বৰষুণজাক আকৌ আহিল – হীৰামণি ৰাভা
কিছুমান হেৰুওৱা সপোনৰ পম খেদি অহা
বৰষুণজাকে আকৌ তিতিবলৈ উন্মাদ কৰেনে তোমাক?
আজিও উন্মনা হয়নে তোমাৰ প্ৰেমিক মন?
সোঁৱৰণিৰ নৈত উটি ভাঁহি ফুৰেনে,
ৰাজগড়ৰ ৰাজপথৰ স্মৃতি?
জাগি উঠেনে লুকুৱাই-চুৰিকৈ প্ৰেমিকালৈ চোৱাৰ শিহৰণ?
দুটি-দুটিকৈ হয় জানো চাৰি চকুৰ মিলন!
বৰষুণজাক আজিও সজীৱ,
একেবাৰে প্ৰথম প্ৰেমৰ দৰেই।
যেতিয়াই মনত পৰে তোমাৰ মুখত শুনা
বৰষুণ সিক্ত মনৰ কথা,
হৃদয়ত আজিও বয় যায় এখন অচিনাকি নৈ
যত পালতৰা নাওঁ খনিয়ে টুলুং-ভুটুং কৰি লৈ যায়
হেজাৰটা এৰি অহা স্মৃতি।