পাশ্চাত্যৰ দৃষ্টিৰে আমাৰ সমাজ, সংস্কৃতি, আৰু শিক্ষা : কিছু বাস্তৱভিত্তিক অনুভৱ (পঙ্কজ বৰা)
-পঙ্কজ বৰা
(মই প্ৰাচ্যতত্ব, পাশ্চাত্যতত্ব, শিক্ষাতত্ব, নৃতত্ব বা ইতিহাসৰ ছাত্ৰ নহয় আৰু এখন বৃহৎ সমাজৰ শিক্ষা আৰু সংস্কৃতিৰ বিষয়ে গধুৰ প্ৰবন্ধ লিখাৰ দুঃসাহস নাই। এই চমু লেখাটো মোৰ বাস্তৱ অভিজ্ঞতাভিত্তিক অসংলগ্ন স্নেপ্-শ্বট্ কিছুমানৰ একত্ৰিত ৰূপ বুলিহে মই ক’ব খুজিছো। উদ্দেশ্য – বিৱৰ্তন আৰু ইতিহাসৰ জোলোঙ্গাৰে বৰ্তমানৰ পৰিৱৰ্তিত সময়ৰ লগত সঙ্গতি ৰাখি ভবিষ্যতৰ দিশলৈ আমি সঠিক গতিত আগবাঢ়িব পাৰিছোনে নাই তাৰ উমান লোৱা।)
স্নেপ্-শ্বট্ ১ : বিৱৰ্তন আৰু কিছু ইতিহাস
কিছুদিন আগতে বিশ্বৰ আগশাৰীৰ বিজ্ঞান আলোচনী ‘নেচাৰ’ত এখন গৱেষণা-পত্ৰ প্ৰকাশ পাইছে; বিষয় আছিল “আধুনিক মানৱে আফ্ৰিকাৰ পৰা প্ৰথম এছিয়া মহাদেশলৈ প্ৰব্ৰজন কৰিছিল আৰু তাৰ অনেক হাজাৰ বছৰৰ পাছতহে ইউৰোপ মহাদেশত (পাশ্চাত্য) আধুনিক মানৱে ভৰি দিছিল”। ব্ৰিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে জেনেটিক পৰ্য্যায়ৰ অধ্যয়ন চলাই এই তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই তথ্যৰ পৰিপূৰক ভাৱে আমি যদি পৃথিৱীৰ পুৰণি মানৱ সভ্যতা সমূহলৈ (হৰপ্পা, মহেঞ্জোদাৰো, মেচোপ’টেমীয়া, চীন, ইজিপ্ত, ৰোমান, মায়া আদি) মন দিওঁ, এটা কথা স্পষ্ট হয় যে সবাতোকৈ পুৰণি মানৱ সভ্যতা সমূহৰ স্থলী আছিল এছিয়া বা মধ্যপ্ৰাচ্য। সংগঠিত সমাজ ব্যৱস্থা, কৃষি, শিক্ষা, বিজ্ঞান, প্ৰযুক্তি এইবোৰৰ উৎকৰ্ষণৰ কেন্দ্ৰও আছিল এছিয়া বা মধ্যপ্ৰাচ্য। তাৰ ভিতৰত ভাৰতবৰ্ষৰ কি অগ্ৰণী ভূমিকা আছিল সেয়া সকলোৰে জ্ঞাত। ইউৰোপক বাদ দি বৰ্তমানৰ তথাকথিত পশ্চিমীয়া উন্নত সভ্যতাৰ আমেৰিকা বা অষ্ট্ৰেলিয়াৰ ইতিহাসলৈ যদি আমি লক্ষ্য কৰোঁ দেখিম যে সেইবোৰৰ ইতিহাস কিন্তু ৫০০ বছৰৰো কম। আনহাতে এই দুয়ো সভ্যতাৰ আধাৰ ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ পৰা হোৱা প্ৰব্ৰজন। আমি যদি আজিৰ দিনত সভ্যতাৰ বিকাশৰ গতিৰ তুলনামূলক অধ্যয়ন কৰোঁ, তেন্তে দেখা পাওঁ যে ভাৰতীয় সভ্যতাৰ বিকাশৰ গ্ৰাফডাল বিভিন্ন ক্ষেত্ৰত পাশ্চাত্যৰ লগত অনেক অৱনমিত হৈছে। ইতিহাসৰ এনে দুৰাৱস্থা কিয়?
