰম্পৰালৈ বৈপ্লৱিক পৰিবৰ্তন নাহিলহেঁতেন। এই উদ্ভাৱনৰ বাবে বৰুৱাৰ ওচৰত আমি ঋণী।
বৰুৱাক মই এতিয়ালৈকে মাত্ৰ দুবাৰ ওচৰৰ পৰা লগ পাইছোঁ। প্ৰচাৰ-বিমুখ এই মানুহজন অতি অমায়িক, ভদ্ৰ আৰু নতুন চিন্তাৰ আলোকেৰে উজ্বল। শেষৰবাৰ লগ পাওঁতে তেখেতে মোৰ লেপটপত থকা ‘ৰামধেনু’ৰ সংস্কৰণটো সলাই তাৰ ঠাইত নতুন আৰু সংৰ্বদ্ধিত (updated) সংস্কৰণ এটা নাড়ী-সংযোগ (install) কৰি দিয়ে। এই সংস্কৰণটোৰ লগতে সংযোজিত হৈছে আলোচিত কনৰ্ভাটাৰটো। দুই এটা সৰু-সুৰা খুটি-নাটিৰ বাদে এই কনৰ্ভাটাৰটোৱে পেজ মেকাৰ ফাইলত থকা আৰু ৰামধেনুত লিখা সকলো লেখাকে ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পাৰে – লাগিলে মুল লেখাটোৰ কলেৱৰ যিমান দীঘল নহওঁক কিয়। বৰুৱাৰ সৈতে হোৱা মোৰ শেহতীয়া টেলিফোনিক বাৰ্তালাপৰ পৰা জানিব পাৰিছোঁ যে বৰ্তমান তেখেত কনৰ্ভাটাৰটোৰ সম্ভৱপৰ খুটি-নাটিবোৰ দূৰ কৰাৰ কামত ব্যস্ত হৈ আছে। আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে বৰুৱাই এটা আদৰ্শ কনৰ্ভাটাৰ বা বৰ্ণ-ৰূপান্তৰক আমাক উপহাৰ দিবলৈ সক্ষম হ’ব।
সমান্তৰালকৈ, বৰুৱা সম্প্ৰতি অন্য এটা কনৰ্ভাটাৰৰ কামতো ব্যস্ত হৈ আছে। খুব সোনকালে বজাৰলৈ আহিবলগীয়া এই কনৰ্ভাটাৰটোৰ সহায়ত একোখন বহু পৃষ্ঠাৰ অসমীয়া বাতৰি কাকত নিমিষতে আৰু আয়াসতে ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা যাব।
১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত বৰুৱাৰ জন্ম হয় গুৱাহাটীত। ১৯৯১ চনত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেতে গুৱাহাটীত এটা কম্পিউতাৰ প্ৰতিষ্ঠান খুলি ছফ্টৱেৰ নিৰ্মাণ কৰাৰ কামত মনোনিৱেশ কৰে। উল্লেখযোগ্য যে, সেই সময়ত বজাৰত উপলব্ধ অসমীয়া লিখা ছফ্টৱেৰবোৰৰ মূল্য অতি চৰা (প্ৰায় ৩৫ হাজাৰ টকা) আছিল। ফলত সাধাৰণ মানুহে সেইবোৰ ক্ৰয় কৰিব নোৱাৰিছিল। বৰুৱাই দিনে-ৰাতিয়ে কাম কৰি ছমাহৰ ভিতৰতে সাজি উলিয়াই সকলোৱে ক্ৰয় কৰিব পৰা আৰু ব্যৱহাৰ-সাধ্য ছফ্টৱেৰ ‘ৰামধেনু’। অথচ এই দিশত তেখেতক সহায় কৰিব পৰা ব্যক্তি অসমত এজনো নাছিল। নাছিল সেই দিশৰ কিতাপ-পত্ৰ বা এক অনুকূল পৰিবেশ। খুব কম সময়ৰ ভিতৰতে এই ছফ্টৱেৰটোৱে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় আৰু সামগ্ৰিকভাৱে লিখন পৰম্পৰালৈ এক দ্ৰুত পৰিবৰ্তন আহে।
বৰুৱাৰ উদ্ভাৱনৰ তালিকাত আছে Batch Weighing System নামৰ এটা চাহ জোখা যন্ত্ৰ আৰু photogoniometer নামৰ কম্পিউটাৰ পৰিচালিত যন্ত্ৰ। তদুপৰি বৰ্ণানুক্ৰমিকভাৱে শব্দ শৃংখলিত কৰিব পৰা বা তালিকা সাজিব পৰা ‘ত্ৰিকুব’ নামৰ এক ছফটৱেৰ উদ্ভাৱন কৰিও বৰুৱাই ৰাইজক প্ৰভূতভাৱে সহায় কৰিছে। বৰুৱাই জনোৱামতে photogoniometer নামৰ যন্ত্ৰটো নিৰ্মাণৰ সময়ৰ অভিজ্ঞতা হেনো তেখেতৰ বাবে অনন্য আছিল।
মন কৰিবলগীয়া যে, ইউনিক’ডত অসমীয়া যুক্তাক্ষৰ লিখোতে বঙালী আখৰৰ সৈতে থোতা-মোজা এখন লাগে কেতবোৰ বৰ্ণক লৈ। অতি সুক্ষ্ম (delicate) এই বিভ্ৰান্তিকৰ যুদ্ধখন লিখোতাৰ চকুত নপৰে, কিন্তু কম্পিউটাৰে ঠিকেই বুজি পায় আৰু সেইমতে লিপিবদ্ধ কৰে। এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈয়ো বৰুৱাই এটা বিশেষ ছফ্টৱেৰ উদ্ভাৱন কৰে।
বৰুৱাৰ ‘ৰামধেনু’ৰ শেহতীয়া সংস্কৰণটোত ইউনিক’ডত অসমীয়া লিখাৰ সুবিধা আছে। তদুপৰি, AutoFont আৰু AutoLayout প্ৰদ্ধতিৰ সংযোজনেৰে এই সংস্কৰণটোক কৰি তোলা হৈছে অত্যাধুনিক আৰু সহজ-ব্যৱহাৰক্ষম। এতিয়া আৰু অসমীয়া লিখি থকাৰ মাজতে ইংৰাজী লিখিবলৈ হ’লে বা ইংৰাজী লিখি থকাৰ মাজতে অসমীয়া লিখিবলৈ হ’লে লিখোতাই কী-ব’ৰ্ড সলনি কৰি থকাৰ দৰকাৰ নাই। কী-ব’ৰ্ডৰ এটা নিদিৰ্ষ্ট বুটাম টিপিলেই ভাষা সলনি কৰিব পৰা যায়।
এই সকলো বিশিষ্ট উদ্ভাৱনৰ বাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হ’ল ত্ৰিদীপ কুমাৰ বৰুৱা।