আহাৰৰ সাধু – অৰুণ কলিতা

ওলমি ওলমি থাকে
দুই ওঁঠতে হাঁহি

হাঁহি হাঁহি পাৰ হৈ যায় এজাক চৰাই
কোনফালে খাম কোনফালে যাম
তৎ নাই
তৎ নাই
চাৰিওফালে ডাল ভৰি ভৰি
আম লেটেকুৰ আঘোণে ৰিঙিয়ায়

ৰমেন মহাজনৰ চকুত টোপনি নাই
বাৰীৰ মালদহ আম
আজিও দুটি নাই
কোনে খায়
কোনে খায়
চুবুৰীৰ চেঙেলীয়াই
নে
বাদুলী বাই

কঁঠীয়াতলীৰ খবৰ লৈ লৈ পিতাই
ভাগৰা নাই
ভাগৰা নাই ।
চিন্তাত দোঁ খায়
আঙুলিমূৰত দিন গণি যায়
শাওণ আহি পালেহিয়েই
জেঠুৱা কঠীয়া
গাত বল নাই
বল নাই
দ মাটিৰ জোখাৰে ওখ হোৱা নাই

আইয়ে ককাঁল খেপিয়াই
ৰ’দ বৰষুণৰ সৈতে
নামিব হ’ল যুদ্ধত
বিষটো আকৌ যদি উজায়
ভাবি ভাবি ওৰ নেপায়
ওৰ নেপায়
ভাল ৰোৱনীৰ নামটো ৰাখিব পাৰিবনে
জিলিকাই,

দুপৰীয়া এটাৰ আঁৰ লৈ
লেটেকুবাৰীত ফুচফুচায়
ভালপোৱাৰ দুটি ছাঁই
ডুব যায়
ডুব যায়
ৰূপহীৰ পনিয়লৰঙী ওঁঠত
ৰংমন ডুব যায়
এৰাল ছিগা দমৰাটোৰ পিছ লওঁতে
সৰুকণে দুয়োকে দেখা পায়
মনতে ভাৱে
কঁঠাল পকিবলৈ চাগে আৰু বেছিদিন নাই,,,

আৰু সিফালে মূৰৰ ওপৰত আকাশে
ঢৌ তোলা কলীয়া মেঘৰ কাপোৰেৰে
ৰভা সাজে দিনে নিশাই
আৰু কিমানদিন
আৰু কিমানদিন
মাহযোৰা কাৰ্যসূচী লৈ
আহিব হ’ল নাচিবলৈ বৰষাই
ককাঁল ঘূৰাই
ককাঁল ঘূৰাই৷৷৷

■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!