অসমৰ অৱস্থা তাতকৈও অধিক শোচনীয় আৰু হতাশজনক। এটা সৰু উদাহৰণ- ১৪৪০ খ্ৰীষ্টাব্দত জাৰ্মানীত গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল আৰু আধুনিক বিশ্বৰ ইতিহাসত ই এক মাইলৰ খুঁটি হিচাপে বিবেচিতে। সেই সময়ত অসমত আহোম সকলৰ ১১তম স্বৰ্গদেউ চুচেনফাই ৰাজত্ব কৰিছিল। আনহাতে মহাপুৰুষ শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত। এই প্ৰসংগ লৈ আমি যদি চতুৰ্দশ শতিকাৰ অসমৰ এখন ছবি মনতে কল্পনা কৰিব পাৰোঁ, আৰু তদানীন্তন পশ্চিমীয়া সভ্যতাৰ লগত তুলনা কৰি চাওঁ, তেন্তে আমাৰ সভ্যতাৰ গতি কিমান পিছ পৰি ৰৈছিল তাক অতি সহজতে অনুমান কৰিব পাৰি। অসমত ছপাশালৰ প্ৰচলন আৰম্ভ হয় ১৮ শতিকাত খ্ৰীষ্টান মিছনেৰীসকলৰ বিশেষ উদ্যোগত। তৎপৰ্য্যন্ত সাঁচিপাত বা সেইধৰণৰ প্ৰাচীন লিখাৰ সম্বল লৈয়ে শঙ্কৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষসকলে লিখা মেলা কৰিছিল। সেই একেই সমান্তৰাল ব্যৱধান এটাতেই এতিয়াও আমাৰ সমাজ চলি আছে আৰু আমিও চলি আছোঁ, যিটো এটা অপ্ৰিয় সত্য। বৈষয়িক দিশত বা যান্ত্ৰিক দিশত (গোলকীকৰণৰ কৃপাত) কিছু উপৰুৱা উন্নতি হৈছে যদিও সামগ্ৰিকভাৱে আমাৰ চিন্তাধাৰা, আমাৰ শিক্ষা, আমাৰ ৰাজনীতি আৰু আমাৰ সমাজ স্থবিৰ হৈ পৰিছে বা পশ্চাৎমুখী হৈছে। ইয়াৰ মূল কাৰণ আমাৰ অৰ্ন্তঃমুখীতা। আমি বাহিৰৰ পৃথিৱীৰ উমান লোৱাত ব্যৰ্থ হৈছোঁ। নতুন প্ৰজন্মক বৰ্হিঃমুখীতাৰ পথ দেখুৱাবলৈ বা প্ৰতিযোগিতামুখৰ পৃথিৱীখনৰ আভাস দিবলৈ, আমাৰ ৰাজনৈতিক নেতৃত্ব, বুদ্ধিজীৱি সমাজ, প্ৰচাৰ মাধ্যম সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আমি আজিও সান্তনা লাভ কৰোঁ এইদৰে “আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম”, কিন্তু আমি পাহৰি যাওঁ “আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব”। আমি পাহৰি যাওঁ আমাতকৈও সম্পত্তিশীল চহকী জাতি ভাৰততে হওক বা পৃথিৱীতে হওক অনেক আছে। আমি মাত্ৰ এটা ক্ষুদ্ৰ জাতি আৰু তাৰ মাজতো ক্ষমতাৰ অঁৰিয়া-অঁৰি, ক্ষুদ্ৰাতিক্ষুদ্ৰ জাতিসত্বাৰ বিবাদত লিপ্ত হৈ আমাৰ বিকাশৰ গতিক স্তব্ধ কৰি পেলাইছো। আমাৰ উত্তৰ-পুৰুষৰ বাবে বাকী ৰৈছে অনিশ্চয়তাৰ এখন ধূসৰ ছবি। অসম ৰসাতলে যাবলৈ বাকী আছেনে নাই সেয়া সচেতন মহলে বিচাৰ কৰিব। এটা শক্তিশালী বৌদ্ধিক বিপ্লৱৰ অবিহনে অসমৰ নাম ইতিহাসৰ বুকুত লোপ পাবলৈ যে বেছি দিন নালাগিব সেইটো উপলব্ধি কৰিব পাৰি।
স্নেপ্-শ্বট্ ২ : উচ্ছ্ শিক্ষা আৰু বিশ্ববিদ্যালয়
এতিয়ালৈ উপলব্ধ তথ্যসূত্ৰ অনুসৰি খ্ৰীষ্টাপূৰ্ব ৩৮৭ ত দাৰ্শনিক প্লেটোৱে প্ৰতিষ্ঠা কৰা গ্ৰীচৰ এথেন্স বিশ্ববিদ্যালয় (প্লাট’নিক একাদেমী) পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। পৃথিৱীৰ অন্যতম পুৰণি বিশ্ববিদ্যালয়সমূহৰ ভিতৰত বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় (খ্ৰীষ্টাব্দ পঞ্চম শতিকা) এখন। গতিকে গ্ৰীচত বিশ্ববিদ্যালয় স্থাপন হোৱাৰ ৯০০ বছৰ পাছত ভাৰতত নালন্দা বিশ্ববিদ্যালয় স্থাপন হৈছিল। পুৰণি বিশ্ববিদ্যালয়সমূহৰ মূল উদ্দেশ্য আছিল ধৰ্মী্য় চিন্তাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মধ্যযুগৰ অন্ত হোৱাৰ পাছত যান্ত্ৰিক বা ঔদ্যোগিক আৰু সাংস্কৃতিক নৱ-জাগৰণৰ সূচনা হয় আৰু শিক্ষা ব্যৱস্থাত তাৰ প্ৰভাৱ পৰে। ব্ৰিটিছ আমোল ভাৰতবৰ্ষত ১৮৫৭ খ্ৰীষ্টাব্দত তিনিখন বিশ্ববিদ্যালয় ক্ৰমে মাদ্ৰাছ, কলিকতা আৰু ব’ম্বাইত স্থাপন কৰে। গুৱাহাটীত অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় স্থাপন হৈছিল ১৯৪৮ চনত। সময়ৰ ব্যৱ্ধান ১১০ বছৰ। সৌভাগ্যক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু মাদ্ৰাছ বিশ্ববিদ্যালয় দুয়োখনতে অধ্যয়ন কৰাৰ সৌভাগ্য এই লিখকৰ হৈছে। দুয়োখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক, সাংস্কৃতিক আৰু প্ৰশাসনীয় পৰিপক্কতাত/ব্যবস্থাপনাত সময়ৰ ব্যৱধান বিদ্যমান।
আজিৰ বিশ্ববিদ্যালয়সমূহৰ উদ্দেশ্য সমাজক নেতৃত্ব দিব পৰা মানৱ সম্পদৰ বিকাশ; উচ্চমান বিশিষ্ট গৱেষণাৰ জৰি্য়তে নতুন প্ৰযুক্তিৰ উদ্ভাৱন; ইতিহাসৰ পাঠোদ্ধাৰ, বিশ্লেষণ, সংৰক্ষণ আৰু ভৱিষ্যতৰ দিক নিৰ্ণয় কৰাত সমাজক, বিশেষকৈ নতুন প্ৰজন্মক পথ প্ৰদৰ্শন কৰা। বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ এনে গুৰুত্বপুৰ্ণ ভূমিকা আমি প্ৰত্যক্ষ কৰি আহিছো। দেশৰ চৰকাৰ বা ৰাজনৈতিক নেতৃত্বইয়ো নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহক গুৰুত্ব প্ৰদান কৰে। আমাৰ বিশ্ববিদ্যালয়সমূহ এই ক্ষেত্ৰত কিমান সফল বা বিফল সেয়া ৰাইজে প্ৰত্যক্ষ কৰিছে। আমাৰ বাবে বিশ্ববিদ্যালয়সমূহ আজিও ডিগ্ৰী দিয়া কাৰখানা হৈ থকাৰ বাহিৰে বিশেষ দৃষ্টান্তমূলক ভূমিকা গ্ৰহণ কৰা দেখা পোৱা হোৱা নাই। ডিগ্ৰী এটা লৈ ওলাই যোৱা ছাত্ৰ এজনৰ ভৱিষ্যত নিৰাপত্তা প্ৰদানতো শোচনীয় ভাৱে ব্যৰ্থ হৈছে আমাৰ গতানুগতিক ভাৱে চলি থকা বিশ্ববিদ্যালয়সমূহ।
কিছুদিনৰ আগতে অসমত এখন বিশ্ব্মানৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সময়ত এটা বিতৰ্কিত পৰিবেশৰ সূচনা হয়। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত দুজন বিশেষজ্ঞই অসমত বিশ্ব্মানৰ বিশ্ববিদ্যালয়ৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু শৈক্ষিক তথা সাংস্কৃতিক ইতিহাসৰ অভাৱ বুলি উল্লেখ কৰি চৰকাৰৰ এই প্ৰস্তাৱ হাস্যকৰ বুলি মন্তব্য কৰিছিল। এই লিখকে ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰি সংশ্লিষ্ট বাতৰি কাকতৰ সম্পাদকৰ লগতে অসমৰ প্ৰায়কেইখন কাকতৰ সম্পাদক আৰু বুদ্ধিজ়ীৱিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। দুখনমান কাকতে বিষয়টো গুৰুত্ব প্ৰদান কৰি সম্পাদকীয় স্তম্ভও লিখিছিল। আশ্চৰ্যপূৰ্ণভাৱে অসমৰ বুদ্ধিজীৱি সমাজ, ‘সদা-জাগ্ৰত’ ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক নেতৃ্ত্বৰ উদাশীনতা উল্লেখযোগ্য আছিল। তাৰ বিপৰীতে ৰাষ্ট্ৰীয় পয্যায়ৰ বহু কেইজন শিক্ষাবিদ, চিন্তাবিদে ঘটনাটো সম্পৰ্কত নিজৰ মতামত প্ৰকাশ কৰিছিল। গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ বৌদ্ধিক আৰু ৰাজনৈতিক নিৰ্লিপ্ততা বিশেষভাৱে লক্ষণীয়। আমি পৰিবৰ্তন বিচাৰো; হৃদয়েৰে নে কাগজে-কলমে? ডাৰৱি’নৰ বিখ্যাত সুত্ৰ আছিল “Survival of the fittest.”। ডাৰৱি’নৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই সূত্ৰৰ সামান্য পৰিবৰ্তন কৰি নতুন ৰূপ দিয়া হৈছে য’ত কোৱা হয় “Survival of the most adaptable ones.”। দুয়োটাৰে অতি সুক্ষ্ম প্ৰাথৰ্ক্য বিদ্যমান। আমি যদি পৰিবৰ্তিত সময়ৰ লগত খোজ মিলাই চলিব নোৱাৰোঁ, তেন্তে আনে আমাৰ মুখৰ ভাত কাঢ়ি খোৱাটো নিশ্চিত।
স্নেপ্-শ্বট্ ৩ : ঐতিহাসিক প্ৰেক্ষাপটত অসমৰ শিক্ষাব্যৱস্থা
মানৰ আক্ৰমণ অসমীয়া বুৰঞ্জীৰ আটাইতকৈ ক’লা অধ্যায়। ৬০০ বছৰী্য়া আহোম শাসনৰ শেষৰ চোৱা ডা-ডাঙ্গৰীয়াসকলৰ খাম-খেয়ালি আৰু ক্ষমতাৰ অৰিয়াঅৰিয়ে অসম আক্ৰমণ কৰিবৰ বাবে মান ৰজাক সৈমান কৰিবলে বদন বৰফুকন সক্ষম হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ লোৱাৰ পাছত প্ৰথম চকু দিয়ে শান্তি স্থাপনত। কেপ্তেইন ফ্ৰাণ্সিছ অসমৰ কমিচনাৰ নিযুক্ত হৈ (১৮৩৪-১৮৬১) চেৰাপুঞ্জীৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰে। এই চাহাবেই থলুৱা অসমীয়া ল’ৰাক উচ্চ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ তদানীন্তন ভাৰত চৰকাৰলৈ এটি টোকা পঠিয়ায়। এই টোকাত তেওঁ অতিশীঘ্ৰে গুৱাহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত একোখনকৈ ইংৰাজী শিক্ষাৰ স্কুল স্থাপনৰ পৰামৰ্শ আগবঢ়াই। গতিকে অসমৰ আধুনিক শিক্ষাৰ ইতিহাস আৰম্ভ হয় ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়ান্দাবু সন্ধিৰ পাছৰ পৰা। ১৮৪০ খ্ৰীষ্টাব্দত ৰবিনছন চাহাবক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম শিক্ষা পৰিদৰ্শক হিচাপে নিযুক্তি দিয়ে। অসমৰ প্ৰথমখন ইংৰাজী স্কুল স্থাপন হ’ল ১৮৩৫ খ্ৰীষ্টাব্দৰ জুন মাহত – তেতিয়াৰ গৌহাটী ছেমিনাৰী আৰু আজিৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ২০১০ বৰ্ষত এই বিদ্যালয়খনে ১৭৫ বছৰ পূৰ্ণ কৰিছে, কিন্তু সেই সময়তে ঐতিহাসিক বিদ্যালয়খনৰ শোচনীয় অৱস্থাক লৈ শেহতীয়াভাৱে উন্মোচিত বিস্ফোৰক তথ্যই অসমৰ সচেতন মহলক কিমান সচকিত কৰিছে বা কৰিব সেইটো লক্ষনীয় হ’ব। স্বাধীনতাৰ ৬ টা দশকৰ পাছত আজিও অসমত শতকৰা ৭২ জন ছাত্ৰই হাইস্কুলীয়া শিক্ষাতেই নিজৰ শিক্ষাজীৱন সমাপ্ত কৰে; অসমত বৰ্তমান ৩০ লাখ অৰ্হতাসম্পন্ন নিবনুৱা – দুটা অতি গুৰুত্বপূৰ্ণ ভয়াবহ তথ্য। আমাৰ শিক্ষাৰ কেৰোণ ক’ত? নে এতিয়াও আমি কেৰাণী-মহৰী সৃষ্টিৰ বাবে ১৭৫ বছৰ আগতে চাহাবে দি থৈ যোৱা শিক্ষাকে দোষাৰোপ কৰি ক্ষান্ত থাকিম? ৬ টা দশক নিজে নিজৰ শাসন চলোৱাৰ পাছত আমি ব্ৰিটিছ চহাবক দোষ দিম, নে দিল্লীৰ প্ৰৱঞ্চণা বুলি চিঞৰ-বাখৰ কৰি থাকিম? নে অসমীয়া, ইংৰাজ়ী, বঙ্গালী মাধ্যমক লৈ আন্দোলন, ধৰ্ণা, প্ৰতিবাদ কৰিম। যিখন অসমত হাজাৰ হাজাৰ প্ৰাদেশীকৃত আৰু অপ্ৰাদেশীকৃত হাইস্কুল আছে, সেই সময়ত চুকে-কোনে বেচৰকাৰী স্কুলসমূহ গঢ় লৈ উঠাৰ আঁৰৰ কাহিনী কি?
আমি বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ এখন ছবি, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসমৰ এখন ছবি, আকৌ অসমৰ প্ৰেক্ষাপটত লখিমপুৰৰ নিছিনা এখন অনগ্ৰসৰ জিলাৰ তুলনামূলক ছবি যদি অঙ্কন কৰোঁ তেন্তে কি ফলাফল পাম সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰে। লখিমপুৰৰ প্ৰথমখন ইংৰাজী বিদ্যালয়, লখিমপুৰ চৰকাৰী বালক বিদ্যালয় প্ৰতিষ্ঠা হয় ১৯১৩ চনত। লোহিত ডিক্ৰং বিদ্যালয় প্ৰতিষ্ঠা হয় ১৯৩৭ চনত আৰু তাৰ ২৩ বছৰৰ পাছত ১৯৬০ চনত একেবাৰে অনগ্ৰসৰ বৰবালিত স্থাপন হয় বৰবালি উচ্চ মাধ্যমিক (বৰ্তমান উচ্চতৰ মাধ্যমিক) বিদ্যালয়। যিসময়ত ১৭৫ বছৰ পূৰ্ণ কৰা অসমৰ প্ৰথমখন বিদ্যালয় আজি অস্তিত্বৰ সঙ্কটত ভুগিছে, যিসময়ত বেচৰকাৰী আৰু ইংৰাজী মাধ্যমৰ আগ্ৰাসী ভুমিকাত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ত্ৰস্তমান হৈ পৰিছে, সেই সময়ত তুলনামূলকভাৱে নতুন বৰবালি উচ্চ মাধ্যমিক বিদ্যালয় পত্ৰে-পুষ্পে সুশোভিত হৈ সমগ্ৰ অসমবাসীৰ সন্মুখত আদৰ্শ বিদ্যালয় হিচাপে পৰিগণিত হোৱাটো নিচ্চয়কৈ তাৎপয্যপূৰ্ণ বিষয়। লখিমপুৰ জিলাৰ অতিশয় ভিতৰুৱা গাঁও এখনত অবস্থিত এই বিদ্যালয়ৰ অগতানুগতিক সপ্তৰ্ষী অধ্যয়ন কেন্দ্ৰ আৰু বিদ্যালয়লৈ যাঁও ব’লক নামৰ কাৰ্য্যসূচী দুটাই বিজ্ঞ মহলৰ সমাদৰ লাভ কৰিছে৷এই বিষয়ে সবিশেষ বিদ্যালয়খনৰ ৱেবপৃষ্ঠাত উপলব্ধ৷http://borbalihsschool.com/
স্নেপ্-শ্বট্ ৪ : পশ্চিমীয়া সংস্কৃতি মানেই বিজতৰীয়া নে?
আমাৰ সমাজত কিবা এটা অসামাজিক কাৰ্য্য সংঘটিত হ’লেই আজিকালি সততেই বিজতৰীয়া পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বুলি দোষ দিয়া দেখা যায়। সংস্কৃতি কাৰো ওপৰত জোৰ-জবৰদস্তি জাপি দিয়া বস্তু নহয়। এখন সমাজৰ সংস্কৃতি গঢ় লয় তাৰ চাৰিওফালৰ ভৌগিলিক পৰিৱেশ, উপলব্ধ সম্পদ, বিৱৰ্তনীয় ইতিহাস আদিৰ সংমিশ্ৰণত। আমাৰ বাবে গ্ৰহনযোগ্য নোহোৱা সাংস্কৃতিক উপাদান কিছুমান হয়তো আন এখন সমাজৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উপাদান হ’ব পাৰে। মুক্ত অৰ্থনীতিৰ অচিলাত সৃষ্ট গোলকীকৰণৰ ফলত বস্তুবাদী আৰু ভোগবাদী মানসিকতাৰ যে অবাধ প্ৰচলন হৈছে সেইটো ধূৰূপ সত্য। ১.২ বিলিয়ন জনসংখ্যাৰ ভাৰতবৰ্ষ আজি বিশ্ব অৰ্থনীতিৰ এখন মুকলি বজাৰ। বহুজাতিক কোম্পানীসমূহে সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ কূটনীতিৰে এই বজাৰ দখলৰ প্ৰতিযোগিতাত নামিছে। নতুন প্ৰজন্মৰ মাজত ভোগবাদী মানসিকতাৰ অবাধ প্ৰচলনৰ বাবে প্ৰচাৰ মাধ্যমৰ যোগেদি কিচুমান সস্তীয়া ভাৱধাৰাৰ সম্প্ৰসাৰ কৰিছে। আমিও সেইবোৰৰ অন্ধ অনুকৰণেৰে নিজৰ সাংস্কৃতিক মূল্যবোধ পাহৰি উটি-ভাঁহি গৈছো। কিন্তু এবাৰো ভাবি চোৱাৰ অৱকাশ নকৰোঁ যে বিজ্ঞাপনত সম্প্ৰচাৰিত এই কাণ্ড-কাৰখানাবোৰ কিমান বাস্তৱসন্মত আৰু প্ৰকৃ্ততে সেইবোৰে পশ্চিমীয়া সংস্কৃতিক কিমান প্ৰতিনিধিত্ব কৰে। পশ্চিমীয়া সংস্কৃতি মানে কেৱল উত্তাল নৃত্য-গীত, সুৰাপান, সস্তীয়া ভোগ-বিলাস নহয়। পশ্চিমীয়া সংস্কৃতিৰ দৰ্শন আৰু পৰিপক্কতা হয়তো অনেক ক্ষেত্ৰত আমাতকৈও অনেক বেছি। শ্ৰেণীহীন/লিংগবৈষম্যহীন সভ্য সমাজ-ব্যৱস্থা, শ্ৰ্মৰ মৰ্য্যদা, সামাজিক আৰু অৰ্থনৈতিক ন্যায় আদি পশ্চিমীয়া সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য। মুনাফালোভী বহুজাতিক কোম্পানীসমুহে পশ্চিমীয়া সংস্কৃতিৰ এক বিকৃত ৰূপহে আমাৰ আগত দাঙি ধৰিছে আৰু তাতে হাত উজান দিছে আমাৰ নিজৰে কিছু ৰাজনৈতিক নেতা, ঔদ্যোগপতি আৰু প্ৰচাৰ মাধ্যমে। এইখিনিতে আকৌ আহি পৰে বৰ্হিঃমুখী দৃষ্টিভংগীৰ প্ৰতি আমাৰ উদাশীনতাৰ প্ৰসংগ। পশ্চিমৰ সমাজখনে কিন্তু আমাৰ পৰা বহুতো ভাল ভাল উপাদান গ্ৰহণ কৰিছে, তেওঁলোকে কেতিয়াও আমাৰ বেয়াখিনিৰ বাবে আমাক গুৱাল গালি পৰা নাই। আমি কেতিয়াও নিজস্ব চিন্তাৰে বাহিৰৰ পৃথিৱীখন চাবলৈ শিকা নাই বা চোৱাৰ সাহস গোটাব পৰা নাই। আজিও— ‘চলি আহিছে, চলি থাকিব’ মানসিকতাৰে অনেক এলান্ধুকলীয়া নীতি-নিয়ম মানি আছো। আজিও আমাৰ সমাজত এনে কেতবোৰ অবান্তৰ নীতি-নিয়ম চলি আছে যিবোৰ একবিংশ শতিকাৰ মানৱ সভ্যতাৰ বাবে চৰম লজ্জাৰ বিষয়। এতিয়া প্ৰশ্ন হয়, আমি যদি পশ্চিমীয়া সংস্কৃতিৰ বেয়া দিশবোৰ মাত্ৰ লক্ষ্য কৰি (যিবোৰ আমাক দেখুৱা হৈছে প্ৰলোভিত কৰাৰ বাবে) সেইবোৰৰ আধাৰতে এটা উৎকৰ্ষিত সংস্কৃতি বা সভ্যতাক গুৱাল গালি দিব পাৰোঁ, তেন্তে আমাৰ নিজৰ মাজত চলি থকা অবাস্তৱ, বৈষম্যমূলক সামাজিক নীতি-নিয়মবোৰ পৰিবৰ্তন কৰাৰ বাবে সৎ সাহস গোটাব নোৱাৰোঁ কিয়? নিজৰ দুৰ্বলতাবোৰ আনৰ গাত জাপি দি দায় সৰাৰ এই পলায়নবাদী প্ৰচেষ্টা নিশ্চয়কৈ আমাৰ উত্তৰ-পুৰুষৰ বাবে আশাব্যঞ্জক নহ’ব।
স্নেপ্-শ্বট্ ৫ : বিদেশত কি দেখিছো?
নতুন ঠাই, নতুন পৰিৱেশ, নতুন মানুহ, অনেক নতুন অনুভৱ। ইউৰোপ বুলি ক’লেই মনত এক শিহৰণ জাগে, পৃথিৱীৰ অন্যতম উন্নত আৰু উৎকৰ্ষিত সভ্যতাৰ অভিজ্ঞতা লাভৰ বাবে। মনত কিছু ভয় ভাৱ, আমি এখন উন্নয়নশীল দেশৰ অনুন্নত গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা মানুহ। হঠাতে গৈ এনে এখন সমাজ, নতুন সংস্কৃতিৰ লগত খাপ খাব পাৰিমনে? এনে অলেখ অপাৰ ভাৱনাৰ ককটেইলত ডুবি ডুবি বিদেশলৈ ৰাওনা হৈছিলোঁ। আহি পাইয়েই যি অনুভৱ কৰিলো সেয়া বিস্ময়কৰ। ইয়াৰ সু-সৃংখলিত সমাজ, অফিচ-কাছাৰী, বজাৰ-সমাৰ, বন্ধুত্বপূৰ্ণ লোক সকলোৱে মন্ত্ৰমুগ্ধ কৰিছিল। অপাৰ বিস্ময়ত কেতিয়াবা নিজেই ভাৱনাত বিলীন হৈ গৈছিলো। বুজিছিলো কিয় এইবোৰক আজিৰ উন্নত সভ্যতা বুলি কোৱা হয়। আমাৰ দেশত আহিবনে এনে দিন? আমিও এদিন গৌৰৱ কৰিব পাৰিমনে এনে উচ্চমানৰ সভ্য সমাজৰ নাগৰিক বুলি? মনটো বিষাদগ্ৰস্ত হৈ পৰে কেতিয়াবা।
ৰাষ্টাই-ঘাটে যান-বাহনৰ সু-শৃংখল অহা-যোৱা। গাড়ীৰ হ’ৰ্ণ বাদেই চাইকেলৰ টিলিঙ্গা বজোৱাটো ইয়াত লজ্জাজনক কথা। কোনো ট্ৰেফিক পুলিচ ৰৈ থকা নাই ৰস্তাত। ট্ৰেফিক চিগনেল মানি চলিছে সকলো। পথচাৰীক পাৰ হৈ যোৱাৰ বাবে ৰৈ গৈছে ৰস্তাৰ গাড়ী মটৰ। জনশূন্য মুকলি ৰাস্তাতো সেউজীয়া সংকেতলৈ কেবা মিনিট অপেক্ষা কৰিছে বাহনৰ চালকে বা পদযাত্ৰীয়ে। ৰস্তাই-ঘাটে সকলোৰে হাঁহি-ভৰা মুখ, অচিনাকি লোকৰ লগতো কৰে ভাৱ বিনিময়। অফিচ-কাছাৰী, দোকান-পোহাৰত নাই হাই-উৰুমি, সু-শৃংখলিতভাৱে লাইন পাতি আহিছে-গৈছে। স্বজন-তোষণ বা ক্ষমতাৰ অপ-প্ৰয়োগেৰে স্বাৰ্থসিদ্ধিৰ লেতেৰা কাৰবাৰ নাই। স্বয়ংক্ৰিয়ভাৱে সু-সৃংখলিতভাৱে সকলো কাম হৈ গৈছে। কোনো কামত যদি দেৰি লাগে তেন্তে তাৰ বাবে সবিনয়ে দুখ প্ৰকাশ কৰে আৰু কাম সম্পন্ন হ’লে ডাকযোগে নিজৰ ঘৰত সেই কাম পঠাই দিয়াৰ প্ৰতশ্ৰুতি দি বিদায় দিয়ে। সকলোবোৰ তথ্য-প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগেৰে স্বয়ংক্ৰিয়ভাৱে তাৎক্ষণিকভাৱে সমাধা হয়। দোকানত নাথাকে কোনো চেলচমেন। নিজেই দোকানত ঘুৰি প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰি কাঊণ্টাৰত দাম পৰিশোধ কৰিছে। কোনেও বস্তু মনে মনে লৈ যোৱা নাই। সততা আৰু নিয়মানুবৰ্তিতাৰ সম্পূৰ্ণ উমান পোৱা যায়। ৰাস্তা-ঘাট ফু-মাৰি ভাত খাব পৰা পৰিষ্কাৰ। এদিন মই এজন বন্ধুৰ লগত বাছৰ বাবে অপেক্ষা কৰি আছিলো। হঠাতে এগৰাকী আদ-বয়সীয়া মহিলা মিঠা হাঁহি মাৰি আগবাঢ়ি আহি বন্ধুৰ ভৰিৰ ওচৰত পৰি থকা এটুকুৰা কাগজ ওচৰৰ ডাষ্টবিনটোত পেলাই দিছিল। পেটে পেটে লজ্জিত হৈছিল মোৰ বন্ধু। বাৰ আছে, পাব আছে, সুৰাৰ দোকান আছে কিন্তু ৰাস্তাত মাতলামি কৰা মদাহী নাই। প্ৰতিদিনে সন্ধ্যা ৫ বজাৰ পাচত আৰু সাপ্তাহান্তিকত বন্ধ থাকে সুৰাৰ দোকান। ল’ৰা-ছোৱালীৰ মাজত অবাধ মিলা-প্ৰীতি, প্ৰেম-ভালপোৱা আছে কিন্তু ধৰ্ষণ, নাৰী-নিষ্পেষণৰ ঘটনা নাই। শিক্ষক-ছাত্ৰৰ মাজত বন্ধুত্বসুলভ সম্পৰ্ক। কৰ্মস্থলীত কোনো হেঁচা নাই, কৰ্মস্থলীত স্বাস্থ্যসন্মত পৰিৱেশ ৰক্ষা হোৱা-নোহোৱা পৰিদৰ্শনৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা আছে। প্ৰতিজন নাগৰিকৰ স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে বহন কৰে ১০০% বিনামূলীয়াকৈ। কৰ্মক্ষেত্ৰত কোনো সৰু-ডাঙৰ অধিক্ৰম (hierarchy) নাই, সকলো সমান। শিক্ষাৰ পাঠ্যক্ৰম যথেষ্ট যুগ-সাপেক্ষ, প্ৰায়োগিক আৰু স্থানীয় সম্পদৰ উপযুক্ত ব্যৱহাৰেৰে প্ৰয়োজন সাপেক্ষ প্ৰযুক্তিৰ বিকাশৰ দিশত মনোনিৱেশ কৰি তৈয়াৰ কৰা হয়। এজন ডিগ্ৰীধাৰী ছাত্ৰক সংস্থাপন দিব নোৱাৰিলে ইয়াৰ চৰকাৰে নৈতিক দায়িত্ব লৈ তেওঁক নিবনুৱা ভাত্তা প্ৰদান কৰে সংস্থাপন নোহোৱা প্ৰৰ্যন্ত। মানৱীয় প্ৰমূল্যৰ ভেটি অতি উচ্চখাপৰ। সকলোৰে মত প্ৰকাশৰ মুক্ত স্বাধীনতা। বয়স বা পদ-মৰ্য্যদাৰ সৰু-ডাঙৰ লৈ কোনো বৈষম্য নাই। ৰাজনীতিৰ পঙ্কিলতা নাই। নিৰ্বাচনৰ সময়ত দেখিছিলো দুয়োপক্ষৰ প্ৰাৰ্থীয়ে ৰাস্তাত কাষে কাষে ৰৈ হাতত গোলাপ ফুল লৈ হাঁহি-মাতি ভোট খুজিছে। কাৰো মুখত উগ্ৰ বচন নাই। ইয়াত মানুহক জোৰ-জবৰদস্তি কৰি আইন-কানুন প্ৰবৰ্তন কৰি বা ফটোৱা জাৰি কৰি সু-সংস্কৃতিবান হ’বলৈ বাধ্য কৰা হোৱা নাই নিশ্চয়, এইবোৰ স্বতঃস্ফূৰ্ত।
এই ধৰণেৰে অনেক উদাহৰণ দিব পাৰি। ইয়াত মাত্ৰ এই মুহূৰ্তত মনলৈ অহা কেইটামান সৰু উদাহৰণ চমুকৈ উল্লেখ কৰিলোঁ। এইবোৰৰ সমান্তৰালকৈ আমাৰ নিজৰ সমাজৰ অনুৰূপ ছবিখন যদি তুলনামূলকভাৱে উত্থাপন কৰোঁ, তেন্তে কি দেখা পাম সেয়া সকলোৱে বুজিব পাৰিছে।
মোখনিঃ
ইয়াত মোৰ বাস্তৱভিত্তিক অভিজ্ঞতা কিছুমান একত্ৰিত কৰি স্নেপ-শ্বট হিছাপে উত্থাপন কৰিলো। আমি আত্মগৌৰৱত, গপত গঙ্গাটোপ হৈ থকাতকৈ, আত্মবিশ্লেষণৰে নিজৰ অতীতক উভতি চাই বৰ্তমানৰ জখলাৰে বৰ্ণিল ভৱিষ্যতৰ দিশত সঠিক পৰিকল্পনাৰে আৰু সু-সংহত কাৰ্য্যপ্ৰণালীৰে আগবাঢ়ি যাব লাগিব। একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ পৃথিৱীত সময় বৰ নিষ্ঠুৰ। সময়ৰ লগত ফেৰ মাৰি চলিব নোৱাৰিলে ৰূঢ় বাস্তৱৰ মুখামুখি হ’বলৈ আমি প্ৰস্তুত থাকিব লাগিব।
চেষ্টা কৰিম আপোনাৰ কথা ৰাখিবলৈ ।